চুলিৰ অকাল পক্কতা

ডাঃ মুকুল শৰ্মা

 চুলিৰ অকাল পক্কতা বুলি কলে আমি সাধাৰণতে এটা নিৰ্দিষ্ট বয়সৰ আগতে চুলি পকি যোৱা পৰিঘটনাকে বুজো। মানুহৰ প্ৰজাতি বা মহাদেশীয় অৱয়ব অনুসৰি এই বয়সৰ সীমাটোও ভিন ভিন ধৰা হৈছে। যেনে-
*বগা ছালৰ ইউৰোপীয় মানুহৰ বাবে এই বয়স ২০ বছৰ।
*এছিয়াত বাস কৰা মানুহৰ বাবে ২৫ বছৰলৈ উৰ্দ্ধ সীমা ধৰা হৈছে।
*আফ্ৰিকীয় মানুহৰ বাবে এই বয়স ৩০ বছৰ ধৰা হৈছে।
 যিবিলাক মানুহৰ সুন্দৰ ছাল, সোনালী চুলি থাকে যেনে- ককেছীয় মানুহ বিলাকৰ বয়স ত্ৰিশৰ দশকৰ মধ্যভাগত চুলি পকিলে সেইটো স্বাভাৱিক বুলি ধৰা হয়। যিবিলাক মানুহৰ ছাল বগা, চুলি মূগা বা ক’লা বৰণৰ যেনে – এছিয়া মহাদেশৰ মানুহবিলাকৰ বয়স ত্ৰিশৰ দশকৰ শেষৰ ফালে চুলি পকিলে তাক স্বাভাৱিক বুলি ধৰা হয়। আনহাতে ক’লা ছাল আৰু চুলিযুক্ত আফ্ৰিকীয় বিলাকৰ বয়স চল্লিশৰ দশকৰ মধ্যভাগত চুলি পকিলে স্বাভাৱিক বুলি ধৰা হয়।
#চুলি পকাৰ মূখ্য কাৰণ :- আমাৰ চুলিবিলাকৰ বৰণ ক’লা মেলানিন নামৰ ৰঞ্জক পদাৰ্থৰ দ্বাৰা হয় আৰু মেলানিনৰ উৎপত্তি মেলানোচাইট্ নামৰ কোষবিলাকৰ পৰা হয়। বয়সৰ লগে লগে মেলানিনৰ নি:সৰণ কমি যায় যাৰ ফলত বুঢ়া বয়সত চুলি বিলাক স্বাভাৱিক ভাবে পকিববলৈ আৰম্ভ কৰে। কিন্তু যদি কিবা কাৰণত সময়ৰ আগতে মেলানিন নি:সৰণ বাধাপ্ৰাপ্ত হয় তেনেহলে চুলিবিলাক সময়ৰ আগতে পকিবলৈ আৰম্ভ কৰে।
 চুলি বহুতো কাৰণত পকিব পাৰে যদিও তলত সচৰাচৰ দেখা কেটামান কাৰণ উল্লেখ কৰা হ’ল।
*বংশগত:- যদি মাক, দেউতাক, ভায়েক ইত্যাদি পৰিয়ালৰ কোনো সদস্যৰ চুলিৰ অকাল পক্কতা থাকে তেনেহ’লে পৰিয়ালৰ অন্য সদস্যৰো কম বয়সতে চুলি পকিব পাৰে।
*Auto Immune Disease :- সাধাৰণতে কিছুমান auto Immune disease যেনে:- পাৰ্নিচিয়াছ এনিমিয়া, হাইপো বা হাইপাৰ থাইৰ’ডিজম, শ্বেতকুষ্ঠ (vitiligo) ইত্যাদি স্বাস্থ্যগত সমস্যাৰ বাবেও চুলিৰ অকাল পক্কতা প্ৰায়েই দেখা যায়।
*সময়ৰ আগতে দেখা দিয়া বুঢ়া বয়সৰ লক্ষণ :- কিছুমান অনাকাংক্ষিত ৰোগ যেনে:- প্ৰোজেৰিয়া (Progeria), পেন্জেৰিয়া (Pangeria) ইত্যাদিৰ প্ৰভাৱত সময়ৰ আগতে মানুহ বুঢ়া হোৱা দেখা যায় আৰু ফলত চুলিও পকে ।কিন্তু এনেকুৱা বেমাৰ খুব দুৰ্লভ হয়।
*এলাৰ্জীৰ প্ৰতি প্ৰবনতা থকা :- সঘনাই হোৱা হাওঁফাওঁৰ এলাৰ্জী (এজ্মা), চকুৰ এলাৰ্জী (allergic conjunctivitis), নাকত হোৱা এলাৰ্জী (allergic rhinitis) ইত্যাদিৰো চুলিৰ অকাল পক্কতা সমস্যাৰ লগত সম্বন্ধ থকা বুলি ভবা হয়।
*পুষ্টি সম্বন্ধীয় কাৰণ :- খুৱ ভয়াবহ ভাবে বা লাহে লাহে বহুদিনৰ পৰা শৰীৰৰ পৰা প্ৰটিন, আইৰণ, ফলিক এচিড, ভিটামিন বি ১২, তাম্ৰ (copper) ইত্যাদি খনিজ লবণ ক্ষয় হৈ গৈ থাকিলেও চুলিৰ অকাল পক্কতা হব পাৰে ।এইয়া সাধাৰণতে আমাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ ৰোগৰ বাবে হব পাৰে। যেনে- Mal absorption syndrome, nephrosis, kwasiorker syndrome ইত্যাদি । গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি কেলছিয়াম, ভিটামিন ডি, ফেৰিটিন ইত্যাদিৰ যথেষ্ট পৰিমাণে অভাৱ হ’লেও চুলিৰ অকাল পক্কতা ৰোগ হয়। আনহাতে অন্য এক গৱেষণা মতে শৰীৰত তাম্ৰ (copper) ৰ অভাৱৰ ফলতো গড় হিচাপত ১৫ বছৰৰ তলৰ ল’ৰা ছোৱালীৰ চুলি পকা দেখা যায়।
*অত্যধিক মানসিক চাপ :- অত্যধিক মানসিক আৰু শাৰিৰীক চাপৰ ফলতো চুলিৰ অকাল পক্কতা দেখা যায়।
*কিছুমান ঔষধৰ সেৱনৰ ফলত :- কিছুমান ঔষধ যেনে- ক্ল’ৰকুইন, ফেফেনচিন, ফ্ল’ৰোবিউটাৰোফেনন, ইণ্টাৰফেৰন- আলফা ইত্যাদি ঔষধৰ সেৱনৰ ফলতো চুলিৰ অকাল পক্কতা দেখা যায়।
*কিছুমান স্বাস্থ্যজনিত সমস্যা : কিছুমান স্বাস্থ্য জনিত সমস্যা বা বেমাৰৰ ফলতো চুলিৰ অকাল পক্কতা দেখা যায়। যেনে- এইচ্ আই ভি সংক্ৰমণ, চিষ্টিক ফাইব্ৰচিচ, Hodgkins lymphoma ইত্যাদি ।
*ধূম্ৰপাণ আৰু ড্ৰাগছ সেৱনৰ ফলত : বহুদিনীয়া পুৰণি ধূমপানৰ অভ্যাস আৰু নিচাযুক্ত ড্ৰাগছৰ সেৱনৰ ফলতো চুলিৰ অকাল পক্কতা দেখা যায়।
*পাৰিপাৰ্শ্বিকতাৰ বাবে হোৱা অনিষ্ট সাধন :- অত্যধিক প্ৰদূষণ, অতি বেঙুনীয়া ৰশ্মি, মূৰৰ ছালত হোৱা কিছুমান auto Immune disease, চুলিত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থযুক্ত চেম্পু, ৰং ইত্যাদিৰ ফলতো চুলিৰ ৰং উৎপন্নকাৰী কোষসমূহৰ অনিষ্ট সাধন হৈ চুলি পকা আৰম্ভ হব পাৰে।
#চুলিৰ অকাল পক্কতা বাধা দিয়াৰ কেইটামান উপায়:- বগা চুলিবিলাক সাধাৰণতে খহটা আৰু অনমনীয় হয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰা খুব কঠিন। এবাৰ পকি বগা হোৱা চুলি কেতিয়াও ক’লা বনাব নোৱাৰি। পাৰি মাত্ৰ আৰু যাতে চুলি নপকে তাক বাধা দিব বা যিবিলাক নোমকূপৰ পৰা পকা চুলি উৎপন্ন হৈছে সেইবিলাকক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব যাতে সেইবিলাকৰ পৰা পুনৰ মেলানিন সংশ্লেষণ হয়। তলত আগলৈ অকাল পক্কতা ৰোধ কৰাৰ বাবে কেইটামান টিপচ্ উল্লেখ কৰা হ’ল :-
১) কৃত্ৰিম পদ্ধতিৰে বা ইলেক্ট্ৰনিক মেচিনৰ সহায়ত কেতিয়াওঁ চুলি শুকুৱাব নালাগে।
২) চুলি পোনাবলৈ গৰম ইস্ত্ৰি ব্যৱহাৰ কৰিব নালাগে।
৩) চুলি কেতিয়াও কৃত্ৰিম ভাবে কেকোৰা কেকুৰি বা ঢৌ খেলোৱা বনাব নালাগে।
৪) কৃত্ৰিম ভাবে চুলি কেতিয়াও পোনাব নালাগে। চুলি পোনাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থসমূহে পুনৰ চুলিৰ অনিষ্ট সাধন কৰে বিশেষকৈ এই ৰাসায়নিক পদাৰ্থ সমূহ যেতিয়া মূৰৰ ছাল স্পৰ্শ কৰে য’ত চুলিৰ ৰং প্ৰস্তুতকাৰী কোষ সমূহ থাকে।
৫) কোনো স্পা বা বিউটি পাৰ্লাৰ যিয়ে চুলি ক’লা কৰিম বুলি গ্যেৰাণ্টী দিয়ে তেনে স্পা বা বিউটি পাৰ্লাৰৰ কথাত বিশ্বাস নকৰাই ভাল।
৬) অতি প্ৰখৰ ৰ’দ চুলিবিলাকত পৰিব দিব নালাগে। কাৰণ সূৰ্য্যৰ ৰ’দত থকা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত চুলিৰ নোমকূপ সমূহ অনিষ্ট হব পাৰে।
৭)চুলিত ৰং কৰাৰ সময়ত সজাগ হব লাগে:- কেতিয়াবা পকা চুলি ঢাকিবলৈ চুলিত ৰং কৰিবলগীয়া হব পাৰে। কিন্তু পকা চুলিত স্বাভাবিক চুলিৰ নিচিনা সহজতে ৰং নধৰে। চুলিত ব্যৱহাৰ কৰা ৰং বিলাক যাতে মূৰৰ ছাল স্পৰ্শ নকৰে আৰু সকলোখিনি চুলিতে সমভাবে লাগে তাৰ প্ৰতি নজৰ দিব লাগে।
৮) ৰাত্ৰজাগৰণ পৰিহাৰ কৰিব লাগে।
৯) অত্যধিক মানসিক চাপ পৰিহাৰ কৰিব লাগে।
#চুলিৰ অকাল পক্কতা ৰোধৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঘৰুৱা বিধান :-
*কেই টুকুৰামান আমলখি অলপমান নাৰিকল তেলৰ লগত উতলাব লাগে মিশ্ৰণটোৰ বৰণ ক’লা নোহোৱা লৈকে। এই মিশ্ৰণটো চুলিত লগাব পৰা যায়।
*আদাৰ সৰু সৰু টুকুৰা বা গুড়ি দৈনিক মৌৰ লগত মিহলাই সেৱন কৰিলেও চুলিৰ অকাল পক্কতা ৰোধত সহায় কৰে।
*নাৰিকলৰ তেল আৰু নেমুৰ ৰস চুলিৰ গূৰিত মালিচ কৰিলেও অকাল পক্কতা ৰোধ কৰিব পৰা যায়।
*নাৰিকল তেলৰ লগত নৰসিংহৰ পাত উতলাই লব লাগে যেতিয়ালৈকে পাতখিনি ক’লা নপৰে। ইয়াক মূৰৰ ছাল আৰু চুলিত টনিক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ই চুলি সৰা লগতে চুলিৰ অকাল পক্কতা ৰোধত সহায় কৰে। নৰসিংহৰ পাতত থকা এবিধ ৰঞ্জক পদাৰ্থই চুলিৰ স্বাভাৱিক ৰং ঘূৰি অহাত সহায় কৰে। নৰসিংহৰ পাতক দৈৰ লগতো ব্যৱহাৰ কৰিব পৰা যায়।
*২ চামুচ হেনাৰ চূৰ্ণ, ১ চামুচ দৈৰ ঘোল, এচামুচ মেথিৰ পেষ্ট, ৩ চামুচ কফি, ২ চামুচ তুলসী পাতৰ পেষ্ট আৰু তিনি চামুচ পদিনাৰ ৰস মিহলাই চুলিত লগাই তিনি ঘণ্টা পিছত চেম্পুৰে ধুই দিব লাগে। নিয়মিত এই মিশ্ৰণৰ ব্যৱহাৰ কৰিলেও চুলিৰ অকাল পক্কতা ৰোধ কৰিব পৰা যায়।
*পিয়াঁজৰ ৰসো অকাল পক্কতা ৰোধ কৰাৰ বাবে উপকাৰী হয়।
*নেমুৰ পানীৰে মূৰ ধুলেও অকাল পক্কতা ৰোধত সহায়ক হয়।
*আমলখিৰ ৰস, আলমণ্ড তেল আৰু নেমুৰ ৰস এই মিশ্ৰণটোও ব্যৱহাৰ কৰিব পৰা যায়।
*কেইটুকুৰামান শুকান আমলখি কেইঘন্টামানৰ বাবে পানীত তিয়াই ৰাখি ইয়াক উতলোৱা চাহপানী, এচামুচ ইউকেলিপ্টাচ্ তেলৰ লগত মিহলাই এটা লোহাৰ পাত্ৰত গোটেই ৰাতি ৰাখি এই মিশ্ৰণটো দৈ, নেমুৰ ৰস আৰু এটা কণীৰ লগত মিহলাই ৰাতিপুৱা চুলিত লগালেও সুফল পোৱা যায়। ইয়াক প্ৰতি পোন্ধৰ দিনৰ মূৰত এবাৰ ব্যৱহাৰ কৰিব পৰা যায়।
*দৈনিক আমলখিৰ ৰস সেৱন কৰিলেও চুলিৰ স্বাভাৱিক বৰণ ঘূৰি আহে।
#চিকিৎসা : চুলিৰ অকাল পক্কতাৰ চিকিৎসা কৰাৰ আগতে ইয়াৰ সঠিক কাৰণ জনাটো উচিত। তাৰ বাবে কেতিয়াবা তেজৰ আইৰণ, ফলিক এচিড, কপাৰ, ভিটামিন বি ১২, থাইৰইড হৰমন ইত্যাদি পৰীক্ষা কৰাৰ দৰকাৰ হব পাৰে। যদি এনেকুৱা কোনো খনিজ পদাৰ্থ, ভিটামিন বা হৰমনৰ বিসংগতি বা অভাৱ পৰিলক্ষিত হয় তেন্তে সেই কাৰণটোৰ চিকিৎসা কৰাৰ প্ৰয়োজন হয়।
#খাদ্য:- চুলিৰ অকাল পক্কতা ৰোধ কৰাৰ ক্ষেত্ৰত খাদ্যবস্তুৰ যথেষ্ট অৰিহণা আছে। যথেষ্ট পৰিমাণে আইৰণ, ভিটামিন এ, বি আৰু খনিজ পদাৰ্থ জিংক, কপাৰ ইত্যাদি যুক্ত খাদ্য সেৱন কৰিব লাগে। সেউজীয়া শাক পাচলি, হালধীয়া ফল মূল, ফুলকবি, কল, বিলাহী, দাইল, দৈ, লিভাৰ ইত্যাদি সেৱন কৰিব লাগে ।যথেষ্ট পৰিমাণে আইৰণযুক্ত খাদ্য সেৱন কৰিব লাগে, আয়ডিনযুক্ত খাদ্য যেনে- কল, গাজৰ, মাছ ইত্যাদি সেৱন কৰিব লাগে ।এণ্টি-অক্সিডেণ্ট যুক্ত খাদ্য খোৱা উচিত। বেছি চৰ্বীজাতীয়, মছলাযুক্ত খাদ্য সেৱন পৰিহাৰ কৰিব লাগে। যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে ।
#আয়ুৰ্বেদিক দৃষ্টভংগী :-  আয়ুৰ্বেদত ইয়াক পালিত্ব বেমাৰৰ লগত তুলনা কৰা হৈছে আৰু ইয়াক পিত্ত দোষ প্ৰকূপিত হৈ সৃষ্টি হোৱা বুলি কোৱা হয়। সাধাৰণতে পিত্ত দোষ প্ৰকোপক আহাৰ বিহাৰ মূখ্যতঃ তীক্ষ্ণ, উষ্ণ, মছলাযুক্ত খাদ্য সেৱন, বৰ্তমান সময়ত সমাজত দেখা দিয়া মানুহৰ উগ্ৰ মনোবৃত্তি মূলক আচৰণ, কথাই কথাই খং উঠা স্বভাৱ ইত্যাদিৰ পৰিপেক্ষিতত পিত্ত দোষ প্ৰকূপিত হয় আৰু পকূপিত পিত্ত দোষে বাত আৰু কফ দোষৰ লগ লাগি বিভিন্ন বেমাৰৰ লগতে চুলিৰ অকাল পক্কতা ৰোগৰো সৃষ্টি কৰে।
 আয়ুৰ্বেদীক ঔষধ হিচাপে আমলখি ৰসায়ন এচামুচ, এচামুচ মৌ আৰু আধা চামুচ ঘীঁ মিহলাই দৈনিক সেৱন কৰিলে সুফল পোৱা যায়। ইয়াৰ উপৰি চুলিত মহা ভৃংগৰাজ তেল লগাব পৰা যায়। ইয়াৰ লগত নিম্বাদি তেল আৰু বাহ্মী তেলো ব্যৱহাৰ কৰিব পৰা যায়।
(ডা. মুকুল শৰ্মা #৯৫০৮০২৬৮২৫ )
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close