চত গৈয়ে গৈয়ে বহাগ পালেহি

(স্বাস্থ্য হোৱাটৃএপ গ্ৰুপৰ সৌজন্যত, মূল লিখকৰ নাম উল্লেখ নায়)

কিছু দিনৰ পিছত আহিব অসমীয়াৰ বাপতি সাহোন বহাগ বিহু, আৰম্ভ হব নতুন বছৰ। গৰু বিহু, গোসাঁই বিহু, মানুহ বিহু আৰু চেৰা বিহু। চেৰা বিহুৰ দিনা বিভিন্ন বনশাকৰ আঞ্জা প্ৰস্তুত কৰি খোৱা হয়। ইয়াত আমি খোৱা বনশাক সমূহ প্ৰকৃততে ঔষধি গুণসম্পন্ন। আমি খোৱা কিছুমান শাকৰ নাম তলত উল্লেখ কৰা হল। এই ঔষধি শাক একেলগে ৰান্ধিখালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি , নিৰোগী হৈ দীৰ্ঘায়ু হব পাৰি। উদাহৰণ  স্বৰূপে সোণবড়িয়াল পাত খালে স্নায়ুমণ্ডলৰ সকলো প্ৰকাৰ ৰোগ ভাল হয়, মানিমুণি  খালে স্মৃতি শক্তি বঢ়াৰ উপৰিও সকলো প্ৰকাৰৰ মস্তিষ্কৰ ৰোগ নিৰাময় হয়, লাইজাবৰি খালে  যকৃত ৰোগ হবই নোৱাৰ,  পদিনা আৰু ভাঙৰ পাত কেঞ্চাৰ ৰোগ প্ৰতিৰোধক, নিমপাত খালে চৰ্মৰোগ আৰু ডায়েবেটিচ ভাল হয়। সম্ভৱত শাৰীৰিক পৰিশ্ৰম কৰাৰ লগতে এই বনশাকৰ উপকাৰীতাৰ কাৰণে অসমীয়া ছোৱালী পৃথিৱীৰ ভিতৰত ধুনীয়া আৰু স্বাস্থ্যৱান বুলি ৰবাৰ্ট হাৰ্ডিং হুগ্চ নামৰ ব্যক্তিজনে এনচাক্ল’পেডিয়া কচিথ’থৰিত উল্লেখ কৰিছে। সেয়েহে নতুন প্ৰজন্মৰ অসমীয়া সকলে চিন্তা কৰি চাওক, এই বনশাকৰ উপকাৰীতা। সানমিহল বনশাক খালে আমাৰ বেমাৰ সহজে হব  নোৱাৰে। প্ৰত্যেকবিধ বনশাকৰ ঔষধি গুণাগুণ বেলেগ বেলেগ।
(১) মাটি কাদুৰী- -Alternanthera Sessilis.
(২) বৃন্দাবনী শাক -Alternanthera sessilis.
(৩) বন আমলখি/মাটি আমলখি-Phyllanthus niruri.
(৪) বন জালুক-oldenlandia corymbosa.
(৫) শোহনি বন-acmella ciliata.
(৬) গাখীৰতী বন-Euphorbia hirta.
(৭) চেনি বন বা মধুমেহাৰী বা বনধনিয়া-Scoparia dulcis.
(৮)কঁণা শিমলু-Commelina tuberosa.
(৯)বৰালী বকুৱা-Pouzolzia zeylanica.
(১০)হাঁচিয়া বা হাঁচিয়তি বন-Centipeda minima.
(১১)কেঞাবন-Kyllinga monocephala.
(১২) দুৱৰি বন-Cynodon dactylon.
(১৩)থুঠনী বা মৰলীয়া শাক -Stellaria media.
(১৪) বিহলঙনি- Dryopteris filix.
(১৫কপৌ ঢেকীয়া -Lygodium flexuosum.
(১৬) কপৌ লতা- Lygodium flexuosum.
 (১৭)ঢেকীয়া শাক -Diplezium esculentum.
(১৮) বিয়নি সাবটা -Desmodium sp.
(১৯) পনৌনৱা-peperomia pellucida.
(২০)লাইজাবৰি-drymaria cordata.
(২১) টেঙেচি টোঙা-Oxalis corniculata.
(২২) টুবুকি লতা-cissampelos sympodialis.
(২৩) জেতেলী পকা পাত-Rubus rugosus.
(২৪)টিকনি বৰুৱা-smilax ovalifolia
(২৫)গোন্ধোৱা বন-Aageratina adenophora.
(২৬) দ্ৰোণ বন-leucas aspera.
(২৭)ওহভটা শট -Achyrenthes aspera.
(২৮) কেঁহৰাজ -Eclipta alba.
(২৯) মধুৰি কুমলীয়া পাত -psidium guajava.
(৩০)ভেদাই লতা-Paederia foetida.
(৩১)লাচকচি-Solanum nigrum.
(৩২) বৰ মানিমুনি-Centella asiatica.
(৩৩)সৰু মানিমুনি-hydrocotyle sibthorpioides.
(৩৪) সোণবৰিয়াল -sida cordifolia.
(৩৫) কৰ্দৈ টেঙাৰ কুমলীয়া পাত-Averrhoa carambola.
(৩৬) কাঁচিডৰীয়া-Lindernia ruellioides.
(৩৭)লিহিৰি পতীয়া বা সৰ্প জিভা-Hedyotis corymbosa.
(৩৮)শতমূলৰ কুমলীয়া কোঁহ -Asparagus racemosus.
(৩৯)গৰুখিচ-Fragaria indica.
(৪০)খুটৰীয়া শাক -amaranthus viridis.
(৪১) মালভোগ খুটৰীয়া শাক -portulacaceae oleracea.
(৪২) হাতী খুটৰীয়া-Amaranthus Iangeticuslinn.
(৪৩)গুটিমালী বা খৰিকাজাঁই-jasminum species.
(৪৪)শেৱালি ফুলৰ পাত-Nyctanthes arbor-tristis.
(৪৫) জবা ফুলৰ পাত-Hibiscus rosa-sinensis.
(৪৬) ফুটুকা গছৰ কুমলীয়া পাত -melastoma malabathricum.
(৪৭)নুনি গছৰ কুমলীয়া পাত-Morus alba.
(৪৮) লাজুকি বন-Mimosa Pudica.
(৪৯)শুকলতি -Pogostemon benghalensis.
(৫০) নেফাফু পাত-clerodendrum colebrookianum.
(৫১) শগুনীলতা বা গুড়ুচী-Tinospora cordifolia.
(৫২) অকালবিহ-clerodendrum indicum.
(৫৩) কুকুৰাঠেঙীয়া কুমলীয়া পাত -Leea indica.
(৫৪)ভোমলতি ৰ কুমলীয়া পাত -Symplocos Racemosa.
(৫৫) মেচাকি বনৰ পাত-Sarcochlamys pulcherrima.
(৫৬) তিতা ভেঁকুৰি -Solanum indicum.
(৫৭)পচতীয়া-vitex Nigundi
(৫৮) দুপৰটেঙা-Garcinia xanthochymus.
(৫৯) অমৰা ফুল বা কুমলীয়া পাত-Spondias pinnata.
(৬০) ভাং পাত-Canabis sativa.
(৬১) বাঘ আচোৰ-Persicaria perfoliata.
(৬২) মছন্দৰী-Houthuynia cordata.
(৬৩) মধুসোলেং-polygonum chinense.
(৬৪) ব্ৰাহ্মী শাক -Bacopa monnieri.
(৬৫) জিলমিল শাক-Chenopodium album.
(৬৬) কলমৌ শাক -Ipomoea aquatica.
(৬৭) টেঙামৰা কুমলীয়া কোঁহ -Hibiscus sabdariffa.
(৬৮) বগী টেঙা -Cissus repens.
(৬৯)নৰসিংহ পাত-Murraya koenigii.
(৭০) বেত গাজ-Calamus floribundus.
(৭১) বাঁহ গাজ-Bambusa tulda.
(৭২) মহানিম- Meiia azadirachtar.
(৭৩) চিৰতা তিতা-Green chirata
(৭৪) তিতাফুল- Phlogocanthus thyrsiflorus.
(৭৫) বগা বাহক-Justicia adhatoda.
(৭৬) টোলোঠা পকাৰ কুমলীয়া পাত-ardisia arborea.
(৭৭)কল পুলি বা পচলা-Banana shoot
(৭৮) অাম কলী-Mangifera indica.
(৭৮) কঠাল মূচী-Artocarpus heterophyllus.
(৮০)চেংমৰা-Lasia spinosa.
(৮১) চজিনা পাত-moringa oleifera.
(৮২)-জলকীয়া ফুল বা কুমলীয়া পাত-chili pepper.
(৮৩)বেঙেনাৰ ফুল বা কুমলীয়া পাত-Solanum melongena.
(৮৪) দহি কচুৰঠোৰ -Alocasia odora.
(৮৫) ক’লা কচু থুৰী-Calocasia esculenta.
(৮৬)চেমা কচুৰ কুমলীয়া পাত-Typhonium trilobatum
(৮৭)পকমৌ-physalis minima.
(৮৮) ল বৰুৱা-rumex obtusifolius.
(৮৯)গঙ্গামূলা বা ঢ়েৰুৱা- Raphanus raphanistrum.
(৯০) মাটিকঠালৰ কুমলীয়া কোহ-Ananas comosus.
(৯১) অগৰাৰ কুমলীয়া পাত -Xanthium stramarium .
(৯২)  ডিমৰুৰ কুমলীয়া পাত -Ficus hispida.
(৯৩) মদাৰ গছৰ কুমলীয়া পাত -Erythrina variegata
(৯৪) পদিনা-mentha piperita .
(৯৫)আমগন্ধি-Limnophila chinensis.
(৯৬) চালকুঁৱৰী -Aloe vera.
(৯৭) অমিতা ফুল-Carica papaya.
(৯৮)ৰঙালাউ আগ-Cucurbita maxima.
(৯৯)জাতিলাউ আগ-Lagenaria siceraria.
(১০০)ভাত কেৰেলাৰ আগ-Momordica dioica.
(১০১) পিৰালি পালেং-talinum.
(১০২)তুলসী পাত-Ocimum tenuiflorum.
(১০৩) মটৰমাহৰ আগ-Pisum sativum.
(১০৪) পানী মেটেকা ফুল বা কুমলীয়া পাত -Eichhornia crassipes.
(১০৫) বৰ থেকেৰা-Garcinia pedunculata.
(১০৬) পালেং-Spinacia aleracia.
(১০৭) সৰিয়হ শাক-Brassica nigra.
(১০৮) মেথি শাক-Trigonella foenum-graecum.
(১০৯)পিয়াঁজ পাত-Allium cepa.
(১১০) আদা বা আদাৰ গজালি পাত-Zingiber officinale.
(১১১)মান ধনিয়া-Eryngium foetidum.
(১১২) ধনিয়া-coriandrum Sativum.
(১১৩) পিপলি-Piper longum.
(১১৪)জালুক আৰু জালুকৰ পাত-piper nigrum.
(১১৫)তেজপাত-Cinnamomum tamala.

Related Articles

error: Content is copy right protected !!
Close