চিলাৰায়ৰ নিশ্চল শিলামূৰ্তি !

অঞ্জন শৰ্মা

শ্ৰান্ত  ক্লান্ত বিষণ্ণ নিৰ্বিণ্ব
বিশ্ৰাম লাগে আজি
আশ্ৰয় লাগে আজি
সাৰথি লাগে, প্ৰকৃত সাৰথি লাগে
ছাঁ লাগে আজি, বৃক্ষৰ ছাঁ!
সমস্ত সম্ভাৱনা, আশাৰ তাৎপৰ্য ইতিমধ্যে
বিলুপ্ত
ক্ষুধা, লোভ, স্বাৰ্থৈষণাৰ বেদীত
অথচ কি যে বাগাড়ম্বৰ!
শ্ৰান্ত ক্লান্ত বিষণ্ণ বিৰক্ত
কিমান শুনাবা ফটাঢোলৰ শব্দ
বন্দীশালত কিমান দেখুৱাবা ৰাসোৎসৱ
বিহুনৃত‍্য!
চৌদিশে হু হু শূণ‍্যতা বালিময় মৰুভূমি
মূৰৰ ওপৰত তেজোদ্দীপ্ত বেলি
এজোপা বৃক্ষ থাকিলেও ভাবিব পাৰি
সেইজোপাৰ ছাঁত আশ্ৰয় ল’ম!
একো নাই
চৌদিশে হু হু শূণ‍্যতা উত্তপ্ত বালি
বৃক্ষ নাই
পানী নাই
চৌপাশে নৃত্যৰত প্ৰেতবোৰকো চিনাৰ উপায় নাই
হোলী!!
হোলীত সকলোৰে মুখ বহুৰূপী বহুৰঙী
কোনজন কোন
কোনজন ক’ৰ
কোনজন ক’ত
কোনজন ক’লৈ
কোনজন কোন আৰু সচাকৈয়ে কোন!
হোলী!!
আছে, প্ৰাণধাৰণৰ গ্লানি আছে
আছে প্ৰতিদিনৰ জীৱনযন্ত্ৰণাৰো ক্লান্তি!
প্ৰেতৰ নৃত্য তথাপি নাচাওঁ ,নকৰো
আলোচনা কিম্বা সমালোচনা।
মানুহ
মানুহক তেজোদ্দীপ্ত মানুহৰ আশ্ৰয় লাগে
সাৰথি লাগে
বৃক্ষৰ ছাঁ লাগে।
উপায়হীনে উপায়হীনতাৰ বাবেই
খোজকাঢ়িব লাগিব সিমানলৈ
পাৰি যিমানলৈ
অন্তিমক্ষণৰ পূৰ্বে কিজানি প্ৰত‍্যক্ষ হয় মানুহ
কিজানি বা বৃক্ষ
কিজানি বা প্ৰত‍্যক্ষ হয় সাৰথি
বৃক্ষৰ আশ্ৰয়
কিজানিবা সৃষ্টি হয় নতুন সম্ভাৱনা!
সময়……
কালজয়ী সময়ৰ কোবাল সোঁতে
হাঁহি হাঁহি যেন
সোঁৱৰাই দিলে মোক
কামাখ্যা মন্দিৰৰ দুৱাৰত থকা
চিলাৰায়ৰ
সেই নিৰ্বাক নিশ্চল……
শিলামূৰ্তিলৈ!!
(২৫/০৩/১৯)
Show More

Related Articles

Check Also

Close
Back to top button
error: Content is copy right protected !!
Close
Close