চান্দনী চ’কত চীনা দম্পত্তিৰ সৈতে ছয়ঘণ্টা

ক্ষীৰোদ কুমাৰ শইকীয়া

মই ভ্ৰমণ প্রিয় …অৱসৰ বিনোদন বা মনোৰঞ্জনৰ বাবে নহলেওঁ কৰ্মৰ তাগিদাত মাহটোৰ সিংহভাগ দিহিঙে-দিপাঙে  ঘূৰি ফুৰাই হয়। যিহেতু কৰ্মৰ তাগিদাত পেটৰ দায়ত কৰা ভ্ৰমণ, গতিকে অন্য কাৰ্যৰ বাবে বিশেষ সময় নাথাকে যদিও সময়ৰ টিকনিত খামুচি যি অকণমান সময় পাওঁ সেইকণতে নতুন ঠাই আৰু মানুহৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ।
সিদিনা, হঠাৎ এটা সুযোগ আহিল। কৰ্মস্থল ডেৰাডুনত ৫ দিন কটোৱাৰ পিছত গৃহ অভিমুখী ৰাজধানী এক্সপ্ৰেছ ধৰিবলৈ দিল্লীলৈ আহিলো এদিন আগতীয়াকৈ৷ কাৰণ কৰ্মস্থল হিমগিৰি জী বিশ্ববিদ্যালয় সপ্তাহত শনি আৰু দেওবাৰ দুয়োদিনেই বন্ধ থাকে আৰু মোৰ ট্ৰেইন আছে দেওবাৰে। গতিকে সাতে পাঁচে মিলাই বহু দিনৰ মূৰত এদিন দিল্লীত কটোৱাৰ মানসেৰে শুক্ৰ বাৰে ৰাতি ১২ বজাত ভলভ’ত উঠিলোঁ ডেৰাডুনৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা।
ৰাতিপুৱা ৪.৩০ বজাত দিল্লীৰ কাশ্মিৰী গেটৰ মহাৰাণা প্ৰতাপ সিংহ আন্তঃৰাজ্যিক বাছআস্থানত নামি অলপ জিৰাই ৭ মান বজাত মেট্ৰ’ৰে যাত্ৰা কৰিলোঁ আগতেই বুক কৰি থোৱা কেৰ’লবাগস্থিত হোটেল  দানিছ ৰিজেঞ্চিৰ অভিমুখে।
প্ৰায় ৪০ মিনিটৰ অন্তত হোটেল পাই দেখোঁ মই ভুলতে অনলাইনত ৩ ঘণ্টাৰ বাবে ফ্ৰেছআপ ৰুমহে বুকিং কৰিলোঁ৷ কিন্তু মই ৰাতি থকা পৰিকল্পনালৈ আহিছোঁ..অতিৰিক্ত টকা জমা কৰি ৰাতিটোৰ বাবে কোঠাটো ল’লো, কিন্তু মেনেজাৰে ক’লে যে ১২.৩০ বজাৰ পিছতহে ৰুম খালি হ’ব…তেতিয়া মাথো পুৱা ৮ বাজিছে…
উপায়ন্তৰ হৈ হোটেলৰ ৰাজহুৱা শৌচাগাৰতে প্রাতঃকৰ্ম আৰু স্নানাদি সমাপন কৰি, টালি-টোপোলা হোটেলৰ কাউণ্টাৰত জমা কৰি ওলাই আহিলোঁ৷ লক্ষ্য চান্দনী চৌক, লালকিল্লা আৰু জুম্মা মছজিদ।
পুনৰ কেৰ’লবাগ মেট্ৰ’ ষ্টেচনৰ পৰা মেট্ৰ’ৰে  যাত্ৰা  কৰিলোঁ লালকিল্লা অভিমুখে । লালকিল্লালৈ তাৰপৰা পোনপতীয়া মেট্ৰ সংযোগ নাই, মাজতে মেট্ৰ’ সলাব লাগে। ৮.৪০ মানত গৈ লালকিল্লাত প্ৰৱেশৰ বাবে টিকট ঘৰত শাৰী পাতিলোগৈ। টিকটৰ মূল্য ভাৰতীয়ৰ বাবে ৫০ টকা আৰু বিদেশীৰ বাবে ৬০০ টকা। টিকটৰ মূল্য ৫ নে ১০ টকা থাকোতেই শেষবাৰৰ বাবে লালকিল্লালৈ গৈছিলোঁ, সম্ভৱত ২০০৬/২০০৭ চনত। টিকট লৈ প্ৰৱেশ কৰি ইফালে-সিফালে চাই মীনাবজাৰ পাৰ হৈ দেৱান-ই-আমৰ সিংহাসনৰ আগত থিয় হলোগৈ। অনেক দেশী-বিদেশী লোকে সেইস্থানত ভিৰ কৰিছিলহি। ময়ো দুই এখন ফটো আৰু চেলফি তোলাত লাগি গ’লো।
হঠাৎ মোৰ কাষতে থকা এজন জনজাতীয় মুখাবয়ৰ লোকে মোক মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই ইংৰাজীতে সুধিলে ইয়াতেই মোগল সম্ৰাট সকল বহিছিল নেকি?  মই হয় বুলি কোৱাত পুনৰ সুধিলে তেখেতৰ বেলেগ সভাসদসকল ক’ত বহিছিল? মই মোৰ সীমিত বুৰঞ্জীৰ জ্ঞানেৰে  যথাসম্ভৱ এটা থূল-মূল উত্তৰ দিলো আৰু সুধিলোঁ তেখেত ক’ৰ নাগালেণ্ড, মণিপুৰ নে অৰুণাচলৰ?  তেওঁৰ উত্তৰ শুনি অলপ আচৰিতো হ’লো আৰু ভালো লাগিল৷  তেখেত আহিছে চুবুৰীয়া দেশ চীনৰপৰা।
চীন …..মহা চীন…ৰঙা চীন বুলিলেই চকুৰ আগত ভাঁহি উঠে চীনৰ প্ৰাচীৰ, সহস্ৰাব্দ প্ৰাচীন মাটিৰ সৈনিক দলৰ মূৰ্তি, বৈচিত্ৰ্যময় চৈনিক ইতিহাস, আমাৰ উত্তৰ-পূৱৰ বিভিন্ন জনজাতিৰ পূৰ্বপুৰুষৰ আদি বাসভূমি, মাও, tiananmen square, ১৯৬২, দোকলাম, নাস্তিক চীন আদি…
বহু নজনা কথা আৰু গুজৱৰ সঁচা-মিছা জনাৰ আশাত তেওঁৰ লগত চা-চিনাকি পৰ্বৰে কথা আগবঢ়ালোঁ। তেখেতৰ নাম শ্ৰীযুত ৱাং৷ তেখেতে কিছু দূৰত ফটো লোৱাত ব্যস্ত থকা পত্নীক মাতি চিনাকি কৰাই দিলে নাম শ্ৰীমতী মিয়া। ৱাংৰ বয়স ৩৬ বছৰ আৰু মিয়াৰ ৩৩ বছৰ, তিনিও প্ৰায় সমবয়সীয়া হোৱাৰ বাবেই হওঁক বা একে মানসিকতাৰ হোৱাৰ বাবেই হওঁক আলোচনাই গতি ল’লে। বিষয় ব্যক্তিগত পৰিচয়ৰপৰা আৰম্ভ কৰি ইতিহাস, সমাজ-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, ভূগোল ইত্যাদি ইত্যাদি।
প্ৰাথমিক পৰিচয়, পা-পৰিয়াল, জীৱিকা আদিৰ পৰ্ব শেষ হোৱাৰ পাছত, লালকিল্লাত ঘূৰা দুটা ঘন্টা বিশেষতঃ দিল্লী, মোগল, লালকিল্লা, তাজমহল আদিৰ ইতিহাসৰ আলোচনতেই পাৰ হৈ গ’ল। লালকিল্লাৰপৰা ওলাই আহোঁতে প্ৰৱেশদ্বাৰতে আৰু এক বিৰল অভিজ্ঞতাৰ সন্মুখীন হ’লো। হঠাৎ প্ৰৱেশদ্বাৰৰ নিৰাপত্তাৰক্ষীজনে মোক আচৰিত কৰি সুধিলে, দাদা ক’ৰ পৰা আহিছে? অসম নে মণিপুৰ? মই ক’লো, ধেমাজিৰ…লগে লগে তেওঁ ক’ল তেখেত লক্ষীমপুৰৰ। ভালে কেইদিনৰ মূৰত এজনৰ লগত মুখ-মুখিকৈ অসমীয়াত কথা পাতিবলৈ পাই মনতো ভাল লাগি গ’ল….প্ৰৱেশদ্বাৰত যিহেতু ৰৈ থকা সম্ভৱ নহয়, গতিকে তেওঁ কেনেদৰে মোক অসমৰ বুলি অনুমান কৰিলে জানিবলৈ নহ’ল।
লালকিল্লাৰপৰা উলাই ৱাংএ মোক সুধিলে মোৰ ইয়াৰ পিছৰ পৰিকল্পনা কি? মই ক’লো বিশেষ একো নাই প্ৰথমে জুম্মা মছজিদ, চান্দনী চৌক আদিত এপাক মাৰিম তাৰ পিছত কি কৰিম ভাবিম….
লগে লগে ৱাং আৰু মিয়াই ক’লে তেওঁলোকেও সেই একে উদ্দেশ্যই আহিছে গতিকে অনুৰোধ কৰিলে যে মই যদি বেয়া নাপাওঁ একেলগে যাব লাগে।
অকলশৰে ঘূৰি ফুৰাৰ কোনো মজা নাই, তাতে যদি ৱাংহতঁৰ দৰে মনে মিলা লগ পোৱা যায় ভ্ৰমণৰ আনন্দই বেলেগ হয়। গতিকে মই পোনচাটেই সন্মতি দিলোঁ।
লালকিল্লাৰ পৰা চান্দনী চৌকৰ দিশে যাবলৈ ৰাজপথত ভৰি দিয়াৰ ল’গে ল’গে এজাক ৰিক্সাচালকে আমাৰ ওপৰত মৃতদেহৰ ওপৰত শগুণ পৰাদি জপিয়াই পৰিল। চান্দনী চৌক ২০০ টকাৰ পৰা ৫০০ টকাত ৰিক্সাত ঘূৰোৱাৰ বাবে। ২০০ /৫০০ মিটাৰ পথৰ বাবে ২০০ টকা!!!😢 আচল ভাড়া ৩০/৪০ টকাৰ বেছি নহয়। কিন্তু বিদেশী নাগৰিক দেখি ১০ ৰ পৰা ২০ গুণ পৰ্যন্ত বেছিকৈ ভাড়া বিচাৰিছে। পিছে মোৰ টানি উলিওৱা দিল্লীৱালা উচ্চাৰণৰ হিন্দী শুনি পিছ এৰিলে৷
এইবাৰ খোজ ল’লো চান্দনী চৌক বজাৰৰ মাজেৰে বিশ্ববিখ্যাত #মছলা_বজাৰ বা #স্পাইছ_মাৰ্কেট লৈ, তাৰপৰা জুম্মা মছজিদ।
খোজৰ লগে লগে আলোচনাও আগবাঢ়িল। মই যেতিয়া ক’লো, মই অসমৰ আৰু অসম চাহ, গড়ৰ বাবে পৃথিৱী বিখ্যাত, মোক হতাশ কৰি তেওঁলোকে ক’লে যে তেওঁলোকে অসমৰ নাম শুনাই নাই। মিয়াই তেওঁৰ ফোনতো মোৰফালে আগবঢ়াই দি অসমৰ বিষয়ে ইণ্টাৰনেটত সন্ধানৰ বাবে নামটো লিখি দিব দিলে…তাৰ পিছত ডিজিটেল পৃথিৱীত থকা অসম সমন্ধীয় তথ্যসমূহ পঢ়ি দুয়োৰে মাজত তেওঁলোকৰ ভাষাতে আলোচনা কৰি ক’লে, এনে এখন সুন্দৰ ঠাই আছে বুলি তেওঁলোকে আগতে জনা হ’লে ভ্ৰমণসূচীত অসমকো ৰাখিলহেঁতেন।
অসমৰ বিষয়ে শুনা নাই বুলি কোৱাৰ বাবে মোক বেয়া নাপাবলৈ  ক্ষমা খুজি ৱাংএ ক’বলৈ ধৰিলে …যিহেতু চীনত ভাৰতীয় সংস্কৃতি বা জ্ঞানৰ প্ৰচাৰ তেনেই নগন্য সেয়েহে তেওঁলোকে ভাৰতৰ বিষয়ে বিশেষ একো নাজানে। অৰুণাচল আৰু টাৱাংৰ প্ৰসংগ অনাত ক’লে সেই বিষয়েও তেওঁলোক একেবাৰে অজ্ঞ।  লগতে ইয়াকো ক’লে ভাৰতৰ লগত শত্ৰুতা, বিবাদ এইবোৰ কেৱল ৰাজনৈতিক এজেণ্ডা, চীনৰ সৰ্বসাধাৰণ লোকে ভাৰতক শত্ৰু বুলি জ্ঞান নকৰে।
ভাষা, ৰাজনীতি, অৰ্থনীতি আদিৰ বিষয়ে কথা পাতি পাতি #স্পাইছ_মাৰ্কেটৰ মাজেৰে এপাক ঘূৰি জুম্মা মছজিদ পালোহি। জুম্মা মছজিদৰ কাষেৰে অনেক বাৰ গৈছো, কিন্তু প্ৰৱেশ এয়ে প্ৰথম।
প্ৰৱেশ কৰিবলৈ গৈ দেখিলোঁ.. দ্বাৰত দুজন লোক৷ এজনে প্ৰৱেশ কৰিব খোজা মহিলাসকলক বোৰখা সদৃশ গাউন জাতীয় পোছাক এটা পিন্ধাই আছে আৰু হাফপেন্ট পিন্ধা পুৰুষসকলক লুঙি জাতীয় এখন কাপোৰ মেৰিয়াই দিছে, আনজনে প্ৰৱেশ মাচুল লৈ আছে। মই প্ৰৱেশ মাচুল কিমান জানিব খোজাত ক’লে “ভাৰতীয়ৰ বাবে বিনামূলীয়া আৰু বিদেশীৰ প্ৰতিজনৰ ৩০০ টকা৷” প্ৰায়বোৰ ভাৰতীয় পৰ্যটনক্ষেত্ৰত একেই নিয়ম, যেনে লালকিল্লাত ভাৰতীয়ৰ প্ৰৱেশ মাচুল ৫০ টকা আৰু বিদেশীৰ ৬০০ টকা।
ৱাং লগত ৬০০ টকাৰ খুচুৰা নাছিল, মোৰ লগতো। প্ৰৱেশ দ্বাৰৰ ৰক্ষকক লাগে খুচুৰা, খুচুৰা বিচাৰোঁতে ৱাংৰ হাতত আমেৰিকান ডলাৰৰ নোট দেখি কয় ১০ ডলাৰৰ নোট দিলেও হব। ১০ ডলাৰ লোৱাৰ পিছত কোনো টকা ঘূৰাই নিদিলে। ১০ আমেৰিকান ডলাৰ ভাৰতীয় ৭৪০ টকা মান হব। দেখ-দেখকৈ ই ঠগবাজী, তাকো ধৰ্মীয় স্থানত!!! মই ভিতৰলৈ গৈ ৱাংক কথাতো ক’লো, তেওঁ পুনৰ খুজিব নিবিচাৰিলে। জুম্মা মছজিদৰপৰা ওলোৱাৰ লগে লগে আকৌ ডলাৰে লগ ল’লে, এইবাৰ এগৰাকী শিশু ভিক্ষাৰীৰৰ ৰূপত। আমাক দেখি ভিক্ষা খোজাত মই জেপত থকা ২ টকাৰ মুদ্ৰা এটা আগবঢ়াই দিয়াত ক’লে এইটো নচলে, মই তেতিয়া ১০ টকাৰ মুদ্ৰা এটা দিয়াত ক’লে এইটো নালাগে ডলাৰ দিয়ক না চাহাব… মই নাই বুলি কোৱা সত্ত্বেও ৱাং, মিয়া আৰু মোৰ পিছে পিছে ভালেখিনি বাট আহি থাকিল। আঁৰ চকুৰে লক্ষ্য কৰি দেখিলোঁ দুজনীমান মালিক জাতীয় মহিলাই কাষে কাষে সিহঁতৰ ওপৰত চকু ৰাখি আহি আছে। অলপ দূৰ আহি ভিক্ষাৰী কনমানি দুজনী উভটি গ’ল। ঘটনাটোৱে মনত বিভিন্ন ধৰণৰ ভাৱৰ বুৰবুৰণি তুলিলে। কিছু লাজৰ, কিছু হতাশাৰ, কিছু অক্ষমতাৰ আৰু কিছু বিষাদৰ ভাৱে আহি বেৰি ধৰিলেহি৷ হায় মোৰ বিকশিত ভাৰতৰ ভৱিষ্যত প্রজন্মৰ শৈশৱ…হায় শিক্ষাৰ অধিকাৰ আইন….. এইবোৰৰ মাজৰপৰা বিদেশী পৰ্যটকসকলে ভাৰতৰ কি ছবি মনত লৈ যাব!!!
ৱাংহঁতে ৫ দিনৰ কাৰণে এখন ইন’ভা গাড়ী ৬ দিনৰ কাৰণে ভাড়াত লৈছিল, আকাশলঙ্ঘী মূল্যত। ২৫০০ আমেৰিকান ডলাৰৰ বিনিময়ত। প্ৰায় ১৫০০০০ ভাৰতীয় টকা। আজি আছিল অন্তিম দিন। ইতিমধ্যেই তেওঁলোকে জয়পুৰ, তাজমহল, বানাৰসী ইত্যাদি ভ্ৰমণ কৰি আহিছিল। আজি অন্তিমদিনত দিল্লী ভ্ৰমণ কৰি পিছদিনা পুৱা ৭.৪০ বজাৰ উৰাজাহাজত চীনলৈ বুলি উৰা মাৰিব। তেওঁলোকে দিনটোৰ বাবে তেওঁলোকৰ লগত ঘূৰিবলৈ অনুৰোধ কৰাত অনিচ্ছাস্বত্বেও মই পিছৰ গন্তব্যস্থান ৰাজঘাটৰ পিছত এৰা-এৰি হম বুলি ক’লো, যিহেতু মোৰ হোটেলৰ কোঠাত এতিয়াও প্ৰৱেশ কৰা হোৱাই নাই, কেনেবাকৈ নাপালে ৰাতিলৈ অসুবিধা হ’ব বাবে।
এইবাৰ জুম্মা মছদিৰপৰা লালকিল্লাৰ পিছফালে থকা গাড়ীৰ আস্থানলৈ কথাৰ মহলা মাৰি মাৰি খোজ ল’লো। এইবাৰৰ আলোচনা আমাৰ সমাজত নাৰীৰ স্থান, কলেজ-স্কুলত ছাত্ৰীৰ হাৰ। মই ৱাংক সুধিলো যে তেওঁলোকে এইবিষয়ে কি বুলি শুনিছে? মিয়াই আৰম্ভ কৰিলে, তেওঁলোকে শুনিছে যে ভাৰতত অকলশৰীয়া মহিলা পৰ্যটক সুৰক্ষিত নহয়। স্কুল-কলেজত মহিলাৰ হাৰ পুৰুষৰ তুলনাত যথেষ্ট কম। যৌতুক আৰু  বহুবিবাহৰ কথাও ক’লে। মই এতিয়া অলপ দোধোৰ-মোধোৰত পৰিলোঁ। মিয়াৰ কথাখিনি মিছা বুলি একেবাৰে উৰাই দিবও নোৱাৰোঁ আৰু সচাঁ বুলিলে দেশৰ বদনাম হয়….. মধ্যম পন্থা অৱলম্বন কৰাই ভাল বুলি ভাবি ক’লো.. ভাৰত এখন বিশাল দেশ..হাজাৰো অধিক ভাষা-দোৱান তথা জাতি-জনগোষ্ঠী আছে। গতিকে কিছু কিছু স্থান যদিও অলপ মহিলাৰ বাবে বিপদজনক বেছিভাগ ঠায়েই নিৰাপদ। উদাহৰণ স্বৰূপে দিল্লী, উত্তৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আদি ঠাই অকলশৰীয়া মহিলাৰ বাবে কিছু বিপদজনক যদিও বেংগলুৰ, আমাৰ উত্তৰপূবৰ ৰাজ্যসমূহ নিৰাপদ আৰু এই ৰাজ্যসমূহত যৌতুক জাতীয় সমস্যাটো নাই। মেঘালয়ৰ মাতৃপ্ৰধান পৰম্পৰাৰ কথাও ক’লো। লগতে আমাৰ অসমীয়া সমাজত আৰু উত্তৰ-পূবৰ জনজাতীয় সমাজত যে নাৰীৰ স্থান অতি উচ্চ সেইয়াও অলপ বুজাবলৈ চেষ্টা কৰিলোঁ।
পদপথত শুই থকা দুজন ভিক্ষাৰীক দেখি ৱাংএ ক’লে বহু সময়ৰ সুধিম বুলি ভাৱি আছো কিন্তু সুধা হোৱা নাই..ভাৰতত বাসস্থানৰ সমস্যা আছেনে নাই? কাৰণ চীনত এই সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
এই সম্পৰ্কত মোৰ বিশেষ জ্ঞান নাই। গতিকে মই ক’লো পৰ্যাপ্ত পৰিমাণৰ টকা থাকিলে ই সমস্যা নহয় কিন্তু বৰ্তমান অধিকাংশ ভাৰতীয়ৰে নিজাকৈ ঘৰ এটা কিনাৰ সামৰ্থ্য নাই।
আহি আহি ৱাংহতঁৰ গাড়ীৰ ওচৰ পালোহি। এইবাৰ গাড়ীত উঠি ৰাওনা হ’লো ৰাজঘাট অভিমুখে… এইবাৰৰ আলোচনা নিজৰ নিজৰ ঠাইৰ বিষয়ে, ঘৰৰ বিষয়ে। ৱাং বেইজিংৰ মিয়া চিচুৱানৰ, বৰ্তমান দুয়ো বেইজিংত থাকে, দুটা সন্তানৰ পিতৃ-মাতৃ। লগতে ময়ো মোৰ বিষয়ে ক’লো।
এটা শব্দই মোৰ মনত খুন্দিয়াবলৈ ধৰিলে। #চিচুৱান… মোৰ পূৰ্বপুৰুষৰ আদি বাসস্থান। মই এই কথাষাৰ কোৱাত ৱাং আৰু মিয়া অতি আচৰিত আৰু উৎসাহিত হৈ পৰিল। মোৰপৰা এই বিষয়ে অধিক জানিব বিচাৰিলে। যি পাৰো যি জানো বিৱৰি ক’লো। তেওঁলোক অতি উৎসাহিত হ’ল, মিয়াই এখোজ আগুৱাই গৈ ক’লে সেইবাবে আপোনাৰ উত্তৰ-পূবত নাৰীক সন্মান দিয়ে.. ই চীনৰো সংস্কৃতি। পূৰ্বতকৈও এটা আপোন ভাৱ গঢ় লৈ উঠিল।
ৰাজঘাটত প্ৰৱেশ কৰিবলৈ কোনো মাচুল নথকাত ৱাংএ কিয় জানিব বিচৰাত সুৰক্ষাৰ দায়িত্বত থকা বিষয়াজনে কৌতুকেৰে উত্তৰ দিলে এয়া নোটৰ মালিকৰ ঘৰ গতিকে ইয়াত নোট অচল। ৰাজঘাটত এটা অপ্রীতিকৰ তথা লজ্জাজনক ঘটনাৰ সন্মুখীন হ’লো। ২০/২৫ বছৰীয়া যুৱকৰ দল এটাই মিয়াৰ লগত ফটো উঠাৰ নামত টনা-আজোৰা কৰিবলৈ ধৰিলে। প্ৰায় ১০ মিনিট মানৰ চেষ্টাৰ পিছত যুৱকৰ দলটোৰপৰা মুক্ত হৈ খৰধৰকৈ গান্ধীৰ সমাধি দৰ্শন কৰি গাড়ীলৈ ঘূৰিলোঁ। এইবাৰ এৰা-এৰি হোৱাৰ পাল। ৰাজঘাটৰপৰা গাড়ীৰে জনপথ মেট্ৰ’ষ্টেচনত মই নামি পৰিলোঁ ৱাং আৰু মিয়াক বিদায় দি।
এই খন্তেকীয়া চিনাকীৰ চীনা দম্পতিয়ে মনত সাঁচ বঢ়াই গ’ল। চীনত হোৱাটচএপ / ফেচবুক নিষিদ্ধ। গতিকে ৱাংএ মোৰ ইমেইলৰ ঠিকনা লৈ গৈছে, বেইজিং পালে মেইল পঠিওৱাৰ প্ৰতিশ্ৰুতিৰে, বাট চাই ৰলো চীনা বন্ধুৰ মেইলৰ বাবে আগ্ৰহেৰে।

Related Articles

error: Content is copy right protected !!
Close