গ্ৰাহক হোৱাৰ অভিজ্ঞতা

ৰঞ্জনা কোঁচ বকলীয়াল

( প্ৰয়াত শাহু আইৰ বিজ্ঞান মনস্কতাৰ কথা)

 ২০০৪-০৫ বৰ্ষমানৰ কথা ।ছোৱালীজনী তিনি চাৰি বছৰীয়ামান ।  ওচৰতে এখন গেলামালৰ দোকান ।তাই চানাচূৰ খাব পৰা হৈছে তেতিয়া । আইতাক,ককাকে দোকানৰ পৰা এটকা ,দুটকা চানা আনি নাতিয়েকহঁতক ফুচুলায় ।

   এদিনৰ কথা । নাতিনীয়েকৰ আমনি দেখি আইতাকে দোকানলৈ গৈ চানাচুৰ এভাগ আনি মোৰ হাতত দি কলে   -‘আগতে এটামান নিজে মুখত লৈহে আইমানুক দিবি ‘।সেইয়া তেওঁ সদায়ে কয় । তেওঁৰ বিশ্বাস খোৱাবস্তুত ভূত -প্ৰেত লাগি আহিব পাৰে ।গতিকে পোনচাটেই ঘৰৰ সৰু ল’ৰা-ছোৱালীক নিদি যদিহে কেচাঁ বস্তু হয় জুইৰ ওপৰত এপাক ঘূৰাই ধুই মেলি খুৱাব লাগে । ময়ো তেখেতৰ এই বিশ্বাসক অন্ধবিশ্বাস নাভাবি বিজ্ঞান বুলি ভাবিয়ে তেনে কৰোঁ । তেখেতে জুইৰ ওপৰত ঘূৰাবলৈ দিয়াৰ অৰ্থ হ’ল যদিহে খোৱাবস্তুত কিবা বীজাণু আদি লাগি থাকে জুইৰ শিখাত ই পুৰি যাব । দ্বিতীয়তে খোৱাবস্তু যদি বাহিৰৰ পৰা অনা হয় ঘৰৰ কণমান সদস্যক এনে বস্তু দিয়াৰ আগতে ডাঙৰ কোনোবাই জুতি চাই দিয়া দৰকাৰ কাৰণ উক্ত খাদ্যৰ গুণগত মান শিশুৰ বাবে বহু সময়ত ৰোগৰ কাৰণ হৈ পৰে । গতিকে শাহুৰ কথামতে চানাৰ টোপোলাটো খুলি তাৰে দুটামান হাতৰ তলুৱাত লৈ দেখোঁ গোটেই চানাখিনিতে মিহি মিহি কাঁচৰ (glass) টুকুৰা । লগে লগে বাকী দুয়োটা টোপোলা খুলি চাই দেখোঁ একে কাঁচৰ টুকুৰাই চানাখিনি ভৰি আছে ।মোৰ জীৱ চিৰিং কৰি উঠিল । কেনেবাকৈ যদি মই নিজে পৰীক্ষা নকৰি পোনচাটেই ছোৱালীজনীক সেই চানাখিনি খাবলৈ দিলোঁহেতেন তেন্তে হয়তো সাংঘাতিক বিপদে ছোৱালীজনীৰ জীৱন ধ্বংস কৰি পেলালেহেতেন । ইয়াৰ আগলৈকে কেতিয়াবা এলাহতে অথবা কামৰ অজুহাততে তাইক আইতাক ককাকক তাইক খুউৱাৰ দায়িত্ব  দিওঁ ।তেওঁলোক যিহেতু বয়সস্থ লোক চকুৰে কিছু কমকৈ মনে ।নিজে জুতি চাবলৈ তেওঁলোকৰ দাতো নাই ।তেনে অৱস্থাত এই চানাচুৰখিনিৰ টোপোলাতো মই নুখুলি তেওঁলোকে খুলি খাবলৈ দিয়াহেতেন কি এক দূৰ্ঘটনা ঘটি গলহেতেন আজি ভাবিও শিয়ৰি উঠোঁ ।

   এক মূহুৰ্ত সময় খৰচ নকৰি চানাৰ টোপোলা দুটা আৰু লগতে এপাকেট চানাৰ প্ৰায় সমপৰিমানৰ দাম দি মই শাহুক সেইখিনি দোকানীক দেখুৱাই পেলাই দিবলৈ কৈ পঠালোঁ আৰু মই দিয়া টকাৰ পৰা চানাৰ পাকেটৰ দাম কাটি লবলৈ কলোঁ ।

    শাহুৱে কথামতেই কাম কৰিলে ।একে উশাহতে দোকানলৈ গৈ দোকানীক ভালকৈয়ে এজাউৰি দি চকুৰ সন্মুখতে চানাৰ টেমা পেলোৱালে। লগে লগে লোৱা এই পদক্ষেপৰ বাবেই মই সিদিনা নিজৰ ছোৱালীজনীৰে নহয় আন বহু কেইজনৰ জীৱন বচালোঁ ।

  দুটকা পইচা লোকচানৰ ভয়ত দোকানীজনে কাঁচৰ পাত্ৰৰে সতে ভঙা চানাখিনিৰ পৰা ততাতৈয়াকৈ চকুৰে মনা টুকুৰাবোৰ আতৰাই বাকীখিনি আন এটা পাত্ৰত ভৰাই বিক্ৰি কৰিছিল ।আন গ্ৰাহকৰ সৌভাগ্যক্ৰমে সেই চানাখিনিৰ প্ৰথম গ্ৰাহক আছিল মোৰ শাহু অথবা পৰোক্ষভাৱে মই ।গতিকে মানুহৰ জীৱনলৈ ভাবুকি আহিব বুলি মই লগালগ এই সিদ্ধান্ত ললোঁ ।

        এনে কৰা অনুচিত ।সেই সময়ত চছিয়েল মিডিয়া ,ইলেকট্ৰনিক মিডিয়া নাছিল হুলস্থূল কৰিব পৰাকৈ ।গতিকে সাধাৰণ ঘটনা হিচাপে মানুহে গম নোপোৱাকৈ থাকি গ’ল । পৰৱৰ্তী সময়ত শিৱসাগৰৰ প্ৰিয়া নামৰ হোটেলখনত মোৰ সৈতে হোৱা অবাঞ্চিত ঘটনাবোৰ ইতিমধ্যে আপোনালোকৰ প্ৰায় সকলোৰে জ্ঞাত ।

    অসমীয়া মানুহে স্বাৱলম্বনৰ বাট লৈছে ।ব্যৱসায় কৰিছে ,খেতি কৰিছে ।ভাল কথা।কৰক ,কৰিব লাগিব । কিন্তু এনেকুৱাও যাতে নহয়  ।কম দামী পোকলগা সামগ্ৰী চহৰৰ পৰা কম দৰত কিনি নি অধিক লাভৰ আশাত গাঁৱৰ ,ঘৰৰ কাষৰ দুখীয়া মানুহবোৰৰ পৰা দুগুণ দাম দি সেইবোৰকে তেওঁলোকক খুৱাওক । এনে ধৰণৰ বহু কথাৰ বাবেই আজিও গাঁৱৰ দোকানত বস্তু কিনিবলৈ বেয়া পাওঁ ।

  এনে কেইবাটাও অভিজ্ঞতা আছে ,কম আপোনালোকক । গোটেই অভিজ্ঞতা কেইটাৰ সৈতে গা‍ঁৱৰ দোকান কেইখনমানৰ কাহিনী জড়িত হৈ আছে ।

••••••••••মহাবাহু•••••

Show More

Related Articles

Back to top button
error: Content is copy right protected !!