চৰকাৰী শিক্ষানুস্থান বনাম ব্যক্তিগত শিক্ষানুস্থান

মিতালী ভট্টাচাৰ্য

ব্যক্তিগত তথা সামাজিক উন্নয়নৰ বাবে শিক্ষা হৈছে মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ ৷ শিক্ষা প্ৰক্ৰিয়াত ব্যক্তিৰ অন্তনিৰ্হিত  গুনাৱলীৰ পুৰ্ন বিকাশৰ বাবে উৎসাহ প্ৰদান কৰা হয় ৷ শিক্ষা হ’ল সম্ভাৱনাৰ পৰিপূৰ্ণ বিকাশ সাধন কৰা প্ৰক্ৰিয়া ৷ এখন দেশ বা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে, মানব সম্পদৰ বিকাশৰ বাবে শিক্ষা মানৱ জীৱনৰ মেৰুদণ্ড স্বৰুপ ৷ আদিকালত শিক্ষা ব্যবস্থা গুৰুকুল পদ্ধতিৰ আছিল ৷ ছাত্ৰ -ছাত্ৰী সকলে গুৰুগৃহত বা গুৰুৰ আশ্ৰমত থাকি শিক্ষা  গ্ৰহন কৰিছিল ৷ ভাৰতবৰ্ষত ইংৰাজৰ আগমনৰ লগে লগে ইংৰাজী শিক্ষাৰ বহুল প্ৰচাৰৰ লগতে পাশ্চাত্য জ্ঞান -বিজ্ঞান, ধাৰনাৰ, ভাৰতীয় পৰম্পৰাগত শিক্ষা ব্যৱস্থাত  অমূল পৰিবৰ্তন  সাধন  কৰিলে ৷ বেদ, উপনিষদ, শাস্ত্ৰ,  গীতা, পুৰান আদিৰ পৰা আঁতৰি আহি ইংৰাজ সকলে ইংৰাজী সাহিত্য, বিজ্ঞান শিক্ষাৰ প্ৰয়োভৰ কৰালে ৷ প্ৰাচীন গুৰুকুল শিক্ষাৰ আশ্ৰমৰ সলনি কনভেন্ট স্কুল সমুহৰ যোগেদি শিক্ষা প্ৰদান কৰাৰ ব্যবস্থায় একফালেদি আমাৰ জ্ঞান চকু মুকলি কৰিলে যদিও ভাৰতীয়  ঐতিহ্য পৰম্পৰা আদিকো বিশ্বৰ দৰবাৰত প্ৰস্তুত কৰিবলৈ সক্ষম হ’ল ৷ ভাৰতীয় যোগ,  ধ্যান, প্ৰানায়াম আদিৰ উপযুক্ততা বৈজ্ঞানিক ভাবে প্ৰমানিত হোৱাৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে ইয়াক আদৰি ললে ৷ একাষাৰে কবলৈ গলে ভাৰতীয় সংস্কৃতি পাশ্চাত্য শিক্ষা জ্ঞান -বিজ্ঞানৰ প্ৰৱেশ ঘটিল আনফালেদি ভাৰতীয় ঐতিহ্য পৰম্পৰা সমগ্ৰ বিশ্বত সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ল ৷
1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ ইংৰাজ শাসনৰ পৰা মুক্ত হ’ল যদিও ইংৰাজী জ্ঞান -বিজ্ঞানৰ ধাৰনা আমাৰ মাজৰ পৰা আঁতৰি নগল ৷ শিক্ষা ব্যবস্থাৰ অমূল পৰিবৰ্তন সাধিত হ’ল ৷ ভাৰতীয় দৰ্শনৰ লগত আধুনিক বিজ্ঞান শিক্ষাও ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি দেশৰ বিকাশৰ বাবে উপযুক্ত মানৱ সম্পদ গঢ়াৰ গতি তৰান্বিত কৰা হ’ল ৷ ভাৰতবৰ্ষত বাস কৰা সকলো শ্ৰেনীৰ নাগৰিকে যাতে সমান শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে বিভিন্ন ধৰনৰ শিক্ষা আইন প্ৰনয়ন কৰি একবিংশ শতিকাৰ উপযুক্ত নাগৰিক  সৃষ্টিৰ ক্ষেত্ৰত আগভাগ ললে ৷ এই সকলোবোৰ দিশ চৰকাৰী বিদ্যালয় সমুহে সামৰি লব নোৱাৰাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰি উপযুক্ত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিবলৈ উৎসাহ প্ৰদান  কৰা হ’ল ৷
নবৈ দশকৰ আগত ব্যক্তিগত খণ্ডৰ শিক্ষাব্যবস্থাৰ বিশেষ প্ৰভাব অসমত পৰা নাছিল ৷ চৰকাৰী শিক্ষা ব্যবস্থাৰ ভেটিঁতেই শিক্ষাৰ পৰিভাষা বিচৰা হৈছিল ৷ কিন্তু বিগত প্ৰায় 25 বছৰত সমগ্ৰ দেশৰ লগতে অসমতো শিক্ষা ব্যবস্থাৰ অভূতপুৰ্ব পৰিবৰ্তন ঘটিল ৷ ব্যক্তিগত আৰু চৰকাৰী দুয়োটা খণ্ডৰ সুস্পষ্ট ভাগ আমাৰ চকুত আহি পৰিল ৷
বিগত 25 বছৰৰ সমীক্ষাত দেখা যায়  যে চৰকাৰী খণ্ডৰ শিক্ষাৰ মান ক্ৰমান্বয়ে নিম্নগামী হৈ গৈ আছে  আন হাতেদি  তুলনামূলক ভাবে ব্যক্তিগত বাবে স্থাপন কৰা বিদ্যালয় সমুহৰ গুনগত মানৰ উত্তৰন ঘটিছে ৷ বিশেষকৈ অসমত চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ  বিষয়টোৰ লগত অসমীয়া জাতিৰ অস্তিত্বৰ সংকটৰ প্ৰশ্নও জড়িত হৈ পৰিছে ৷ চৰকাৰে বিভিন্ন ধৰনৰ আকৰ্ষনীয় আঁচনি আদি প্ৰস্তুত কৰিও চৰকাৰী বিদ্যালয় সমুহৰ প্ৰতি সাধাৰন জনতাৰ মন আকৃষ্ট কৰিব পৰা নাই ৷ আমাৰ ভাৰতবৰ্ষই বিশ্বৰ ইতিহাসত এক আগৰনুৱা তথা শক্তিশালী দেশ হিচাপে নিজকে চিনাকী দিবলৈ ইয়াৰ সকলো নাগৰিকক সুশিক্ষিত, সু সংস্কৃতিবান কৰি গঢ়ি তুলিবলৈ শিক্ষা ক্ষেত্ৰত বিভিন্ন ধৰনৰ অভিলাসী আঁচনি প্ৰস্তুত কৰি তুলিছে ৷ “ভিজন 2020 “ত প্ৰাথমিক শিক্ষাৰ ওপৰত সৰ্বাধিক প্ৰাধান্য প্ৰদান কৰি 6-14 বছৰ বয়সৰ সকলো শিশুক বিনামুলীয়া আৰু বাধ্যতামুলক শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিছে ৷ 2010 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱা “শিক্ষাৰ অধিকাৰ ” আইনৰ জৰিয়তে 92 লাখ ছাত্ৰ -ছাত্ৰীক বিদ্যালয়লৈ আনিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰন কৰিছে ৷ ছাত্ৰ -ছাত্ৰীক মৌলিক শিক্ষা প্ৰদান কৰাৰ লগতে  কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ বিভিন্ন প্ৰচেষ্টা আৰু কাৰ্যপন্থা হাতত লোৱা দেখা যায় ৷ এনে বিভিন্ন অভিলাষী আঁচনি গ্ৰহন কৰা সত্বেও চৰকাৰী শিক্ষানুষ্টানৰ প্ৰতি ছাত্ৰ -ছাত্ৰী তথা অভিভাবকৰ অনীহা এক উদ্দেগজনক বিষয় স্বৰুপে ধৰা দিছে ৷ অসমীয়া জাতিৰ বিকাশত ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্টান সমুহত নীতি, আদৰ্শ আৰু উচ্চাভিলাসী মনোভাবৰ প্ৰভাব পৰা দেখা যায় ৷ ব্যক্তিগত শিক্ষানুষ্টান সমুহে পশ্চিমীয়া ধ্যান -ধাৰনাৰে পৰিপুষ্ট, ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি উদাসীন শ্ৰেনীৰ  নাগৰিক সৃষ্টিৰ প্ৰতিহে গুৰুত্ব দিয়া দেখা যায় ৷  এটা কথা স্বীকাৰ কৰিবই লাগিব যে ব্যক্তিগত শিক্ষানুষ্টান সমুহত প্ৰদান কৰা শিক্ষা ব্যবস্থা চৰকাৰী শিক্ষা ব্যবস্থাৰ তুলনাত বহুত বেছি আকৰ্ষনীয় ৷ চৰকাৰী বিদ্যালয় সমূহৰ ভগ্নপ্ৰায় আন্তঃগাথঁনি, উপযুক্ত শিক্ষকৰ অভাব, বিনষ্ট হোৱা শৈক্ষিক পৰিবেশ, অনাকৰ্ষীয় শিক্ষাদান পদ্ধতি আদিৰ বাবেও ব্যক্তিগত বিদ্যালয় সমুহে খোপনি পুতিবলৈ সক্ষম হৈছে ৷ চৰকাৰী বিদ্যালয় সমুহৰ দুৰ্বলতা তথা ছাত্ৰ -ছাত্ৰীৰ অনীহাৰ কাৰন সমুহ আলোচনা কৰিলে তলত আগবঢ়োৱা কেইটামান কাৰকক আমি চিহ্নিত কৰিব পাৰোঁ—
প্ৰথমতে,  উন্নত মাধ্যমৰ  ব্যক্তিগত  খণ্ডৰ  বিদ্যালয়ৰ আবিৰ্ভাৱ ৷ এই বিদ্যালয় সমুহে ভাল মেধাসম্পন্ন ছাত্ৰ -ছাত্ৰীক আকৰ্ষন কৰি বিদ্যালয় সমুহৰ ফলাফলৰ আকৰ্ষনীয় উত্তোলন কৰি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি তুলিছে ৷ অভিভাবক সকলেও নিজৰ ” ষ্টেটাছ চিম্বল ” বজাই ৰখা তথা ভাল ফলাফলৰ আশাত ব্যক্তিগত মাধ্যমৰ বিদ্যালয়লৈ নিজৰ লৰা -ছোৱালী প্ৰেৰন কৰিবলৈ ইচ্ছুক হয় ৷
দ্বীতিয়তে,  আজি আমাৰ সমাজ ব্যবস্থাত এই মানসিকতা গঢ় লৈ উঠিছে যে চৰকাৰী বিদ্যালয় সমুহত দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীয়েহে পঢ়িবলৈ যায় সেয়েহে নিজৰ সামাজিক আৰু অৰ্থনৈতিক ষ্টেটাছ বিঘ্নিত হোৱাৰ আশংকাত তথাকথিত ভাল (?)  ঘৰৰ লৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ অনিচ্ছুক হয় ৷
তৃতীয়তে,  এখন বিদ্যালয়ৰ সফলতাৰ অন্যতম কাৰক হৈছে তাত অধ্যয়ন কৰা ছাত্ৰ -ছাত্ৰীৰ মেধা আৰু মানসিকতা ৷ চৰকাৰী বিদ্যালয় সমুহত মেধাবী ছাত্ৰ -ছাত্ৰীৰ অভাবে বিদ্যালয়ৰ ফলাফলৰ হাৰ নিম্নগামী কৰি তোলে, তাৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে উন্নত মানৰ ফলাফল দেখুৱাবলৈ সক্ষম হয় ৷
চতুৰ্থতে,  ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমুহত শিক্ষক সকলৰ পাৰদৰ্শিতাৰ ওপৰত বিদ্যালয় কতৃপক্ষৰ  দ্বাৰা চোকা নজৰ ৰখা হয় ৷ নিয়মিত ভাবে ছাত্ৰ -ছাত্ৰীৰ পৰা ” ফিডবেক ” গ্ৰহন কৰা হয় ৷ শিক্ষক সকলেও ছাত্ৰ-ছাত্ৰীৰ ফলাফল ভাল কৰিবলৈ আন্তৰিকতাৰে শিক্ষাদান কৰে নহলে তেওঁলোকে চাকৰি হেৰুৱাৰ ভয় থাকে ৷ আনহাতে,  চৰকাৰী বিদ্যালয় সমুহত শিক্ষক সকলৰ চাকৰি হেৰুৱাৰ ভয় নাথাকে আৰু তেওঁ লোকৰ ভবিষ্যত সুৰক্ষিত হোৱাত শিক্ষক সকলৰ কৰ্ম স্পৃহা, উদ্দ্যমৰ অভাব পৰিলক্ষিত হয় ৷
পঞ্চমতে,  ব্যক্তিগত বিদ্যালয় সমুহৰ আকৰ্ষনীয় আন্তঃগাথঁনি, খেল ধেমালীৰ  উপযুক্ত সা -সুবিধা, খোৱাপানী, বিজুলী, স্বাস্থ্যৰক্ষাৰ প্ৰধান সমল সমুহৰ পৰ্য্যাপ্ততা তথা সুন্দৰ পৰিবেশে শিক্ষাৰ্থী আৰু অভিভাবক সকলক আকৰ্ষিত কৰে ৷ তুলনামুলক ভাবে চৰকাৰী বিদ্যালয় সমুহৰ দুস্তঃ পৰিবেশ,  জঁহি -খহি যোৱা আন্তঃগাঁথনি, বিভিন্ন অভাবে জুৰুলা কৰা এক পৰিবেশত   শিক্ষাৰ্থী আৰু অভিভাবক সকলক আকৰ্ষিত কৰিবলৈ অপাৰগ হয় ৷
ষষ্ঠতে,  ব্যক্তিগত খণ্ডই প্ৰতিষ্টা কৰা  বিদ্যালয়ৰ শিক্ষাপদ্ধতি সমুহ যথেষ্ট উদ্বাৱনী আৰু আধুনিক ৷ “ডিজিটেল লাৰ্নিং “, “ভাৰ্ছুৱেল ক্লাছৰুম ” আদি ব্যবস্থায় ছাত্ৰ-ছাত্ৰীক প্ৰতিটো বিষয় ৰসাল আৰু আৰ্কষনীয় ভাবে বুজি উঠিবলৈ সক্ষম কৰে ৷ সময়ৰ লগত খাপ খুৱাব পৰাকৈ এনে কোনো উদ্ভাৱনী শিক্ষা পদ্ধতিৰ সলনি চৰকাৰী বিদ্যালয়ত পৰম্পৰা গত ভাবে ব্লেকবোৰ্ড আৰু চকমাটিৰ সহায়েৰে শিক্ষা প্ৰদান কৰি থকা দেখা যায়  ৷
সপ্তমতে,  একন বিদ্যালয়ৰ সফলতাৰ মুল চাবিকাঠি হ’ল শিক্ষক সকলৰ কৰ্মসংস্কৃতি ৷ চৰকাৰী বিদ্যালয় সমুহত বছৰটোৰ অধিকাংশ দিনতেই বিভিন্ন দিৱস,  তিথি পালনৰ নামত পাঠদান দান প্ৰক্ৰিয়া বন্ধ ৰখা হয় ৷ আন্দোলন, বন্ধ,  বিদ্যালয় গৃহৰ অধিগ্ৰহন আদিয়েও শিক্ষাদান প্ৰক্তিয়াত  বিঘ্ন ঘটোৱাৰ লগতে সুস্থ শৈক্ষিক পৰিবেশ সৃষ্টিত আঘাত সানে  কিন্তু ব্যক্তিগত বিদ্যালয়ত এনেধৰনৰ সমস্যা তুলনামুলক ভাবে কম ৷
চৰকাৰী বিদ্যালয়ৰ দুৰ্বলতাৰ সঠিক কাৰন সমুহ পুংখানুপুংখ ভাবে বিশ্লেষন কৰাটো যথেষ্ট কঠিন ৷ উপৰোক্ত কাৰন সমুহৰ বাহিৰেও আন বহুতো কাৰকে চৰকাৰী বিদ্যালয় সমুহৰ প্ৰতি অনীহা  আৰু ব্যক্তিগত বিদ্যালয় সমুহৰ প্ৰতি আকৰ্ষন সৃষ্টি  কৰাৰ বাবে দায়ী ৷
চৰকাৰী বিদ্যালয় সমুহৰ এনে অসোৱাঁহ সমুহ দুৰ কৰিসমগ্ৰ শিক্ষা ব্যবস্থাক গতিশীলতা প্ৰদান কৰিবলৈ যাওঁতে আমি মনত ৰখা উচিত হব যে শিক্ষাৰ মুল উদ্দেশ্য হৈছে এজন সম্পূৰ্ন সুস্থ মানৱৰ জন্ম দিয়াটো ৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছে যে, ” শিক্ষা হল এটি শিশুৰ সৰ্বাত্মক গুনৰ বিকাশ সাধন, তাৰ দেহ -মন – আত্মাৰ সৰ্বোকৃষ্ট বিকাশেই হল শিক্ষা ৷ ” শ্ৰেনীকোঠাৰ বাহিৰেও যে শিক্ষা লাভৰ সমল থাকে তাৰ প্ৰতি প্ৰায় লোকেই সচেতন নোহোৱাৰ বাবে ছাত্ৰ -ছাত্ৰীৰ সৰ্বাংগীন বিকাশত যথেষ্ট বাধাৰ সৃষ্টি হয় ৷ এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমুহে নিজৰ উদ্ভাৱনী শক্তি ব্যবহাৰ কৰি সফল হোৱা দেখা যায় ৷
চৰকাৰী বিদ্যালয় সমুহক এনে দুৰৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ, তাক পুনৰুজ্জীৱিত কৰিবলৈ দৰকাৰ দীৰ্ঘম্যাদী আঁচনি আৰু বৈজ্ঞানিক পৰিকল্পনাৰ ৷ এই ক্ষেত্ৰত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ছাত্ৰ- ছাত্ৰীৰ স্বাস্থ্যৰ সকলো দিশতেই দৃষ্টি ৰখাটো জৰুৰী ৷
সবাতকৈ গুৰুত্ব পূৰ্ন বিষয়টো হৈছে শিক্ষক এজনৰ মানসিকতাৰ পৰিবৰ্তন ৷ শিক্ষা প্ৰদান কাৰ্য় এক  মহান বৃত্তি ৷ এজন শিক্ষকৰ ওপৰতেই এটা জাতিৰ ভবিষ্যত আৰু বিকাশ নিৰ্ভৰ কৰে ৷এই খিনি কথা যেতিয়া এজন শিক্ষকৰ হৃদয়ংগম হব তেতিয়াহে শিক্ষা ব্যবস্থাৰ উন্নতি সম্ভবপৰ হ’ব ৷
সময়ৰ সৈতে খাপ খুৱাই চৰকাৰী বিদ্যালয় সমুহতে ডিজিটেল শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰি শিক্ষাৰ গুনগত মান উন্নয়ন কৰিবলৈ চেষ্টা কৰা উচিত ৷ শিক্ষক সকলক সময়োপযোগী প্ৰশিক্ষন প্ৰদান কৰি, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে personality development centre বা ব্যক্তিত্ব বিকাশ কেন্দ্ৰ গঢ়ি তুলি তেওঁ লোকৰ সৰ্বাংগীন বিকাশ কৰিবলৈ চেষ্টা কৰা উচিত ৷ বিদ্যালয়ত পৰ্যাপ্ত আন্তঃগাথঁনি আৰু মৌলিক সা -সুবিধা সমুহ উপলব্ধ কৰোৱাটো চৰকাৰৰ নৈতিক দায়িত্ব ৷ বিদ্যলয় বোৰক  বন্ধৰ অপসংস্কৃতিৰ পৰা মুক্ত কৰি শৈক্ষিক দিনপঞ্জী সুচাৰু ৰুপে পালন কৰিবলৈ সুবিধা প্ৰদান কৰাটো আমাৰ দায়িত্ব ৷
সকলোতকৈ গুৰুত্ব পুৰ্ন, চৰকাৰী বিদ্যালয় সমুহক পুনৰুজ্জীৱিত কৰাৰ সমস্ত পৰিকল্পনা সফল ভাবে ৰুপায়ন কৰিবলৈ স্থানীয় লোকৰ সহায় আৰু সহযোগিতা নিতান্তই আবশ্যক ৷ আমি সকলো ৰাইজে একত্ৰিত হৈ নিজৰ বিদ্যালয় খনৰ উন্নয়নৰ সকলো প্ৰচেষ্টা নিজৰ হাতত তুলি লব লাগিব ৷ সময় থাকোতেই যদি এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যপন্থা তথা উপযুক্ত পৰিকল্পনা গ্ৰহন কৰা যায় তেন্তে নিঃসন্দেহে চৰকাৰী বিদ্যালয় সমুহো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে কাৰ্যকৰী ভাবে গুনগত মানদণ্ডৰ উন্নতি হব  আৰু ছাত্ৰ- ছাত্ৰীক আকৰ্ষনীয় আৰু উপযুক্ত শিক্ষা প্ৰদান কৰি ভবিষ্যত সমাজৰ বাবে এক যোগ্য নাগৰিক স্বৰুপে গঢ়ি তুলিবলৈ সক্ষম হব ৷

Related Articles

error: Content is copy right protected !!
Close