ছৌদিৰ শোধনাগাৰত আক্ৰমণৰ পটভূমিত বিশ্বৰ ৰাজনীতি-অৰ্থনীতি কোন দিশে?

অঞ্জন শৰ্মা

ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখ, শনিবাৰে ৰাতিপুৱাৰ সময়তেই ছৌদি আৰবৰ সবাতোকৈ বৃহৎ তেল শোধনাগাৰ ‍‘ছৌদি আৰামকো’ত সন্ত্ৰাসবাদীৰ অতৰ্কিত আক্ৰমণৰ ফলত ১৬ ছেপ্টেম্বৰ, সোমবাৰৰ পৰাই সমগ্ৰ বিশ্বত ঊৰ্ধ্বমুখী হৈ পৰে তেলৰ মূল্য—যাৰ ফলত অসমতো বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য। বিশ্বৰ দেশে দেশে মূল্যবৃদ্ধি হৈছে খাৰুৱা তেলৰ। কিন্তু ভাৰতবর্ষ উপমহাদেশত এই মূল্যবৃদ্ধি হৈ পৰিছে অত্যধিক। ইতিপূৰ্বে আমেৰিকাই ইৰানৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত ইৰানৰপৰা তেল আমদানিৰ ক্ষেত্ৰত বিভিন্ন দেশ বিধি-নিষেধৰ সন্মুখীন হৈছিল আমেৰিকা ৰুষ্ট হ’ব বুলিয়েই। আমেৰিকাৰ ধমকত ভেনিজুৱেলাৰপৰাও তেল ৰপ্তানি বন্ধ হৈছিল। এনে পৰিস্থিতিত ভাৰতৰ বাবে তেল আমদানি কৰাৰ ক্ষেত্ৰত প্ৰিয় দেশ হৈ পৰিছিল ছৌদি আৰব। সেই ছৌদি আৰবতেই তেল শোধনাগাৰক ভয়ংকৰ আক্ৰমণ কৰা হ’ল। গতিকে তেলৰ মূল্যবৃদ্ধি আকাশলংঘী হৈ পৰাটো অসম্ভৱ নহয়—যিহেতু বছৰ বছৰ ধৰি সমগ্ৰ বিশ্বত খাৰুৱা তেলৰ মূল্য একেবাৰে কমি যোৱাৰ সময়তো নৰেন্দ্ৰ মোডীৰ চৰকাৰে ভাৰতবৰ্ষত তেলৰ দাম হ্ৰাস নকৰি সাধাৰণ ৰাইজক মাধমাৰ দি ৰাজভঁৰাল টনকিয়াল কৰি থকাৰ সতেজ উদাহৰণ আছে, তেনে স্থলত আন্তৰ্জাতিক বজাৰত তেলৰ দাম বৃদ্ধি হোৱাৰ পটভূমিত ভাৰতবৰ্ষত তেলৰ দাম মোডী চৰকাৰে তীব্ৰগতিৰে বৃদ্ধি কৰাটো অস্বাভাৱিক নহয়—‍‘এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিয়েকৰ বিয়া’ দ্ৰষ্টব্য।
য়েমেনৰ হুতি (‘Houthi’ rebel group) জংগীগোষ্ঠীয়ে তেল পৰিশোধনকাৰী সংস্থাৰ ‍‘বুকায়াক’ আৰু ‍‘খুৰাইচ’ প্লেণ্টৰ ওপৰত দ্ৰোণেৰে অকল্পনীয় ভয়ংকৰ আক্ৰমণ চলাই বিৰাট বিস্ফোৰণ সফলতাৰে সম্পন্ন কৰি যি অগ্নিশিখা-ধোঁৱা ছৌদিত নিৰ্গত কৰিলে, সেই অগ্নিশিখাই সমগ্ৰ বিশ্বৰ আকাশ-বতাহ উত্তপ্ত কৰি তুলিছে। আমেৰিকাৰ সমৰ্থনপুষ্ট য়েমেনৰ চৰকাৰখনৰ পতন ঘটাই এখন ইছলামিক ৰিপাব্লিক গঠন কৰাটোৱেই হ’ল ‍‘হুতি’ৰ মূল লক্ষ্য—যাৰ ফলত ‍‘জাইদি’ জনগোষ্ঠীৰ সৰ্বাত্মক উন্নতি সাধন কৰাটো সম্ভৱপৰ হ’ব বুলি তোওঁলোকে মনে-প্ৰাণে বিশ্বাস কৰে। লগতে বিশ্বাস কৰে যে এনে আক্ৰমণৰদ্বাৰা ছৌদি আৰবৰ ৰাষ্ট্ৰীয় আগ্ৰাসনকো ভেটা দিব পৰা যাব। হুতিৰ মূল লক্ষ্য হ’ল য়েমেনত জাইদিসকলৰ বাবে সম্পূর্ণ পৃথক স্ব-শাসিত অঞ্চল গঠন কৰা। ইয়াৰ বাবে তেওঁলোকে চিয়া আৰু চুন্নী—দুয়োটা ফৈদকে একত্ৰিত কৰাৰ প্ৰচেষ্টাও অব্যাহত ৰাখিছে। হুছেইন বদৰুদ্দিন আল হুথিৰ নেতৃত্বত এই সংগঠনটোক এক অন্যতম শক্তিশালী ঐক্যবদ্ধ সংগঠন কৰাৰ চেষ্টা পূৰ্ণমাত্ৰাই চলি আছে—যাৰদ্বাৰা মূলতঃ য়েমেনৰ শাসক আলি আব্দুল্লা শ্বালে চৰকাৰৰ পতন ঘটাব পাৰি। চৰকাৰখন অত্যন্ত দুৰ্নীতিপৰায়ণ বুলিও সংগঠনটোৱে অভিযোগ কৰি আছে। তেওঁলোকৰ মতে য়েমেনৰ চৰকাৰখনে আমেৰিকান চৰকাৰৰ হৈ কাম-কাজ কৰে। গতিকে আমেৰিকাও তেওঁলোকৰ অন্যতম প্ৰধান শত্ৰু। ফলস্বৰূপে সমগ্ৰ বিশ্বক নিজৰ শক্তি প্ৰদৰ্শন কৰাটো তেওঁলোকৰ এক অন্যতম সপোন। হুতিসকলৰ ‍‘সংগ্ৰাম’ত পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে ২০১৫ চনৰপৰাই। তেতিয়াৰেপৰাই হুতিয়ে পোনপটীয়াকৈ ছৌদি শাসকৰ বিৰুদ্ধেও সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰে। হুতিৰ শ্ল’গান হ’ল—‍‘ইজৰাইল আৰু ছৌদি সাম্ৰাজ্যবাদৰ পতন লাগে।’ হুতিয়ে আমেৰিকাৰ আগ্ৰাসনৰ সহযোগী ছৌদিৰ প্ৰতি বিদ্বেষ প্ৰদৰ্শন আগৰেপৰা কৰি আহিছে। গতিকে ছৌদিৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৃহৎ শোধনাগাৰত আক্ৰমণ কৰাৰ অৰ্থ হ’ল ইজৰাইল আৰু আমেৰিকাক প্ৰত্যাহ্বান জনোৱা তথা তেলনিৰ্ভৰ অৰ্থনীতিত আন্তৰ্জাতিকভাৱে ভাৰসাম্যৰ খেলি-মেলি কৰি দৃষ্টি আকৰ্ষণৰ চেষ্টা। হুতিয়ে আক্ৰমণ কৰা দুয়োটা ‍‘প্লেণ্ট’ বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ। প্ৰতিদিনে গড়ে দুয়োটাতে ৭০ লাখ বেৰেল তেল পৰিশোধন কৰা হয়। পৰিশোধন কৰা তেল আৰব সাগৰ আৰু ভূমধ্য সাগৰৰ মাজেৰে বিভিন্ন দেশলৈ যায়। গতিকে ভয়ংকৰ আক্ৰমণটোৰ পিছত সমগ্ৰ বিশ্বলৈ প্ৰতিদিনে আৰবে প্ৰেৰণ কৰা তেলৰ ৫% ক্ষতি তৎকালীনভাৱেই হৈছে। দীৰ্ঘকালীন ক্ষতিৰ হিচাপ এতিয়াও প্ৰকাশ হোৱা নাই। আমেৰিকা আৰু ছৌদিয়ে অভিযোগ কৰিছে যে সম্প্ৰতি উপসাগৰীয় দেশসমূহৰ তেলৰ টেংকাৰ লক্ষ্য কৰি ইৰানেও আক্ৰমণ কৰি আছে—অইনৰ আঁৰ লৈ। শনিবাৰৰ আক্ৰমণৰ দায়িত্ব হুতিয়ে কান্ধ পাতি লোৱা সত্ত্বেও আমেৰিকাৰ বিদেশ সচিব মাইক পম্পে পোনপটীয়াকৈ ইৰানলৈ আঙুলি টোঁৱাইছে। তেওঁ টুইটাৰত লিখিছে যে য়েমেনৰ দিশৰপৰা আক্ৰমণ কৰাৰ কোনো প্ৰমাণ আমেৰিকাই এই পৰ্যন্ত পোৱা নাই। সমগ্ৰ ঘটনাক লৈ অত্যন্ত উদ্বিগ্ন হৈ পৰা ছৌদিৰ যুৱৰাজে ফোনযোগে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰি সন্ত্ৰাসবাদীসকলক বাৰুকৈয়ে এশিকনি দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু তেওঁক ট্ৰাম্পে কৈছে যে আমেৰিকাই সকলো সাহায্য দিবলৈ সাজু। আনকি প্ৰয়োজনত কৌশলগতভাৱে সঞ্চিত পেট্ৰ’লিয়ামো ভৱিষ্যতে ছৌদিক দিবলৈও প্ৰস্তুত বুলি ব্যক্ত কৰিছে। ইতিপূৰ্বে ২০০৬ চনৰ ফেব্ৰুৱাৰি মাহতো একেটা তেল সংস্থাৰ শোধনাগাৰত আত্মঘাতী আক্ৰমণৰ প্ৰচেষ্টা চলাইছিল আল-কায়দাই। হুতিৰ আক্ৰমণৰ পিছতেই তেলৰ দাম হু-হুকৈ বৃদ্ধি পাইছে তথা হুতিয়ে পুনৰ আক্ৰমণৰো নিৰন্তৰ ভাবুকি প্ৰদান কৰিছে। টুইটযোগে হুতিয়ে কৈছে যে—‍‘আমাৰ প্ৰধান লক্ষ্য আমেৰিকান প্লেণ্ট’। এই সমগ্ৰ কাণ্ডৰ অন্তৰালত ইৰানৰ হাত থকা বুলি আমেৰিকাই দাবী কৰিছে আৰু কৈছে যে দ্ৰোণ উৎক্ষেপণৰ কেন্দ্ৰ উপসাগৰৰ উত্তৰৰ ইৰান বা ইৰাক। আমেৰিকাই সন্দেহ কৰিছে যে দ্ৰোণৰ লগতে ক্ৰুইজ ক্ষেপণাস্ত্ৰও ব্যৱহাৰ হ’ব পাৰে। গতিকে, সম্প্ৰতি আমেৰিকা-ইৰানৰ ক্ষেত্ৰত বিৰাজ কৰিছে চৰম উত্তেজনা। বিগত বছৰটোৰ মে’ মাহত চুক্তিৰপৰা আঁতৰি অহা আমেৰিকাই এটাৰ পিছত অইনটো নিষেধাজ্ঞা ইৰানৰ বিৰুদ্ধে জাৰি কৰি আছে। যোৱা বছৰ ইৰানৰ তেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল আৰু তাৰ ফলত ইৰানৰ অৰ্থনীতি ভাঙি পৰে। ইৰানে ইউৰোপীয়ান ইউনিয়নৰ ওচৰত সাহায্য বিচাৰি প্ৰত্যাখ্যিত হয়। এইবছৰ আকৌ ইৰানে জুলাই মাহত পৰমাণু চুক্তিৰপৰা আঁতৰি আহি ইউৰেনিয়াম সমৃদ্ধকৰণৰ পথত আগবাঢ়িব বুলি স্পষ্টভাৱে ঘোষণা কৰে। আমেৰিকাই ইৰানৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি অনমনীয় স্থিতি লোৱাত ইৰানৰ মুদ্ৰামূল্য হ্ৰাস পাই মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে।
এনেবোৰ ঘটনাৰ বাবেই বিশ্বৰ বজাৰত তেলৰ দাম অতিকে বৃদ্ধি পাইছে। এছিয়াত প্ৰতি বেৰেলত একেজাঁপে ৭১ ডলাৰ বৃদ্ধি হৈছে, এই বৃদ্ধিৰ হাৰ ১৯.৫%—যোৱা ২৮ বছৰৰ ভিতৰত সৰ্বোচ্চ। ছৌদিৰ তেল শোধনাগাৰত আক্ৰমণ কৰাৰ পিছত ছৌদিৰ প্ৰতিদিনে ৫৭ লাখ বেৰেল উৎপাদন হ্ৰাস পাইছে আৰু এই পৰিমাণ বিশ্বৰ তেল সৰবৰাহৰ ৫০%-ৰো অধিক। আনহাতে তেলৰ চাহিদাৰ ক্ষেত্ৰত ভাৰত ৮৩% আমদানিৰ ওপৰত নিৰ্ভৰশীল।
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হুংকাৰৰ পটভূমিত ইৰানৰ অভিজাত ইছলামিক ৰিভলিউশ্যনাৰী গাৰ্ডৰ এজন কমাণ্ডাৰে জনাইছে যে ইৰানেও যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু। তেওঁ কৈছে যে আমেৰিকাৰ ঘাটিসমূহ ইৰাণৰ ভূ-খণ্ডৰপৰা ২০০০ কিলোমিটাৰ নিলগত যদিও সেই ঘাটিসমূহ ইৰানৰ ক্ষেপণাস্ত্ৰৰ আওতাত পৰে। আমেৰিকাৰ প্ৰশাসন তেল লবীৰদ্বাৰা বাৰুকৈয়ে প্ৰভাৱান্বিত। সেয়েহে সমগ্ৰ ঘটনাৱলীক লৈ বিশ্বৰ জনসাধাৰণ নিৰৱ ভূমিকা পালন কৰাৰ বাহিৰে গত্যন্তৰ নাই—যিহেতু আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ নাম ডোনাল্ড ট্ৰাম্প! অন্যহাতে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনিয়ে সংবাদ মাধ্যমক সাক্ষাৎকাৰত কৈছে যে—‍‘যদিও এতিয়াও মই মোৰ ‍‘মত’ প্ৰশাসনৰ ওপৰত জাপি দিয়া নাই—তৎসত্ত্বেও দেখা গৈছে যে ইৰানৰ ৰাষ্ট্ৰপতিৰপৰা আৰম্ভ কৰি বিদেশমন্ত্ৰী পৰ্যন্ত, কোনেও ট্ৰাম্পৰ চৰকাৰৰ সৈতে কোনো ধৰণৰ বৈঠকত বহিবলৈ ইচ্ছুক নহয়; গতিকে কোনো পৰ্যায়তে আমেৰিকাৰ সৈতে ইৰানৰ বৈঠক নহ’ব।…’
দেখা যাওক, হুতিৰ আক্ৰমণক কেন্দ্ৰ কৰি অদূৰ ভৱিষ্যতে বিশ্বৰ ৰাজনীতি-অৰ্থনীতিয়ে কেনে ৰূপ ধাৰণ কৰে!

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close