চৰ-চাপৰি অঞ্চল আৰু এটা অতি প্ৰভাৱশালী #ট্ৰেণ্ড

আবিদ আজাদ

ভাতৃতুল্য সাংবাদিক বন্ধু এজনক কিছুদিন পূৰ্বে অসমৰ এক অভিবাসী অসমীয়ালোক অধ্যুসিত অঞ্চলত সম্বৰ্ধনা জনাবলৈ নিমন্ত্ৰণ জনাইছিল৷ গুৱাহাটীৰ পৰা তালৈ যোৱাৰ পূৰ্বে বন্ধুজনে ফোনত পৰামৰ্শ অলপ বিচাৰি সুধিলে যে সম্বৰ্ধনা অনুষ্ঠানটোত যদি কিবা অলপ ক’বলগীয়া হয় কোনবোৰ কথাত (মোৰ দৃষ্টিত) গুৰুত্ব দিয়া উচিত হ’ব ৷ (জন্মনিয়ন্ত্ৰণ, শিক্ষা-দীক্ষা আদিৰ কথা সকলোৱে কয়৷)
বন্ধুজন অসমৰ ইমূৰৰ পৰা সিমূৰ প্ৰায়ে ঘূৰি থাকে৷ তেওঁকনো কি পৰামৰ্শ দিম! কিন্তু যোৱা কিছুবছৰ ধৰি #অভিবাসী সম্প্ৰদায়ৰ উঠি অহা নৱ-প্ৰজন্মটোৰ মাজত আমি অতি গুৰুত্বসহকাৰে লক্ষ্য কৰি অহা এটা অতি প্ৰভাৱশালী #ট্ৰেণ্ডৰ বিষয়ে তেওঁক ক’বলৈ মন গ’ল৷ যদিওবা এই ট্ৰেণ্ডটোৰ ওপৰত কেতিয়াবা সুযোগ-সুবিধা পালে সম্প্ৰদায়টোৰ আগত ৰাজহুৱাকৈ নিজৰেই অলপ ক’বলৈ মন আছিল৷
#ট্ৰেণ্ডটো হৈছে, এই ফেচবুকটো অহাৰ পিছত, সম্প্ৰদায়টোৰ মাজৰ এক বিপুল সংখ্যক ল’ৰা-ছোৱালীয়ে, যুৱক-যুৱতীয়ে নিজৰ মনৰ কথা অতি সাৱলীলভাৱে বিশুদ্ধ অসমীয়াত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰি দিছে৷ তাৰে কিছুমান ল’ৰা-ছোৱালীৰ প্ৰকাশভংগী ইমানেই পৈনত, ইমানেই দুৰ্দান্ত, ইমানেই অন্তৰ্দৃষ্টি সম্পন্ন যে তেওঁলোকে সেই প্ৰচেষ্টা অব্যাহত ৰাখিলে অসমীয়া সাহিত্যত নতুনত্ব অনাই নহয়, একো একোজন প্ৰভাৱশালী আৰু অতি জনপ্ৰিয় অসমীয়া লেখক/লেখিকা হোৱাৰো প্ৰচূৰ সম্ভাৱনা আছে৷
ইমান দিনে আমি খালী এইটোকে শুনিবলৈ পাই আহিছিলোঁ যে চৰ-চাপৰি অঞ্চলত বঙালী মাধ্যমৰ বিদ্যালয়ৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হৈছে, ছেনচাছত মাতৃভাষা বঙালীৰ সলনি অসমীয়া লিখা হৈছে, অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে বিৰল ত্যাগ কৰি মান্য ভাষা অসমীয়াকে মাতৃভাষা হিচাপে গ্ৰহণ কৰা হৈছে৷
অভিবাসী মুছলমান জনবসতি প্ৰধান চৰ-চাপৰি অঞ্চলৰ সৈতে বিন্দু মাত্ৰও পৰিচয় নথকা আৰু এইবোৰ জানিবৰ বাবেও বিশেষ একো ৰুচি নথকা অসমৰ এক বৃহৎসংখ্যক লোকৰ বাবে, বিশেষকৈ ফেচবুকীয়া নৱপ্ৰজন্মটোৰ বাবে এইবোৰ ঐতিহাসিক ‘বিৰল’ ত্যাগ বা আত্মীয়তাৰ কথা #উপলব্ধি কৰিবলৈ ইমানদিনে কোনো সহজ মাধ্যমেই নাছিল আৰু তাৰ কোনো অৱকাশো নাছিল৷ (কিতাপ পঢ়ে কেইজনে!)
ফেচবুকৰ নানানটা ঋণাত্মক দিশ থকা সত্বেও, অসমীয়াক আন্তৰিকতাৰে, হাড়ে-হিমজুৱে গ্ৰহণ কৰিবলৈ লোৱা চৰ-চাপৰিৰ এই নৱ-প্ৰজন্মটোক ফেচবুকে অসমীয়া ‘মূলসূঁতি’ৰ মাজলৈ #ভাষাৰ মাধ্যমেৰে ইমান প্ৰৱলভাৱে, ইমান ক্ষীপ্ৰতাৰে, ইমান নিকটলৈ নিবলৈ সক্ষম হ’বলৈ ধৰিছিল যে যোৱা ৬০-৭০ বছৰৰ নানান প্ৰয়াসতো সেয়া সম্ভৱ হৈ উঠা নাছিল৷
‘মূলসূঁতিৰ অসমীয়া’ আৰু ‘প্ৰব্ৰজিত অসমীয়া’ৰ মাজত সমন্বয়ৰ সেতু গঢ়িবৰ বাবে, এক বৃহত্তৰ অসমীয়া জাতি গঢ়িবৰ বাবে পাৰ হৈ যোৱা প্ৰজন্মৰ যিসকল শ্ৰমিক, খেতিয়ক, লিখক, সাহিত্যিক, শিল্পীসকলে নানান প্ৰতিকুলতাৰ মাজেৰে এক সোণালী বাটৰ স্বপ্ন দেখি গৈছিল সেই প্ৰজন্মৰে তেজৰ নৱ নৱ কণিকাবোৰে আজি কিছুবছৰ ধৰি অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্ৰত যি এক #ডিজিটেল ট্ৰেণ্ড আৰম্ভ কৰিছে, তাৰবাবে তেওঁলোকলৈ হাজাৰ হাজাৰটা ছেল্যুট৷
এয়া ক’বই লাগিব যে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ তেওঁলোকো একো একোজন তেজোদ্বীপ্ত সৈনিক৷ তেওঁলোকৰ ভাষাই অস্ত্ৰ, ভাষাই তেওঁলোকৰ শেষ শক্তি৷ এই শক্তিৰেই পৰাস্ত কৰিব লাগিব সম্প্ৰদায়টোৰ ভিতৰতে থকা আৰু বাহিৰতো থকা বিচ্ছিন্নতাবাদী মানসিকতাৰ শক্তিবোৰক৷
জয়তু মাতৃভাষা অসমীয়া৷

Related Articles

Close