চল্লিছ কিলোগ্ৰাম প্লাষ্টিক উদৰস্থ কৰি ভাহি উঠিল তিমিৰ নিথৰ দেহ

মহাবাহু

মেনিলা (ফিলিপাইনছ)ৰ বাতৰি : সমুদ্ৰ দূষণৰ উলংগ ছবি পুনৰ এবাৰ প্ৰকট হ’ল। একেবাৰে সকলোৰে সন্মুখত প্ৰকট হ’ল। প্লাষ্টিক দূষণৰ বাবে পুনৰ মৃত্যুমুখত পৰিল পূৰ্ণবয়স্ক এটা বিশালকাৰ তিমি মাছ। মাৰ্চ মাহৰ তৃতীয় সপ্তাহ (২০১৯)ৰ শনিবাৰে ফিলিপাইনছৰ এটা দ্বীপৰপৰা প্ৰায় ১৬ ফুট দৈৰ্ঘ্যৰ এটা তিমি মাছ উদ্ধাৰ কৰা হয়। ফিলিপাইনছৰ সমুদ্ৰ জীৱবিজ্ঞানী ডাৰেল ব্লাটচেলৰ নেতৃত্বত তিমিটোক পৰীক্ষা কৰিবলৈ সমুদ্ৰবিজ্ঞান বিভাগেও সহযোগিতা কৰে। এইক্ষেত্ৰত প্ৰথমে গম পোৱা যায় যে এসপ্তাহ ধৰি তিমিটোৱে প্ৰচণ্ড যন্ত্ৰণা অনুভৱ কৰাৰ লগতে দীৰ্ঘদিন ধৰি খাবলৈ অসমৰ্থ হোৱাৰ উপৰি তেজ-বমি, ডিহাইড্ৰেছনৰ সমস্যাত ভুগিছিল। পাৰৰ কাষলৈ আহিও তিমিটোৱে তেজ-বমি কৰিছিল। ইয়াৰ পিছত তিমিটোৰ অসুস্থতাৰ কাৰণ বিচাৰি থাকোতে যিবোৰ তথ্য হাতলৈ আহিল, সেয়া দেখি বিজ্ঞানীসকলৰ চকু কপালত উঠিল। তিমিটোৰ পেটৰ ভিতৰত বজাৰ কৰা বেগৰপৰা আৰম্ভ কৰি ‍‘ডিপাৰ্টমেণ্টেল ষ্টোৰ্চ’—‍‘শ্বপিংমল’ৰ মোনা, চাউলৰ বস্তাসহ মুঠ ৪০ কিলোগ্ৰাম প্লাষ্টিক পোৱা গ’ল।

ফিলিপাইনছৰ দাঁভো চহৰৰ ডিবোন সংগ্ৰহালয়ত সমুদ্ৰবিজ্ঞান সংক্ৰান্তীয় একাধিক নমুনা আছে। সেই সংগ্ৰহালয়ৰ মুখ্য কাৰ্যবাহীয়ে জনাইছে যে যোৱা ১০বছৰত ৬১ টা তিমিৰ মৃত্যু হৈছে একমাত্ৰ প্লাষ্টিকৰ বাবে। যোৱা এক দশক ধৰি সমুদ্ৰত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে প্ৰচাৰ চলাই আছে ডিবোন সংগ্ৰহালয়ে। তেওঁৰ হাতত থকা হিচাপমতে যিকেইটা তিমি আৰু ডলফিন প্লাষ্টিক দূষণৰ বাবে মৃত্যুমুখত পৰিছে, সেইসমূহৰ উদৰস্থ হোৱা প্লাষ্টিকৰ পৰিমাণ ৪ টনৰপৰা ৫টন। সকলোবোৰ জাহাজত বেনাৰ, পোষ্টাৰ, প্লে-কাৰ্ডৰ জৰিয়তে প্লাষ্টিক বৰ্জনৰ বাবে আৱেদন জনোৱা হৈছে। কিন্তু তাৰদ্বাৰাও পৰিৱেশ দূষণ ৰোধৰ ক্ষেত্ৰত কোনো ফল পোৱা হোৱা নাই বুলি মুখ্য কাৰ্যবাহীজনে জনাইছে। মানুহক সচেতন কৰিবলৈ তিমিটোৰ পেটৰপৰা এটা-এটাকৈ ১৬টা চাউল বহনকাৰী বেগ উলিয়াই থাকোতে চিত্ৰগ্ৰহণ কৰা ভিডিঅ’টো ‍‘ছ’চিয়েল মেডিয়া’যোগেও প্ৰচাৰ কৰা হৈছে আৰু অনুৰোধ কৰা হৈছে যে সমুদ্ৰযাত্ৰাত কোনেও যেন প্লাষ্টিক পণ্য সমুদ্ৰত নিক্ষেপ নকৰে। মুখ্য কাৰ্যবাহীগৰাকীয়ে কৈছে যে আমাৰ আচৰণৰ যদি পৰিৱৰ্তন নহয়, তেন্তে আজি যি নগ্ন ছবি আমি দেখা পাইছো—তাতোকৈ ভয়ংকৰ বিপদৰ ছবি আমাৰ বাবে অপেক্ষাৰত!

Related Articles

Close