চুটিয়া জাতি

জীৱকান্ত গগৈ

পূৰ্বপুৰুষৰ আদি বাসস্থান আছিল চীন দেশৰ গোবী মৰুভূমিৰ আশে-পাশে থকা বিৰাট, বিস্তীৰ্ণ মংগোলীয় অঞ্চল। খাদ্যৰ নাটনি অথবা প্ৰকৃতিৰ কিবা ৰূপতেই হয়তো প্ৰপীড়িত হৈ দলে দলে আগবাঢ়িল দক্ষিণ-পশ্চিম দিশলৈ। উত্তংগ পৰ্বতমালা পাৰ হৈ সোমাই পৰিল আহি, সময়ৰ সোঁতত প্ৰকৃতিৰ ৰম্যস্থান, চিৰ সেউজীয়া কামৰূপত। এদলে ভাৰতৰ উত্তৰে হিমালয় গিৰি অতিক্ৰম কৰি ক্ৰমে তেওঁলোকে কেইবাঠাইতো থানিকা পাতিলে বেলেগ বেলেগ নেতৃত্বৰ অধীনত। এনে সময়তে, আৰ্য জাতিৰো সম্প্ৰসাৰণ চলিল ভাৰতৰ পূব দিশলৈ। আৰ্য সূৰ্যবংশী দ্ৰহ্ৰুৱে বড়ো ৰাজকুঁৱৰীৰ (দলপতিৰ কন্যা) পাণি গ্ৰহণ কৰি আৰ্য আৰু মংগোলীয় অনাৰ্যৰ মিশ্ৰিত সভ্যতাৰ পাতনি মেলিলে। এলাহাবাদৰ কাষতেই, যমুনা নৈৰ পাৰত তেওঁৰ ৰাজ্যখনি স্থাপিত হ’ল। হয়তো বড়োসকলৰ ওপৰত ৰাজত্ব কৰিবলৈ চেষ্টা কৰাই আছিল তেওঁৰ অন্তৰৰ কামনা। এই বড়োসকলৰেই আন এজন নেতা প্ৰতাৰ্ধনে খ্ৰীঃপূঃ ১৯০০ চনত কামৰূপৰ অন্তৰ্গত নগাঁৱৰ কপিলী নৈৰ পাৰত প্ৰতিষ্ঠা কৰিলে এখনি ৰাজ্য আৰু আগতে কামৰূপলৈ অহা একে বড়ো গোষ্ঠীৰেই দলটিক কাছাৰৰ ফাললৈ (বৰাক নৈৰ উপত্যকা) ঠেলিবলৈ ধৰিলে। এই বৰাক নৈৰ উপত্যকা কাছাৰেই হ’ল মহাভাৰতৰ ঘটোৎকছ মাতৃ হিড়িম্বাৰ দেশ।

যাতায়াতৰ অসুবিধা আৰু বিভিন্ন সময়ত অহা বিভিন্ন বড়ো দলবিলাকৰ মাজত ক্ৰমে সংশ্ৰৱৰ ঠেৰু বা আঁত হেৰাই যাব ধৰিলে। আনহাতে, আৰ্যসকলৰ আৰ্য সভ্যতা বিস্তাৰৰ চেষ্টাৰ কাৰণেও হয়তো এই দলবিলাকৰ মাজত পৰস্পৰৰ পৰিচয়ৰ বাটো নোহোৱা হৈ পৰিলগৈ। ঠাই বা দল অনুযায়ী হয়তো প্ৰত্যেক দল বা উপদলেই বেলেগ বেলেগ নাম ল’বলৈ ধৰিলে। সেয়েহে ‘এণ্ডেল চাহাবে’ বৰ্তমান ৰাভা, মেচ, ঢেমল, কোচ, শলনিমীয়া, মহলীয়া, ফুলগুৰীয়া, শৰণীয়া, ডিমাচা, হোজাই, লালুং, গাৰো, হাজং আদিৰ লগতে উজনি অসমৰ মৰাণ আৰু চুটিয়া লোকসকলকো বিৰাট বড়ো তথাকথিত কছাৰী জাতিৰেই বংশধৰ বুলি প্ৰকাশ কৰিছে।

একোটাকৈ ত্ৰাণকৰ্তা দেৱতাৰ প্ৰতীক থাকে ভালেমান আৰ্য আৰু অনাৰ্য গোষ্ঠীৰেই। ই শিল অথবা কোনোবা মূল্যৱান ধাতুৰে গঢ়া পদাৰ্থ। ইয়েই ৰাজলক্ষ্মী। পূজা সন্ধ্যা চলে নিজৰ শ্ৰীবৃদ্ধিৰ কাৰণে এই প্ৰতীকেৰেই। কাকূতি-মিনতি চলে বিপদৰ সময়ত। প্ৰাণতকৈও প্ৰিয়তৰ। সেয়েহে চুটিয়া জাতিৰ ৰাজপ্ৰতীক হ’ল সোণৰ মেকুৰী (ৰজাৰ মোহৰ ছাপতো  এই মেকুৰীৰেই চিত্ৰ আছিল), ঢাল, তৰোৱাল আৰু এপাট যাঠি। ই কুবেৰ দত্ত সম্পত্তি। ৰাজলক্ষ্মী আৰু সামূহিক ৰজা-প্ৰজাৰ কাৰণে ইষ্টদেৱী হৈ পৰিল তাম্ৰেশ্বৰী মন্দিৰৰ কেঁচাইখাতী গোসাঁনী। নৈখনৰ দক্ষিণ পাৰত এই বুৰঞ্জীপ্ৰসিদ্ধ তাম্ৰেশ্বৰী মন্দিৰৰ ভগ্নাৱশেষ এতিয়াও আছে। এই ঠাই বৰ্তমান শদিয়াৰপৰা ৩০ মাইল উত্তৰ-পূবে।

চুটিয়াসকলৰ চাৰিটা ফৈদ— দিবংগীয়া, টেঙাপনীয়া, বৰভূঞা আৰু পাতৰগঞা আজিও বিদ্যমান।

উল্লিখিত তাম্ৰেশ্বৰী মন্দিৰত, চুটিয়া আৰু আনকি আহোম ৰজাৰ সময়তো নৰবলি পৰ্যন্ত দিয়া হৈছিল। তাম্ৰেশ্বৰী মন্দিৰ নৈয়ে খহোৱাত, তাৰ বিগ্ৰহ, শিঙা, ঘণ্টা, বলিকটা দা, অৰ্ঘা আদি নৈৰ গৰ্ভত বিলীন হৈ পৰে।

মতান্তৰ ‘দেউৰী সংস্কৃতি’ পুথিখনিত পোৱা যায় যে দ্বিতীয় ৰঙাচকুৱা বৰ দেউৰীক, পাছৰ কালত, মানে শদিয়া খোৱা বিষয়-বাব দিছিল। এওঁৰ দিনতে, দেউৰীবিলাকে শদিয়া এৰি ভটিয়াই আহে।

শ্ৰীবেণুধৰ শৰ্মাদেৱৰ উক্তিঃ শদিয়াৰ কৌণ্ডিল্য বা কুণ্ডিল (কুণ্ডি মামাৰ পৰা কুণ্ডিল হোৱাটো অনুমেয়) নগৰখনৰ নাম কছাৰী ভাষাত হালালি বুলি কয়। কছাৰীৰ ডিমাচা বা দিমাচা (বড়ো শব্দৰ অৰ্থ বৰ নদীৰ সন্তান) বংশটোৱেই ব্ৰহ্মপুত্ৰ বংশ বুলি কয়। আহোমৰ আগতেই এই বংশই অসমত ৰাজত্ব কৰিছিল। (আৱাহন, ৪ৰ্থ সংখ্যা, ২৫শ বছৰ, ১৮৭৬ শক বা ১৯৫৪ চন, ‘কঠাৰী স্বাধীনতাৰ ৰান্ধনি বেলিত’ প্ৰবন্ধ) আকৌ শ্ৰীশৰ্মা ডাঙৰীয়াই ডঃ বেইন চাহাবৰ গাত ভেজা দি এফৈদ আৰ্য অসমৰ পূব ফালেদি সোমোৱা বোলাটো বিচাৰ সাপেক্ষ (‘দেউৰী সংস্কৃতি’ পুথিৰ ভূমিকা), কিন্তু শকৰ কোনো উল্লেখ নাই। আমি জনাত ভৌগোলিক তথ্যমতে, ককেছাছ পৰ্বতৰ ওচৰৰ বাসিন্দাসকলেই আৰ্য বুলি ইতিহাসত লিখা আছে। আনহাতে, চীন আদি এছিয়া মহাদেশৰ পূব আৰু দক্ষিণ অঞ্চলত বিশেষকৈ তিব্বত আৰু ওচৰৰ ঠাইবিলাকত পীত বা মংগোলীয় (অষ্ট্ৰিক, বড়ো, শাণ আদি) জাতিৰ বাস অসমো আৱহমান কালৰেপৰাই পূব এছিয়াৰ এডোখৰ অঞ্চল। দ্বাৰকাধিপতি শ্ৰীকৃষ্ণৰ অসমলৈ আগমন হোৱাৰ হেতুকেহে আৰ্যসভ্যতাৰ ছাপ এই দেশৰ মংগোলীয়, চুটিয়া আদি জাতিৰ ওপৰত পৰে, যদিও বশিষ্ঠ মুনিয়ে তাৰ আগৰেপৰাই চেষ্টা কৰি বিফল মনোৰথ হোৱাৰ আভাস পোৱা যায়।

ভীষ্মক বা ভীৰ্ম্মোক ৰজাৰ উপৰিপুৰুষ পুৰাহু ছুতান বা পুৰাছুতান আছিল। দেউৰী চুটিয়া ভাষাত বিদৰ্ভ ৰাজ্যৰ নাম ছুতান। ‘ছু’ শব্দাৰ্থে জ্ঞানী বা শিক্ষিত আৰু ‘তান’ শব্দাৰ্থে স্থান হ’ব লাগে। অৰ্থাৎ সভ্যতাৰ ঠাই। আনহাতে স্বতী সৰোবৰৰপৰাই সোৱণশিৰি নৈ বৈ আহিছে। এই স্বতীৰপৰাই চুটিয়া নাম হ’ল। সোৱণশিৰিৰ পাহাৰেই আগৰ কুবেৰ ৰাজ্য। ভৈয়ামলৈ আহিও আকৌ শ্বেতগিৰি পাহাৰৰ কাষত বসবাস কৰিবলৈ লোৱাৰ কাৰণে চুতীয়া হ’ল। ইফালে পৰ্বতত থাকি অহাসকল স্বতী নামেৰে আজিও বিদ্যমান। দিগ্বিজয়ৰ কাৰণে উপৰিউক্ত স্বতী জাতিয়ে চেংপো নদীয়েদি ক্ৰমান্বয়ে চাম্পো, চন্দনগিৰি, বিদৰ্ভ বা বমজুৰ, সিদ্ধ ক্ষেত্ৰী, কৌণ্ডিল্য, চাংচকুল, লাইবাৰী, লফাবাৰী, নিতাই খাট, সধয়াপুৰ বা শদিয়া আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে জৈদাম বা দৈ ধামত বাস কৰিছিল বুলি জনা যায়। বৰ্তমান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ‘ৰায় পথাৰে’ই পূৰ্বৰ কুবেৰ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু তাতেই পগলা পাৰ্বতীয়ে খেতি কৰিছিল (দেউৰী সংস্কৃতি)।

ভীষ্মক মতান্তৰে ভীৰ্ম্মোক, পুৰাহু ছুতান পৰৱৰ্তী ৰজা যদিও বৰ্তমান বুৰঞ্জীবিদসকলে তেওঁকেই চুটিয়াসকলৰ আদি ৰজা বুলি ধৰে। বৰ্তমান উত্তৰ-পূব সীমান্ত অঞ্চলৰ অঁকা জনজাতিৰ পূৰ্বপুৰুষ বলী দৈত্যৰাজৰ পৌত্ৰৱান। ভীষ্মক বা ভীৰ্ম্মোকে সেই বাণ ৰজাৰেই কিছু বছৰ আগৰ অথবা সমসাময়িক ৰজা। ভাগৱত পুৰাণৰ ভীষ্মক কিন্তু হ’ব নোৱাৰে। কাৰণ মাননীয় সৰ্বেশ্বৰ বৰুৱাদেৱে লিখিছে যে দাক্ষিণাত্যৰ গোদাবৰী অঞ্চলৰ কল ক্ষত্ৰীয়সকল কাৰিকৰী কামৰ কাৰণে আমন্ত্ৰিত হৈ এই দেশলৈ আহি দাক্ষিণাত্যৰ গোদাবৰীৰ পাৰৰ ভীষ্মক ৰুক্মিণীৰ কাহিনী এই দেশলৈ আনি শদিয়া অঞ্চলত প্ৰতিষ্ঠা কৰিছিল বুলি অনুমান হয়। (আমাৰ প্ৰতিনিধিৰ ১৯৬৬ চনৰ মাৰ্চ মাহৰ সংখ্যাৰ ৭৫২ পৃঃ) আৰু বোধকৰো সেই কাৰণেই ডঃ শ্ৰীলক্ষ্মী দেৱীয়ে তেখেতৰ ‘অসম বুৰঞ্জী’ত ২১ পৃষ্ঠাত লিখিছে— ‘‘হয়তো এনেকুৱা হ’ব পাৰে যে পুৰণি কালত ভীষ্মক নামেৰে দুজন ৰজা আছিল— এজনৰ ৰাজ্য আছিল অসমত আৰু আনজনৰ বিহাৰত। এওঁলোক দুয়ো হয়তো একে সময়ৰ মানুহ নহ’বও পাৰে। উপৰিউক্ত চুটিয়া নৃপতিৰ ভনীয়েক ‘মায়া’ নৰকাসুৰ ৰজাৰ পাটমাদৈ আছিল।”

ইয়াৰ বাদেও তেখেতে লিখিছে, ‘‘এই বড়োসকলৰ আন এটি শাখা চুটিয়াসকলে উত্তৰে সোৱণশিৰি আৰু দক্ষিণে দিচাং নৈৰ পূব শদিয়ালৈকে বৰ্তমান অসমৰ লখিমপুৰ জিলাৰ প্ৰায় সমগ্ৰ অঞ্চল শাসন কৰি আছিল’’ (পৃষ্ঠা ৩)।

চুটিয়াসকলৰ ৰজা ভীষ্মকৰ ৰাজ্যৰ নাম আছিল বিদৰ্ভ আৰু ৰাজধানীৰ নাম আছিল কুণ্ডিল। শদিয়াৰ ওচৰৰ কুণ্ডিল নৈয়ে এতিয়াও তাক সোঁৱৰাই থাকিব লাগিছে। কুণ্ডিল নৈৰ উত্তৰ পাৰে ডিগাৰু পাহাৰলৈকে বৰ থিয় আৰু বেঁকা-বেঁকি বিৰাট দুৰ্গ এটা দেখা পোৱা যায়। এয়েই পূৰ্বৰ ভীষ্মক ৰজাৰ নগৰ আছিল। তাত থকা শিলৰ পীৰা, তাঁতশাল, ঢেঁকীশাল আদি ৰুক্মিণীৰ বুলি প্ৰবাদ আছে। তাত সেইকালৰ দুজোপা বেলগছ আজিও বোলে আছে। এই ভীষ্মক নগৰকেই কোনো কোনো লেখকে ৰুক্মিণী নগৰ বোলাটোও পৰিলক্ষিত হয়। ‘ই শদিয়াৰপৰা চৌবছ মাইল আঁতৰত মিচিমি পাহাৰৰ অন্তৰ্গত। ই দিহং আৰু দিবং নৈৰ মাজত আজিও ভগ্ন অৱস্থাত ভ্ৰমণ কৰাৰ নয়ন গোচৰ হয়।

অনেক পণ্ডিতে অনুমান কৰে, ভীষ্মক ৰজা বড়োসকলৰেই এজন প্ৰজাপালক আছিল। গত ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্প আৰু বানপানীৰ আগত, শদিয়া নগৰৰ উত্তৰফালে কিছু নিলগত কছাৰী পথাৰ বোলা হাবিৰে পৰিপূৰ্ণ বিৰাট অঞ্চল এটি জনমানৱ শূন্য পৰি আছিল। বৰ্তমান মিচিমি জাতি উল্লিখিত ভীষ্মক নন্দন ৰুক্মবীৰৰ প্ৰস্তাৱিত ভগ্নীপতি শিশুপালৰেই (চুটিয়া ভাষা মতে আন নাম থকাটো সম্ভৱ) প্ৰজা আৰু সৈন্য। কাৰণ, কেপ্টেইন ৰাউলট চাহাবে মিচিমি পাহাৰৰ মাজত শিশুপালৰ দুৰ্গৰ ভগ্নাৱশেষ আৱিষ্কাৰ কৰিছিল (Assam Gazettier)।

ভীষ্মক ৰজাৰ মৃত্যুৰ পাছত, হয়তো তেওঁৰ পাঁচ পুত্ৰৰ ভিতৰত বিদৰ্ভ ৰাজ্য ভাগ হৈ পৰিল। কোনোবা এজন পুত্ৰই শ্বেতগিৰি পৰ্বত কাষৰ ৰাজ্যখণ্ড পৈতৃক সম্পত্তিৰ ভাগ হিচাপে লাভ কৰিছিল। আন এজন পুত্ৰই হয়তো সোৱণশিৰি অঞ্চলৰ অধিপতি হৈ পৰিছিল। ভীষ্মক ৰজাৰ কছাৰী (বড়ো) প্ৰজাসকল নিস্তেজ হৈ পৰিবলৈ ধৰিলে। সেই কাৰণে ঠায়ে ঠায়ে তেওঁলোক বিভিন্ন দলত বিভক্ত হৈ বাস কৰিবলৈ লাগি গ’ল। সেইকালত তেওঁলোকৰ কথিত ভাষাটোক আজিও দেউৰীসকলে জীয়াই ৰাখি আছে।

বুৰঞ্জীয়ে কয়— “এসময়ত শদিয়া অঞ্চলত মাণিক নামেৰে কছাৰী এজনে বাস কৰিছিল। এদিন মহাদেৱে সন্ন্যাসী বেশ ধৰি মাণিকৰ ভাৰ্যাৰ গাত ধৰে আৰু মাণিকক স্বপ্নাদেশ কৰে, বোলে ‘এইৰ গৰ্ভত এটা ক’লীয়া বিড়লী জন্মিব, সৰিয়হৰ ডুলিত পুতি থ’লে এমাহৰ মূৰত সুৱৰ্ণৰ এটি বিড়ালী হ’ব।’ কালক্ৰমত মাণিকৰ ঘৈণীয়েকৰ মেকুৰী এটি প্ৰসৱ হ’ল আৰু সৰিয়হৰ মাজত পুতি ৰাখিলত এমাহৰ মূৰত সোণৰ মেকুৰী এটি হৈ পৰিল। এই মেকুৰীৰ প্ৰভাৱতে মাণিক ৰজা হৈ শদিয়াৰপৰা দিখৌমুখলৈ ৰাজ্য বিস্তাৰ কৰি ল’লে। মাণিকৰ পুত্ৰ নাছিল, ছোৱালী এজনী মাত্ৰ হৈছিল। তাইক মুকুতা নামৰ কছাৰী এজনলৈ বিয়া দিলে। মুকুতাৰ পৰামৰ্শ মতে, মাণিকে সোণৰ মেকুৰীটোৰ বাবে ৰোহ পতাত, মাণিকে জোঁৱায়েকক মাতি আনি সোণৰ মেকুৰী সমন্বিতে ৰাজ্যভাৰ গতাই দি মুকুতাক ৰজা পাতিলে”— শদিয়া বা সিন্ধুক্ষেত্ৰত। এয়েই কুবেৰ দত্ত সম্পত্তিৰ বিড়ালীটি বুলি ধৰিবৰ স্থল ৰৈ গ’ল (কছাৰী বুৰঞ্জী)।

এইবিলাক ঘটনাৰ অনেক দিনৰ পাছৰ কথা। সম্ভৱতঃ উপৰিউক্ত মুকুতা ৰজাৰ বংশ পৰি অহাত উক্ত সোণৰ বিড়ালীটি হস্তান্তৰিত হৈ কাৰোবাৰ যোগেদি পূৰ্বৰ সোৱণশিৰি অঞ্চল পাইছিলগৈ। কাৰণ, দেখা যায় চুটিয়াবিলাকৰ আদি বাসস্থান লখিমপুৰ জিলাৰ অন্তৰ্গত (বৰ্তমান উত্তৰ-পূব সীমান্ত অঞ্চল) সোণগুৰি আৰু বিদৰ্ভ নগৰ (এতিয়াৰ শদিয়া) দুয়োখনেই।

পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ ‘অসম বুৰঞ্জী’ত আছে— ‘সোৱণশিৰি নৈৰ গুৰিত সোণগুৰি পাহাৰত ভীষ্মক ৰজাৰ বংশৰ নিচেই টেকোনা চুটিয়া পৰিয়াল এটি আছিল। বীৰবল নামে এজন মানুহ এই পৰিয়ালৰ মূল গৃহস্থ। তেওঁক পাছলৈ বীৰবল নামেও জনা যায়। ধন-বিত নোহোৱাৰ নিমিত্তে সেই পৰিয়ালত সদায় দন-হাই নুগুচে। পিছে, এদিন এটা শুভ সমাজিক অনুসৰি বীৰবলে এজোপা গছৰ তলত বহুত ধন-বিতেৰে সৈতে এখন ঢাল, এখন তৰোৱাল, এপাট যাঠি আৰু এটা সোণৰ মেকুৰী পালে। সেই সম্পত্তি লাভ কৰাৰ  পাছৰপৰা বীৰবলৰ অৱস্থা দিনক-দিনে ভালৰ ফালে আহিল। (তেতিয়া তেওঁৰ নাম সোণাগিৰি হৈ পৰিল)। আৰু সেইবোৰ কুবেৰ প্ৰদত্ত সম্পত্তি বুলি তেওঁ অতি যতনেৰে ৰাখি তাক পূজা কৰিবলৈ ধৰিলে। তাৰ পাছত, বীৰবলৰ ঘৈণীয়েক ৰূপৱতীয়ে এটি সুলক্ষণীয়া পুত্ৰ সন্তান প্ৰসৱ কৰে। সুশ্ৰী আৰু সুলক্ষণীয়া দেখি বীৰবলে ল’ৰাটিৰ নাম গৌৰীনাৰায়ণ ৰাখিলে। বয়সৰ লগে লগে, গৌৰীনাৰায়ণৰ বল, সাহ, বুদ্ধি আদিৰ চিনাকি পাই চুটিয়াবিলাকে তেওঁৰ ওচৰত মূৰ দোঁৱাবলৈ ধৰিলে আৰু তেওঁ নিজা বাহুবলেৰে ওচৰৰ পৰ্বতীয়া জাতিবিলাকক তলতীয়া কৰি ল’লে। তাৰ পাছত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে আহি ভদ্ৰসেন নামৰ ৰজা এজনক যুদ্ধত ঘটাই তেওঁৰ ৰাজ্যত এটা দুৰ্গ স্থাপন কৰিলে। গৌৰীনাৰায়ণে ১২২৩ খ্ৰীষ্টাব্দত ৰত্নপুৰত (বৰ্তমান মাজুলী) নতুনকৈ ৰাজধানী পাতি ৰত্নধ্বজ পাল নাম গ্ৰহণ কৰিলে। এওঁ চুটিয়াবিলাকৰ প্ৰথম ৰজা।

চুটিয়া ৰজাসকলৰ পাছত ‘পাল’ শব্দ পোৱা যায়। এই ‘পাল’ শব্দ ‘পালক’ অৰ্থতহে ব্যৱহাৰ হৈছিল। তেওঁলোক বিখ্যাত নৰকাসুৰ বংশৰ পালবংশী ৰজা নহয়। চুটিয়া নৃপতিসকলৰ প্ৰদত্ত নামবিলাক আৰু উল্লিখিত ফলিত থকা ‘নন্দীশ্বৰ’ নামৰপৰা অনুমান কৰিব পাৰি যে সেই সময়ত চুটিয়াসকল ক্ৰমে বৈষ্ণৱপন্থী হ’ব ধৰিছিল যদিও শৈৱ পন্থাকো ত্যাগ কৰা নাছিল অৰ্থাৎ তেতিয়া শাক্ত, শৈৱ (কুণ্ডি মামা বা গিৰাগিৰাতি ভক্ত) আৰু বৈষ্ণৱ, এই তিনিওটা ধৰ্মৰ পন্থা প্ৰচলিত আছিল যেন লাগে।

টাই বংশৰ দূৰদৰ্শী আৰু ৰাজনীতিজ্ঞ সিংহপুৰুষ স্বৰ্গদেউ চুহুংমুঙেও তেওঁৰ উপৰিপুৰুষ চাওলুং ছুকাফাৰ পথকে অনুসৰণ কৰি, আন আন চুটিয়া ৰাজবংশীসকলক আহোম ৰাজ্যৰ বিষয়-বাব দি আপোন কৰি ল’লে। তাৰে এজন আহোম ৰাজ্যৰ হাতীবৰুৱা হৈছিল। চাওছুচেঙফাৰ দিনত সৰ্বপ্ৰথমে আহোম ৰাজ্যত বৰফুকনৰ পদ সৃষ্টি হয়। উক্ত পদত চুটিয়া জাতিৰ লাঙি পানীসিয়াক নিযুক্তি দিয়া হৈছিল। স্বৰ্গদেউ চুহুংমুঙে আন আন ভালেমান চুটিয়া লোককো আহোমৰ চমুৱা আৰু কাৰী খেলভুক্ত কৰি আহোম ৰাজ্যৰ গুৰি শকত কৰি লৈছিল। এনে কাৰণতেই প্ৰবল পৰাক্ৰান্ত চুটিয়াসকলে আহোম ৰাজ্যৰ উন্নতিৰ অৰ্থে আপ্ৰাণ চেষ্টা কৰিছিল।

চুটিয়া ৰাজভগনৰ সময়ত, অনেক চুটিয়াই কাষৰ পৰ্বতৰ জনজাতিৰ মাজলৈ গ’লগৈ। আৰু ভালেমান ভগনীয়া হৈ গৈ মিৰিৰ লগত জাপ খাই পৰিলগৈ। তেওঁলোকেই পাছলৈ মিৰি চুটিয়া বুলি জনাজাত হৈ পৰিল। স্বভাৱতে চুটিয়াসকল টেঙৰ, সাহসী, প্ৰত্যুৎপন্নমতি আৰু কিছু ক্ষেত্ৰত অদমনীয়ও। সেয়েহে চুটিয়া ৰাজ্য আহোম ৰাজ্যত জাহ যোৱাৰ পাছতো কোনো কোনো চুটিয়া দলে, ক্ষন্তেকলৈ হ’লেও মূৰ নদঙাকৈ থকা নাছিল।

শ্ৰীমন্ত শংকৰদেৱে অসমত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰৰ সময়ত চুটিয়াৰ যোগ্য লোক এজনকো মহন্ত পাতি দিছিল বুলি শুনা যায়। কালক্ৰমত এই মহন্তৰ বংশধৰসকলেও পূৰ্বতে চুটিয়া জাতিৰেই মানুহ বুলি আজি পৰিচয় দিবলৈ টান পায়। দিনজয় সত্ৰত শৰণ লোৱা অনেক চুটিয়া আজি মটক শ্ৰেণীত সোমাই থকাও অসম্ভৱ নহয়। মান ভগনৰ সময়ত অনেক চুটিয়াই নগা পৰ্বতলৈও গৈ নগাৰ মাজতে জাহ গ’লগৈ। তদুপৰি আহোমৰ তলখাপৰ কিছু খেলৰ গুৰিও প্ৰায় চুটিয়া লোকেৰেই পৰিপুষ্ট। মটকৰ ৰজা দেৱীপূজক সৰ্বানন্দও চুটিয়া জাতিৰেই।

হস্তী চিকিৎসা আৰু পৰিচালনা কৰা আৰু হস্তী বিভূতিৰে গুৰি এই চুটিয়াসকলেই। কাৰিকৰী বিদ্যাতো এওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতা অলপ নহয়। কিন্তু কালৰ কুটিল গতিত, এদল পৰশ্ৰীকাতৰ অসমীয়াই নানাৰকম অজুহাতত আহোম আৰু চুটিয়া পৰস্পৰৰ মাজত মতানৈক্য ঘটাবলৈ প্ৰচেষ্টা চলাই আহিব লাগিছে। তাৰ ফলতেই, দুই-চাৰি আহোমে চুটিয়াতকৈ নিজক শ্ৰেষ্ঠ বুলি নভবাকৈও থকা নাই।

Related Articles

error: Content is copy right protected !!
Close