ছমহীয়া কাৰ্যকালৰ প্ৰতিৱেদন, খিলঞ্জীয়া মঞ্চ,অসম

মৃণাল হাজৰিকা, সদস্য সচিব, খিলঞ্জীয়া মঞ্চ, অসম

কাৰ্যকালঃ ৩০ আগষ্ট, ২০১৭ৰপৰা ৩ ফেব্ৰুৱাৰি, ২০১৮

অসমত যুগ যুগ ধৰি বসবাস কৰি থকা ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকল অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱাৰ লগতে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত বিদেশী আৰু বহিৰাগত লোকৰদ্বাৰা শাৰীৰিকভাৱে আক্ৰান্ত আৰু অপমানিত হ’বলৈ লৈছে। চিলাপথাৰ, বিজনীৰ পিছত নগাঁও চহৰত এনে ঘটনা সংঘটিত হোৱাৰ পিছত অসমৰ প্ৰায়বোৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ধাৰাৱাহিকভাৱে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়। স্বতঃস্ফূৰ্তভাৱে হৈ থকা এই প্ৰতিবাদ ক্ৰমাৎ শৃংখলাহীন হৈ পৰাৰ আশংকা কৰি সকলো দল-সংগঠনে এক সামূহিক সিদ্ধান্তেৰে ঐক্যবদ্ধভাৱে আগবঢ়াৰ উদ্দেশ্যে যোৱা ৩০ আগষ্ট, ২০১৭ তাৰিখে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত এখন আলোচনা সভাৰ আহ্বান কৰা হৈছিল। সংযুক্ত মুক্তি বাহিনী, অসমৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নেতৃত্বত আহ্বান কৰা উক্ত আলোচনা সভাত ৩১ টা বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব একত্ৰিত হয়। খিলঞ্জীয়া লোকৰ প্ৰভুত্ব সাব্যস্ত কৰাৰ স্বাৰ্থত আৰু ভৱিষ্যতে খিলঞ্জীয়া লোকৰ অস্তিত্ব সুনিশ্চিত কৰাৰ স্বাৰ্থত সকলো দল-সংগঠনৰ ঐক্যমতত ‘খিলঞ্জীয়া মঞ্চ, অসম’ নামেৰে মঞ্চখন গঠন কৰা হয়।

আৱেগিক পৰিস্থিতিৰ মাজত গঠন হোৱা মঞ্চখন সেইদিনাই উপস্থিত থকা অনুপ চেতিয়াক মুখ্য আহ্বায়ক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি বা সাধাৰণ সম্পাদকক ‘আহ্বায়ক’ আৰু মৃণাল হাজৰিকাক ‘সদস্য সচিব’ হিচাপে লৈ সমিতি গঠন কৰা হয় আৰু উক্ত সভাত উপস্থিত থকা প্ৰতিটো সংগঠনৰ প্ৰতিনিধিসকল ‘সমন্বয়ৰক্ষী’ হিচাপে থকাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কিন্তু পৰৱৰ্তী পৰ্যায়ত ‘সদৌ অসম ছাত্ৰ সন্থা’ই মঞ্চত থকাৰ অপাৰগতা প্ৰকাশ কৰে। সৰ্বমুঠ ১৭ টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰস্তাৱঃ

(১) আজিৰ সভাই সৰ্বসন্মতিক্ৰমে অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ লোৱাৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(২) ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ উৎখাত কৰাৰ বাবে সকলো সংগঠনে ঐক্যবদ্ধভাৱে প্ৰবল প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

(৩) অসমৰ ভূমি, সম্পদ আদিৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে ৰাজনৈতিক সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰক হেঁচা দিয়াৰ উপৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

(৪) NRC ৰূপায়ণ যাতে ক্ষিপ্ৰ আৰু সঠিক হয় তাৰ বাবে সতৰ্ক দৃষ্টি ৰখাৰ উপৰি সংশ্লিষ্ট পক্ষক হেঁচা প্ৰয়োগ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

(৫) অসমৰ থলুৱা/খিলঞ্জীয়া লোকসকলক অৰ্থনৈতিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগবঢ়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৬) অসমৰ সকলো চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত ১০০ শতাংশ খিলঞ্জীয়া লোকক নিয়োগ নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট পক্ষক হেঁচা প্ৰয়োগ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৭) বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাৰ দুখ লগা ছবিখনৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি ইয়াক পৰ্যালোচনাৰ জৰিয়তে উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

(৮) আজিৰ সভাই প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ ক্ষেত্ৰত খাটি খোৱা জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি ‘বন্ধ’ কাৰ্যসূচী এৰাই চলিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।

(৯) আজিৰ সভাই বিভিন্ন সংগঠনে, বিভিন্ন সময়ত বিশৃংখলভাৱে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পৰিৱৰ্তে একেলগে শৃংখলাবদ্ধভাৱে লোৱাৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

(১০) বৰ্তমানৰ অসম চৰকাৰে বিভিন্ন জিলাত খিলঞ্জীয়া লোকক উচ্ছেদ চলোৱা অভিযান বন্ধ কৰাৰ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

(১১) আজিৰ সভাই গঠন কৰি দিয়া আহ্বায়ক সমিতিক অসমৰ ‘থলুৱা আৰু খিলঞ্জীয়া’ লোকৰ সংজ্ঞা নিৰূপণৰ বাবে দায়িত্ব অৰ্পণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

(১২) আজিৰ সভাই বিগত সময়ছোৱাত বানপানীৰদ্বাৰা ক্ষতিগ্ৰস্ত হোৱা খিলঞ্জীয়া লোকসকলক পুনৰ সংস্থাপনৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা ল’বলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।

(১৩) আজিৰ সভাই অসমত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া সৰু-বৰ জাতি-জনগোষ্ঠীক সন্মানসহকাৰে তেওঁলোকৰ উন্নয়নৰ বাবে সহযোগিতা কৰি যোৱাৰ অংগীকাৰ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

(১৪) ‘নাগৰিকত্ব সংশোধনী আইন ২০১৬’ বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়াৰ লগতে প্ৰতিবাদ গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

(১৫) খিলঞ্জীয়া লোকৰ ভূমি, সম্পদ সুৰক্ষাৰ স্বাৰ্থত প্ৰচলিত ‘ভূমি আৰু ৰাজহ আইন ১৮৮৬’ৰ আমূল সংস্কাৰ ঘটাবলৈ চৰকাৰক হেঁচা দিয়াৰ লগতে জনমত গঠন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।

(১৬) আজিৰ সভাই অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো সংগঠনে নিজ নিজ ভাবমূৰ্তি বৰ্তাই ৰাখি অসমৰ স্বাভিমানৰ বাবে সংঘবদ্ধভাৱে যুঁজ দিয়াৰ বাবে সংকল্পবদ্ধ হৈ ‘খিলঞ্জীয়া মঞ্চ, অসম’ নামেৰে এক মঞ্চ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰে, লগতে নিম্নোক্তসকলক লৈ এক ‘আহ্বায়ক সমিতি’ গঠন কৰে। মুখ্য আহ্বায়ক— অনুপ চেতিয়া, আহ্বায়ক— পলাশ চাংমাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি বা সাধাৰণ সম্পাদক (যিকোনো এজন) আৰু সদস্য সচিব মৃণাল হাজৰিকা। প্ৰতিটো সংগঠনৰ প্ৰতিনিধি এজন সমন্বয়ৰক্ষী হিচাপে থাকিব।

(১৭) আজিৰ সভাই ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ প্ৰতীক আৰু পতাকা অহা ৭ দিনৰ ভিতৰত প্ৰস্তুত কৰি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

৩০ আগষ্ট, ২০১৭ তাৰিখৰ অসমৰ ৩১ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত হোৱা আলোচনাত গ্ৰহণ কৰা ১৭ টা প্ৰস্তাৱৰ ভিতৰৰ ১১ নং গুৰুত্বপূৰ্ণ প্ৰস্তাৱটো ইতিমধ্যেই প্ৰস্তুত কৰি ৰাজহুৱা ঘোষণা কৰা হৈছে। ১ ছেপ্টেম্বৰ ২০১৭ তাৰিখে খিলঞ্জীয়া মঞ্চ, অসমৰ হৈ কেইবাটাও সংগঠনৰ নেতৃত্বই নগাঁও ঘটনাৰ প্ৰতিবাদ জনাই অসমৰ ৰাজ্যপালৰ বাসভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়। উপস্থিত থকা ৩১ টা সংগঠন হৈছে— ১) অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, (২) সদৌ অসম ছাত্ৰ সন্থা, (৩) সংযুক্ত মুক্তি বাহিনী, অসম, (৪) প্ৰাক্তন আলফা ঐক্য মঞ্চ, (৫) ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, (৬) সদৌ টাই আহোম ছাত্ৰ সন্থা, (৭) সদৌ অসম মটক সন্মিলন, (৮) সদৌ ডিমাচা ছাত্ৰ সন্থা, (৯) সদৌ কাৰ্বি ছাত্ৰ সন্থা, (১০) নাথ যোগী সন্মিলন, (১১) টাই আহোম যুৱ পৰিষদ (১২) অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, (১৩) সদৌ অসম মদাহী সন্মিলন, (১৪) গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ, (১৫) টাকাম মিচিং পৰিণ কৗবাং, (১৬) শৰণীয়া কছাৰী ছাত্ৰ সন্থা, (১৭) সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, (১৮) মেচ-কছাৰী ছাত্ৰ সন্থা, (১৯) সদৌ অসম চুটিয়া ছাত্ৰ সন্থা, (২২) সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা, (২৩) মেচ-কছাৰী জাতীয় পৰিষদ, (২৪) গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ (মহিলা), (২৫) গৰীয়া-মৰীয়া মহিলা পৰিষদ, (২৬) প্ৰব্ৰজন বিৰোধী মঞ্চ, (২৭) অসম জাতীয় সেনা, (২৮) অসম সুৰক্ষা সেনা, (২৯) চিলাৰায় সেনা, (৩০) স্বাধীন নাৰী শক্তি, (৩১) সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, (৩২) কলিতা জনগোষ্ঠী সন্মিলন, অসম।

ইয়াৰ পৰৱৰ্তী সময়ত আন ১৪ টা সংগঠনৰ অন্তৰ্ভুক্তিৰে সৰ্বমুঠ ৪৬ টা সংগঠনৰ অন্তৰ্ভুক্তি ঘটে। সেইসকল হ’ল— (৩৩) সদৌ অসম আহোম সভা, (৩৪) সদৌ অসম গাৰো সাহিত্য সভা, (৩৫) Six Schedule Implementation কমিটি, (৩৬) সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা, (৩৭) গাৰো নেছনেল কাউন্সিল, (৩৮) আহোম জাতীয় গণমঞ্চ (৩৯) সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনী, (৪০) অসম প্ৰাদেশিক যোগী সন্মিলনী, (৪১) সদৌ অসম গৰিয়া পৰিষদ, (৪২) সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন, (৪৩) অসমীয়া শিখ সন্থা, (৪৪) সদৌ অসম শালৈ সন্মিলনী, (৪৫) সদৌ অসম খিলঞ্জীয়া ঐক্য সেনা, (৪৬) সদৌ অসম চুটিয়া যুৱ সন্মিলন।— এই ৪৬ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ ভিতৰত পৰৱৰ্তী সময়ত (১) সদৌ অসম ছাত্ৰ সন্থা, (২) ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, (৩) টাকাম মিচিং পৰিণ কৗবাং, (৪) সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, (৫) গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ (মহিলা), (৬) গৰীয়া-মৰীয়া পৰিষদ, মুঠ ৬ টা সংগঠনৰ সহযোগিতা পোৱা নগ’ল। সেয়েহে বৰ্তমানলৈকে ৪০ টা সংগঠন খিলঞ্জীয়া মঞ্চ, অসমৰ লগত যুক্ত হৈ আছে।

প্ৰথম কাৰ্যনিৰ্বাহক সভা

(জীয়াজুৰি বিবাহ ভৱন, পাঞ্জাবাৰী) ২১-০৯-২০১৭

প্ৰকৃতাৰ্থত ইতিমধ্যেই প্ৰস্তুত কৰি উলিওৱা খচৰা খিলঞ্জীয়া আৰু থলুৱাৰ সংজ্ঞাৰ ওপৰত আলোচনা কৰিবলৈ প্ৰথম কাৰ্যনিৰ্বাহক আহ্বান কৰা হৈছিল। বিভিন্ন সংগঠনৰ প্ৰায় ৬০ জন প্ৰতিনিধিৰ উপস্থিতিত ৮ টা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

১৮২৬ চনৰ ২৪ জানুৱাৰীতে সম্পাদন হোৱা ইয়াণ্ডাবু চুক্তিৰ পূৰ্বে যিসমূহ জাতি-জনগোষ্ঠী অসমত বসবাস কৰি আছিল, সেইসকলক খিলঞ্জীয়া আৰু ১৮২৬ চনৰ পিছৰপৰা ১৯৫১ চনলৈকে যিসমূহ জনসমষ্টি অসমলৈ আগমন ঘটিল সেইসকলক থলুৱা হিচাপে প্ৰস্তাৱ কৰি এক খচৰা-আৰ্হি দাঙি ধৰা হৈছিল। উপস্থিত প্ৰায়সকল সংগঠনৰ নেতৃত্বই খিলঞ্জীয়াৰ সংজ্ঞাটো গ্ৰহণ কৰাটোত মতপোষণ কৰে যদিও থলুৱা বুলি সুকীয়া এক সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত থকা সমস্যাৰ বিষয়ে বিস্তৃত আলোচনাৰ অন্তত এই সম্পৰ্কে বিশেষজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণৰ মতপোষণ কৰে।

প্ৰস্তাৱসমূহঃ

(১) আজিৰ সভাই অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা সকলো ধৰণৰ কুপ্ৰচেষ্টা ব্যাহত কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।

(২) খিলঞ্জীয়া আৰু অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে পুনৰ আলোচনা কৰিবলৈ দুদিনীয়া কাৰ্যসূচীৰে নৱেম্বৰ মাহৰ ভিতৰত অসমৰ বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিৰ লগতে বুদ্ধিজীৱী, বুৰঞ্জীবিদসকলক লৈ এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

(৩) আগন্তুক আলোচনা চক্ৰত খিলঞ্জীয়া মঞ্চৰ তৰফৰপৰা খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত ১৮২৬ চনৰ ইয়াণ্ডাবু চুক্তি আৰু অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈদেৱে প্ৰস্তুত কৰা প্ৰতিৱেদনক ভিত্তি হিচাপে লৈ আলোচনাৰ পোষকতা কৰা হয় আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ এখনি তালিকা প্ৰস্তুত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৪) আজিৰ সভাই আগন্তুক আলোচনা চক্ৰখনি উপযুক্তভাৱে অনুষ্ঠিত কৰাৰ বাবে নিম্নোক্ত চাৰিজনীয়া আয়োজক সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। (ক) কাজল গোহাঁই (খ) জ্যোতিপ্ৰসাদ চুটিয়া, (গ) প্ৰফুল্ল হাফিলা (ঘ) দেৱেশ্বৰ বৰুৱা।

(৫) আজিৰ সভাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা— অখিল গগৈ আৰু নলবাৰীৰ বিশিষ্ট ব্যক্তি জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ প্ৰতিবাদ জনাই দুয়োজনক শীঘ্ৰেই মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

(৬) আজিৰ সভাই খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত হৰিচৰণ ব্ৰহ্ম দেৱে প্ৰকাশ কৰা প্ৰতিৱেদনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই আৰু ব্ৰহ্মৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাসকলক তেনে কাৰ্যৰপৰা বিৰত থাকিবলৈ সতৰ্ক কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

(৭) খিলঞ্জীয়া মঞ্চ, অসমৰ জন্মলগ্নত সদৌ অসম ছাত্ৰ সন্থাৰ এজন জ্যেষ্ঠ প্ৰতিনিধি মঞ্চৰ আহ্বায়ক হিচাপে মনোনীত কৰি গ্ৰহণ কৰা প্ৰস্তাৱক আজিৰ সভাই সংশোধন ঘটাই প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সভাপতি কল্পজ্যোতি নেওগক আহ্বায়ক হিচাপে মনোনীত কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

(৮) আজিৰ সভাই যোগাযোগৰ ক্ষিপ্ৰ ব্যৱস্থাৰ বাবে কল্পজ্যোতি নেওগক এটি Whats App গ্ৰুপ খুলিবলৈ কৰ্তৃত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

প্ৰস্তাৱ ৩, ৭, ৮ ইতিমধ্যেই কাৰ্যকৰী কৰা হৈছে।

দ্বিতীয় কাৰ্যনিৰ্বাহক সভা (হাতীগাঁও কাৰ্যালয়) ২৭-০৯-২০১৭

জৰুৰীভাৱে আহ্বান কৰা দ্বিতীয় কাৰ্যনিৰ্বাহক সভাত প্ৰায় ১২ জন সদস্য উপস্থিত থাকে। উক্ত সভাত ৮ টি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰস্তাৱঃ

১) NRC উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক লগ কৰি ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ প্ৰস্তাৱ লোৱা হয়।

(২) অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ নেতৃত্বক লগ কৰি অসমৰ মূল সমস্যাসমূহৰ ওপৰত ঐক্যমতত উপনীত কৰোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৩) অসম আৰু খিলঞ্জীয়া ৰাইজৰ মূল সমস্যা আৰু বিষয়সমূহ তালিকাভুক্ত কৰি উক্ত বিষয়সমূহৰ মীমাংসা সূত্ৰ উলিয়াই এক কৰ্মসূচী প্ৰস্তুত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ বাবে নিম্নোক্ত সদস্যসকলক লৈ এখন উপসমিতি গঠন কৰি দায়িত্ব প্ৰদান কৰা হয়।— (১) দ্বীপজ্যোতি শৰণীয়া, (২) ৰুবুল দাস, (৩) নয়নমণি শালৈ, (৪) ডাঃ দীপক মজুমদাৰ, (৫) কৃতি নাথ, (৬) মৃণাল হাজৰিকা।

(৪) জনগোষ্ঠীয় সংগঠনসমূহৰ পিতৃ বা মাতৃ সংগঠনসমূহক খিলঞ্জীয়া মঞ্চত ঐক্যবদ্ধ কৰাত গুৰুত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৫) আজিৰ সভাই হৰিশংকৰ ব্ৰহ্মক সাক্ষাৎ কৰি তেখেতৰ প্ৰতি সমৰ্থন ব্যক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৬) আজিৰ সভাই ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ কাৰ্যনিৰ্বাহক সভা আয়োজন কৰাত মঞ্চৰ সদস্য-সংগঠনসমূহে একাদিক্ৰমে দায়িত্ব গ্ৰহণ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৭) আজিৰ সভাই খিলঞ্জীয়া ইছলামধৰ্মী সংগঠনসমূহৰ লগত আলোচনা কৰিবলৈ মতপোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(৮) আজিৰ সভাই মঞ্চৰ প্ৰতিটো সদস্য-সংগঠনৰপৰা ১০০০ টকাকৈ সদস্য-মাচুল কাৰ্যালয়ৰ যাৱতীয় খৰচৰ বাবে সংগ্ৰহ কৰিবলৈ মতপোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে আৰু মঞ্চৰ কোষাধ্যক্ষ নিয়োগ নোহোৱা পৰ্যন্ত বৰ্তমানৰ সদস্য সচিব মৃণাল হাজৰিকাক উক্ত দায়িত্ব পালন কৰিবলৈ দায়িত্ব অৰ্পণ কৰে।

এই প্ৰস্তাৱসমূহৰ ১ নং প্ৰস্তাৱ কাৰ্যকৰী কৰা হয় আৰু ৩নং প্ৰস্তাৱ অনুসৰি এক খচৰা প্ৰস্তুত কৰি উলিওৱা হৈছে। ৬ নং প্ৰস্তাৱ অনুসৰি ‘অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে’ এই দায়িত্ব পালন কৰিছে যদিও আনসকলৰ ক্ষেত্ৰত কাৰ্যকৰী হোৱা নাই। ৮ নং প্ৰস্তাৱ অনুসৰি ইতিমধ্যেই — (১) খিলঞ্জীয়া ঐক্য সেনা, (২) অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, (৩) সদৌ টাই আহোম ছাত্ৰ সন্থা, (৪) প্ৰাক্তন আলফা ঐক্য মঞ্চ, (৫) অসমীয়া শিখ সন্থাই ১০০০/- কৈ মুঠ ৫০০০/- টকা জমা পোৱা হয় আৰু উক্ত সংগৃহীত অৰ্থ আগন্তুক কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰম্ভিক যাৱতীয় খৰচৰ বাবদ ৰুবুল দাসদেৱক ৪০০০/- টকা প্ৰদান কৰা হৈছে। বাকী ১০০০/- টকা ১১-১২-১৭ তাৰিখৰ পঞ্চম বিশেষ কাৰ্যনিৰ্বাহক সভাত আৰু সংবাদ মেলত চাহ খোৱাৰ বাবে খৰচ কৰা হৈছে।

তৃতীয় কাৰ্যনিৰ্বাহক সভা (হাতীগাঁও কাৰ্যালয়) ০৭-১০-১৭

তৃতীয় কাৰ্যনিৰ্বাহক সভাত ১৮ জন সদস্যৰ উপস্থিতিত অনুষ্ঠিত হয় আৰু ৫ টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰস্তাৱঃ

(১) আজিৰ সভাই ‘খিলঞ্জীয়া মঞ্চ, অসম’ প্ৰতিটো সদস্য-সংগঠনে তেওঁলোকৰ কাৰ্যনিৰ্বাহকৰ অনুমোদনক্ৰমে দুজনকৈ প্ৰতিনিধি প্ৰেৰণৰ নাম সংগঠনৰ পেডত লিখিত ৰূপত দিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

(২) আজিৰ সভাই ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ এক নিয়মাৱলী প্ৰস্তুত কৰিবলৈ নিম্নোক্ত সদস্যসকলক দায়িত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।— মৃণাল হাজৰিকা, কল্পজ্যোতি নেওগ আৰু দেৱেশ্বৰ বৰুৱা।

(৩) আজিৰ সভাই পূৰ্বৰ সিদ্ধান্ত অনুসৰি অনুষ্ঠিত কৰিব লগা অভিৱৰ্তনত সকলো খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন আৰু সাহিত্য সভাসমূহক আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকৰ বক্তব্যসমূহ লিখিত ৰূপত অনাৰ বাবে আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

(৪) আজিৰ সভাই অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থকা এক উচ্চ সদনৰ দাবী জনাই এক স্মাৰক-পত্ৰ অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ আৰু বিৰোধী দলপতিক দিয়াৰ বাবে মতপোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

(৫) আজিৰ সভাই খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে নিম্নলিখিত ব্যক্তিসকলৰ লগত আলোচনা কৰাৰ মতপোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।— ১) পুষ্পধৰ গগৈ, ২) নগেন শইকীয়া, ৩) ডম্বৰুধৰ নাথ, ৪) দয়ানন্দ বৰগোহাঁই, ৫) ৰমেশ বৰপাত্ৰ গোহাঁই, ৬) হৰেণ ৰাভা, ৭) ৰাজীৱ সন্দিকৈ, ৮) অদীপ কুমাৰ ফুকন, ৯) অপূৰ্ব বৰুৱা, ১০) উপেন ৰাভা হাকাচাম, ১১) ৰামচৰণ তামুলী, ১২) উত্তম পাথাৰি, ১৩) ডিম্বেশ্বৰ হাজৰিকা, ১৪) হৰেণ বড়ো।

এই প্ৰস্তাৱসমূহৰ ১নং প্ৰস্তাৱ অনুসৰি বৰ্তমানলৈকে কেৱল ৫ টা সংগঠনে তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণ সম্পৰ্কে লিখিতভাৱে অৱগত কৰিছে। সেইসকল হ’ল— ১) কলিতা জনগোষ্ঠী সন্মিলন, অসম, ২) অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, ৩) সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু ৪) সদৌ অসম গৰীয়া পৰিষদ, ৫) অসম প্ৰাদেশিক যোগী সন্মিলনী। উক্ত প্ৰস্তাৱ মৰ্মে দুজনকৈ প্ৰতিনিধিৰ নাম দিয়াৰ প্ৰস্তাৱ কৰা হৈছিল যদিও অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে কেৱল— এজন, কলিতা জনগোষ্ঠী সন্মিলন, অসমে— তিনিজন, আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই ৪ জন সদস্যৰ নাম প্ৰেৰণ কৰে। এই সন্দৰ্ভত আন সংগঠনসমূহৰপৰা সঁহাৰি পাবলৈ এতিয়াও বাকী ৰৈ গৈছে।

২নং প্ৰস্তাৱ অনুসৰি মঞ্চৰ নিয়মাৱলীৰ খচৰা প্ৰস্তুত কৰি ইতিমধ্যেই ২৮-১০-১৭ তাৰিখে লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত ‘বিশেষ সাধাৰণ সভা’ত সংগঠনসমূহৰ মাজত বিতৰণ কৰা হৈছে।

বিশেষ সাধাৰণ সভা, লক্ষীধৰ বৰা ক্ষেত্ৰ— ২৮-১০-১৭

‘অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ’ৰ অভ্যৰ্থনাত অনুষ্ঠিত বিশেষ সাধাৰণ সভাত ৪৪ জন সদস্য-প্ৰতিনিধিৰ উপস্থিতিত ৫ টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই বিশেষ সাধাৰণ সভাৰ প্ৰথম প্ৰস্তাৱৰ জৰিয়তে অসমৰ খিলঞ্জীয়া লোকৰ সংজ্ঞা গ্ৰহণ কৰা হয়।

প্ৰস্তাৱঃ

(১) আজিৰ খিলঞ্জীয়া মঞ্চ, অসমৰ বিশেষ সাধাৰণ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে— ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰ পূৰ্বে সেই সময়ত যিসমূহ লোকে নিগাজিকৈ বসবাস কৰি আছিল, সেইসকলেই বৰ্তমান অসমৰ খিলঞ্জীয়া লোক বুলি গণ্য কৰা হয়। কছাৰী, বড়ো, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, চুটিয়া, দেউৰী, কোচ ৰাজবংশী, মৰাণ, মটক, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী, মদাহী, মেচ, টাই আহোম, চিংফৌ, টাই ফাকে, তাই খামটি, টাই খামডাং, টাই টুৰুং, টাই আইটন, তাংছা, অপাটানি, নক্তে, কুকি, হাজং, শালৈ, অসমীয়াভাষী কৈৱৰ্ত, নাথ, যোগী, কেওট, কলিতা, কায়স্থ, অসমীয়া ব্ৰাহ্মণ, গৰীয়া, মৰীয়া, দেশী, অসমীয়া শিখসকল আৰু অসমৰ বৰ্তমানৰ ভৌগোলিক সীমাৰ ভিতৰত থকা উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠী, যেনে— নগা, মিজো, মণিপুৰী, নিচি, আদি, অঁকা, খাচিয়া, জয়ন্তীয়া, গাৰো—আদিসকল।

২) বৰ্তমান অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থকা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰ পিছত ব্ৰিটিছ ৰাজত্বৰ সময়ৰপৰা যিসমূহ প্ৰব্ৰজিত লোকে অসম ভূখণ্ডত স্থায়ীভাৱে বসবাস কৰি এই ভূখণ্ডৰ খিলঞ্জীয়া লোকৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিছে, অসমৰ উন্নতিৰ বাবে অৰিহণা যোগাই আহিছে আৰু ইয়াৰ খিলঞ্জীয়াৰ কলা-কৃষ্টি গ্ৰহণ কৰি নিজকে অসমীয়া বুলি চিনাকি দি গৌৰৱবোধ কৰে সেইসকলকেই ‘অসমীয়া লোক’ বুলি গণ্য কৰি আজিৰ সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে।

৩) আজিৰ সভাই সৰ্বসন্মতিক্ৰমে ‘শালৈ’ এক জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰি খিলঞ্জীয়া মঞ্চ, অসমৰ সদস্য হিচাপে গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

৪) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিক সময় সীমা নিৰ্ধাৰণ কৰি খিলঞ্জীয়া লোকৰ আইনগত অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰয়োজনীয় সমল (তথ্যপাতি) আহৰণত গুৰুত্ব প্ৰদান কৰি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

৫) আজিৰ সভাই প্ৰস্তাৱিত বৃহত্তৰ নাগালিমত অসমৰ এক ইঞ্চি মাটিও এৰি নিদিয়াৰ সন্দৰ্ভত ঐক্যমত পোষণ কৰি প্ৰয়োজনত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মতপোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

চতুৰ্থ কাৰ্যনিৰ্বাহক সভা, হাতীগাঁও কাৰ্যালয়— ২২-১১-১৭

চতুৰ্থ কাৰ্যনিৰ্বাহক সভাত ১৬ জন সদস্য-প্ৰতিনিধিৰ উপস্থিতিত ৪ টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰস্তাৱঃ

১) পূৰ্বৰ বৈঠকসমূহত আলোচনাচক্ৰ অনুষ্ঠিত কৰি, বিশেষজ্ঞ ব্যক্তিৰ মতামত লৈ খিলঞ্জীয়াৰ সংজ্ঞা, ঐক্য, ভৱিষ্যৎ কাৰ্যপন্থা ইত্যাদিৰ বাবে গঠন কৰি দিয়া উপসমিতিসমূহ কাৰ্যক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। এই সন্দৰ্ভত ২০১৮ চনৰ ১১ আৰু ১২ ফেব্ৰুৱাৰি তাৰিখে গুৱাহাটী জিলা পুথিভঁৰাল আৰু লক্ষীধৰ বৰা ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ প্ৰাৰম্ভিক কাম আগবঢ়াবলৈ ৰুবুল দাসক দায়িত্ব প্ৰদান কৰে।

২) আজিৰ সভাই আগন্তুক কেন্দ্ৰীয় অভিৱৰ্তনৰ কাৰ্যসূচীৰ সন্দৰ্ভত বিতং আলোচনাৰ অন্তত দুদিনীয়া কাৰ্যসূচীৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু কাৰ্যসূচী নিৰ্ধাৰণ কৰে। সেই অনুসৰি প্ৰথম দিনা পুৱা— প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পিছতেই দিনজোৰা প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব আৰু দ্বিতীয় দিনা পুৱা স্মৃতিচাৰণ অনুষ্ঠানৰ পিছতেই পুৱা ১০ বজাৰপৰা সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া ১ বজাৰপৰা মুকলি সভা অনুষ্ঠিত হ’ব।

৩) আজিৰ সভাই কেন্দ্ৰীয় অভিৱৰ্তনৰ মুকলি সভাত—‘অসমৰ খিলঞ্জীয়া লোক কোন? খিলঞ্জীয়া অনৈক্যৰ কাৰণ আৰু অস্তিত্ব সুৰক্ষাৰ উপায়’ — শীৰ্ষক বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

৪) আজিৰ সভাই প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত কৰিবলৈ নিম্নোক্তসকলক লৈ এখনি ‘অভ্যৰ্থনা সমিতি’ গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে— ১) সভাপতি, দেৱেশ্বৰ বৰুৱা, ২) কাৰ্যকৰী সভাপতি—মিৰজা বৰা, ৩) উপ-সভাপতি—লোহিত দেউৰী, হাফিজুল আহমেদ, কাজল গোহাঁই, প্ৰফুল্ল হাফিলা, মনজিত সিং, মুকুন্দ মদাহী, ৪) সাধাৰণ সম্পাদক—ৰুবুল দাস, ৫) সহঃসম্পাদক—মনোজ গগৈ, নয়নমণি হালৈ, সঞ্জীৱ হাজং, মুকুন্দ মদাহী, ৬) প্ৰচাৰ সম্পাদক—বিক্ৰম হাঞ্চে, ৰঞ্জিৎ নাৰায়ণ কোচ, ৭) স্মৃতিগ্ৰন্থ সম্পাদিকা—জেনিফাৰ হুছেইন, ৮) সাংস্কৃতিক সম্পাদিকা—মৌচুমী বৰা, ৯) সাংস্কৃতিক শোভাযাত্ৰা—লোহিত দেউৰী, ১০) কোষাধ্যক্ষ—ৰূপম চেতিয়া বৰা, ১১) কাৰ্যালয় সম্পাদক—ছহিদ আলি আহমেদ আৰু উপদেষ্টা, অঞ্জন শৰ্মা, লাচিত বৰদলৈ, প্ৰদীপ গগৈ, জন ইংতি কাথাৰ, সুনীল নাথ, মুনীন নবিশ আৰু প্ৰাণজিৎ শইকীয়া।

পঞ্চম বিশেষ কাৰ্যনিৰ্বাহক সভা, হাতীগাঁও কাৰ্যালয়-১১-১২-১৭

বিশেষ কাৰ্যনিৰ্বাহক সভাত ৩১ জন প্ৰতিনিধি সদস্যৰ উপস্থিতিত ৫ টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰস্তাৱঃ

১) আজিৰ সভাই আগন্তুক কেন্দ্ৰীয় অভিৱৰ্তনৰ আমন্ত্ৰিত ব্যক্তিসকলৰ নাম-তালিকা নিৰ্ধাৰণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। মুখ্য বক্তা জেব্ৰাৰাম মুছাহাৰী, বিশিষ্ট অতিথিসকল— ৰঞ্জিৎ শেখৰ মুছাহাৰী, পুষ্পধৰ গগৈ, শ্ৰীকুমাৰ দহোটীয়া, অৰবিন্দ ৰাজখোৱা, পুতুল দত্ত, উপমন্যু হাজৰিকা, ড ভুৱন বৰুৱা। সম্বৰ্ধনা জনাব লগা ব্যক্তি দুগৰাকী—সূৰ্য দাস আৰু দেৱাশিস শৰ্মা।

২) আজিৰ সভাই অভিৱৰ্তনত প্ৰকাশ কৰিব লগা ‘স্মৃতিগ্ৰন্থ’ৰ নাম ‘খিলঞ্জীয়া’ নামকৰণ গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

৩) আজিৰ সভাই কেন্দ্ৰীয় অভিৱৰ্তনৰ বাবে সদস্য সচিব মৃণাল হাজৰিকাই প্ৰস্তুত কৰা গোহাৰি পত্ৰ, নিমন্ত্ৰণী পত্ৰ, ৰচিদ বহীৰ আৰ্হি আদিসমূহ প্ৰস্তাৱৰ জৰিয়তে গৃহীত কৰে।

৪) আজিৰ সভাই অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰুবুল দাসে প্ৰস্তুত কৰা ৯ লাখ টকা বাজেট গৃহীত কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। সেইদৰে নিম্নোক্তসকলক লৈ অৰ্থ সংগ্ৰহৰ গোট গঠন কৰি দিয়া হয়—উপদেষ্টা—প্ৰাণজিৎ শইকীয়া, আহ্বায়ক— মনোজ গগৈ, ৰূপম চেতিয়া বৰা, নয়নমণি শালৈ, ৰঞ্জিৎ নাৰায়ণ কোচ, দীপক মজুমদাৰ, হাফিজুল আহমেদ, বিক্ৰম গগৈ, প্ৰফুল্ল হাফিলা, কাজল গোহাঁই, বিপুল তালুকদাৰ, হিমু ৰাজবংশী।

৫) আজিৰ সভাই কেন্দ্ৰীয় অভিৱৰ্তনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে কুল বৰুৱা আৰু স্মৃতিগ্ৰন্থ উদ্বোধক হিচাপে অজিত ভূঞাক নিমন্ত্ৰণ জনাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।

যোৱা ২৫ জানুৱাৰী তাৰিখে ডিমা হাছাও জিলাৰ মাইবং ৰে’ল ষ্টেছনত ৰে’ল অৱৰোধ কৰা প্ৰতিবাদকাৰীক নিৰ্বিচাৰ গুলী বৰ্ষণেৰে দুজনকৈ নিৰীহ প্ৰতিবাদকাৰীক হত্যা কৰা কাৰ্যৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি আৰু এই ঘটনাৰ পিছত অসমৰ দল-সংগঠনসমূহৰ সক্ৰিয় সহযোগ নোপোৱাৰ বাবে ডিমা হাছাওবাসী ৰাইজৰ মাজত সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি খিলঞ্জীয়া মঞ্চ, অসমৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াৰ নেতৃত্বত যোৱা ২৭ জানুৱাৰী তাৰিখে ডিমা হাছাও জিলাত এটা সঁজাতী দল উপস্থিত হয়। দলটোত অনুপ চেতিয়াৰ লগত সদস্য সচিব মৃণাল হাজৰিকা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস, কাৰ্বি ছাত্ৰসন্থাৰ সভাপতি চেমচন, টেৰন, সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি নবিন জহৰি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহ-সাধাৰণ সম্পাদক প্ৰৱীণ দাসসহ প্ৰায় ১৫ জনীয়া দলে জিলাখনৰ সকলো দল-সংগঠনৰ নেতৃত্বৰ উপৰি ৰাইজৰ লগত মুকলি সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ মাইবং, হাফলঙৰ উপৰি কেইবাখনো পথ-সভাত অংশ গ্ৰহণ কৰি ডিমা হাছাওবাসী ৰাইজৰ লগত সমভাগী হৈ একাত্মতা প্ৰকাশ কৰাত খিলঞ্জীয়া মঞ্চ, অসম, ভাবমূৰ্তি গঢ় দিয়াত সহায়ক হোৱা বুলি ক’ব পাৰি।

যোৱা ৩০ আগষ্ট, ২০১৭ চনৰ ৩ ফেব্ৰুৱাৰি ২০১৮ লৈ প্ৰায় ছমহীয়া কাৰ্যকালত পাঁচখনকৈ কাৰ্যনিৰ্বাহক সভা আৰু এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হোৱাটো ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ বাবে যথেষ্ট ইতিবাচক দিশ যদিও গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট দুৰ্বলতা ৰৈ যোৱা পৰিলক্ষিত হৈছে। সেয়েহে অনাগত সময়ত এই দিশত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত বুলি বিবেচিত হৈছে। লগতে ‘খিলঞ্জীয়া মঞ্চ, অসম’ত ঐক্যবদ্ধ হ’বলৈ এতিয়াও বাকী ৰৈ যোৱা জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে আশা প্ৰকাশ কৰি আমাৰ ছমহীয়া কাৰ্যকালৰ চমু প্ৰতিৱেদন আগবঢ়ালো।

(‘খিলঞ্জীয়া’ৰ সৌজন্যত)

Related Articles

Check Also

Close
Close