জাপানৰ পৰা মহাবাহুলৈ-১০

ডা° সুকৃতি চৌধুৰী

 ||জীৱনৰ দুটা সঁচা কাহিনী ||
                       • ডা° সুকৃতি চৌধুৰী
নমস্কাৰ বন্ধুসকল
আজি মোৰ জোলোঙাত আপোনালৈ বুলি দুটা সত্য কাহিনী লৈ আনিছো৷ হয়তো অলপমান দীঘলীয়া হ’ব৷ কিন্তু শুনিব দেই…
প্ৰথম কাহিনীঃ
আপোনালোক সকলোৱে পদ্মশ্ৰী শ্ৰীযুতা সুধা মূৰ্তিৰ নাম নিশ্চয় শুনিছেই৷ তেখেত Infosys কোম্পানীৰ প্ৰতিষ্ঠাপক শ্ৰীযুত নাৰায়ণ মূৰ্তিৰ পত্নী৷ কিন্তু এয়াই তেওঁৰ একমাত্ৰ পৰিচয় নহয়৷ শ্ৰীযুতা সুধা মূৰ্তি নিজে এগৰাকী অভিযন্তা, কাৰিকৰী বিষয়ৰ অধ্যাপিকা,সমাজ সেৱিকা আৰু কন্নড় তথা ইংৰাজী ভাষাৰ প্ৰসিদ্ধ লেখিকা৷ শ্ৰীযুতা সুধা মূৰ্তিৰ কিতাপ সমূহ সকলো উঠি অহা ল’ৰা-ছোৱালীয়ে পঢ়া উচিত৷
মই আপোনাক শুনাব খোজা সত্য কাহিনীটো শ্ৰীযুতা সুধা মূৰ্তিৰ “The Day I Stopped Drinking Milk: Life Stories from Here and There” নামৰ কিতাপ খনৰ পৰা আনিছো৷ এই কিতাপখন শ্ৰীযুতা সুধা মূৰ্তিৰ নিজৰ ভাষাৰেই Ordinary মানুহৰ Extraordinary সত্য কাহিনী৷
এতিয়া কাৰোবাৰ জীৱনৰ সত্য কাহিনীটো শুনকচোন…….
মুম্বাইৰ পৰা বাংগালোৰ অভিমূখী ৰেলখন তীব্ৰ বেগেৰে আগুৱাইছে…..নিৰ্দিষ্ট সময়ত ৰেলখনত টি.টি. উঠি যাত্ৰী সকলৰ টিকত সমূহ পৰীক্ষা কৰি গৈছে……টি.টি.ক দেখিয়েই এজনী কিশোৰী ছোৱালীয়ে কুচিমুচি খাই চিটৰ তলত লুকুৱাৰ বৃথা চেষ্টা কৰিছে৷ টিটিজনে ছোৱালীজনীক দেখি টিকত বিচাৰিলে৷ ….ছোৱালীজনীয়ে টিকত নাই বুলি ক’লে৷ এইবাৰ টিটিজনে ছোৱালীজনীক টিকতৰ দাম আৰু ফাইন ভৰিবলৈ ক’লে৷ ছোৱালীজনীয়ে চলচলীয়া চকুৰে ক’লে যে তাইৰ হাতত ফুটাকড়ি এটাও নাই…এইবাৰ টি.টি.ৰ খং উঠিল আৰু কৰ্কশস্বৰে ছোৱালীজনীক আগন্তুক ষ্টেচনত নামি যাবলৈ কৈ ৰেলখনৰ দবাটোৰ দুৱাৰমুখলৈকে এটা দীঘলীয়া গতা মাৰিব  খুজিলে৷
তেনেতে কাষৰ চিটৰ এগৰাকী ভদ্ৰ মহিলাই টিটিজনক বাধা দি ছোৱালীজনীক মৰমেৰে সুধিলে…..“ তোমাৰ নাম কি মাজনী?”
ছোৱালীজনীয়ে ভয়ে ভয়ে ক’লে: চিত্ৰা!
ভদ্ৰ মহিলাই পুনৰ সুধিলে …“তুমি ক’লৈ যাবা? মই কৰি দিম তোমাৰ টিকত৷”
ছোৱালীজনীয়ে সেপঢোকি ক’লে…“মই নাজানো মেডাম”!
ভদ্ৰ মহিলাই ক’লে…“থিক আছে তুমি মোৰ সৈতে বাঙ্গালোৰলৈ যাবা৷”
ভদ্ৰমহিলাই নিজৰ ভেনিটী বেগৰ পৰা টকা বাহিৰ কৰি ছোৱালীজনীৰ  বাঙ্গালোৰলৈ যোৱা টিকতৰ দাম আৰু ফাইন পৰিশোধ কৰিলে৷
ইমানেই নে? নহয়৷ আচল কাহিনী এতিয়াহে আৰম্ভ হ’ব….
ভদ্ৰ মহিলাগৰাকীৰ নাম আছিল শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্য৷ তেখেতে বাঙ্গালোৰত এটা সন্মানীয় পদত চাকৰি কৰিছিল৷
বাঙ্গালোৰত নামিয়েই শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্যই চিত্ৰাক এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত থকা-খোৱাৰ সকলো ব্যৱস্থা কৰি দি এখন ভাল বিদ্যালয়ত নাম লিখাই দিলে৷
চিত্ৰা আচলতে সৰুৰে পৰায়েই মেধাবী আছিল আৰু জীৱনত বিশেষ কিবা কৰাৰ সপোন দেখিছিল৷ কিন্তু মুম্বাইত তাইৰ জীৱনে ইমানেই নাৰকীয় দুখ-যন্ত্ৰণা দিছিল যে সকলো হেৰুৱাই তাই নতুন জীৱনৰ সন্ধানত মুম্বাইৰ পৰা পলায়ন কৰিবলৈকে এখন ৰেলত উঠি দিছিল৷ কিন্তু তাইৰ কিশোৰী মনটোয়ে এই কথা ভাবিবই জনা নাছিল যে তাইনো ক’লৈ যাব কি কৰিব৷ তাইৰ ভাগ্যই তাইক শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্যক লগ কৰাই দিছিল….আৰু বাকীখিনি ইতিহাস৷
কিছুদিন পিছত শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্য নতুন দিল্লীলৈ বদলি হোৱাত চিত্ৰাৰ সৈতে যোগাযোগ নোহোৱাই হৈ পৰিল….সেয়াতো আজিৰ দৰে এণ্ড্ৰইদ ফোন, ফেচবুক, হোৱাটচএপ বা ইনষ্টাগ্ৰামৰ যুগ নাছিল৷
সময়বোৰ গৈ থাকিল৷ বিশ বছৰ পাৰ হ’ল…
আমেৰিকাৰ ছান ফ্ৰান্সিচকোৰ এটা প্ৰতিষ্ঠানে শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্যক ভাষণ দিবলৈ আমন্ত্ৰণ জনালে৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গুণীজনৰ আগত ভাষণ দি শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্য তেওঁক থাকিবলৈ দিয়া ফাইভ ষ্টাৰ হোটেলখনলৈ উভটিল৷ ভোক লগাত তেখেতে হোটেলখনতে থকা ৰেষ্টুৰেণ্টত বহি আহাৰ খাই উঠি বিল পৰিশোধ কৰাৰ মানসেৰে নিৰ্দিষ্ট কাউণ্টাৰলৈ আগবাঢ়িল….কিন্ত এয়া কি….শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্যৰ থকা আৰু খোৱাৰ সমুদায় বিল ইতিমধ্যেই কোনোবাই আদায় দি থৈছিল৷ কোনে ইমান বৃহৎ অংকৰ বিল আগতীয়াকৈ পৰিশোধ কৰি থৈছে বুলি জানিব খোজাত বিলিং ক্লাৰ্কজনে অদুৰৰ চোফাখনত বহি থকা কম বয়সীয়া দম্পতীহাললৈ আঙুলিয়াই দেখুৱালে….দম্পতীহালৰ মৰম লগা কম বয়সীয়া  মহিলা গৰাকী আগবাঢ়ি আহি শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্যক ক’লেহি…..“বিশ বছৰ আগতে আপুনি মোৰ মুম্বাইৰ পৰা বাঙ্গালোৰলৈ যোৱা ৰেলৰ টিকতৰ দাম ফাইন সহকাৰে পৰিশোধ কৰিয়েই ক্ষান্ত নহৈ মোৰ থকা, খোৱা আৰু পঢ়াৰ সকলো ব্যৱস্থা কৰি দিছিল৷ আজি মই আপোনাক ইমানকণো আতিথ্যতা আগবঢ়াব নোৱাৰিম নে? “
শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্যই মাথো….“চিত্ৰা” বুলি সজোৰে চিঞৰি উঠি মুহূৰ্ততে তাইক সাৱটি লৈ আৱেগিক হৈ পৰিল…..!
চিত্ৰাই ভালদৰে পঢ়িশুনি সুপ্ৰতিষ্ঠিত হৈ এদিন আমেৰিকালৈ গৈছিল আৰু এটা প্ৰতিষ্ঠানৰ উচ্চ পদবী লৈ এদিন শ্ৰীযুতা ঊষা ভট্টাচাৰ্য্যক যথাযোগ্য সন্মান দিছিল৷
এ পি জে আব্দুল কালামে  কৈছিল: I am not handsome but I can give my hand to someone who need help. Because beauty is required in heart, not in face.
জানেনে বন্ধুসকল, জীৱনৰ বাটত কাৰোবালৈ এখন্তেক আগবঢ়াই দিয়া সহায়ৰ হাতখনতেই সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনা লুকাই থাকে৷
বাৰু আমনি পোৱা নাই নহয়? এইবাৰ মোৰ জোলোঙাত ভৰাই অনা দ্বিতীয়টো কাহিনী এনেকুৱা দেই…..
কাহিনীটো ভিক্টৰ ফ্ৰাংকলৰ জীৱনৰ….
ভিক্টৰ ফ্ৰাংকল (Viktor Frankl) ৰ জন্ম হৈছিল  ২৬ মাৰ্চ ১৯০৫ চনত আৰু মৃত্যু হয় ০২ ছেপ্তেম্বৰ ১৯৯৭ চনত ৷ তেখেত এজন সুপ্ৰসিদ্ধ অষ্ট্ৰিয়ান নিজৰ’লজিষ্ট আৰু মনোবিজ্ঞানী তথা লেখক আছিল৷
হিটলাৰৰ নাজী জাৰ্মানীত মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা পৰা কথমপি ৰক্ষা পৰা এমুঠিমান ইহুদীৰ ভিতৰত ভিক্টৰ ফ্ৰাংকল আছিল অন্যতম৷
এই প্ৰসিদ্ধ মনোবিজ্ঞানীজনৰ লেখনি সমূহে পৃথিৱীৰ অলেখ লোকৰ চিন্তা জগতত খলকনি তুলিছিল৷
ভিক্টৰ ফ্ৰাংকলৰ কিতাপ সমূহৰ  ভিতৰত তলৰ কিতাপ দুখন মই কানপুৰত ছাত্ৰী অৱস্থাতে পঢ়িছিলো:-
(১) Man’s Search for Meaning
(২) From Death camp to Existentialism
ওপৰত উল্লেখ কৰা কিতাপ দুখনৰ ভিতৰত প্ৰথমখন কিতাপ—Man’s Search for Meaning এনে এখন কিতাপ যি মানুহৰ জীৱন একেবাৰেই সলাই দিব পাৰে বুলি মই বিশ্বাস কৰো৷ কিতাপখনৰ বিষয়ে মোৰ দৰে একেই মন্তব্য আগবঢ়াই আহিছে পৃথিৱীৰ অনেক লোকে৷
ভিক্টৰ ফ্ৰাংকলৰ জীবনৰ এটা সৰু  কিন্ত সত্য কাহিনী আজি আপোনাক কৈ শুনাব খুজিছো:-
কোনো এক দোভাগ নিশা ভিক্টৰ ফ্ৰাংকলৰ ঘৰৰ লেণ্ডলাইন ফোনটোত ৰিং বাজি উঠিল৷
 অলপ বিৰক্ত হৈ ফ্ৰাংকলে ফোনটো ৰিচিভ কৰিলে৷
ফোনটোৰ সিমূৰৰ পৰা এগৰাকী মহিলাই মাত লগালে৷
মহিলাগৰাকীয়ে আত্মহত্যা কৰিবলৈ ওলাইছে৷
ভিক্টৰ ফ্ৰাংকলে ওৰে ৰাতি ফোনতে মহিলাগৰাকীক আত্মহত্যা কৰিবলৈ মানা কৰি অনেক কথা বুজাই থাকিল৷ পুবে ধলফাট দিয়ালৈকে ভিক্টৰ ফ্ৰাংকলে মহিলাগৰাকীক এজন মনোবিজ্ঞানীয়ে হতাশাত ভুগি মৰিবলৈ ওলোৱা মানুহক ক’ব পৰা সকলো ধৰনৰ কথা কৈয়েই থাকিল৷ অৱশেষত মহিলাগৰাকীয়ে আত্মহত্যা নকৰো বুলি মান্তি হ’ল৷
…..গ’ল কথা গুচিল৷ এদিন ভিক্টৰ ফ্ৰাংকলে মহিলাগৰাকীক হঠাতে বজাৰৰ মাজতে লগ পাই কফি হাউচলৈ মাতি আনি বহুৱাই সুধিলে:-“সিদিনা ৰাতি মই তোমাক মৰি নাযাবলৈ বহু কথাই ক’লো৷ বাৰু কোৱাচোন মই তোমাক কোৱা কোন কেইটা কথাই তোমাক আত্মহত্যা নকৰিবলৈ শক্তি দিলে? “
ভিক্টৰ ফ্ৰাংকলৰ প্ৰশ্নটো শুনি মহিলাগৰাকীয়ে মিচিকিয়াই হাঁহি ক’লে–“শুনক মিষ্টাৰ ফ্ৰাংকল৷ সেই নিশা আপুনি কোৱা এটা কথাইও মোৰ ওপৰত এনে কোনো প্ৰভাৱ পেলোৱা নাছিল যাৰ বাবে মই আত্মহত্যা নকৰাকৈ থাকিলো!! —–আচলতে জীৱনে দিয়া দুখবোৰ মই আপোনাক হিয়া উজাৰি ক’বলৈ পাই বৰ পাতল অনুভৱ কৰাৰ উপৰিও এই দুখেৰে গঢ়া জীৱনৰ সৈতে সহজ হ’ব পাৰিম বুলি বিশ্বাস জন্মিছিল৷ সেয়েহে আত্মহত্যা কৰাৰ সকলো চিন্তা মনৰ পৰা নোহোৱা হৈ গৈছিল৷”
বন্ধুসকল, মই আপোনালোকক ইয়াৰ আগতে কেইবাটাও প্ৰসংগত এই কথা উনুকিয়াই আহিছো যে আত্মহত্যা কৰিবলৈ আগবঢ়া কেইবাজনকো চৰম পদক্ষেপ লোৱাৰ আগমুহূৰ্তত এইদৰে কথা পাতি পাতি ঘুৰাই আনিছিলো৷
কিন্ত প্ৰকৃত সত্যটো হ’ল–মই মনোৰোগৰ চিকিৎসক হিচাপে তেওঁলোকক  সুপৰিকল্পিত পদ্ধতিৰে বুজোৱাৰ বাবে মৰণৰ ফাণ্ডত এখন ভৰি থৈয়ো তেওঁলোক ঘুৰি অহা নাছিল৷ তেওঁলোক ঘুৰি আহিছিল কেৱল প্ৰাণখুলি দুখবোৰ মোক ক’বলৈ পোৱাৰ বাবেহে৷
আগতেও কৈছো বন্ধুসকল, দুখেৰে ভৰাক্ৰান্ত লোকৰ মনৰ কথা শুনক৷ আপুনি তেওঁক একো সমিধান দিব নালাগে৷ কেৱল শুনকচোন তেওঁৰ মনৰ কথাবোৰ৷ আপুনি কিছুপৰ ধৈৰ্য্য ধৰি কথাখিনি শুনাৰ বাবেই যদি কাৰোবাৰ জীৱন ৰক্ষা পৰে, ইয়াতকৈনো ভাল কথা কি হ’ব পাৰে?
সুধাকণ্ঠ ড°ভূপেন হাজৰিকাই যে গাইছিল–“দুৰ্বল মানুহে যদি/জীৱনৰ কোবাল গতি/পাৰ হয় তোমাৰে সাহত/তুমি হেৰুৱাবানো কি/মানুহে মানুহৰ বাবে”…
উপসংহাৰঃ
—————-
বহুত দীঘলীয়া হ’ল যদিও এটা কথা নক’লে মোৰ পেট ফাটি যাব জানে
কথাটো এনে….
Infosys কোম্পানীৰ শুভ আৰম্ভণি কৰিব খুজি প্ৰতিষ্ঠাপক শ্ৰীযুত নাৰায়ণ মূৰ্তিয়ে তেখেতৰ পত্নী শ্ৰীমতী সুধা মূৰ্তিক লগত লৈ ভাৰতৰ উদ্যোগ আৰু ব্যৱসায় জগতৰ প্ৰবাদ পুৰুষ জে আৰ ডি টাটাক লগ পাবলৈ গ’ল৷ জে আৰ ডি টাটাই শ্ৰীযুত নাৰায়ণ মূৰ্তিক আশীৰ্বাদ দি কি ক’লে জানে….“ খুউব পৰিশ্ৰম কৰিবা৷ But don’t make your wife wait for you. কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্যতা ৰাখিব পৰাটোয়েই এজন মানুহৰ জীৱনৰ সফলতাৰ আচল ফৰ্মূলা৷
বাৰু জানেনে জে আৰ ডি টাটাৰ শোৱা বিচনাখনৰ কাষতে এডাল বুক চেল্ফত Encyclopedia Britanica ৰ সমুদায় কিতাপ থোৱাইছিল আৰু ৰাতি টোপনিত চকু মুদ খাই নোযোৱালৈকে ইয়াৰ একোখন কিতাপ পঢ়ি থাকিছিল৷ ইমানেই জ্ঞান পিপাসু আছিল জে আৰ ডি টাটা৷
আৰু…..
মগজুত বহুকথাই দৌৰিছে৷ কিন্ত আজিলৈ থাওক৷
কিতাপকেইখন পঢ়িব পাৰে৷ ভাল পাব৷
••••••••••মহাবাহু••••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!