চুলাই আৰু আমি

দীপজ‍্যোতি গগৈ

অসমৰ আটাইতকৈ পৰিশ্ৰমী লোক সকলৰ ভিতৰত চাহ বনুৱা সকল অন্যতম।প্ৰশ্নটো সেইটো নহয়,কথাটো হৈছে তেওঁলোকৰ অৰ্থ-সামাজিক ৰাজনৈতিক অৱস্থানটো।দিনটোৰ পৰিশ্ৰমৰ নামত কি পাইছে? ১৩০-১৪০ টকাত আমি দিনটোৰ বাবে খাটিব পাৰোঁনে?সঁচা কথা যে ব্ৰিটিছে তেওঁলোকক একমাত্ৰ ‘শ্ৰম’ৰ বাবেই আনিছিল,লগতে তেওঁলোক যাতে নিজৰ অৱস্থানটো নিৰ্ণয় কৰিব নোৱাৰে,অধিকাৰক লৈ সোচ্চাৰ হ’ব নোৱাৰে ,তাৰ বাবে নানান আদব-কায়দা লৈছিল।তেওঁলোকক তেতিয়াৰ পৰাই নিৰ্দিষ্ট এলেকাত লাইন(শাৰী) পাতি ঘন-জনবসতিপূৰ্ণ অঞ্চল নিৰ্মাণ কৰি একপ্ৰকাৰ আবদ্ধ কৰি ৰাখিছিল। বহুদিনলৈ সেই লাইনবোৰত অন্য মানুহ প্ৰৱেশ নিষিদ্ধ আছিল,তাক বাগিচা কৰ্তৃপক্ষই নিশ্চিত কৰিছিল।তেওঁলোকো যাতে অন্য মানুহৰ দ্বাৰা নিজৰ শোষিত অৱস্থাটো বিষয়ে গমিব নোৱাৰে,তাৰ বাবে সেই লাইনবোৰতে সাপ্তাহিক/পষেকীয়া বজাৰ স্থাপন হৈছিল,যিবোৰ আজিও আছে। দিনটো বাগানত কঠোৰ পৰিশ্ৰমৰ অন্তত যাতে ভাগৰি নপৰে,দৈহিক কষ্ট নিমিষতে নিৰাময় কৰিবলৈ কিছুমান দেশীয় সুৰা ব্ৰিটিছে প্ৰচলন কৰিছিল,যাক স্থানীয় ভাষাত ‘চুলাই’ ৰূপে খ্যাত।এইবোৰ নেৰানেপেৰা সেৱনৰ ফলত আয়ুসকাল তেনেই কমি গৈছিল,লগতে চাহৰ লগত নিমখ খোৱা আৰু মজিয়াত শোৱা ব্যৱস্থাটো আজিও প্ৰচলিত।শিক্ষা-দীক্ষাত বঞ্চিত,স্বাস্থ্য সেৱা নামত যি কেইবাখনো লাইনৰ মাজত প্ৰাথমিক হস্পিতেলৰ ব্যৱস্থা,তাত সৰু সুৰা কটা-মেলা চিকিৎসা বাদে অন্যান্য উন্নত চিকিৎসাৰ অভাৱ। আমি এই কথাবোৰ কিয় কৈছোঁ? আমাৰ ঘৰখন এই লাইনৰ লগতে আছে,তেওঁলোকৰ ভাষা,সংস্কৃতি,স্বভাৱ চৰিত্ৰ বিষয়ে অৱগত।সেই যে বজাৰ বোৰৰ কথা ক’লো,আমাৰ তাত ১৪ দিনত মূৰত প্ৰতি শুক্ৰবাৰে বহে। এই বজাৰবোৰ এটা সময়লৈকে আমাৰ জীৱিকাৰ সম্বল স্বৰূপ আছিল,তাত আমি হাই চেকেণ্ডেৰী উত্তীৰ্ণ হোৱা লৈকে প্ৰায় প্ৰতিখন বজাৰত ঘৰৰ বাৰীৰ পাচলি,হাঁহ কুকুৰাৰ কণী বিক্ৰী কৰিছিলোঁ। আজিও হোষ্টেলৰ পৰা ঘৰলৈ কেইবাদিনৰ বাবে গ’লে ঘৰুৱা উৎপাদিত সামগ্ৰী বিক্ৰী কৰোঁগৈ।তেওঁলোক আমাৰ বাবে অতি আপোন,বৰ সৰলমনা লোক।গোলাঘাটত সংঘটিত মৰ্মান্তিক ঘটনাটো দেখা পিছত বহু সচেতন লোক সৰৱ হৈছে;ভাল কথা,কিন্তু মাজে মাজে আপোনালোক তেওঁলোকৰ লাইনবোৰলৈ যাব ধৰক,তেতিয়াহে বুজিব বাস্তৱত হৈছে কি।শেহতীয়াকৈ তেওঁলোকৰ মহিলা সকলক বুজাই মিলি বহুলোকে দেশীয় সুৰা প্ৰস্তুত কৰা ভাঁটিবোৰ ধ্বংস কৰিছিল,কাজেই ই লাইনবোৰত বিৰূপ প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত নকৰাকৈ হঠাৎ ‘চুলাই’ বন্ধ কৰিলে ফলাফল ভিন্ন হ’ব পাৰে,ভয়ে ভয়ে লুকাই চুৰকৈ কিছুমানে ল’বলগীয়া সাৱধানতা নোলোৱাকৈ ‘চুলাই’ প্ৰস্তুত কৰিব ধৰিছে, আমি ভাবোঁ গোলাঘাটৰ ঘটনাটো তেনে অসাৱধানতা বাবেই এনে ভয়ংকৰ ৰূপ পাইছে।যি নহওঁক,এই চুলাই কিন্তু বৈজ্ঞানিক পদ্ধতিৰে প্ৰস্তুত হয়। তেওঁলোকৰ দুৰৱস্থাৰ বাবে আমি দায়ী,প্ৰতিখন চৰকাৰ দায়ী,পুঁজিপতি চাহ কোম্পানীবোৰ দায়ী, জাতীয়-অজাতীয় সংগঠনবোৰ দায়ী, কংগ্ৰেছৰ এজেন্ট ‘চাহ মজদূৰ সংঘ’ দায়ী,চাহ জনগোষ্ঠীৰ মাজত গঢ়ি উঠা সংগঠনবোৰ দায়ী,তেওঁলোকৰ শিক্ষিত সমাজ দায়ী, নাগৰিক-বুদ্ধিজীৱী সকলো দায়ী। আকৌ কওঁ,অসমৰ আটাইতকৈ শোষিত বঞ্চিত মানুহ খিনিয়ে হৈছে চাহ বনুৱা সকল। ব’লক আমি লাইন বোৰ ভ্ৰমণ কৰোঁ!

Related Articles

Check Also

Close
Close