‘ছেকেণ্ড-হেণ্ড’ গাড়ী কিনিলে মুকেশ আম্বানীয়ে!

টোকাবহীৰপৰা--:মহাবাহু

মুম্বাইঃ ‍‘টেলচা মটৰছ’-অৰ বিলাসবহুল বৈদ্যুতিক গাড়ীৰ সম্ভৱতঃ ভাৰত উপমহাদেশৰ প্ৰথম মালিক বা গ্ৰাহক হ’ল মুকেশ আম্বানী। তেওঁ ধনকুবেৰ। এছিয়াৰ সবাতোকৈ ধনী মানুহ। বিশ্বৰ ত্ৰয়োদশ ধনী ব্যক্তি। বিশ্বৰ অন্যতম বিলাসবহুল বাসভৱন ‍‘এণ্টালিয়া’ত বাস কৰে তেওঁ—যিটো বাসভৱনৰ ভূ-মহলাৰপৰা ছয় মহলালৈ সমগ্ৰ স্থান মাথোঁ গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থা। তেৱেঁই হ’ল মুকেশ আম্বানী।

এইহেন ধনকুবেৰেও ‍‘ছেকেণ্ড-হেণ্ড’ গাড়ী কিনিলে? সপোন নহয়তো! নহয়, সপোন নহয়, সত্য ঘটনা। বাস্তৱিকতে, এখন ‍‘ছেকেণ্ড-হেণ্ড’ গাড়ী কিনিছে ৰিলায়েন্সৰ সৰ্বময়-কৰ্তাই। বুজিবই পাৰি যে এই গাড়ীখন সাধাৰণ মানদণ্ডৰ গাড়ী নহয়। প্ৰথম কথা হ’ল, গাড়ীখন হ’ল বিদ্যুৎচালিত গাড়ী। প্ৰকৃততে আমেৰিকাৰ বিখ্যাত গাড়ী নিৰ্মাণ কৰা প্ৰতিষ্ঠান টেলচা মটৰছ-এ ভাৰতলৈ বৈদ্যুতিক গাড়ী প্ৰেৰণ কৰিবলৈ আগ্ৰহী হৈছে। সেই কোম্পানীৰেই ‘S 100D’ মডেলৰ এখন ছেকেণ্ড-হেণ্ড গাড়ী কিনিছে মুকেশ আম্বানীয়ে। গাড়ীখনৰ ‍‘শ্ব’ৰুমৰ মূল্য’ হ’ল ৭৩ লাখ টকা (প্ৰকৃত দাম ৯৯৯৯০ আমেৰিকান ডলাৰ)। কৰ সংযোজিত হৈ গাড়ীখনৰ দাম হ’ব প্ৰায় ১৫০০০০০০ টকা (ডেৰ কোটি)। সম্প্ৰতি মুম্বাইৰ ৰাজপথত গাড়ীখন দেখা হৈছে। গাড়ীখনৰ নম্বৰ হ’ল MH01DJ7777; ৰিলায়েন্স গ্ৰুপৰ নামত পঞ্জীয়ন হৈছে গাড়ীখন। টেলচা মটৰছ-অৰদ্বাৰা প্ৰচাৰিত তথ্যমতে জানিব পৰা গৈছে যে মাত্ৰ ৪২ মিনিট ‍‘চাৰ্জ’ দিলেই একেৰাহে ৩৯৬ কিলোমিটাৰ চলে গাড়ীখন। সৰ্বোচ্চ গতিবেগ হ’ল ঘণ্টাত ২৫০ কিলোমিটাৰ। টেলচা মটৰছ-অৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে কৈছে যে ভাৰতত টেলচাৰ বৈদ্যুতিক গাড়ী দেখা পোৱা সম্ভৱ হ’লহেঁতেন যদিও ৰঙা মিটাৰ মেৰপেঁচৰ বাবে পলম হৈছে। ২০২১ চনত ভাৰতৰ বজাৰত কিনিবলৈ পোৱা যাব টেলচা মটৰছ-অৰ বৈদ্যুতিক গাড়ী। বিশ্বৰ ত্ৰয়োদশ ধনী ব্যক্তি মুকেশ আম্বানীয়ে যিটো সংস্থাৰ ব্যৱহৃত গাড়ীখন কিনিলে, সেই সংস্থাৰ এলন মাস্ক-ও বিশ্বৰ অন্যতম ধনী ব্যক্তি।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!