চেৰাপুঞ্জিৰ সৈতে পাঞ্জা খেলিলে তামহিনিয়ে

মহাবাহু

পুণে এইবাৰৰ বাৰিষাত সৰ্বাধিক বৃষ্টিপাত হোৱা তালিকাত একেবাৰে শীৰ্ষস্থান লাভ কৰিলে পুণে জিলাৰ ‍‘তামহিনি’ অঞ্চলে। অৰ্থাৎ, এইবাৰ মেঘালয়ৰ চেৰাপুঞ্জিকো বৰষুণৰ প্ৰতিযোগিতাত চেৰ পেলালে তামহিনিয়ে। ২০১৯ চনৰ ৬ আগষ্ট পৰ্যন্ত সমগ্ৰ ভাৰত উপমহাদেশৰ বিভিন্ন স্থানৰ বৃষ্টিপাতৰ যি সমীক্ষা কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে, সেই সমীক্ষা অনুসৰি দেখা গৈছে যে ১ আগষ্টৰ পৰা ৫ আগষ্ট পৰ্যন্ত পুণে জিলাৰ তামহিনি ঘাটত বৰষুণ হৈছে ৫৯৫৯ মিলিমিটাৰ। আনহাতে মেঘালয়ৰ চেৰাপুঞ্জিত এইবাৰ বৰষুণৰ পৰিমাণ হৈছে ৫৩৪৬.৩ মিলিমিটাৰ।

পুণেৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰধান অনুপম কাশ্যপিয়ে কৈছে যে—‍‘নদীবিজ্ঞানৰ বিষয়ে গৱেষণা কৰা গৱেষকসকলে জনাইছে যে সাহদ্ৰি অঞ্চলত নিয়মিত বৰষুণ আৰু মানুহৰ সমাগম অধিক হোৱা হেতুকে ঘাটৰ ৰক্ষণাৱেক্ষণ কৰা কঠিন হৈ পৰিছে।’ লগতে তেওঁ পুনৰ কৈছে যে—‍‘এইবাৰ পুণে সমগ্ৰ জিলাখনতেই প্ৰবল বৰষুণ হৈছে।’ এই কথা সমৰ্থন কৰি গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সঞ্জয় অ’নেইল শ্ব-ই কৈছে যে—‍‘এয়া সঠিক যে এইবাৰ চেৰাপুঞ্জিক চেৰ পেলাই তামহিনিয়ে সৰ্বাধিক বৃষ্টিপাতৰ অঞ্চল হিচাপে শীৰ্ষস্থান দখল কৰিছে। সমগ্ৰ মহাৰাষ্ট্ৰত এইবাৰ প্ৰবল বৰষুণ হৈছে। কিন্তু এতিয়াও বাৰিষা কাল সমাপ্ত হ’বলৈ প্ৰায় দুমাহ সময় আছে। তাৰ পিছতহে সঠিক চিত্ৰ সমুখলৈ আহিব।’

কেৱল তামহিনিয়েই নহয়, সেই অঞ্চলৰ ওচৰে-পাঁজৰেও এইবাৰ প্ৰবল বৰষুণ হৈছে বুলি পুণেৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে জনাইছে। 

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close