জাতিৰ আৰু ভাষাৰ হকে একলম

গৌতম শৰ্মা

 ভূপেন দাই এটি গীতত কৈছিল, মোৰ আইক ভালপাওঁ বুলি ক’লে আনৰ আইক জানো ঘিণ কৰাটো বুজাব ? নিশ্চয় নুবুজাই ! সেয়েহে আমি সকলোকে আজি আহ্বান জনাইছোঁ, নিজৰখিনিক অনুগ্ৰহ কৰি সকলোৱে ভালদৰে খৰচি মাৰি প্ৰথমে জানি লওক, তাৰ পাছত আনৰখিনি জানিবলৈ, আয়ত্ব কৰিবলৈ চেষ্টা কৰক ৷ আমি সদায় সকলোৱে সময়ক ইয়াৰ বাবে জগৰীয়া কৰোঁ, পৰিৱৰ্তন তথা পৰিৱৰ্তিত শিক্ষাব্যৱস্থাক জগৰীয়া কৰোঁ; কিন্তু য’ত নিজৰ অস্তিত্বই বিপদাপন্ন তাত পৰিৱৰ্তনৰ যুক্তি দৰ্শাই নিজৰ ভৱিষ্যতক সুৰক্ষা কৰিবলৈ যোৱাটো অযুক্তিকৰ আৰু হাস্যকৰ ৷ নিজৰ ভাষাটোক ভালকৈ জানি, ভালকৈ ক’ব পৰাটো লাজৰ কথা নহয়, নিজৰটো নজনাকৈ আনৰটো জানিবলৈ প্ৰয়াস কৰাটোহে লাজৰ কথা ৷ বিভিন্ন ভাষা সলসলীয়াকৈ ক’ব পৰাটো বহু গৌৰৱৰ কথা, কিন্তু নিজৰ ভাষাটোত ভালকৈ এটি বাক্য ক’ব, পঢ়িব, লিখিব বা বুজিব নোৱাৰাটো কিন্তু বহুত লাজৰ কথা ৷ তেতিয়া আমাৰ বহু লাজ লাগে যেতিয়া ৰাছিয়া, ইংলেণ্ড, আমেৰিকা আদি দেশৰ পৰা লোকসকল আহি অসমীয়া ভাষা শিকে, অসমীয়া সংস্কৃতিৰ ওপৰত চৰ্চা-গৱেষণা আদি কৰে আৰু লগতে সেইখিনি নিজৰ দেশলৈ আমদানি কৰে ৷
      সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে কৈ গৈছিল “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল-মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা ৷” যি দেশৰ সেউজ কোলাত জন্মলৈ, যাৰ হাৱা-পানী সেৱন কৰি মই জীপাল হৈ জীৱনৰ বাটত বাট বুলিবলৈ আজি সক্ষম হৈছোঁ সেইখনেই হৈছে মোৰ অতিকৈ আদৰৰ, হেঁপাহৰ মোৰ দেশ ৷ মানুহ এক সামাজিক প্ৰাণী; সামাজিক প্ৰাণী হিচাপে যি জাতিৰ সভ্যতা, কলা-সংস্কৃতি, ঐতিহ্য তথা নিজস্বতাখিনিক লৈ মই আজি অন্তৰৰ সুকুমাৰ ভাব তথা আবেগ-অনুভূতিবোৰে জীৱনটো আলোকময় কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ সেয়াই হৈছে মোৰ স্বজাতি ৷ দেশ আৰু স্বজাতিৰ উন্নতি আৰু কল্যাণ সধাটো মোৰ কৰ্ম আৰু ধৰ্ম ৷ মোৰ এই কৰ্ম আৰু ধৰ্ম পালনৰ সাধনাৰ থলীলৈ প্ৰৱেশৰ সিংহ দুৱাৰখন হৈছে মোৰ আইৰ মুখৰ ভাষা – ’মাতৃভাষা’ ৷ এতেকে স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ বাবে মোৰ আইৰ মুখৰ ভাষাক মই জীয়াই ৰাখিবই লাগিব ৷ অৰ্থাৎ মাতৃভাষাহীন মানেই হৈছে স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ প্ৰৱেশৰ পথটোও দুৱাৰহীন ৷ কিন্তু পৰিৱৰ্তিত সময়ৰ নিষ্ঠুৰ বাস্তৱে মোৰ আইৰ মুখৰ ভাষাটোৱে সন্মুখীন হোৱা অশনি ভৱিষ্যতৰ কথা বাৰে বাৰে কৈ গৈছে, প্ৰতিপলতে পদাঘাত কৰা হৈছে মোৰ স্বদেশ আৰু স্বজাতিৰ স্বাভিমানক ৷
      এজোপা গছৰ শিপাৰ যেনেদৰে মাটিৰ সৈতে নিৰৱচ্ছিন্ন এক সম্পৰ্ক আছে ঠিক তেনেদৰে মোৰ আইৰ ভৰি তলৰ মাটি, মূৰৰ ওপৰৰ আকাশ আৰু আইৰ মুখৰ মাতষাৰৰ লগতো মোৰ আছে এক আজন্ম সম্পৰ্ক, আৰু এয়া মোৰ জন্মগত প্ৰাপ্য ৷ ইয়াৰ পৰা বিচ্ছিন্ন হোৱা মানেই শিপাহীন মোৰ জীৱন ৷ এই শিপাৰ সৈতে আজীৱন সম্পৰ্ক বৰ্তাই ৰখোৱাটো মোৰ কৰ্তব্য ৷ জাতিৰ প্ৰতিটো জটিল সন্ধিক্ষণত তথা প্ৰতিটো জটিল সমস্যাৰ সৈতে এই শিপাৰ সৈতে মোক বিচ্ছিন্ন কৰা আৰু কৰোৱাৰ এক গভীৰ, এক জটিল ষড়যন্ত্ৰ বহুদিনৰ পৰাই চলি আহিছে ৷ মোৰ আইক, মোৰ দেশ আৰু স্বজাতিক ধ্বংস কৰাৰ এই কুটিল ষড়যন্ত্ৰক মষিমূৰ কৰাৰ এয়াই অন্তিম সময় বুলি সেয়েহে আজি আমাৰ মনে কৈছে; নহ’লে যে অচিৰেই মই মোৰ ঘৰতেই আলহী হ’ম সি ধুৰূপ !
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close