গৱেষক স্তম্ভিত, হাঙ্গৰো হৈ পৰিছে তৃণভোজী

টোকাবহীৰ পৰা:-মহাবাহু

নিউয়ৰ্ক : “Procedings of the Royal Society”ৰ তৰফৰপৰা প্ৰকাশিত এখন প্ৰতিৱেদনত হাঙ্গৰক লৈ কৰা গৱেষণাই প্ৰাণীবিদসকলৰ চকু কপালত তুলিছে। সেই প্ৰতিবেদনত জনোৱা হৈছে যে হাঙ্গৰেও মাংস খোৱা অভ্যাস ত্যাগ কৰি ঘাঁহ-পাত খাই জীয়াই আছে। এই তথ্য প্ৰকাশৰ পূৰ্বে গৱেষকসকলে দাবী কৰিছে যে ভূমধ্যসাগৰৰপৰা ৫টা হাঙ্গৰ আনি তেওঁলোকে গৱেষণা আৰম্ভ কৰিছিল। কৃত্ৰিম জলাশয়ত সাগৰৰ দৰে পৰিৱেশ সৃষ্ট কৰি তাত মাথোন সামুদ্ৰিক শৈবাল, সামুদ্ৰিক উদ্ভিদ আৰু শামুক থোৱা হৈছিল। সেইবোৰকেই গ্ৰহণ কৰি ৫টা হাঙ্গৰে সম্পূৰ্ণ তিনিসপ্তাহ সুস্থভাৱে পাৰ কৰিছিল।
এনে ঘটনা চকুৰ সন্মুখত দেখাৰ পিছত হাঙ্গৰৰ পাকস্থলী, দাঁত, পৰিপাকতন্ত্ৰক লৈ বিশেষ গৱেষণা আৰম্ভ কৰে বিজ্ঞানীসকলে। তেতিয়া দেখা গৈছিল যে গৰু, ম’হ, উটৰ দৰে হাঙ্গৰৰো বৃহদন্ত্ৰৰ আকাৰ বৃদ্ধি হৈছে আৰু ক্ষুদ্ৰান্তৰ আকাৰ হ্ৰাস হৈছে। গৱেষণা কৰা প্ৰাণীবিদসকলে কৈছে যে বৃহদন্ত্ৰৰ আকাৰ বৃদ্ধি হয় শৰ্কৰা পৰিপাচনৰ বাবে আৰু ক্ষুদ্ৰান্ত্ৰৰ আকাৰ বৃদ্ধি পায় প্ৰোটিনজাতীয় খাদ্য, অৰ্থাৎ মাংস অত্যাধিক মাত্ৰাত খোৱা হেতুকে। হাঙ্গৰৰ শৰীৰত বৃহদন্ত্ৰৰ আকাৰ যি পৰিমাণে বৃদ্ধি পাইছে, সেয়া প্ৰত্যক্ষ কৰি গৱেষকসকল নিশ্চিত হৈছে যে হাঙ্গৰৰ মুখৰ সোৱাদ সলনি হৈছে আৰু মাংস পৰিত্যাগ কৰি এতিয়া শাক-পাচলি খোৱা নিৰামিষভোজী হৈ পৰিছে।
গৱেষণাপত্ৰখনৰ আৰম্ভণিতেই গৱেষকসকলে উল্লেখ কৰিছে যে হাঙ্গৰৰ প্ৰায় ৬০% প্ৰজাতি এতিয়া তৃণভোজী হৈ পৰিছে। বিষয়টোক অভিযোজনৰ কাৰণ হিচাপে ব্যাখ্যা কৰিলেও সাগৰৰ গৰ্ভত চিকাৰৰ অভাৱৰ কাৰণকো বিজ্ঞানীসকলে দৰ্শাইছে। বিজ্ঞানীসকলে কৈছে যে পানীৰপৰা যি হাৰত মাছৰ সংখ্যা হ্ৰাস পাইছে—সেই হেতুকেই জীৱন সংগ্ৰামৰ ৰণাংগণত খাদ্যৰ অভ্যাস সলনি কৰিবলৈ জলদানৱসকল বাধ্য হৈ পৰিছে।
পাকস্থলীৰ পৰিৱৰ্তন হ’লেও পৰিপাচন তন্ত্ৰৰ অন্য কোনো স্থানত, যেনে দাঁতৰ গঠন, গ্ৰাসনলী, পৰিপাকনলীত কোনো পৰিৱৰ্তন লক্ষ্য কৰা নাই গৱেষকসকলে। উল্লেখ কৰিব পাৰি যে ২০০৬ চনত আমেৰিকান বিজ্ঞানী মাৰ্টিন হোল্ডাৰে ভূমধ্যসাগৰৰ তলিত নামি হাঙ্গৰৰ গতি প্ৰকৃতিক লৈ ‍‘অনুসন্ধান’ আৰম্ভ কৰিছিল। সেই অনুসন্ধানৰ প্ৰতিৱেদনত উল্লেখ কৰা হৈছিল যে হাঙ্গৰে এতিয়া সমুদ্ৰৰ গভীৰ তলিত ঘাঁহ-পাত খাই জীয়াই থাকিবলৈ আৰম্ভ কৰিছে। মাৰ্টিনৰ সেই প্ৰতিৱেদন লাভ কৰাৰ পিছত ‘Proceedings of the Royal Society’ৰ গৱেষকসকলে থিৰাং কৰে যে বিষয়টোক লৈ চাক্ষুষ প্ৰমাণৰ প্ৰয়োজন আছে। সেইবাবেই ভূমধ্যসাগৰৰপৰা ৫টা হাঙ্গৰ আনি কৃত্ৰিম পৰিৱেশত ৰাখি স্বচক্ষে খাদ্যাভ্যাস পৰ্যবেক্ষণ কৰিলে গৱেষকৰ দলে। গৱেষকসকলৰ একাংশই এই ধৰণৰ পৰিৱৰ্তনক অভিযোজন সংক্ৰান্তীয় বিষয় বুলি ব্যাখ্যা কৰিছে আৰু আন একাংশই পৰিৱেশৰ দূষণক দায়ী কৰিছে। তেওঁলোকৰ মতে প্লাষ্টিক দূষণৰ বাবে সমুদ্ৰৰ গভীৰতো ইমানেই পানী দূষিত হৈছে যে হাঙ্গৰৰো খাদ্যৰ অভাৱে চৰিত্ৰ সলনি কৰি পেলাইছে।

Related Articles

Check Also

Close
Close