জাতি-মাটি-ভেটি – ভৃংগেশ্বৰ শৰ্মা

বাৰাণ্ডাৰ চকীখনত চকু দুটা মুদি কিবা ভাবি বহি আছিলো। এনেতে কাষত শ্ৰীমতীৰ মাত— ‍‘‍‘বোলো কি হ’ল, ধ্যানত বহিলা যে?’’

‍‘‍‘মই যদি ধ্যানত বহিছো, তুমিনো অপ্সৰাৰ দৰে সন্মুখত নাচিবলৈ ধৰিছা কিয়? মোৰ ধ্যান ভংগ কৰাৰ মতলব কি?’’

‍‘‍‘আ হা হা মতলব? বোলো গোটেই জীৱনটো যদি এনেদৰে চকু, মুখ বন্ধ কৰি থাকিলাহেঁতেন, মই ভালেই পালোহেঁতেন। পাছে আমাৰ কপালত তেনে ভাগ্য নেচেল। ধ্যানত বহা ঋষিক কিছু সময়ৰ মূৰে মূৰে চাহৰ যোগান ধৰাৰ পৰা মুক্তি পালোহেঁতেন। পাছে মুনিবৰ, আজি এনেদৰে ধ্যানমগ্ন হৈ থকাৰ কিবা বিশেষ কাৰণ?’’

‍‘‍‘নতুন বছৰৰ সংকল্প। অহা ২০১৭ চনটোত কি কি কাম কৰিম তাৰ পৰিকল্পনা কৰিছো আৰু সেইমতে সংকল্প লৈছো—কামবোৰ কৰিমেই।’’

‍‘‍‘হি হি হি, মা-দেউতাই মোক বিয়া দিবলৈ ভাল জমনি মানুহজন বিচাৰি পাইছিল। বিয়াৰ দিন ধৰি দুকুৰি বছৰে দেখিলো—নতুন বছৰৰ আৰম্ভণিতে কিমান যে সংকল্প—হেন কৰিম, তেন কৰিম। বছৰৰ শেহত অশ্বডিম্ব।’’

‍‘‍‘ঠাট্টা নকৰিবা।’’

‍‘‍‘ঠাট্টা কৰা নাই। যি দেখিছো তাকেহে কৈছো। এইবাৰ পাছে কিহৰ সংকল্প? এই বছৰটোত নোবেল বঁটা পাব পৰা উপন্যাস এখন লিখিবা? নে অস্কাৰপাব পৰা চিনেমা এখন বনাবা? তুমি আকৌ সংগীততো ভাল নহয়। কিজানিবা গ্ৰেমী পাব পৰা সংগীতৰ এলবাম এখন উলিওৱা।’’

‍‘‍‘কথাৰ সুৰটোত ব্যংগৰ ভাব এটা সোমাই থকা নাইনে বাৰু?’’

‍‘‍‘সেইবোৰ নাজানো। চাহ একাপ আনিছো। প্ৰথমতে সেই চাহ কাপেৰে ডিঙি নামৰ নলীডাল তিয়াই লৈ কোৱাচোন বাৰু শুনো, যোৱা বছৰটোৰ আৰম্ভণিতে অৰ্থাৎ ২০১৬ চনৰ আৰম্ভণিতে যে সংকল্প লৈছিলা, তাৰ কেইটা পূৰণ কৰিলা?’’

চাহৰ নাম শুনি চকু দুটা মেল খাই গ’ল। চাহ একাপৰ প্ৰয়োজন হৈছিলেই। ঋষি-মুনিসকলে এনেদৰে ধ্যান কৰি থাকোতে মাজতে চাহ একাপ খাবৰ মন নাযায়নে বাৰু? চাহত দীঘলকৈ শোহা এটা মাৰি ক’লো—‍‘‍‘হেৰা, যোৱা বছৰটোত সংকল্প পূৰণ কৰিবলৈ মই সময় পালো ক’ত? গোটেই বছৰটো দেখোন শাৰী পাতি থিয় হৈ থাকোতেই গ’ল। গেছৰ ছিলিণ্ডাৰৰ বাবে শাৰী, টেলিফোনৰ বিলৰ বাবে শাৰী, লাইটৰ বলৰ বাবে শাৰী, নিৰ্বাচনত ভোট দিবৰ বাবে শাৰী। ভূতৰ ওপৰত দানহৰ দৰে এন. আৰ. চিৰ বাবে শাৰী, তাৰ পাছত তোমাৰ জিঅ’ ছিমৰ বাবে শাৰী। বছৰৰ শেহত পাঁচশ আৰু হাজাৰটকীয়া বন্ধ হ’ল। বেংক আৰু এ টি এমৰ সন্মুখত শাৰী। পৰিকল্পনা মতে, সংকল্প মতে কাম কৰিবলৈ সময় পালো কেতিয়া?’’

‍‘‍‘হেৰা সেইবোৰোতো কামেই। মানুহৰ জীৱনত তেনেকুৱা কামো থাকিবই। তোমাৰ এইবাৰৰ সংকল্পত সেই ধৰণৰ কামৰ কাৰণে বেলেগে সময় ৰাখি থ’বা, Miscellaneous সংকল্প বুলি। আৰু শুনা। বেছি ডাঙৰ ডাঙৰ সংকল্প নল’বা। তুমি এটাও পূৰণ কৰিব নোৱাৰা জানো। তাতকৈ সংকল্প এটাকে লোৱা, ভাল লোৱা।’’

‍‘‍‘হয় নেকি? কি লওঁ?’’

‍‘‍‘এইবাৰ জাতি-মাটি-ভেটিৰ বাবে কিবা কৰা।’’

‍‘‍‘জাতি-মাটি-ভেটি?’’

‍‘‍‘হে গোসাঁই, ৰাজ্যৰ মানুহে জাতি-মাটি-ভেটিৰ বাবে চিঞৰ-বাখৰ কৰিছে, তোমাৰ অলপো দায়িত্ব নাই? গোটেই জীৱনটো বহি বহি লেকছাৰ মাৰি মাৰিয়েই খালা। এতিয়া, বুঢ়া কালত অন্ততঃ এটা ভাল কামতো কৰা।’’

‍‘‍‘ঠিক আছে বাৰু, এই বছৰৰ সংকল্প জাতি-মাটি-ভেটি।’’

বয়স হৈছে নহয়, কথাবোৰ পাহৰো। এইটো বয়সৰ বেমাৰ। বয়স হ’লে মানুহৰ স্মৃতিশক্তি হ্ৰাস পায়। মোৰো হৈছে। কেৱল সেয়াই নহয়, বয়সৰ কাৰণে দেহত ইটো-সিটো বেমাৰো লাগি থাকে।

সৰু-সুৰা বেমাৰবোৰত আমাৰ ঘৰত আজিকালি ডাক্তৰৰ বিধান কমেই চলে। শ্ৰীমতীৰ মতে ডাক্তৰ আৰু উকীলৰ ওচৰলৈ পৰাপক্ষত নোযোৱাই ভাল। কেঁকোৰাই চেপাই চেপে। এবাৰ কেনেবাকৈ চেপাত সোমালে ওলাবলৈ টান।

কথাটো একেবাৰে নোহোৱাও নহয়। পেটত গেছ হৈছিল। ডাক্তৰৰ ওচৰলৈ গৈছিলো। ডাক্তৰৰ ফিজ দুশ টকা। দৰবটো লিখি দিয়াৰ আগতে এসোপা পৰীক্ষা। লগতে ছ’ন’গ্ৰাফী। পৰীক্ষাবোৰ আৰু ছ’ন’গ্ৰাফী লেবৰেটৰীত কৰি পইচা দিবৰ সময়ত বিলখন দেখি পুনৰ ডাক্তৰৰ ওচৰলৈ আহিবলৈ দৰকাৰেই নহ’ল, এনেয়ে গেছ বাহিৰ হৈ গ’ল।

তাতেই শ্ৰীমতীৰ খং। বোলে এই ডাক্তৰকেইটা মহা ধূৰ্ত। সকলো পৰীক্ষা-নিৰীক্ষা কেৱল কমিছনৰ বাবে। মই বোলো—‍‘‍‘ৰ’বাচোন, পৰীক্ষাবোৰ কৰালে ভালহে হ’ল। সন্দেহবোৰ মাৰ গ’ল।’’

‍‘‍‘থোৱা থোৱা তোমাৰ সন্দেহ। আমাৰ মন্ত্ৰী শৰ্মা ছাৰে এনেয়ে কোৱা নাই বোলে ডাক্তৰবোৰে লেবৰেটৰীৰপৰা পয়ত্ৰিছ শতাংশ কমিছন খায়।’’

মোৰ মুখেৰে খেকখেকাই হাঁহি এটা ওলাই আহিল। বাধা দি ৰখাবই নোৱাৰিলো। মুখত তামোল আছিল। চৰ্চৰণি খালো।

‍‘‍‘এনেদৰে হাঁহিছা কিয়?’’

‍‘‍‘ভূতৰ মুখত ৰাম নাম। চোৰেহে চোৰৰ ঠেং দেখে। কাকনো বুলিবা ককা, আটাইৰে দাঢ়ি-চুলি পকা। চালনীয়ে বোলে বেজী তই ফুটা।’’

‍‘‍‘এইবোৰ কি গাইছা?’’

‍‘‍‘এইবোৰক অসমীয়া ফকৰা যোজনা বুলি কয়। হঠাতে মনত পৰি গ’ল। বাদ দিয়া বাৰু সেইবোৰ।’’

সেই কাৰণে আজিকালি আমাৰ ঘৰত পাঠক ছাৰৰ দিহা চলে। মই আচাৰ্য পাঠক ছাৰৰ কথা কৈছো। শ্ৰীমতী তেওঁৰ ভক্ত। টিভিত ওলালেই হ’ল, শ্ৰীমতীও টিভিৰ সন্মুখত বহি যায়। হাতত কাগজ, কলম। দৰকাৰী দিহাবোৰ লিখি যায়। কেতিয়াবা কামত আহিব। ছাৰো ওস্তাদ, টিভিতেই সকলো বেমাৰৰ দিহা। ভাল কথা। ৰোগী চোৱাৰ ভেজাল নাই, পৰীক্ষা কৰাৰ কথা নাই। মোৰ মানুহজনৰ হেৰি হৈছে বুলি ক’বলৈয়ে নাপায়, দিহা ওলালেই। মোৰ পেহীৰ অমুক হৈছে, মোৰ খুৰীৰ তমুক হৈছে বুলি গোটেই কথাখিনি ক’বলগীয়া নহয়েই, বিধান দিয়েই। বিধানবোৰত খৰচো নাই। গছ, পাত গোটালেই হ’ল।

হঠাতে এদিন শ্ৰীমতী দৌৰি আহি মোৰ মূৰটো চুই চালে। মই বোলো—‍‘‍‘কি হ’ল? কি চাইছা?’’

‍‘‍‘চুলি।’’

‍‘‍‘ক’ত চুলি পাবা।’’

‍‘‍‘গম পাওঁ। পাওঁ কাৰণেই চাইছো। এটা কথা কোৱাচোন, তুমি গা কি ষ্টাইলত ধোৱা?’’

‍‘‍‘ষ্টাইল?’’

‍‘‍‘মানে কেনেকৈ ধোৱা?’’

‍‘‍‘কেনেকৈ ধুম, বালটিত পানী লওঁ, কাষত মই বহি লওঁ, মগেৰে বালটিৰ পৰা পানী উঠাওঁ মূৰত ঢালি দিওঁ, তাৰ পাছত…’’

‍‘‍‘হ’ব হ’ব, বন্ধ কৰা, গম পালো। মই ঠিকেই অনুমান কৰিছিলো। সেই কাৰণেই তোমাৰ চুলি নাই। আজিৰপৰা ওলোটাকৈ ধুবা। মূৰৰপৰা ভৰিলৈ নহয়, ভৰিৰ পৰা মূৰলৈ।’’

‍‘‍‘হ’ব বাৰু, এতিয়া কোৱাচোন, পেটত গেছ হৈছে। চাপৰ মাৰিলে ঢোলত চাপৰ মৰা যেন লাগে। কি খাম?’’

‍‘‍‘হ’বই, কিয় নহ’ব? কিমান ক’লো, বোলো পানী চোবাই চোবাই খাবা। খোৱা জানো? পানী গিলাচ দিবই নোৱাৰি, ৰাক্ষসৰ দৰে ঘোট গোটকৈ পি খোৱা, যেন কোনো দিনে পানী খাই পোৱা নাই।’’

মুঠতে আজিকালি ঘৰত কেৱল পাঠক ছাৰৰ দিহা।

শ্ৰীমতী বহি আছিল। মই গৈ কাষতে বহিলো। লাহেকৈ ক’লো—‍‘‍‘হেৰা, তোমাক ধুনীয়া লাগিছে।’’

শ্ৰীমতীয়ে মোৰফালে আচৰিত হৈ চালে। মই ক’লো—‍‘‍‘সঁচাকৈয়ে তোমাৰ মুখখন দিনে দিনে ধুনীয়া হৈ আহিছে।’’

‍‘‍‘তোমাৰ মতলব কি?’’

‍‘‍‘মতলব? ইয়াত আকৌ মতলবৰ কথা আহিল ক’ৰ পৰা? মনে মনে বিউটি পাৰ্লাৰলৈ ফেচিয়েল কৰিবলৈ যোৱা নেকি?’’

শ্ৰীমতী ফোচকৈ উঠিল—‍‘‍‘ফেচিয়েল? মোক তুমি ফেচিয়েল কৰাবলৈ পঠাবা? যিহে লাট চাহাবৰ লগত মোৰ বিয়া হৈছে। আৰু এটা কথা কোৱাচোন, তোমাৰ বংশত আজিলৈকে কোনোবাই ফেচিয়েল কৰি পাইছেনে?’’

‍‘‍‘বংশত ধৰিলা কিয় বাৰু?’’

‍‘‍‘কিয় নধৰিম? সঁচা কথা কৈছো।’’

‍‘‍‘কিন্তু তুমি সঁচাকৈয়ে ধুনীয়া হৈছা।’’

‍‘‍‘পুৱাই পুৱাই বাঁহী মুখৰ লেলাউটি ঘঁহিছো।’’

তেতিয়াহে বুজি পালো ৰহস্য। মোকো শ্ৰীমতীয়ে কিবাকিবি কৰিবলৈ কয়। অমুকটো খাবা, অমুকটো ঘঁহিবা। মোৰ কৰা নহয়। আজিকালি কথাবোৰ পাহৰো।

গ’ল কথা গুচিল। দুদিনমান পাছত।

‍‘‍‘হেৰা শুনিছা?’’ – শ্ৰীমতীৰ মাত।

‍‘‍‘এ ৰ’বাহে, কি শুনিছা শুনিছা কৰি থাকা।’’

‍‘‍‘বোলো জাতি-মাটি-ভেটিৰ বাবে কিবা ভাবিলানে?’’

‍‘‍‘একে সোপা কথাকে বকি বকি মোৰ মেথাটো গৰম কৰি নাথাকিবা।’’

‍‘‍‘কিনো মেথা মেথা কৰি থাকা জানো। অসমীয়াত মেথা বুলি কিবা বস্তু আছে নেকি? ক’লে মাথা বুলি ক’বা। আজিলৈকে শুদ্ধকৈ ক’ব নাজানিলা।’’

‍‘‍‘ডাঙৰ মানুহৰ কথাত ধৰিব নাপায়। এয়া মোৰ নিজৰ ষ্টাইল বুলি ধৰা। ডাঙৰ ডাঙৰ মানুহৰ কিছুমান এনেকুৱা ষ্টাইল থাকেই। আগৰজনা মুখ্য ছাৰে জীৱনত অসম বুলি কৈ নাপালে। হয় আছাম নহয় অখম। আগৰ এজন মন্ত্ৰীয়ে কথা যিমান কৈছিল, চকুদুটা সিমানে টিপিয়াইছিল। এতিয়াও এজন মন্ত্ৰীয়ে কথা কওঁতে মাজে মাজে মুখ আৰু ডিঙি এফালে বেঁকা হৈ যায়। আৰু মোক যে কৈছা, আমাৰ এতিয়াও মুখ্য ছাৰেও দেখোন কথাই কথাই ‍‘আগন্তক’, ‍‘আগন্তক’ বুলি কৈ থাকে। আগন্তক সময়ত, আগন্তক দিনবোৰত। বোলো সেয়া আগন্তক নহয়, আগন্তুকহে। নিজে শুধৰাইছে নে ওচৰে-পাঁজৰে চৰি থকাবোৰে শুধৰাই দিছে? থাকক। ডাঙৰ মানুহৰ ষ্টাইল। আচল কথালৈ আহা।’’

শ্ৰীমতীৰ খং উঠিল। ভিতৰলৈ গ’ল।

বয়স হৈছে নহয়, কথাবোৰ পাহৰো। কেতিয়াবা হঠাতে মনত পৰে, কিন্তু কিবা খেলিমেলি লাগি যায়। তথাপি মনত পৰে লাচিত আৰু শৰাইঘাটৰ কথা। অসমীয়া মানুহে, অসমীয়া জাতিয়ে জানো লাচিত আৰু শৰাইঘাটক পাহৰিব পাৰে? প্ৰথমতে আহিল শৰাইঘাটৰ ৰণ—১। শৰাইঘাটৰ ৰণ-১ মানে লাচিত বৰফুকন নামৰ সেনাপতিজনে নৰিয়া গাৰে যুঁজি মোগলক পৰাস্ত কৰিছিল, সেইখন। বীৰ লাচিতৰ দেশপ্ৰেমৰ প্ৰমাণ কি লাগে? কামত গাফিলতি কৰা কাৰণে নিজৰ মোমায়েককে কাটি দুডোখৰ কৰিছিল, বোলে দেশতকৈ মোমাই ডাঙৰ নহয়। এইবোৰ বুৰঞ্জীয়ে কোৱা কথা। লাচিতৰ পৰাক্ৰমত মোগলৰ কিছু সেনা মৰিল, কিছু পলাল। গ’ল কথা গুচিল।

তাৰ পাছত আহিল শৰাইঘাটৰ ৰণ— ২। এইখন ৰণ সুদীৰ্ঘ ছবছৰ ধৰি চলিছিল। ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা বন্ধ। কৰ্মচাৰীৰ অফিছ-কাছাৰী বন্ধ। লাচিতে কঁকালত হেংদাং লৈ ৰাজপথত থিয় হৈ চিঞৰিছিল—আহ ঐ আহ, ওলাই আহ; খেদ ঐ খেদ, বিদেশীক খেদ।

লাচিতৰ আহ্বান কোনে নেওচিব পাৰে? জাকে জাকে মানুহ পৰুৱা গাঁতৰপৰা ওলাই অহাৰ দৰে ওলাই আহিল। লাচিতে বোলে—এয়া আমাৰ অস্তিত্বৰ কথা। হয় মৰিম নহয় তৰিম। পাছে যুদ্ধ শেষ নহয়হে নহয়। এবাৰ যদি লাচিতৰ সেনাই খেদি যায়, এবাৰ দিল্লীৰ সেনাই খেদি আহে। যুদ্ধত লাচিতৰ ৮৫৫ জন বীৰ সেনা মৰিল। সিপক্ষৰ কিমান মৰিল সিপক্ষইহে হিচাপ দিব পাৰিব। যুদ্ধ কৰি কৰি মানুহৰ ভাগৰ লাগিল। গোলা-বাৰুদো শেষ হ’ল। ৰচদ-পাতিৰো নাটনি। লাচিতৰো বয়স বাঢ়িল। যুদ্ধৰ আৰম্ভণিতে লাচিতৰ মুখত দাঢ়ি নাছিল। ছবছৰ যুদ্ধ কৰি কৰি লাচিতৰ মুখত দাঢ়িয়ে-গোফে ভোবোকাৰ হ’ল। ছবছৰ যুদ্ধৰ মূৰত, দিল্লীৰ সম্ৰাটৰ লগত সন্ধিৰ প্ৰস্তাৱ। সন্ধিয়া প্ৰস্তাৱত কোৱা হ’ল যে যুদ্ধ যুদ্ধ বুলি লিলিমাইখন কৰি লাভ নাই। যুদ্ধ সমাপ্ত কৰিব লাগে। যিখিনি হ’ল সেয়াই বহুত। দুই পক্ষৰ মাজত সন্ধি হ’ল। সন্ধিৰ প্ৰস্তাৱ অনুসৰি আগৰজনা ৰজাক খেদি লাচিতক ৰাজপাটত বহুওৱা হ’ল।

গ’ল কথা গুচিল। এইবাৰ হঠাতে আৰম্ভ হ’ল শৰাইঘাট-৩। এইবাৰ আৱিৰ্ভাৱ এজন মহান লাচিতৰ। অৱশ্যে লাচিতে নিজে এইখন শেষ শৰাইঘাটৰ ৰণ বুলিহে কৈছে। আমিহে ভাবিছো, বোলে ঠিকতো নাই, শেষ বুলি ক’ম, যদি কেইবছৰমান পাছত আকো এখন শৰাইঘাটৰ ৰণ হ’বলৈ হয়, তেতিয়া কি নাম দিম। তাতকৈ এইখন শৰাইঘাটৰ ৰণ-৩ হৈয়েই থাকক। শেষ শৰাইঘাটৰ, মানে শৰাইঘাট-৩ৰ বীৰ লাচিতে কঁকালত হেংদাং লৈ ৰাজপথত থিয় হৈ হুংকাৰ দিছে—ৰাইজ, সাজু হওক শেষ শৰাইঘাটৰ বাবে। আহ ঐ আহ…

লাগিল নহয় মোৰ তাতেই খেলিমেলি। বয়স হৈছে, কথাবোৰ পাহৰো। — ‍‘‍‘হেৰা শুনিছা, হেৰা…’’

কাষত শ্ৰীমতী—‍‘‍‘কি হ’ল? ডেডাউৰিয়াইছা কিয়?’’

‍‘‍‘ৰ’বাহে, কথা এটা মনত পেলাব পৰা নাই।’’

‍‘‍‘কোনটো কথানো তুমি মনত পেলাব পাৰা?’’

‍‘‍‘কথাবোৰ পাহৰো দেখোন।’’

‍‘‍‘মোক যে এদিন বিয়া কৰাই আনিছিলা, সেই কথাটো মনত আছে নে নাই? বাৰু বাদ দিয়া, আচল কথাটো কোৱা।’’

‍‘‍‘হেৰা, আমি যে শৰাইঘাট-২ত কেবাবছৰো ধৰি চিঞৰ-বাখৰ কৰি ফুৰিছিলো, বাংলাদেশী খেদিবৰ বাবে নে আনিবৰ বাবে?’’

‍‘‍‘হে গোসাঁই, ক’তে মৰো! বোলো খেদিবৰ বাবে।’’

‍‘‍‘আমি খেদিলোনে বাৰু?’’

‍‘‍‘খেদিম নহয়। আগতে চিনাক্ত কৰিবলৈতো দিয়া। সময় কিবা পাৰ হৈ গৈছে নেকি?’’

‍‘‍‘নহয় মানে এতিয়া শৰাইঘাট-৩ৰ বীৰ লাচিতে যে চিঞৰিছে—আহ ঐ আহ, হিন্দু বাংলাদেশী আহ; খেদ ঐ খেদ, মুছলিম বাংলাদেশী খেদ। আৰু যে কৈছে—অসমীয়া জাতি বাচিবলৈ হ’লে বাংলাদেশৰপৰা মানুহ আনি বহুৱাবই লাগিব। তাৰমানে?’’

শ্ৰীমতীয়ে মোৰ মুখৰ ফালে চালে। মই ভিতৰি ভিতৰি কিবা এটা ভয় খালো। বুকুখন কঁপি উঠিল। ‍‘‍‘হেৰা, মই বাৰু এলঝেইমাৰ ৰোগত ভুগিছো নেকি?’’

শ্ৰীমতীয়ে বোলে—‍‘‍‘চকুহাল মুদি অলপ জিৰণি লোৱাচোন। মই চাহ একাপ আনো।’’ গোটেইখন কিবা খেলিমেলি। বয়স হৈছে নহয়। কথাবোৰ পাহৰো।

দুদিন পাছৰ কথা।

বজাৰলৈ বুলি কাপোৰ-কানি পিন্ধি ওলালো। মই জপনামুখত থিয় হৈ আছো। শ্ৰীমতীয়ে বজাৰ কৰা মোনা দুখন আনি হাতত দি কাষতে থিয় হ’ল। ক’লে—সোনকালে বজাৰলৈ যোৱা। ৰাতিৰ সাঁজৰ বাবে একো নাই। ঢেঁকীয়া, পচলা যি পোৱা আনিবা।

এনেতে ৰাস্তাৰে চাইকেল চলাই গৈ আছিল ৰজত। আমাক হালকে জপনামুখত দেখি সি ৰ’ল। সুধিলে—‍‘‍‘খুৰা, বজাৰলৈ যায় হ’বলা?’’

‍‘‍‘এৰা অ’, ৰাতিৰ সাঁজৰ বাবে…’’

‍‘‍‘আজি পাছে মাছ নে মাংস?’’

‍‘‍‘অ’ তই হ’বলা নাজান। মই আকৌ আজিকালি নিৰামিষ খাওঁ নহয় বহুদিন হ’ল।’’

‍‍‘‍‘ভালেই। স্বাস্থ্যৰ বাবে নিৰামিষ ভাল। সেই কাৰণে আপোনাৰ স্বাস্থ্য ভালে আছে। কিন্তু ঘৰত দেখোন মস্ত ডাঙৰ ফিছাৰি, মাছবোৰ কি কৰে?’’

‍‘‍‘খাওঁ।’’

সি অলপ আচৰিত হ’ল। সুধিলে— ‍‘‍‘আপোনালোকৰ ঘৰত মুৰ্গীৰ কণীও বোলে বহুত পায় শুনিছো। সেইবোৰ কি কৰে?’’

‍‘‍‘খাওঁ অ’।’’

‍‘‍‘খায়? মুৰ্গীও দেখোন এজাক। সেইবোৰ কি কৰে?’’

‍‘‍‘খাওঁ আকৌ।’’

‍‘‍‘আপুনি যে ক’লে, আপুনি নিৰামিষ খায়?’’

‍‘‍‘‍খাওঁতো। এইবোৰ নিৰামিষ নহয় জানো? বাপু ৰজত, আপুনি বয়স হৈলে বুদ্ধি হৈবো ভাল। বোলো কথাতে কয়—ঘৰ কা মুৰ্গী দাল বৰাবৰ। গতিকে এইবোৰ দালি নহ’ল জানো? মানে নিৰামিষ।’’

‍‘‍‘ইচ, খুৰাৰো যে কথা।’’

‍শ্ৰীমতীয়ে মাত দিলে—‍‘‍‘অ’ বাপু, মানুহটোৰ বয়স হয় মানে লোভটো বাঢ়িছে অ’। ইফালে প্ৰেছাৰ, ছুগাৰ। কি কৰিবি, উপায়তো নাই। দালি বুলি ধৰি লৈ ঘৰৰবোৰকে খুৱাওঁ আৰু। যাগৈ যা, এইবোৰ কথাত সময় নষ্ট কৰিব নালাগে।’’

ৰজত গ’ল। ময়ো গ’লো বজাৰলৈ। এতিয়া বজাৰত মোৰ দৰে গ্ৰাহকৰ বাহাদুৰিয়েই বেলেগ। বেপাৰীবোৰ ওচৰত আমাৰ দৰে গ্ৰাহকৰ আদৰৰেই বেলেগ। দুদিন আগলৈকে আমাক কোনেও পাত্তা দিয়া নাছিল। যিসকলে পকেটৰ পৰা খমখমীয়া পাঁচশ, হাজাৰটকীয়া উলিয়াই দিছিল সেইবোৰৰ আদৰ আছিল। আজি সেইসকলে বজাৰ কৰিব পৰা নাই। পকেটত পাঁচশ, হাজাৰটকীয়া, অথচ বেপাৰীয়ে বস্তু নিদিয়ে। খুচুৰা দিয়ক। পাঁচশ, হাজাৰটকীয়া লৈ কি কৰিম? আমাৰ আকৌ পকেটত দহটকীয়া, বিছটকীয়া, পঞ্চাছটকীয়াবোৰহে। বৰ বেছি শটকীয়া। ঘৰত কলহ ভৰ্তি খুচুৰা। যিমান টকা বজাৰ কৰিলো সিমান টকাৰ খুচুৰা দিলো। বেপাৰী খুচ। আগতে যিবোৰ বেপাৰীয়ে আমাক মানুহ বুলি ভবা নাছিল, এতিয়া সেইবোৰৰ বাবে আমি ছাৰ। কি আচৰিত, এতিয়া ৰাস্তাত বিছটকীয়া এখন পৰি থাকিলে মানুহে থাপ মাৰি ল’ব হাজাৰটকীয়াখন পৰি থাকিলেও নলয়।

বজাৰ কৰি ঘৰলৈ আহিলো। পদূলিমুখ পাই আনন্দতে সুহুৰিয়াই আহিলো। শ্ৰীমতী বাহিৰলৈ ওলাই আহিল। বজাৰৰ মোনা দুখন শ্ৰীমতীৰ হাতত দি বাৰাণ্ডাতে বহিলো। শ্ৰীমতীয়ে সুধিলে—‍‘‍‘আজি দেখোন আনন্দতে সুহুৰিয়াই আহিছা? কি হ’লনো?’’

‍‘‍‘হেৰা, গোটেই জীৱনটো নাই নাই বুলি দুখ কৰি থাকোতেই গ’ল। এতিয়া, এই বয়সতহে অনুভৱ কৰিলো, আমাৰ দৰে কম পইচাৰ মানুহবোৰ আচলতে কিমান সুখী। আমাৰ দৰে যিবোৰ মানুহৰ ঘৰত দহ, বিছ, পঞ্চাছ, এশটকীয়া নোটহে থাকে, সেইবোৰ মানুহ কিমান সুখী। যাৰ ঘৰত বস্তাই বস্তাই পাঁচশ, হাজাৰটকীয়া নোট থাকে, সেইসকল কিমান দুখী। শান্তিত খাব নোৱাৰে, শুব নোৱাৰে।’’

‍‘‍‘এৰা, ময়ো তাকেই ভাবিছো। নিজৰ পাঁচশ, হাজাৰটকীয়া নোটৰ বাণ্ডিলবোৰ নিজ হাতে পানীত উটুৱাই দিয়া বা জ্বলাই দিয়াৰ সমান দুখ পৃথিৱীত কি আছে?’’

‍‘‍‘যোৱা, ইছ খুচী মে চাহ একাপে লৈ আহা।’’

পাছদিনা ৰাতিপুৱা বাতৰি-কাকতখন হাতত লৈ বাৰাণ্ডাতে বহি আছিলো। দহমান বাজিছিল হ’বলা। কাষত শ্ৰীমতী। মোৰ ফালে চাই ক’লে—‍‘‍‘বাতৰি-কাকতখন মুখস্থ কৰিছা নেকি?’’

‍‘‍‘আৰুনো কি কৰিব লাগে?’’

‍‘‍‘অইন কাম নাই? হেৰা, জাতি-মাটি-ভেটিৰ বাবে কিবা চিন্তা কৰিলানে?’’

‍‘‍‘হে ৰ’বাহে, কিনো জাতি-মাটি-ভেটি বুলি চিঞৰি থাকা।’’

‍‘‍‘চিঞৰি থাকো? হেৰা চাবা, আমাৰ মানুহবোৰে এনেদৰে চাই থাকোতেই আমাৰ জাতি-মাটি-ভেটি যাবগৈ। জাতিয়েই যদি নাথাকিল, মাটিয়েই যদি নাথাকিল, ভেটি থাকিব ক’ৰপৰা?’’

‍‘‍‘মই কিবা কৰিম নহয় জাতি-মাটি-ভেটিৰ বাবে।’’

‍‘‍‘আমাৰ মানুহবোৰে কৰিম কৰিম বুলি থাকোতেই যায়, কৰা নহয়। তুমিও একেই, মুখেন মাৰিতং জগত।’’

মোৰ কিবা এটা খং উঠিল। – ‍‘‍‘হেৰা, ময়ো একেই? কি কৰিব লাগে? কি কৰিব লাগে মই? ৰাস্তাত গৈ জাতি-মাটি-ভেটি বুলি চিঞৰিব লাগে? যোৱাগৈ, তুমিয়ে যোৱাগৈ। ৰাইজক কোৱাগৈ, মই নাযাওঁ এইবোৰত। মই অসমীয়াৰ শত্ৰু বুলি কোৱাগৈ। কোৱাগৈ ৰাইজক—এনেকুৱা জাতি-মাটি-ভেটি মোক নালাগে।’’

শ্ৰীমতী থতমত খোৱাৰ দৰে হ’ল। ভয়ে ভয়ে মোক সুধিলে—‍‘‍‘হেৰা, তোমাৰ কি হৈছে? গা বেয়া নেকি? অলপ শান্ত হোৱাচোন। অলপ জিৰণি লোৱা।’’

‍‘‍‘একো হোৱা নাই মোৰ। মোৰ গা ভাল। সকলো শুনি আছো, চাই আছো, দেখি আছো। আৰু শুনা, এই বয়সত মুখেৰে বেয়া মাত ওলাব নাপায়। তথাপি কৈছো, জাতি-মাটি-ভেটি মানে কি জানা?’’

‍‘‍‘কি?’’

‍‘‍‘যি জাতিয়ে বিদেশী আনি নিজৰ মাটিত বহুৱাই জাতিক বচাব খোজে, সেই জাতিৰ ভেটি উচন হয়।’’

পিন্ধি থকা ধুতীখন কোঁচাই ল’লো। — ‍‘‍‘যোৱা, কোৰখন লৈ আনা।’’

‍‘‍‘কোৰখন?’’

‍‘‍‘ঠিক আছে বাৰু ময়েই লৈ যাম।’’

ফোঁ-ফোৱাই মই ঘৰৰ পিছফালে থকা শাক-পাচলিৰ বাৰীখনলৈ সোমাই গ’লো। কিছু সময় পাছতে ঘামি-জামি হাতে-ভৰিয়ে মাটি লগাই উভতি আহিলো। — ‍‘‍‘হৈ গ’ল।’’

শ্ৰীমতীয়ে লাহেকৈ সুধিলে — ‍‘‍‘কি হৈ গ’ল?’’

‍‘‍‘বয়স হৈছে। মৰিবলৈ বেছি দিন নাই। দেশৰ আৰু জাতিৰ বাবে মই একো কৰিব নোৱাৰিলো। দেশ আৰু জাতিৰ উপকাৰ হোৱা কাম মই একো কৰিব নোৱাৰিলো। কিন্তু এটা কথা মনত ৰাখিবা, দেশ আৰু জাতিৰ অপকাৰ হোৱা একো কাম মই কৰা নাই আজিলৈকে আৰু নকৰো। মই কোনোদিনে লাচিত হ’ব নোৱাৰিলো সঁচা, কিন্তু কোনোদিনে বদনো হোৱা নাই। ৰাজপথত থিয় হৈ মানুহক দেখুৱাই ডিঙিৰ সিৰ ফুলাই চিঞৰি চিঞৰি দেশক ৰক্ষা কৰিব নোৱাৰি। কাম কৰিব লাগিব। আৰু কাম আৰম্ভ কৰিব লাগিব প্ৰত্যেকেই নিজৰ ঘৰখনৰপৰা। মই আজি আৰম্ভ কৰিলো। জাতি লাউৰ গছডালৰ গুৰিত মাটি দি ভেটিটো ওখ কৰি দিলো। জাতি-মাটি-ভেটি।’’

শ্ৰীমতীৰ দুচকুত যিটো চাৱনি ফুটি উঠিল, তেনেকুৱা কৰুণ চাৱনি মই বিয়াৰ দিন ধৰি আজি দুকুৰি বছৰে দেখা নাছিলো।

মোৰ দুচকুত সংকল্প পূৰণৰ আনন্দ।

Related Articles

Close