চীনৰ ‘ভেকচিন’ সকলোতকৈ আগতে বজাৰলৈ আহিব নেকি?

মহাবাহুৰ মেজৰ পৰা

সকলোতকৈ আগতে টীকা বজাৰত কোনে উলিয়াই দিব পাৰিব, চীনে নে ৰাছিয়াই নে আমেৰিকাই নে বৃটেইনে ? এই প্ৰশ্নতকৈও গুৰুত্বপূৰ্ণ হৈ পৰিছে ৰাছিয়াৰ কোন সংস্থাই আগতে টীকা বজাৰলৈ আনিব , অথবা চীনৰ কোন সংস্থাই , কিম্বা আমেৰিকাৰ মডাৰ্ণা বায়’টেক-এ নে নোভাভ্যাক্স-এ নে ফাইজাৰ-এ নে জনচন এন্ড জনচন-এ, নে অইন দেশৰ অইন কোনোবাই অথবা ৰামদেৱে? টীকা তৈয়াৰ কৰাৰ প্ৰতিযোগিতা এতিয়া দেশবোৰৰ মাজত সীমাবদ্ধ হৈ থকা নাই, এই অলিখিত প্ৰতিযোগিতা চলিছে সংস্থা বনাম সংস্থাৰ মাজত। একো একোটা সংস্থাই নিজৰ নিজৰ প্ৰতিবেদন সন্মুখলৈ আনিছে আৰু পিছমুহুৰ্ততে শ্বেয়াৰ বজাৰত সেই সংস্থাৰ শ্বেয়াৰ মূল্য হু হু কৈ বাঢ়িবলৈ ধৰিছে। সেইবাবেই এতিয়া চীনত টীকাৰ অলিখিত প্ৰতিযোগিতা চলিছে চিনোফাৰ্মৰ লগত ক্যানচিনো বায়’লজিক্সৰ। চিনোফাৰ্ম তিনিটা স্তৰৰ ‘ট্ৰায়েল’ত আগবাঢ়ি আছে, আৰু ক্যানচিনোই নিজৰ টীকাৰ ট্ৰায়েল চীনৰ বাহিৰত আৰম্ভ কৰিছে। এই সময়ত চৌদি আৰৱত ক্যানচিনো বায়’লজিক্সৰ দ্বাৰা প্ৰস্তুত কৰা টীকাৰ তৃতীয় পৰ্বৰ ‘ট্ৰায়েল’ চলি আছে। আনহাতে চীনৰ সৈন্যবাহিনীৰ শিৱিৰতো এই টীকাৰ পৰীক্ষামূলক প্ৰয়োগ চলিছে।

চীনৰ চৰকাৰী মুখপত্ৰ ‘পিপলচ্ ডেইলি’য়ে জনাইছে যে ক্যানচিনো বায়’লজিক্সৰ দ্বাৰা প্ৰস্তুত কৰ’না টীকাক চৰকাৰে ‘পেটেন্ট’ দিছে। অতি শীঘ্ৰে এই টীকা চীনৰ বজাৰলৈ আহিব। অক্সফোৰ্ড বিশ্ববিদ্যালয় – এষ্ট্ৰোজেনেকাৰ যৌথ গৱেষণাৰ ফচলস্বৰূপ ‘ভেক্টৰ ভেকচিন’ তৈয়াৰ কৰিছে চীনৰ ক্যানচিনোই। চৰ্দি-কাহৰ অপেক্ষাকৃত ভাবে দুৰ্বল ভাইৰাছ আ্যডিনোভাইৰাছৰ নিষ্ক্ৰিয় স্ট্ৰেইনৰ পৰা ডি-এন-এ ভেক্টৰ ভেকচিন ক্যানডিডেট ডিজাইন চীনৰ ক্যানচিনোই তৈয়াৰ কৰিছে। এই ভেকচিন ক্যানডিডেটৰ নাম হ’ল ‘আ্যড৫এনকোভ’। ক্যানচিনোৰ ভাইৰোলজিস্টসকলে জনাইছে যে কৰ’নাৰ স্পাইক প্ৰ’টিন নিষ্ক্ৰিয় কৰি আ্যডিনোভাইৰাছৰ স্ট্ৰেইনৰ সৈতে মিলাই এই ভেক্টৰ ভেকচিন তৈয়াৰ কৰা হৈছে। যিহেতু আ্যডিনোভাইৰাছৰ সংক্ৰমণ বিস্তাৰিত কৰাৰ ক্ষমতা চাৰ্ছ-কোভ-২ ভাইৰাছৰ দৰে তীব্ৰ নহয়, তাৰোপৰি ভাইৰেল স্ট্ৰেইনকো আগৰে পৰাই দুৰ্বল কৰি ৰখা হৈছে। গতিকে এই টীকা শৰীৰত প্ৰৱেশ কৰিলে কোনো ক্ষতিকাৰক পাৰ্শ্বপ্ৰতিক্ৰিয়া নহ’ব। কাৰণ নিষ্ক্ৰিয় ভাইৰেল স্ট্ৰেইনে শৰীৰত প্ৰৱেশ কৰি প্ৰতিলিপি তৈয়াৰ কৰি সংখ্যা বৃদ্ধি কৰিব নোৱাৰিব। বৰং বি-কোষক ( বি-লিম্ফোচাইট) সক্ৰিয় কৰি ৰক্তৰস বা প্লাজমাত এন্টিবডি তৈয়াৰ কৰিব। চীনৰ সেনা চিকিৎসালয়ৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ চেন্ ওয়েইক উদ্ধৃত কৰি ‘পিপলচ্ ডেইলি’য়ে জনাইছে যে ক্যানচিনোৰ এই ভেক্টৰ ভেকচিনৰ তিনিওটা স্তৰৰ ট্ৰায়েলৰ ফলাফল ভাল হৈছে। চেন ওয়েইয়ে দাবী কৰিছে যে এই ভেকচিনৰ প্ৰভাৱত শৰীৰত কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া বা ‘আ্যডভাৰ্চ চাইড এফেক্ট’ পৰিলক্ষিত হোৱা নাই। প্ৰথম আৰু দ্বিতীয় স্তৰত যিসকলক টীকা দিয়া হৈছিল, তেওঁলোকৰ শৰীৰত পৰ্যাপ্ত এন্টিবডি তৈয়াৰ হোৱা বুলিও তেওঁ দাবী কৰিছে। তেওঁ কৈছে যে চৌদি আৰৱত তৃতীয় স্তৰৰ ট্ৰায়েলত বহু হাজাৰ মানুহক টীকা প্ৰয়োগ কৰা হৈছে। ইয়াৰ পিছত ৰাছিয়া, ব্ৰাজিল আৰু চিলিত এই গৱেষণাৰ ট্ৰায়েল চলোৱা হ’ব। আনহাতে আকৌ টীকাৰ দৌৰত চিনোফাৰ্মো আগবাঢ়ি আছে। চিনোফাৰ্মৰ ভেকচিনৰ নাম ‘চিনোভ্যাক’। কিছুদিন আগতে ‘জাৰ্ণাল অফ দ্যা আমেৰিকান মেডিকেল এচোছিয়েশ্যন'(জামা)ত চিনোফাৰ্মৰ টীকাৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েলৰ প্ৰতিবেদন প্ৰকাশিত হৈছে। সেই প্ৰতিবেদনৰ দ্বাৰা চীনৰ ‘ইনফেক্সিয়াচ্ ডিজিজ্ কন্ট্ৰোল এন্ড ৰিচাৰ্ছ ইনষ্টিটিউট’-এ দাবী কৰিছে যে এই ভেকচিন মানুহৰ শৰীৰৰ বাবে নিৰাপদ আৰু সুৰক্ষিত। প্ৰথম পৰ্যায়ত ৯৬ জন মানুহক সামান্য ‘ডোজ’ৰ টীকা দিয়াৰ পিছত দ্বিতীয় পৰ্যায়ত ২২৪ জনক টীকা দিয়া হৈছিল আৰু দ্বিতীয় পৰ্যায়ত টীকাৰ ‘ডোজ’ কিছু বৃদ্ধি কৰা হৈছিল। ইমানদিনে স্বেচ্ছাসেৱক সকলক পৰ্যবেক্ষণৰ মাজত ৰখা হৈছিল আৰু বৰ্তমান তেওঁলোকক পৰীক্ষা কৰি গম পোৱা গৈছে যে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণে ‘এন্টিবডি’ তৈয়াৰ হৈছে। লগতে টি-কোষো সক্ৰিয় হৈছে। এই টি-কোষ হ’ল শৰীৰৰ ভিতৰত কল-কব্জা প্ৰতিৰক্ষাৰ মূল অস্ত্ৰ। গতিকে সাতে পাঁচে মিলি সকলোতকৈ আগতে চীনেও বজাৰখন দখল কৰিব পাৰিব বুলি বহুতেই অনুমান কৰিছে।

••••••••••••মহাবাহু•••••••••

Show More

Related Articles

Back to top button
error: Content is copy right protected !!