চিংফৌসকলৰ ইতিহাস বৈচিত্ৰ্যতা আৰু স্বপং য়ং মানাউ পয়

সঞ্জীব উলুপ

চিংফৌসকলৰ জনপ্ৰবাদ অনুসৰি মুজই চিংৰা বুম (তিৰ্বতৰ এক অচিন মালভূমি) হ’ল চিংফৌ জনগোষ্ঠীৰ উৎপত্তিৰ উৎস, এই মুজই চিংৰা বুমৰপৰা চিংফৌসকলে ইতিহাস আৰম্ভ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰব্ৰজন ঘটিছিল। আনহাতে চীন বুৰঞ্জী ‘চিংদুঃ নাবাও’ উল্লেখ কৰা মতে খ্ৰীষ্টপূৰ্ব ৩০০ (তিনিশ) বছৰৰ ভিতৰত যিসকলে চাসেপা নদীয়েদি ভটিয়াই লোহিত নদীৰ সৌমাৰত তিলাৰ নামে নদী মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ উজনিত বসতি স্থাপন কৰিছিল, তেওঁলোককে চিংফৌ বুলি কৈছিল।

চিংফৌসকলৰ ইতিহাস খুঁচৰিলে দেখা যায় ওপৰত উল্লিখিত মুজই চিংৰা বুম পৰ্বতৰ এই অচিন মালভূমিতে তেওঁলোকৰ ইতিহাস আৰম্ভণি হোৱা বুলি গভীৰ বিশ্বাস কৰি আহিছে। তিৰ্বতবৰ্মী ভাষা জনগোষ্ঠীৰ মংগোলীয় চিংফৌসকল পৰৱৰ্তী পৰ্যায়ত বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে। ভাৰতবৰ্ষৰ প্ৰথম আৰু অৰুণাচল প্ৰদেশ চিংফৌ জনগোষ্ঠীৰ বসতি কেন্দ্ৰ, ইয়াৰ উপৰি চীন, ম্যানমাৰ, থাইলেণ্ড, জাপান, আমেৰিকাত মূলতঃ চিংফৌসকলৰ বসতিৰ কেন্দ্ৰস্থল হিচাপে চিহ্নিত হৈ আহিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ দুয়োখন ৰাজ্যৰ ভিতৰত চিংফৌসকলৰ আনুমানিক জনসংখ্যা প্ৰায় দহ হাজাৰ মানহে। অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা, শিৱসাগৰ জিলাত দুখন চিংফৌ গাঁৱৰ উপৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলা, নামচাই জিলা আৰু লোহিত জিলাত ভাৰতবৰ্ষৰ চিংফৌসকলৰ মূল বসতি কেন্দ্ৰ।

জনপ্ৰবাদ অনুসৰি অসমত আৰু অৰুণাচল প্ৰদেশত বাস কৰা চিংফৌ জনগোষ্ঠীসকল অষ্টাদশ শতিকাত বৰ্তমানৰ ম্যানমাৰৰ কাচিন অঞ্চলৰ হুকং উপত্যকাৰপৰা প্ৰব্ৰজন ঘটিছিল। বুৰঞ্জীয়ে বীৰ জাতি হিচাপে চিহ্নিত কৰা চিংফৌসকলে অসময়ত যুদ্ধ-বিগ্ৰহ কৰিয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল, কালক্ৰমত দুয়োখন ৰাজ্যৰ চিংফৌ জনগোষ্ঠীৰ লোকসকল বৌদ্ধ ধৰ্মত দীক্ষিত হৈ বুদ্ধদেৱৰ পৰম অনুগামী হৈ পৰে। ম্যানমাৰত চিংফৌসকল কাচিন, চীনত জিংফৌ হিচাপে পৰিচিত আৰু সামগ্ৰিকভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সকলো চিংফৌ জনগোষ্ঠীৰ লোকসকল উনপং হিচাপে পৰিচিত। চিংফৌ শব্দৰ অৰ্থ মানুহ, অৰ্থাৎ মানৱ সভ্যতাৰ প্ৰথম খোজ, সম্প্ৰতি বিশ্ব সম্প্ৰদায় আজি আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত বহু যোজন পক্ষত আগবাঢ়িল যদিও চিংফৌ জনগোষ্ঠী অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত দুখ লগাকৈ পিছপৰা তথাপিও সাংস্কৃতিক দিশত চিংফৌ জনগোষ্ঠী বহু ওপৰত।

“স্বপং য়ং মানাউ পয়” চিংফৌ জনগোষ্ঠীৰ আত্মপৰিচয় প্ৰতিষ্ঠা কৰা এটা জাতীয় অনুষ্ঠান অথবা চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ। এই উৎসৱ প্ৰত্যেক বছৰত ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত হয় আৰু এই উৎসৱ নৃত্য উৎসৱ হিচাপেও পৰিচিত। স্বপং য়ং মানাউ পয়ৰ বিষয়ে বহু বিদেশী পৰ্যটকে লিখা-মেলা কৰিছে কিন্তু ইয়াৰ অন্তৰ্নিহিত বহু চিংফৌ মানুহৰ প্ৰচেষ্টাত এই স্বপং য়ং মানাউ পয় আজি উজ্জীৱিত আৰু গৰিমাৰে উদ্বেলিত।

১৯৮৫ চনত অসম আৰু অৰুণাচল প্ৰদেশৰ কেইবাজনো পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াওত দুই প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে এই স্বপং য়ং মানাই পয় (নৃত্য উৎসৱ) আনুষ্ঠানিকভাৱে জন্ম দি উদযাপন কৰিছিল। সম্প্ৰতি স্বপং য়ং মানাউ পয় আজি ৰূপালী জয়ন্তী অতিক্ৰম কৰি ৩৪ টা বৰ্ষত উপনীত হৈ গৌৰেৱেৰ চিংফৌ জনগোষ্ঠী সংস্কৃতিৰ বৰমজিয়া গৰকি অসম-অৰুণাচল প্ৰদেশৰ উপৰি ভাৰতবৰ্ষৰ সাংস্কৃতিক আন্দোলনৰ ভঁৰাল চহকী কৰাত এক ধনাত্মক দিশ উন্মোচন কৰিলে। মূলতঃ চিংফৌসকলৰ পিতৃপুৰুষ স্বপং য়ঙক কেন্দ্ৰ কৰিয়ে এই উৎসৱ পালন কৰা হয়, চিংফৌসকলৰ জনশ্ৰুতি অনুসৰি টিংলি য়াঙৰ পিতৃ আছিল স্বপং য়ট, পুত্ৰ টিংলি য়টে পিতৃ স্বপং য়ঙক বিশ্বৰ সৃষ্টিকৰ্তা মাঠুম মাঠাৰপৰা আশিস বিচাৰি চিকন গুন্দন পয় অৰ্থাৎ গুণানুকীৰ্তন উৎসৱ পালন কৰিছিল, স্বপং য়টৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে পালন কৰা এই উৎসৱকে পৰৱৰ্তী সময়ত বিশ্বৰ চিংফৌ সমাজে স্বপং য়ং মানাউ পয় হিচাপে উদযাপন কৰি আহিছে।

স্বপং য়ং মানাউ পয়ৰ মূল প্ৰতীক হ’ল শ্বাদুং। শ্বাদুং হ’ল কেইটামান দণ্ডৰ সমষ্টি, মধ্যম স্থানত থিয় হৈ থকা দণ্ড দুজনক পুৰুষ আৰু প্ৰকৃতি হিচাপে চিহ্নিত কৰি দণ্ড দুটাৰ ওপৰত এটাৰ মূৰত সূৰ্য আৰু আনটোৰ মূৰত চন্দ্ৰ অংকিত থাকে। চিংফৌসকলে ধনেশ পক্ষীক জাতীয় পক্ষী হিচাপে গণ্য কৰে, আৰু সেইবাবেই শ্বাদুংৰূপী দণ্ডকেইডাল ধনেশ চৰাইৰ ওপৰত সৌগৰৱে থিয় হৈ চিংফৌ জনগোষ্ঠীৰ আত্মগৌৰৱ, আত্মস্বাভিমান, আত্মমৰ্যাদা ৰক্ষাৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে।

বৰ্তমান চিংফৌসকলে আনৰ সংস্কৃতিক সন্মান কৰাৰ উপৰি নিজৰ কলা-সংস্কৃতিক ৰক্ষা কৰাত অত্যন্ত সচেতন। বৰ্তমান স্বপং য়ং মানাউ পয় বিভিন্ন  জনগোষ্ঠীৰ মাজতো অতি জনপ্ৰিয়। অৰুণাচল প্ৰদেশ আৰু অসমত বাস কৰা উমৈহতীয়া জনসাধাৰণৰ এই উৎসৱে সমন্বয়ৰ বাৰ্তা প্ৰদান কৰিছে। শ্বাদুঙৰ চাৰিওফালে চিংফৌ জনগোষ্ঠীৰ উপৰি বিভিন্ন জনগোষ্ঠীৰ লোকে শৃংখলিতভাৱে নৃত্য কৰি পিতৃপুৰুষ স্বপং য়ঙক সন্মান জনাই ভাতৃত্ববোধৰ চানেকি দাঙি ধৰাটো সাম্প্ৰতিক সমাজ ব্যৱস্থাটোৰ বাবে আটাইতকৈ আদৰণীয়। আহক আমি সকলো খিলঞ্জীয়াই নিজস্ব সংস্কৃতিক জীপাল কৰি অহাৰ লগতে নিজৰ মাতৃভূমিক সংস্কৃতিৰ জৰিয়তে আগুৱাই নিয়াৰ এক সংকল্প লওঁ।

Related Articles

Check Also

Close
Close