জাগা

পংকজ শইকীয়া

জাগা হে বীৰৰ সন্তান! আকৌ এবাৰ জাগা।
হে কছাৰীৰ সন্তান, হে ডিমা ফিছা, বুৰলং ভুটুং নদীৰ সন্তান জাগা! তুমি জানো আজন্ম যুজাৰু নহয়? অথচ তৰোৱালত শান দিবলৈ পাহৰিলা কেনেকৈ ? তোমাৰ পৰাক্ৰমতে এদিন ফুলি উঠিছিল অসমী আইৰ বুকু । জাগা হে বীৰৰ সন্তান! আকৌ এবাৰ জাগা।
হে দেউৰী আৰু চুতীয়াৰ সন্তান জাগা! আহা তোমাৰ চুতীয়া ধনু লৈ। ৰাণী সাধনীয়ে জানো দেখুৱাই থৈ যোৱা নাই স্বদেশ আৰু স্বজাতি প্ৰেম কি? স্বদেশ আৰু স্বজাতিৰ দাম জানো নিজৰ প্ৰানতকৈও বেছি নহয় ?
হে কলিতাৰ সন্তান জাগা! আকৌ বিদেশীৰ আগমন কামৰূপত! লুইতৰ পাৰত এবাৰ আকৌ জোঙাল বাহেৰে আগতকৈও শক্তিশালীকৈ বনাব লাগিব দুৰ্গ।
হে আহোমৰ সন্তান জাগা! তোমাৰ হেংদানত মামৰে ধৰিলে, হেপাহৰ মুং-দুন-ছুনখামত আজি বঙালৰ অট্টহাস্য, লুটিছে অসম, হৰিছে বীৰ্য্য । তুমিয়েটো কৈছিলা- “দেশতকৈ মোমাই ডাঙৰ নহয়, বঙালক সীমা বাজ কৰি খেদিহে শান্তিৰে ভাত এগৰাহ খাব পাৰিম”। আজি তোমাৰ পুলিন পুথাওসকলে আহ্বান কৰিছে মৈদামৰ পৰা, জাগা অসমীয়া জাগা! বঙালে গৰকিলে বৰঘৰ। হেংদান ধৰিবৰ হ’ল।
হে কোচ ৰাজবংশীৰ সন্তান জাগা, কত গল তোমাৰ সেই বীৰ্য্য ? তুমিয়ে জানো চিলাৰ দৰে উৰি শত্ৰু সৈন্যৰ বেহুৰ মাজত প্ৰৱেশ কৰি শত্ৰু পক্ষক কচু কটা দিয়া নাছিলা? সোঁৱৰা ইতিহাস আকৌ সোঁৱৰা ।
হে মিৰিৰ(মিছিং) সন্তান জাগা, লাচিতে কৰিছে আহ্বান – মোগল আহি গুৱাহাটী পালেহি। লাচিতে স্বৰ্গদেৱক নিবেদিছে- “স্বর্গদেউ ঈশ্বৰ, এইবাৰ মিৰি সন্দিকৈ পালি সেনাপতি হব, বঙালৰ লগত ভালকৈ এঘড়ী যুঁজিব পাৰিম।”
হে মৰানৰ সন্তান জাগা, তোমাৰ তিৰোতাই জানো চাদৰৰ আচল পাতি হিলৈৰ গুলী ধৰা নাছিল? আজি কত গ’ল তোমাৰ সেই বল?
হে মটকৰ সন্তান জাগা! তোমাৰ চেকনিৰ কোবত শত্ৰু সৈন্যই ছত্ৰভঙ্গ দিছিল। আজি তোমাৰ তৰোৱালত মামৰে ধৰিছে কিয়? জাগা আকৌ জাগা।
হে কাৰ্বিৰ সন্তান জাগা! তোমাৰ তিৰোতাই শত্ৰুৰ অত্যাচাৰৰ পৰা স্বজাতিক ৰক্ষা কৰিবলৈ এহাতে কেচুৱা লৈ আনহাতে কুঠাৰ তুলি লোৱা নাই জানো? আজি কত গ’ল তোমাৰ সেই সাহ আৰু সংগ্ৰামী সত্তা?
হে তিৱাৰ সন্তান জাগা! তোমাৰ দেও লগা তৰোৱালৰ আহবান, স্বদেশ আৰু স্বজাতিক ৰক্ষা কৰো আহা।
হে চিংফৌৰ সন্তান জাগা, আকৌ জাগা ! এইবাৰ বৃটিছৰূপী বঙালৰ কানি খাই বীৰত্ব হেৰুৱালে নহব।
হে গৰীয়া, মৰীয়া, আৰু দেশীৰ সন্তান জাগা! কত গ’ল আজি তোমাৰ সেই ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকাৰ বীৰত্ব আৰু স্বদেশপ্ৰেম। আজি তুমি আকৌ পুনৰ লিখিবলৈ বাধ্য কৰাবানে বঙালৰ লগত অহা ইতিহাসকাৰক সেই ইতিহাস ” অসমৰ মূছলমানসকল ধৰ্মতহে মূছলমান। বাকী আচাৰে ব্যৱহাৰে সম্পূৰ্ণ অসমীয়া আৰু অসমীয়াৰ হৈ মৰণ পণ কৰি যুঁজে সেই গৌৰৱপূৰ্ণ কথাষাৰ।”
হে খিলঞ্জীয়াৰ সন্তানসকল জাগা, আকৌ জাগা! মাউখে উটিলে হেনো গুৰি পৰুৱাৰো মৰণ নাই  !!!
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close