‘ছ’চিয়েল মিডিয়া’ত তীক্ষ্ণ পৰ্যৱেক্ষণ নিৰ্বাচন আয়োগৰ

মহাবাহু

নতুন দিল্লী (২৭ মাৰ্চ, ২০১৯) : সন্মুখত লোকসভাৰ নিৰ্বাচন। সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতিপৰ্ব। নিৰ্বাচন আয়োগৰ চকুত টোপনি নাই। বিশেষকৈ ‍‘ছ’চিয়েল মিডিয়াৰ নেটৱৰ্ক’ৰ পৰ্যৱেক্ষণ তীক্ষ্ণ কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ব্যস্ততা এতিয়া তুংগত। সেইবাবে আয়োগে দেশ-বিদেশৰপৰা নানা প্ৰকাৰৰ প্ৰযুক্তি ব্যৱস্থাৰ সাহায্য গ্ৰহণ কৰিছে। ফেচবুকসহ বিভিন্ন ছ’চিয়েল মিডিয়াত তীক্ষ্ণ পর্যৱেক্ষণৰ বাবে আয়োগে দিল্লীত এক বিশেষ গোট (cell) গঠন কৰাৰ লগতে একাধিক ‍‘নোডেল অফিচাৰ’ নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুৰোপৰি নিৰ্দিষ্ট কিছুমান ৰাজ্যতো কিছুসংখ্যক ‍‘নোডেল অফিচাৰ’ নিয়োগ কৰা হ’ব। নিৰ্বাচন আয়োগৰ এগৰাকী শীৰ্ষ বিষয়াৰ বক্তব্য অনুসৰি ভোট-পৰ্বৰ এই দিনবোৰত ‍‘ছ’চিয়েল মিডিয়া’ত প্ৰথম দৃষ্টি ৰখা হ’ব আৰু তাৰবাবে বহু বৈঠক অনুষ্ঠিত কৰা হৈছে।

বাস্তৱিকতে আয়োগে পূৰ্বেই জনাই দিছে যে ফেচবুক, টুইটাৰ, হোৱাটছএপৰ দৰে জনপ্ৰিয় ‍‘ছ’চিয়েল মিডিয়া’ক ভোটৰ ৪৮ ঘণ্টা আগতেই নিজৰ প্লেটফর্মত যিকোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সম্পূৰ্ণভাৱে বন্ধ কৰিবলৈ জনাই দিয়া হৈছে আৰু এই বিষয়ে ‍‘ছ’চিয়েল মিডিয়া’ৰ ‍‘প্লেটফৰ্ম’ৰ পক্ষৰপৰা প্ৰস্তুত কৰা ‍‘ভলণ্টাৰি কোড্ অব এথিক্স’ সম্পর্কেও জনাই দিয়া হৈছে। ইতিমধ্যে এই জনপ্ৰিয় ‍‘ছ’চিয়েল মিডিয়া’সমূহৰ তৰফৰপৰা ‍‘ভলণ্টাৰি কোড্ অৱ এথিক্স’ আয়োগৰ ওচৰত জমা দিয়া হৈছে। এইবাৰেই সৰ্বপ্ৰথমবাৰৰ বাবে ইণ্টাৰনেট কোম্পানীসমূহৰ ‍‘অনলাইন’ অভিযানক মান্যতা দিয়া হৈছে। বিগত সপ্তাহত নিৰ্বাচন আয়োগ, ইণ্টাৰনেট আৰু ম’বাইল এছ’চিয়েছন অৱ ইণ্ডিয়া, ‍‘ছ’চিয়েল মিডিয়া’ৰ পক্ষৰ প্ৰতিনিধিসকলৰ এক বৈঠক ‍‘ভলণ্টাৰি কোড্ অৱএথিক্স’ প্ৰস্তুত কৰা হৈছিল। ফেচবুক, টুইটাৰ, হোৱাটছএপ আদিৰ দৰে কোম্পানীৰ লগতে ‍‘বিগো আৰু বাইট্ ডান্স কোম্পানী’য়েও ‍‘ভলণ্টাৰি কোড্ অৱ এথিক্স’ত স্বাক্ষৰ কৰিছে। গতিকে আয়োগৰ নিয়ম উলংঘা হ’লেই ‍‘ছ’চিয়েল মিডিয়া’ৰ অনুজ্ঞাপত্ৰ বাতিল হৈ যাব পাৰে। এনে সকীয়নি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। তদুপৰি ‍‘এগজিত পোল’ সমীক্ষাৰ সম্প্ৰচাৰক লৈও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। আয়োগে স্পষ্টভাৱে জনাই দিছে যে ১৯ মে’ তাৰিখে ভোটগ্ৰহণৰ অন্তিম দিনটোৰ সন্ধিয়াৰপৰাহে সমীক্ষাৰ সম্প্ৰচাৰ দূৰদৰ্শনৰ চেনেলবোৰে কৰিব পাৰিব, তাৰ পূৰ্বে কৰিব নোৱাৰিব। এনে বাৰ্তা সকলো পক্ষলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। নিৰ্বাচন ব্যৱস্থা সুস্থ আৰু অবাধ কৰিবলৈ নিৰ্বাচন আয়োগে এনে ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰদ্বাৰা ভোটাৰসকলৰ গণতান্ত্ৰিক অধিকাৰ সুস্থ হ’ব বুলি আয়োগে বিশ্বাস কৰিছে আৰু নিৰ্বাচন ব্যৱস্থাৰো বহু পৰিৱৰ্তন সাধিত হ’ব।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!