গ্ৰেটা থানবাৰ্গ আৰু শান্তিৰ ন’বেল

মহাবাহু

ষ্টকহোমঃ অটিজিমৰদ্বাৰা আক্ৰান্ত ১৬ বছৰীয়া ছোৱালীজনীয়ে প্ৰত্যেক শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ সলনি ছুইডেনৰ পাৰ্লিয়ামেণ্টৰ সন্মুখত এখন ‍‘বেনাৰ’ লৈ থিয় হৈ থাকিছিল। সেই বেনাৰখনত লিখা আছিল—‍‘স্কুল ষ্ট্ৰাইক ফৰ ক্লাইমেট’। তেতিয়াৰেপৰাই আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল ছোৱালীজনীৰ তেনে কাৰ্যই। যোৱা ডিচেম্বৰ (২০১৮) মাহত ছুইজাৰলেণ্ডৰ ডাভোচত অনুষ্ঠিত আন্তৰ্জাতিক পৰিৱেশ সন্মিলনত ‍‘পৰিৱেশ’ক লৈ বক্তব্য দাঙি ধৰাৰ সুযোগ পাইছিল ছোৱালীজনীয়ে। সেই আন্তৰ্জাতিক মঞ্চত নিৰ্ভীক কণ্ঠেৰে ছোৱালীজনীয়ে কৈছিল—‍‘‍‘ভৱিষ্যতৰ বাবে তোমালোক আশাবাদী নহ’বা। ভয় কৰিবলৈ শিকা। যি আতংকৰদ্বাৰা মই প্ৰতিদিনে আতংকিত হওঁ, সেই আতংক উপলব্ধি কৰা, আৰু সেইমতে ব্যৱস্থা গ্ৰহণ কৰা।’’ গ্ৰেটা থানবাৰ্গ নামৰ সেই ছোৱালীজনীয়ে দেখুওৱা পথেৰে লাহে লাহে দেশখনৰ অন্যান্য অংশৰ ছাত্ৰ-ছাত্ৰীয়েও তেওঁৰ কাষত থিয় দিবলৈ আৰম্ভ কৰে। শুকুৰবাৰে বিদ্যালয়লৈ যোৱা বাদ দি সকলোৱে ৰাজপথত নামি বিশ্ব জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ আৰম্ভ কৰে।

অটিজিমৰ চিকাৰ গ্ৰেটা থানবাৰ্গ নামৰ সেই ছোৱালীজনী এইবাৰ ন’বেল শান্তি পুৰস্কাৰৰ কাষ চাপিবলৈ সক্ষম হৈছে। নৰৱেৰ জনপ্ৰতিনিধিসকলে ন’বেল শান্তি পুৰস্কাৰৰ বাবে গ্ৰেটাৰ নাম মনোনীত কৰিছে। বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ বাবে গ্ৰেটাই নিৰলস সংগ্ৰাম চলাই আছে। হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক তেওঁ নিজৰ আন্দোলনত চামিল কৰিছে। এইবাৰৰ ন’বেল শান্তি পুৰস্কাৰ যদি গ্ৰটাই পাবলৈ সক্ষম হয়, তেনেহ’লে ন’বেল পুৰস্কাৰৰ ক্ষেত্ৰত গ্ৰেটা হ’ব বিশ্বৰ সৰ্বকনিষ্ঠ ন’বেলজয়ী। উল্লেখযোগ্য যে বিশ্বৰ ভিতৰতেই প্ৰথমে নৰৱেই আইন বলৱৎ কৰি গছ কটা নিষিদ্ধ কৰিছিল।

প্ৰতি শুকুৰবাৰে বিদ্যালয় খতি কৰি প্লে-কাৰ্ড, বেনাৰ হাতত লৈ দেশৰ পাৰ্লিয়ামেণ্টৰ সন্মুখত থিয় হৈ থকা গ্ৰেটাৰ আন্দোলন আৰম্ভ হৈছিল ২০১৮ চনৰ আগষ্ট মাহত। গ্ৰেটাৰ সেই আন্দোলন ‍‘ছ’ছিয়েল মেডিয়া’ৰদ্বাৰা ‍‘ফ্ৰাইডেজ্ ফৰ ফিউচাৰ’ নামেৰে পৰিচিতি লাভ কৰে। ছুইডেনৰ সীমা পাৰ হৈ ইণ্টাৰনেটৰ মাধ্যমেৰে দ্ৰুতভাৱে গ্ৰেটাৰ আন্দোলনৰ বাৰ্তা দাৱানলৰ দৰে বিয়পি পৰে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ১৬ বছৰীয়া গ্ৰেটাৰ সংগ্ৰাম বিশ্বৰ ১০৫খন দেশলৈ বিয়পি যায়। আনহাতে বিজ্ঞানীসকলে কৈছে যে বৰ্তমানৰ বিশ্ব যি হাৰত দূষিত হৈছে, যিভাৱে দূষণ বৃদ্ধি হৈ আছে, সেয়া প্ৰতিৰোধ কৰিবলৈ আমাৰ হাতত খুব বেছি ১২ বছৰ সময় আছে। এই সময়ৰ ভিতৰতেই ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি আয়ত্তৰ বাহিৰলৈ গুচি যাব।

নৰৱেৰ সমাজকৰ্মী ফ্ৰেডি আন্দ্ৰেই এই প্ৰসংগত কয় যে ‍‘আমি ন’বেল কমিটিত গ্ৰেটাৰ নাম প্ৰস্তাৱ কৰিছো। কাৰণ এতিয়াও যদি আমি পৰিৱেশ ৰক্ষা কৰিবলৈ সচেতন নহওঁ, তেনেহ’লে এই পৃথিৱীত পুনৰ যুদ্ধ, সংঘাত, বিবাদ, শৰণাৰ্থী অত্যধিক বৃদ্ধি পাব। …গ্ৰেটাই এক গণ-আন্দোলন আৰম্ভ কৰিছে আৰু আমাৰ ভাব হয় সেয়া হ’ল বিশ্বৰ শান্তিৰ পথত এক বিৰাট পদক্ষেপ।’ ইয়াৰ পূৰ্বে ২০১৪ চনত মাত্ৰ ১৭ বছৰ বয়সত ন’বেল শান্তি পুৰস্কাৰ পাইছিল পাকিস্তানৰ কিশোৰী মালালা ইউছুফজাইয়ে। তালিবান সন্ত্ৰাসবাদীৰ গুলী মূৰত লৈও শান্তিৰ পথেৰে শিক্ষাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ বিচাৰিছিল অসীম সাহসী কিশোৰী মালালাই। এতিয়ালৈকে মালালাই হ’ল সৰ্বকনিষ্ঠ ন’বেলজয়ী। কিন্তু এইবাৰ যদি গ্ৰেটা থানবাৰ্গে ন’বেল পুৰস্কাৰ পাবলৈ সক্ষম হয়, তেনেহ’লে গ্ৰেটাই হ’ব সৰ্বকনিষ্ঠ।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close