চুব খোজা শব্দকেইটা
দ্ৰোনালী তালুকদাৰ

শিমলুৰ আগত বেদনাৰ সিক্ততা,
আঘাতৰ প্ৰাচুৰ্য তাত
ৰং তাৰ নীলা।
–এটা শব্দ
সৰাপাতৰ সিৰাইদি সৰি পৰে
নিয়ৰৰ এটোপা এটোপা কণিকা
নৈশতাত গুঁঠিব খুজিছো তাঁতশালৰ এটি
ৰঙীন সন্ধিয়া।
–এটা শব্দ
শুই থকা ৰাতিৰ মাজত যেন
সপোনৰ গাঢ়তা
দুপৰীয়াৰ নিটাল আঁচলত
বিচাৰো অৰ্থৱহ এটি সুৰৰ স্ৰোতধাৰা
–তাতো এটা শব্দ
আবেলিৰ ছাঁটোৰপৰা সাৰ পাই উঠি
নৈপৰীয়া বাঁহীৰ সুৰ বিচাৰি বিচাৰি
ঢলি পৰা নিয়ৰ
সৰি পৰে ক’ত…?
–চুব খোজা এটি শব্দ
সকলোবোৰ শব্দ যেন খহি খহি পৰে
দুহাতৰ অজান কোমলতাত
আৰু শেষত হেৰাই যায়—
‘সৌ নদীখনৰ গৰাখহনীয়াত’।