জাতীয়তাবাদ

প্লাৱিতা বৰুৱা

জাতীয়তাবাদ🌾
সুবিধাবাদ।
স্বদেশ প্ৰেমে ৰিঙিয়াই
গান্ধিজীৰ হাঁহিটোৰ লোভত সকলো বন্ধকত যায়।
এফালে আকাশ কপোঁৱা বক্তৃতা
আনফালে কাঁটা তাৰৰ বেৰত ফুটা,
চেকুলাৰিচ্মৰ অৰ্থ আজি
সহিষ্ণুতা এৰি নিজ ধৰ্মৰ প্ৰতি কৰা ঘৃণা।
জয়মতীৰ উদাহৰণ
স্বদেশী বাতাবৰণ
বদনৰ দেশৰ লাচিতো লাঞ্চিত।
ক্ষমতাৰ অন্ধ যুজঁত ঘৰৰে বোৱাৰী চাওদাংৰ হাতত হৈছিল নিৰ্যাতিত।
আন্দোলন, গৰিহণা আৰু ধিক্কাৰ,
দেশ সেনানীৰ হুংকাৰ।
ৰাঙলী কৰিব নোৱাৰা শ্বহীদৰ তেজেৰে,
তিক্ত কলিজাবোৰ যে আজি ক’লা…. অভিশপ্ত আউসীৰ ৰঙেৰে।🌒

Related Articles

Close