চীনৰ Yiwuৰ চমকপ্ৰদ কাহিনী – অঞ্জন শৰ্মা

চীনৰ Zhejiang প্ৰদেশৰ এক পিচপৰা অঞ্চল আছিল Yiwu; কিন্তু সেই পিচপৰা অঞ্চল আজি কল্পনা কৰিব নোৱৰা অঞ্চললৈ ৰূপান্তৰিত হৈছে। Yiwu আজি হৈ পৰিছে এখন নগৰৰ ভিতৰত অইন এখন নগৰ, সেই ভিতৰৰ নগৰখনৰ ভিতৰত পুনৰ এখন নগৰ,..!! Yiwuৰ কাহিনী চমকপ্ৰদ। খুব সংক্ষেপে ডাঙি ধৰোহক।

১৯৯৪ চনৰ পৰাই চীনৰ সৈতে বাণিজ‍্যত লিপ্ত বোম্বাই (মুম্বাই)ৰ এজন ব‍্যৱসায়ীৰ নাম প্ৰদীপ চেট্টি। ব‍্যৱসায় কৰাৰ স্বাৰ্থত ১৯৯৪ চনত তেওঁ হংকং মহানগৰীত থাকিবলৈ লয়। ইলেক্ট্ৰনিক সামগ্ৰী, চশমা, বেগ, গহনা, চুটকেছ, ইত‍্যাদি বিভিন্ন সামগ্ৰী পাইকাৰী হাৰত পৃথিৱীৰ বিভিন্ন দেশলৈ হংকং-অৰ পৰা ৰপ্তানী কৰা চেট্টি আজি এজন ডাঙৰ ব‍্যৱসায়ী। ক’লা চশমা আমেৰিকালৈ ৰপ্তানী কৰা সবাত’কৈ ডাঙৰ ব‍্যৱসায়ীজনো আজি তেৱেই। Zhejiang প্ৰদেশত তেওঁৰ নিজৰ উদ‍্যোগো আছে, যি উদ্যোগত বিশ্বৰ বিভিন্ন দেশৰ বাবে তেওঁ নেকটাই আৰু বস্ত্ৰ উৎপাদন কৰে। তেওঁ নিজৰ উদ্যোগৰ বিষয়ে এনেদৰে কৈছে: ‘ An Indian making in China for the world!’

চেট্টিৰ ভাষাত, Yiwu আছিল এক পিচপৰা দুখীয়া অঞ্চল। চাৰিওফালে পাহাৰে আৱৰা অঞ্চলটোৰ বেছিভাগ বাসিন্দাই পেটৰ দায়ত সমীপৰ বিভিন্ন প্ৰদেশলৈ গৈ উদ্যোগ-কাৰখানা আদিত কৰ্মত লিপ্ত হৈছিল।সেই শ্ৰমিকসকলে বছৰেকত এবাৰকৈ বন্ধৰ সময়ত ঘৰলৈ উভতি আহোতে ‘extra stock’ লগত লৈ আহি Yiwuৰ স্থানীয় গুদামত জমা কৰিবলৈ ধৰিছিল আৰু গুদামৰ ভাড়াও অধিক নাছিল। পশ্চিম এচিয়াৰ ব‍্যৱসায়ীসকলে লাহে লাহে Yiwuলৈ আহি সেই সামগ্ৰীসমূহ পাইকাৰী হাৰত কিনিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছৰ কাহিনী এতিয়া ইতিহাস!!

বৰদিন উপলক্ষে Yiwuৰ পৰা আমেৰিকা, ইউৰোপ, ভাৰতলৈ সৰ্বমুঠ চাহিদাৰ ৬০% ৰপ্তানী হয়। BBCৰ ভাষাত Yiwu হ’ল, ‘ the city where Christmas is made and sold.’ ভাৰতৰ পৰা বছৰি ৩ লাখৰ পৰা ৪ লাখ ব‍্যৱসায়ী Yiwuলৈ যায় সামগ্ৰী কিনিবলৈ। বিদেশৰ পৰা সামগ্ৰী কিনা বিশ্বৰ বিভিন্ন ব‍্যৱসায়ীসকলৰ ৭৫% ব‍্যৱসায়ী তালৈ যায়। Yiwu আজি হৈ পৰিছে এখন বগশাল বজাৰ। গণেশ, লক্ষ্মী, শিৱ, পাৰ্বতীৰ মূৰ্তিকে ধৰি কি পোৱা নাযায় তাত? ভাৰতৰ উদ‍্যোগিক খন্ডৰ ব‍্যৰ্থতাই আজি চীনৰ সাফল‍্য।

Yiwuৰ বজাৰখনৰ প্ৰত‍্যেকখন বিপনীত যদি আপুনি মাত্ৰ ৩ মিনিট সময় দিয়ে আৰু দিনে ৮ ঘন্টা সময় বজাৰখনত অতিবাহিত কৰে, বজাৰখনৰ আটাইবোৰ বিপনী চাবলৈ আপোনাক সময় লাগিব সম্পূৰ্ণ ১ বছৰ!! Yiwu আজি বিশ্বৰ সবাত’কৈ বৃহৎ পণ‍্যৰ বজাৰত পৰিণত হৈছে। নগৰৰ ভিতৰত নগৰ! Yiwuৰ আকাৰ হ’ল ৭৫০ খন ফুটবল খেলপথাৰৰ সমান!

Yiwuৰ বজাৰত পণ‍্য ক্ৰয়ৰ বুজাবুজি হোৱাৰ পিছত ফ’ৰ লেন এক্সপ্ৰেছ হাইৱেৰে পণ‍্যসমূহ বাধাহীনভাৱে তথা আন্ত:প্ৰাদেশিক কৰ বা অইন কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ Ningbo, Shanghai. Guangzhou আদিৰ দৰে বিশাশ বিশাল বন্দৰলৈ প্ৰেৰণ কৰা হয়। সেই বন্দৰসমূহৰ সৈতে ভাৰতৰ বন্দৰসমূহৰ কোনো তুলনাই নহয়। বিশাল ধাৰণ ক্ষমতাৰ সেই বন্দৰসমূহেৰে চীনৰ পণ্য সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰা হয়।…….. {সহায় লৈ লিখা হৈছে  }

Related Articles

Close