গৰখীয়া বাঁহী

মনোজ কুমাৰ ডেকা

আন এবিধ গৰখীয়া বাঁহীৰ কথা কব খোজা হৈছে । এয়া ৰাভা সকলৰ গৰখীয়া বাঁহী । একালত গোহালিৰ গৰু লৈ গৰখীয়া ওলাই গৈছিল ঘৰৰ পৰা কেইবাদিনলৈ । তেওঁলোকে খুব কষ্ট কৰিছিল । ৰ’দে বৰষুণে তেওঁলোকে গৰু চাৰি ঘূৰি ফুৰে । গাঁও এৰি থাকিব নোৱাৰে । কাৰণ, বাঘে গৰু মাৰি শেষ কৰিব । গতিকে নিজৰ দৈহিক বা মানসিক দুখ লাঘৱ কৰিবলৈ তেওঁলোকে “দালোৱা” বাঁহেৰে এবিধ দুটা বিন্ধা থকা বাঁহী তৈয়াৰ কৰি বজাইছিল । দালোৱা বাঁহ সহজে উপলব্ধ । সেই বাঁহী তৈয়াৰ কৰি তেওঁলোকে এটি বিশেষ গীতৰ সুৰ সেই বাহীত তুলিছিল । গীত’তো আছিল এনেধৰণৰ-
“খেদ ঐ খেদ
খেদ গৰু খেদ
গৰু যদি নেখেদ
ভুটুৱা হেন পেট…!”
…এই গীত’তো গৰাখীয়াই বজাইছিল, গৰখীয়া বাঁহীত । তিত টেট তিত…তিত তিত তিত…!
গৰখীয়াবোৰে বৰ কষ্ট কৰিছিল । কিন্তু তেনে কষ্টৰ ওপৰত আৰু কষ্ট জাপি দিছিল বৰ গৰাখীয়াই । বৰ গৰাখীয়াই নিজে আৰাম কৰি থাকি সৰু গৰখীয়া বোৰক গৰু চৰাব দিছিল । সিহঁতে সেয়ে গাইছিল-
“ও পকা ছেলেঙা ওলাই ওলাই
বৰ  গোর্খা ওলাচী আমাৰে ডালত।”
বৰষুণ দিব যেন পালে গৰখীয়াবোৰে ভাগবানক খাতে, যাতে বৰষুণজাক লমডঙৰ ফালে উৰাই লৈ যায় ।  লমডং এখনি খাচীয়া গাঁও । বহু দূৰত অৱস্থিত । বতাহে বৰষুণজাক লমদঙ্গৰ ফালে নিলে নিলে গৰখীয়া কেইটা বাছি যায় । সিহঁতে সেয়ে গায়-
“ছাগলৰ লটি ঘটি
বামনৰ চিৰা ধূতি
উৰাই উৰাই যা বৰষুণ
লমডঙ্গৰ দেকি …”
এয়াই অতি চমুকৈ গৰখীয়া বাঁহী আৰু গৰখীয়া বাঁহীৰ গীত ।
**মহাবাহু**
Show More

Related Articles

Back to top button
error: Content is copy right protected !!