জননীৰ সন্মান

প্ৰণৱেন্দ্ৰ শৰ্মা

জননীৰ সন্মান
প্ৰণৱেন্দ্ৰ শৰ্মা
(আমেৰিকাৰ পৰা)
অৱৰুদ্ধ কণ্ঠ মোৰ, নিষ্পেষিত।
প্রতাৰণাৰ জুইত জ্বলি বাকৰুদ্ধ।
কথাৰ ভেল্কিত মোহ গৈ
আত্মসত্বা দিলো বিসর্জন,
অৱনত শিৰ আজি পদদলিত।
আস্থাৰে  দিছিলো যাক মর্যাদাৰ আসন,
সিয়েই আজি কৰে দেখোন
ওভতগৰে নাচোন।
ভাষা গলে জাতিৰ কি পৰিচিতি?
 বিবেকক ক্ষমতাৰ বেদিত কৰি বিক্ৰী,
চিঞৰিলে কি হব জাতি, মাটি, ভেটি?
ধর্মই যদি হয় দেশগঠনৰ ভিত্তি,
কিয় বাৰু হল চুবুৰীয়া ৰাস্ত্রৰ সৃষ্টি?
ঘৰিয়ালৰ চকুপানী কিমান সহিবা আৰু,
ক্ষমতাৰ মছনদত জাতিৰ বলিদান
বাৰে বাৰে সহা কিয় বাৰু?
টেঙা আম বেচে যদি সদায় তোমাক,
বদনামৰ ভাগী তুমিও নিশ্চয়।
জোৰ পুৰি পালেহি হাত,
ভাষা আৰু জাতিৰ স্বাৰ্থত
অৱসাদ পৰিহৰি
কণ্ঠ কৰা উন্মুক্ত।
আত্ম স্বার্থ কৰি বলিদান,
ওভতাই আনা আই মাতৃৰ
প্রাপ্য সন্মান।

Related Articles

Close