জলবায়ুৰ গুৰুত্বপূর্ণ আধা ডিগ্ৰী উষ্ণতা

ড০ ৰাস্না ৰাজখোৱা

2015 চনত পেৰিচত স্বাক্ষৰিত হোৱা চুক্তিত সকলো দেশে তেওঁলোকৰ দেশৰ কার্বন নির্গমন কমোৱাৰ আৰু গোলকীয় উষ্ণতাৰ 20  ছেলচিয়াছ (3.6 ফাৰেনহাইট) উচ্চসীমাত সীমাৱদ্ধ কৰাটো প্ৰতিশ্ৰুতি দিছিল৷ ভবা হৈছিল, এই চুক্তিখনেই জলবায়ু পৰিৱর্তনৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিৱ৷ কিন্তু বহুত দেশে তেওঁলোকৰ লক্ষ্যৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে৷
    শেহতীয়াকৈ আই পি চি চিয়ে [Intergovernmental Panel on Climate Change-IPCC] প্ৰতিবেদন দাখিল কৰি দেখুৱাইছে যে অদূৰ ভৱিষ্যতে জলবায়ুৰ কাৰণে হ’ব পৰা ভয়াৱহ ঘটনাবোৰ এৰাই চলিব পাৰি, যদিহে উষ্ণতা বৃদ্ধিৰ পৰিমাণ 20 ছেলিচয়াছৰ পৰিৱর্তে 1.50 ছেলিচয়াছত সীমাৱদ্ধ কৰি ৰাখিব পাৰি৷
    কেৱল মাত্ৰ আধা ডিগ্ৰী (0.50)ৰ পার্থক্যই নির্ণয় কৰিব উত্তৰ মেৰু তুষাৰ মুক্ত দহ বছৰত হ’ব নে এশ বছৰত হ’ব; প্ৰৱাল দ্বীপ প্ৰায় সম্পূর্ণ নোহোৱা হ’ব নে শতকৰা 30% থাকিব; বিশ্বৰ এক তৃতীয়াংশ মানুহ চৰম তাপ তৰংগৰ মুখামুখী হ’ব নে এক দশমাংশ মানুহ হ’ব?
    এই বিকল্প ভৱিষ্যতৰ কথা 2018 চনৰ অক্টোবৰৰ দ্বিতীয় সপ্তাহত জলবায়ু পৰিৱর্তনৰ আন্তঃচৰকাৰী দলৰ [Intergovernmental Panel] প্ৰতিবেদনত উপস্থাপন কৰিছে যিয়ে তিনিবছৰৰ আগতে ঐতিহাসিক পেৰিচ চুক্তিত অনুমোদন জনোৱা 2100 চনলৈকে নিদ্ধাৰিত প্ৰাক-উদ্যোগিক সময়তকৈ 20 ছেলচিয়াছ উষ্ণতা বৃদ্ধিৰ পৰিৱর্তে 1.50 ছেলিচয়াছলৈ উষ্ণতা বৃদ্ধি সীমাৱদ্ধ কৰিব পাৰিলে সাম্ভাব্য পৰিৱর্তন সমূহৰ কথা উল্ল্যখ কৰিছে৷ এই প্ৰতিবেদনে বন্ধ দুৱাৰখন খুলি দিছে জনসাৰণৰ ওচৰত, কোনটো ভৱিষ্যত তেওঁলোকে বিচাৰে নির্ণয় কৰিবলৈ৷
Show More

Related Articles

Back to top button
error: Content is copy right protected !!