জনগোষ্ঠীয় সমন্বয়

ৰাণাদীপ কাকতী

পৰিৱৰ্তনশীল উপলব্ধিৰ মাজেৰে আগবাঢ়ি যাব পৰাটো প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ক্ষেত্ৰত অন্যতম শক্তিশালী ইতিবাচক দিশ। ইয়ে জাগ্ৰত কৰি ৰাখে আৰু তাৰ কাৰণে প্ৰত্যাহ্বান গ্ৰহণৰ বেলিকা কোনো শক্তিয়ে নিশকতীয়া কৰিব নোৱাৰে। সাম্প্ৰতিক সময়ছোৱাত অসমত জনগোষ্ঠীয় সংগ্ৰাম, প্ৰত্যাহ্বান আৰু অসমীয়া জাতিৰ ভৱিষ্যৎ সম্পৰ্কত এই কথাখিনিৰ প্ৰাসংগিকতাক নুই কৰিব পৰা নাযায়। বৰং ক’ব পাৰি, ইয়াৰ আলমতে নতুনকৈ চিন্তা কৰাৰ অৱকাশ আহি পৰিছে। অসমীয়া সংজ্ঞা নিৰূপণত যিমান সময় খৰচ কৰা হ’ল, প্ৰকৃত কথাটোৱেই হ’ল এই সকলো জনগোষ্ঠীক সামৰিয়েই অসমীয়া— যিসকলক কোনো কাৰণতে, কোনো পৰিস্থিতিতে বিচ্ছিন্ন বুলি ভবাটো এক মাৰাত্মক ভুল ধাৰণা বা জনগোষ্ঠীসমূহো এই উপলব্ধিৰপৰা কেতিয়াও পৃথক হ’ব নোৱাৰে। স্বকীয় পৰিচিতি আৰু অস্তিত্ব জনগোষ্ঠীসমূহে ধৰি ৰাখিবতো লাগিবই, কিন্তু একে সময়তে তেওঁলোকৰ সেই স্বকীয় পৰিচিতি আৰু অস্তিত্বৰ যে উচ্চ মূল্যাংকন আৰু অৱদান আছে আৰু সেই সবল আৰু প্ৰভাৱশালী ভূমিকাকো তেওঁবিলাকে অনুধাৱন কৰিব পৰাটোৱেই হ’ল বাস্তৱিক কথা। কিন্তু দুখৰ কথা, এই উপলব্ধিৰ অভাৱ দীৰ্ঘদিন ধৰি যেন চলি আহিছে। দেখা যায়, জনগোষ্ঠীসমূহৰ মাজত ৰাজনৈতিক চেতনাৰ উন্মেষ ঘটে ষাঠিৰ দশকৰপৰাহে। তাৰ পূৰ্বে তেওঁবিলাক এক ধৰণৰ নিজা পৰিৱেশৰ মাজতে যেন আবদ্ধ হৈ আছিল (এতিয়াও এই ধাৰা বৰ্তি নথকা নহয়)। ই এক জনগোষ্ঠীয় চাৰিত্ৰিক বৈশিষ্ট্যই বুলিব পাৰি। প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পাছত সৃষ্টি হোৱা এই চেতনাই এতিয়াও বৰ দকৈ শিপাইছে (তৃণমূললৈকে) বুলিব নোৱাৰি। তথাপি, তেতিয়াৰপৰাই সাংবিধানিক প্ৰদত্ত সুবিধা লাভৰ চিন্তা-চৰ্চাই এক গতি লাভ কৰে। ৰাজনৈতিক চেতনাৰ অভাৱৰ কাৰণে মধ্যবিত্ত অসমীয়া শ্ৰেণীটোৱে, শাসক গোষ্ঠীয়ে ক্ৰমাগতভাৱে জনজাতিৰ মাজত বিভেদৰ বীজ কৌশলেৰে সুমুৱাই দিয়ে। ফলত দেখা গৈছে স্বায়ত্ত শাসন বা ষষ্ঠ অনুসূচিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো পৰিৱেশৰ বিশেষ সলনি হোৱা নাই। অসমৰ ভূমিপুত্ৰ হিচাপে পৰিচিত এই জনগোষ্ঠীসমূহ আচলতে অসমভূমিলৈ ক’ৰপৰা আহিল? সেয়া চাবলৈ গ’লে দেখা যায় যে হাজাৰ বছৰ আগেয়েই ইণ্ডো-চীন আৰু পশ্চিম চীনৰপৰা জন প্ৰব্ৰজন এই মুলুকলৈ ঘটে। এই উত্তৰ-পূৰ্বাঞ্চল অৰ্থাৎ তেতিয়াৰ বৰ অসমলৈ প্ৰথমে অষ্ট্ৰিক আৰু পাছত তিব্বতো-বাৰ্মানসকল আহিছিল। এই লোকসকল অহাৰ আগেয়ে অতি প্ৰাচীন কালত বৰ অসমত কোনো লোক নাছিল। এক অটব্য অৰণ্যভূমিহে আছিল। অষ্ট্ৰিক, তিব্বতো-বাৰ্মানৰ সময়ৰ বিৱৰ্তনৰ গতিধাৰাৰ পাছত আৰ্য সংস্কৃতিৰ সংস্পৰ্শত মিলি বৰ্তমানৰ বৰঅসমৰ কৃষ্টি আৰু সংস্কৃতিৰ এটা সুকীয়া ৰূপে হাজাৰ হাজাৰ বছৰৰ অনুশীলনৰ ফলত বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি। ড৹ বিৰিঞ্চি কুমাৰ বৰুৱাই ‘অসমৰ লোক-সংস্কৃতি’ নামৰ গ্ৰন্থখনত কৈছে— অসমীয়া জাতিটো বিভিন্ন সংস্কৃতি আৰু বহু জাতি-উপজাতিৰ সংমিশ্ৰণত গঠিত হৈছে। বৰ্তমানৰ আদিবাসীসকলৰ উপৰিপুৰুষসকলে এৰি থৈ যোৱা পৃথক অৱদানৰ ইয়াত মধুৰ সমন্বয় ঘটিছে। ড৹ বৰুৱাৰ চিন্তাৰ আলমত মনলৈ আহে যে আজিৰ পৰিস্থিতিত এই মধুৰ সমন্বয়ৰ বেলিকা প্ৰকৃততে কি ঘটিছে বা এই মধুৰ সমন্বয়ৰ উপলব্ধি সকলোৰে কিমান গভীৰ? বৰ্তমানৰ প্ৰেক্ষাপটত বিচাৰ কৰিলে দেখা যায় যে ৰাজনৈতিক চেতনাৰ উন্মেষ জনগোষ্ঠীসমূহৰ মাজত ঘটাৰ পাছত আৰু মূলসুঁতিৰ মধ্যবিত্ত অসমীয়া শ্ৰেণীটোৰ এই জনগোষ্ঠীসমূহৰ লগত সংমিশ্ৰণৰ প্ৰতি থকা উদাসীনতা, বিভিন্ন পৰিস্থিতিত উন্নাসিকতা আৰু এওঁবিলাকক আঁকোৱালি লোৱাৰ পৰিৱৰ্তে আৰু এই জনগোষ্ঠীসমূহ যে অসমীয়া জাতিৰ এক বৃহৎ অংশ, এওঁবিলাকেই সাৰ-সত্তা, ইয়াৰ অনুপলব্ধিৰ ফলত জনগোষ্ঠীসমূহে ক্ৰমান্বয়ে মূলসুঁতিৰপৰা নিলগত অৱস্থান কৰাৰ যি এক পৰিৱেশ মাজে মাজে ৰচনা হয়, ই বৰ বিপজ্জনক আৰু ভাল নহয়। কাৰণ শৰীৰৰপৰা আত্মা বিচ্ছিন্ন হোৱাৰ অৰ্থই হ’ল মৃত্যু। সেয়ে এই উপলব্ধি হ’ব লাগিব বাস্তৱিক, গভীৰ আৰু প্ৰোথিত। ইয়াৰ অন্যথা অসমীয়া জাতি সংকটত পৰাই নহয়— নিজা অস্তিত্ব, পৰিচয় ৰক্ষাৰ সংগ্ৰামখন জনগোষ্ঠীসমূহে ফলপ্ৰসূভাৱে আগুৱাই নিবলৈ জটিল হ’ব। জনগোষ্ঠীসমূহে তেওঁবিলাকৰ সন্মুখত দেখা দিয়া মূল প্ৰত্যাহ্বানবিলাক এই গোলকীয় আৰু আধুনিক জটিল যুগটোত খুব সাৱধান আৰু সতৰ্কতাৰে উপলব্ধি কৰাৰ লগতে সেই প্ৰত্যাহ্বানবিলাকৰ সৈতে কি ধৰণেৰে, কি পদ্ধতিৰে আৰু কেনে ধৰণৰ চিন্তা আৰু কাৰ্যকলাপ বা আঁচনিৰে মোকাবিলা কৰিব লাগিব, তাৰো অনুশীলন যথাৰ্থ ৰূপত কৰিব পাৰিব লাগিব। বিশেষকৈ জনগোষ্ঠীসমূহৰ সন্মুখত প্ৰধান প্ৰত্যাহ্বান হিচাপে ৰাজনৈতিক চেতনাৰ অভাৱ, আৰ্থ-সামাজিক অনগ্ৰসৰতা, শিক্ষা, ভাষিক-সাংস্কৃতিক-খাদ্যাভ্যাস-ধৰ্মীয় ভাবুকি দেখা যায়। ষাঠিৰ দশকতে ৰাজনৈতিক চেতনাৰ উন্মেষ ঘটিলেও জনগোষ্ঠীসমূহৰ সমুদায় লোককে এই চেতনাই এতিয়াও স্পৰ্শ কৰাগৈ নাই বা জাগ্ৰত হোৱা নাই। সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচিয়ে এওঁবিলাকক কিমানদূৰ কি সুবিধা দিব, ৰক্ষা কৰিব অথবা সেই সুবিধা আৰু ৰক্ষাকৱচৰ জৰিয়তে তেওঁবিলাকে কিমান ফলপ্ৰসূতাৰে আগুৱাই যাবলৈ সমৰ্থ হ’ব, তাতো সন্দেহৰ অৱকাশ নথকা নহয়। কিন্তু ইয়াৰ উচিত বিচাৰ কৰিব পৰাটোও আন এক ডাঙৰ প্ৰত্যাহ্বান। কাৰণ, যিসকল জনগোষ্ঠীয় নেতা আছে বা সংগঠন আছে, তেওঁবিলাকো স্থিতাৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে কিমান সচেষ্ট সিও লক্ষ্যণীয় দিশ। তেওঁবিলাক ৰাজনৈতিকভাৱেহে বৰ্তি থকা একোটা শক্তি। অৱশ্যে জনগোষ্ঠীয় সংগঠনবিলাকৰ বিৰাটকায় ভূমিকাক আওকাণ কৰিব নোৱাৰি। সেয়ে এই সংগঠনবিলাকে এই গধুৰ দায়িত্ব পালনত সচেতন হোৱা উচিত। তেওঁবিলাকে প্ৰতিনিধিত্ব কৰা মানুহখিনি আৰু জনগোষ্ঠীয় পৰম্পৰা, ঐতিহ্য, লোকাচাৰ, অস্তিত্ব, সংস্কৃতি, ভাষা, আৰ্থ-সামাজিক দুৰৱস্থা, শিক্ষা আদি কেৱল ৰাজনৈতিক শ্ল’গানেৰে দূৰ কৰিব নোৱাৰিব। কেৱল-বিলাস মন্থনেৰে বিশাল সমুদায়ক তৃণমূলৰপৰা উদ্বুদ্ধ আৰু সচেতন কৰা, প্ৰত্যাহ্বানৰ মুখামুখি হোৱা আৰু সমস্যা সমাধান সম্ভৱ নহ’বগৈ। জনগোষ্ঠীয় লোকসকল আজিৰ তাৰিখত নিজৰ পৰিচয়ৰ শংকাত ভুগিলেই নহ’ব, তাৰ কাৰণসমূহৰ বিশ্লেষণাত্মক অধ্যয়নৰ প্ৰয়োজনীয়তাও আছে। তেওঁবিলাকৰ দৈনন্দিন জীৱনশৈলীলৈ অহা পৰিৱৰ্তন, অৰ্থনৈতিকভাৱে জুৰুলা, সাংস্কৃতিক আৰু ধৰ্মীয় আগ্ৰাসন— এইবিলাকৰে যুঁজিবলৈ হ’লে প্ৰণালীবদ্ধ অধ্যয়ন হ’ব লাগিব। তেওঁবিলাকৰ সৰলতা, শিক্ষাৰ অভাৱ আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ সুবিধা লৈয়ে খ্ৰীষ্টিয়ান আগ্ৰাসন ঘটিছে। ই বৰ গম্ভীৰ সমস্যা হিচাপে দেখা দিছে। এই আগ্ৰাসনৰ প্ৰধান হাতিয়াৰ হৈছে অৰ্থ। অৰ্থনৈতিক স্বাৱলম্বিতা আৰু শিক্ষা অবিহনে ই চলি থাকিব। আনহাতে, ভূমি সংকট আৰু সম্পদৰ ওপৰত অধিকাৰ হেৰুওৱাৰ শংকাই আন এক জটিল সমস্যা হিচাপে দেখা দিছে। অনুপ্ৰৱেশ, বহিৰাগত বণিক গোষ্ঠী আৰু মধ্যবিত্ত অসমীয়াৰ হেঁচাত ই এতিয়া প্ৰবল ৰূপ লৈছে, যাৰ উদাহৰণ বড়ো-সংখ্যালঘুৰ মাজত হোৱা সংঘৰ্ষ, বড়ো-অবড়োৰ মাজত সৃষ্টি হোৱা সন্দেহ। উদাহৰণস্বৰূপে, গুৱাহাটীত আজি বড়ো আৰু কাৰ্বি জনগোষ্ঠীৰ হাতত ভূমিৰ অধিকাৰেইবা কিমান? এনে প্ৰত্যাহ্বানবিলাকৰ ক্ষেত্ৰত চৰকাৰৰো কিছু ভূমিকা নথকা নহয়। কাৰণ, জনজাতীয় বেল্টৰ ভূমি এতিয়া ব্যৱসায় গোষ্ঠী অথবা অজনজাতীয় লোকৰ হাতলৈ যোৱাত চৰকাৰৰো অৱদান দেখা যায়। সেয়ে জনগোষ্ঠীসমূহৰ প্ৰত্যাহ্বান আৰু সমস্যা একক আৰু গভীৰ। গতিকে, আজিৰ তাৰিখত তেওঁবিলাক অস্তিত্ব আৰু পৰিচয়ৰ সংকটত ভোগাটো বাস্তৱিক কথা। এনে পৰিস্থিতিত সকলো জনগোষ্ঠীয় লোক একগোট হৈ যুক্তিপূৰ্ণভাৱে নিজৰ প্ৰত্যাহ্বানবিলাক ফঁহিয়াই চোৱাৰ লগতে সমস্যা সমাধানৰ বেলিকা বাস্তৱসমৃদ্ধ যুক্তিৰে সংগ্ৰামখন আগুৱাই নিব লাগিব। এনে অৱস্থাত জনগোষ্ঠীয় সমন্বয়ৰ ধাৰণাটোক তেওঁবিলাকে চিন্তা কৰা উচিত। এটা সাক্ষাৎকাৰত ভূপেন হাজৰিকাই বৰ প্ৰাসংগিক কথা এষাৰ কৈছিল— প্ৰত্যেক বিহু পেণ্ডেল, প্ৰত্যেক বৈশাগু পেণ্ডেল, প্ৰত্যেক আলি আয়ে লৃগাং পেণ্ডেল, চমাংকান পেণ্ডেল— এইবিলাক সমন্বয়ৰ মঞ্চ হৈ উঠক। ভাষা সমন্বয়ৰ মঞ্চ হৈ উঠক।

Related Articles

Close