গোপীচান্দ, আমিৰখান, নিউটনৰ কাহিনী আৰু মানৱ সম্পদৰ পৰিকল্পনা – ড০ সৌমাৰজ্যোতি মহন্ত

পঢ়াত কেঁচা আছিলো বাবে ভাল ক্ৰীড়াবিদ হ’লো—

২০০১ চনৰ অল ইংলণ্ড বেডমিণ্টন প্ৰতিযোগিতাৰ বিজয়ীৰ বিৰল সন্মান অৰ্জনকাৰী দ্বিতীয়জন ভাৰতীয় তথা দুটাকৈ অলিম্পিকত ক্ৰমে ছাইনা নেহৱাল আৰু পি. ভি. সিন্ধুৰ দৰে পদক বিজয়ীৰ সৃষ্টি কৰোতা পুল্লেলা গোপীচান্দে কিছুদিন পূৰ্বে মন্তব্য কৰিছিল যে পঢ়াশুনাত কেঁচা আছিল বাবেই তেওঁ এজন সফল ক্ৰীড়াবিদ আৰু প্ৰশিক্ষক হ’ব পাৰিলে। পঢ়া-শুনাত অতি মেধাসম্পন্ন ভাতৃৰ সমকক্ষ নোহোৱাৰ বাবে আৰু ক্ৰীড়াক জীৱনৰ মূল লক্ষ্য হিচাপে লোৱাৰ বাবে সেই সময়ত বিভিন্নজনৰপৰা লাভ কৰা তীৰ্যক মন্তব্যক গোপীচান্দে অতি সহজভাৱে ব্যাখ্যা কৰিছিল এনেদৰে—‍‘‍‘মই আৰু ভাতৃ দুয়ো আই আই টি-ৰ প্ৰবেশ পৰীক্ষাত একেলগে অৱতীৰ্ণ হৈছিলো। প্ৰতিভাৱান ছাত্ৰ আৰু দক্ষ ক্ৰীড়াবিদ মোৰ ভাতৃ যোগ্যতাৰ ভিত্তিত আই আই টি-য়ান হ’ল আৰু খেলা বাদ দিলে। মই পৰীক্ষাত ফেল কৰিলো আৰু থাকি গ’লো বেডমিণ্টনৰ সৈতে। এনেদৰে বেডমিণ্টনৰ সৈতে থাকি ভাৰতৰ ইতিহাস ৰচনাৰ অংশীদাৰ হ’লো।’’ আজি পুল্লেলা গোপীচান্দক বিশ্বই যিমান জানে তাৰ তুলনাত তেওঁৰ আই আই টি-য়ান ভাতৃক কিমানে চিনি পায় সেয়া সকলোৰে জ্ঞাত। প্ৰসংগত উল্লেখ কৰিব পাৰি যে গোপীচান্দে ক্ৰীড়া একাডেমীখন আৰম্ভ কৰাৰ বাবে বহু সংগ্ৰাম কৰিব লগা হৈছিল। খেলুৱৈ ৰূপে নিজৰ ক্ৰীড়া জীৱন সমাপ্ত কৰাৰ পিছত এই একাডেমী আৰম্ভ কৰাৰ অৰ্থে স্পনছৰ বিচাৰি যাওঁতে তেওঁক দেশৰ এটা বিখ্যাত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ শীর্ষ বিষয়াৰ কার্যালয়ত একেৰাহে তিনদিনকৈ পুৱা ৯.০০ বজাৰপৰা বিয়লি ৫.৩০ বজালৈকে অপেক্ষা কৰিবলৈ বাধ্য কৰোৱা হৈছিল। তিনিদিনৰ মূৰত এজন বিষয়াই তেওঁক সাক্ষাত কৰি কৈছিল যে বেডমিণ্টনত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতে বিশেষ সফলতা অর্জন কৰাৰ কোনো সম্ভাৱনা নাই, সেয়েহে প্ৰতিষ্ঠানটোৱে ইয়াত স্পনছৰ আগবঢ়োৱাৰ প্ৰশ্ন নুঠে। অৱশেষত নিজৰ ঘৰ, মাটি বন্ধকত ৰাখি পুল্লেলাই আৰম্ভ কৰিলে বেডমিণ্টন একাডেমী আৰু সেই একাডেমীখনেই আজি অলিম্পিক মেডেল বিজয়ীৰপৰা বিশ্বস্তৰৰ বহু খেলুৱৈ সৃষ্টিত মূল অৰিহণা যোগাই আহিছে। পঢ়াত কেঁচা কিন্তু অসাধাৰণ ক্ৰীড়া প্ৰতিভা আৰু মানসিক দৃঢ়তাৰ অধিকাৰী গোপীচান্দে যি বাট দেখুৱাইছে সেয়া অগণন নতুন প্ৰজন্মৰ ভাৰতীয়ৰ বাবে আশাৰ বতৰা।

আমিৰ খানক অভিযন্তা হোৱাটো বিচাৰিছিল পৰিয়ালে—

‍‘থ্ৰি-ইডিয়টছ’, ‍‘তাৰে জমীন পৰ’ আদি মননশীল চিনেমাসমূহৰ যোগেদি প্ৰখ্যাত অভিনেতা, নিৰ্মাতা তথা পৰিচালক আমিৰখানে মেধা, যোগ্যতা, জ্ঞানৰ গভীৰতা আদি সকলোৰে বাবে যে একে নহয় আৰু সকলোৰে যে নিজা প্ৰতিভা আছে তাক অতি সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। উক্ত চিনেমাসমূহত প্ৰদৰ্শন কৰাৰ দৰে পৰিস্থিতিৰ সন্মুখীন তেওঁৰ জীৱনটো যি ঘটিছিল সেই কথা ‍‘মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট’ ৰূপে খ্যাত আমিৰে ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত নিজ মুখে স্বীকাৰ কৰিছিল। তেওঁৰ ভাষাৰে—‍‘‍‘যদিও মোৰ পিতৃ তাহিৰ হুছেইন এগৰাকী চলচিত্ৰ পৰিচালক আৰু খুৰা নাছিৰ হুছেইন এজন চলচিত্ৰ নিৰ্মাতা তথাপি তেওঁলোকে চলচিত্ৰ উদ্যোগৰ উত্থান-পতনক প্ৰত্যক্ষ কৰি মোক ইয়াত জড়িত হোৱাটো বিচৰা নাছিল। তেওঁলোকে মোক কৈছিল চলচিত্ৰ উদ্যোগ মোৰ বাবে উপযুক্ত নহয়, মই অভিযন্তা হৈ এক স্থায়ী আৰু সুস্থিৰ চাকৰি কৰাটোহে শ্ৰেয়।’’ উল্লেখ্য যে ঘৰৰ সম্পূৰ্ণ অজ্ঞাতে, গোপনে আমিৰে ‍‘ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিউট অৱ ইণ্ডিয়া’ত অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিলে। তাৰ পিছত হোৱা খিনি বহলাই কোৱাৰ নিশ্চয় যুক্তি নাই। আমিৰ খানে যদি পৰিয়ালৰ ইচ্ছামতে অভিযন্তা হ’লহেঁতেন আজিৰ আমিৰজনক আমি পালোহেঁতেন নে?

এজন প্ৰতিভাৱান যুৱক নিউটনৰ কৰুণ কাহিনীঃ

নিউটনে দশম শ্ৰেণীৰ পৰীক্ষাত ৯৮.৪ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত ৮৬.২ শতাংশ অৰ্জন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত এজন চিকিৎসক হোৱাৰ বাসনা পুহি ৰখা যুৱকজন হঠাৎ নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিচ্যুত হ’ল। তেওঁ যোগদান কৰিলে সন্ত্ৰাসবাদী সংগঠন ‍‘হিজবুল মুজাহিদীন’ত। বিগত বৰ্ষৰ মাৰ্চ মাহত সতীৰ্থ দুজন সন্ত্ৰাসবাদীৰ সৈতে নিউটনকো দক্ষিণ কাশ্মীৰত সেনাই গুলীয়াই হত্যা কৰিলে। ইছাক পাৰে নামৰ সুদৰ্শন, মেধাসম্পন্ন যুৱকজনৰ ‍‘আইজাক’ৰ সৈতে থকা নামৰ সাদৃশ্যৰ লগতে (আইজাক নিউটন) বিজ্ঞানৰ বিষয়সমূহত থকা জ্ঞানৰ বাবে তেওঁ পৰিচিত হৈ পৰিছিল নিউটনৰূপে। কিন্তু ‍‘আজাদ কাশ্মীৰ’ তেওঁৰ বাবে অধিক প্ৰাসংগিক হৈ পৰাৰ বাবে চিকিৎসক হোৱাৰ পৰিৱৰ্তে নিউটনে বন্দুকক অধিক অগ্ৰাধিকাৰ দিলে। পৰিণতি—অকাল মৃত্যু ঘটিল এজন সম্ভাৱনাপূৰ্ণ যুৱকৰ।

মানৱ সম্পদৰ পৰিকল্পনা বনাম সাম্প্ৰতিক দৃশ্যপটঃ

উপৰিউক্ত তিনিটা উদাহৰণ এইকাৰণেই দিয়া হৈছে যে সম্প্ৰতি ভাৰতবৰ্ষক এক দ্ৰুত উন্নয়নশীল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজনৈতিক, প্ৰশাসনিকভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ মুহূৰ্তত এনে কথাবোৰক সকলোৱে যুক্তিৰ তুলাচনীৰে জোখাটো অতি প্ৰয়োজন। গোপীচান্দ, আমিৰখানে বহু সংশয়, সংকট, প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও তাক নেওচি নিজক প্ৰতিষ্ঠা কৰাৰ লগতে দেশৰ ক্ৰীড়া, সাংস্কৃতিক-শিল্প জগতলৈ অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হ’ল। কিন্তু তাৰ বিপৰীতে কাশ্মীৰৰ নিউটনে পৰিস্থিতিৰ তাগিদাতেই হওক বা ৰাষ্ট্ৰই তেওঁৰ মেধা, যোগ্যতাক সুবিচাৰ নকৰাৰ আশংকাৰ বাবে তেওঁ যি পন্থা গ্ৰহণ কৰিলে সিয়ো নিশ্চয় বাৰ্তা প্ৰৰণ কৰিছে আমাৰ পলিচি নিৰ্মাতা, প্ৰশাসকসকললৈ। কিহৰ বাবে বিজ্ঞানৰ জ্ঞান থকা, চিকিৎসক হোৱাৰ বাসনা পুহি ৰখা কাশ্মীৰৰ নিউটনৰ নাম লিপিবদ্ধ হ’ল সন্ত্ৰাসবাদীৰ তালিকাত। দেশৰ প্ৰান্তে প্ৰান্তে এনে বহুবোৰ উদাহৰণ আছে য’ত অগনন নতুন প্ৰজন্মৰ লোকে সময়ে অনা প্ৰত্যাহ্বান আৰু সম্ভাৱনাক স্বীকাৰ কৰি আগবাঢ়ি গৈছে। কিন্তু এচামে শিক্ষা লাভ কৰিও নিজে ভবা ধৰণে চাকৰি বা আত্মসংস্থাপনৰ বাট বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে। দিনে দিনে দেশত কিন্তু দ্বিতীয় চাম লোকৰ সংখ্যা বৃদ্ধি পোৱাটো চৰম উদ্বেগৰ বিষয়। উপযুক্ত শিক্ষা লাভ কৰি চাকৰি বিচাৰি নোপোৱাটো বিশ্বৰ বহু ৰাষ্ট্ৰতে ঘটিব লাগিছে। জি-২০ দেশসমূহৰদ্বাৰা প্ৰকাশিত প্ৰতিবেদনমতে সমগ্ৰ বিশ্বতে ২০৩০ চনলৈ ৬০০ নিযুত অতিৰিক্ত চাকৰিৰ প্ৰয়োজন হ’ব। জি-২০ ৰাষ্ট্ৰসমূহত বৰ্তমান নিবনুৱাৰ সংখ্যা ১০০ নিযুততকৈ বেছি হোৱাৰ বিপৰীতে ৪৪৭ নিযুত লোকে ২ ডলাৰতকৈ কম উপাৰ্জন কৰিব লগা হোৱা বাবে যথেষ্ট কষ্টৰে জীৱন অতিবাহিত কৰিছে। ইফালে ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ দেশত শিক্ষিতৰ হাৰ বৃদ্ধি পোৱাটো এক প্ৰকাৰ আশাৰ বতৰা যদিও এইসকলৰ গৰিষ্ঠ সংখ্যকেই যদি চাকৰিৰদ্বাৰা জীৱন নিৰ্বাহৰ পথ বাচি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে এক সামাজিক বিশৃংখলা ঘটাটো অৱধাৰিত। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি ২০২০ চনত ভাৰতবৰ্ষ পৰিণত হ’ব তৰুণ প্ৰজন্মৰ বাসভূমিৰূপে। এই সময়ত দেশৰ মুঠ জনসংখ্যাৰ ৬৪ শতাংশ ডেকা শক্তিৰে গঠিত হোৱাৰ লগতে ভাৰতীয় লোকৰ গড় বয়স হ’ব ২৯ বছৰ। পশ্চিম ইউৰোপ, আমেৰিকা, দক্ষিণ কোৰিয়া, জাপান আৰু চীনৰ দৰে উন্নত দেশসমূহত বয়স্ক লোকৰ ভিৰ বৃদ্ধি পোৱাৰ সময়ত আমাৰ দেশৰ কৰ্মঠ, ডেকাশক্তিয়ে যদি দেশৰ মুঠ ঘৰুৱা উৎপাদন, অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি কৰাত ইন্ধন যোগায় তেন্তে ই হ’ব অত্যন্ত ইতিবাচক। কিন্তু যদি ডেকাশক্তিৰ মেধা, দক্ষতা, বৌদ্ধিক চিন্তা, উদ্ভাৱনী শক্তি, কাৰিকৰী জ্ঞানক সঠিকভাৱে ব্যৱহাৰ কৰা নহয় তেন্তে হিতে বিপৰীত হ’ব নেকি সেয়াও চিন্তা কৰা উচিত। ২০২০ লৈ তিনিটা বছৰো নাই। সমগ্ৰ দেশৰ বৰ্তমানৰ যিটো বৰ্ধিত নিবনুৱাৰ দৃশ্যপট—একেবাৰে সুখৰ নহয়। অৱশ্যে বৰ্তমানৰ চৰকাৰে সেই দিশসমূহ উপলব্ধি কৰি মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট আপ, স্কিল ইণ্ডিয়া, প্ৰত্যক্ষ বিদেশী বিনিয়োগ, মেড ইন ইণ্ডিয়া, এক্ট ইষ্ট পলিচীকে ধৰি আন বহু জনকল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰিছে। লগতে দেশৰ বিত্তীয় সুশৃংখলা, সু-প্ৰশাসন, আন্তঃগাঁথনিৰ বিকাশ, যাতায়াত-যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা, আঁচনি আদি সঠিকভাৱে গতি কৰিলে সামগ্ৰিক ৰূপত দেশলৈ পৰিৱৰ্তন অহাৰ সম্ভাৱনা প্ৰকট। ইতিমধ্যে ‍‘স্কিল ইণ্ডিয়া মিছন’, ২০১৫ৰ যোগেদি ‍‘বিশ্ব যুৱ দক্ষতা দিৱস’-ৰ দিনা ‍‘দক্ষ ভাৰত’ অভিযানৰ জাতীয় নীতি আৰম্ভ হৈছে। এই অভিযানে ‍‘শেষ ফলাফল’ কেন্দ্ৰিক নীতিত গুৰুত্ব আৰোপ কৰি আৰ্থ-সামাজিকভাৱে প্ৰয়োজনীয় কৰ্মী-গোষ্ঠী সৃষ্টিত গুৰুত্ব দিছে। সেইমৰ্মে জাতীয় দক্ষতা উন্নয়ন সংস্থা (NSDA), প্ৰশিক্ষণ দপ্তৰ বিভাগ আদিৰ যোগেদি প্ৰশিক্ষণ, আন্তঃগাঁথনি বিকাশ, কাৰিকৰী দিশৰ উন্নয়ন আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। দক্ষতা প্ৰকাশ, উদ্যোগিক সম্পৰ্কীয় জাতীয় নীতি ৰূপায়নৰ বাবে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (PMKVY)ৰ প্ৰয়োগ, জাতীয় দক্ষতা-অৰ্হতা নিৰূপণ, পাব্লিক প্ৰাইভেটৰ সহযোগী অনুষ্ঠান গঠন আদিয়ে প্ৰাধান্য লাভ কৰিছে। নতুন প্ৰজন্মক এনে  আঁচনি সমূহত আন্তৰিকতাৰে জড়িত কৰিব পাৰিলে ইয়াৰ যোগেদি নিশ্চয় সুফল লাভ কৰিব পৰা যাব। দেশত এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজন হৈছে এই বৃহৎ সংখ্যক নতুন প্ৰজন্মৰ লোক, যাক লৈ নতুন ভাৰতৰ কথা চিন্তা-চৰ্চা চলিছে—তেওঁলোকৰ বাবে এক সুচিন্তিত মানৱ সম্পদৰ পৰিকল্পনা। সেয়েহে প্ৰাথমিকৰ পৰা কাৰিকৰী, মেডিকেল, মেনেজমেণ্ট আৰু আন সকলো প্ৰকাৰৰ শিক্ষা ব্যৱস্থা, উচ্চশিক্ষাৰ ক্ষেত্ৰত এক বিজ্ঞানসন্মত শৈক্ষিক জৰীপৰ যোগেদি আগন্তুক দিনে অনা সম্ভাৱনা, প্ৰত্যাহ্বানৰ মোকাবিলা কৰাকৈ আঁচনি যুগুত কৰা উচিত। ইউ জি চি, এম চি আই, এ আই চি টি ই আদি প্ৰতিষ্ঠানসমূহে উচ্চশিক্ষা, মেডিকেল, আভিযান্ত্ৰিক আদিৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা সমূহ প্ৰস্তুত কৰে। কিন্তু জনামতে এই প্ৰতিষ্ঠানসমূহৰ কাম-কাজত কেন্দ্ৰীয় চৰকাৰেই সন্তুষ্ট নহয়। ভাৰতৰ দৰে এখন বৃহৎ ৰাষ্ট্ৰ, ভৌগোলিক, সাংস্কৃতিক, জাতিগত, ভাষিক ভিন্নতাৰে ভৰপূৰ। ইয়াৰ বিভিন্ন ৰাজ্যৰ অৰ্থনৈতিক স্থিতি, আন্তঃগাঁথনিৰ পৰিবেশো একে নহয়। এনে স্থলত ইউ জি চি-য়ে সমগ্ৰ ৰাষ্ট্ৰখনৰ বাবে সকলো ক্ষেত্ৰতে এক শৈক্ষিক নীতি-নিৰ্দেশনা প্ৰয়োগ কৰাৰ পূৰ্বে বহু দিশৰ নিৰ্মোহ, যুক্তিপূৰ্ণ বিশ্লেষণ কৰাটো অতি প্ৰয়োজন। এই ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজনৈতিক নেতৃত্ব, শিক্ষা বিভাগেও হস্তক্ষেপ কৰাটো অতি প্ৰয়োজন। প্ৰণিধানযোগ্য যে উন্নত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণকাৰী শৈক্ষিক প্ৰতিষ্ঠানসমূহে আঞ্চলিক প্ৰয়োজনীয়তা, পৰিবেশ, সম্ভাৱনা ক্ষেত্ৰ, আৰ্থ-সামাজিক দিশ আদি বহু কাৰকৰ ওপৰত ভিত্তি কৰিহে নীতি প্ৰস্তুত কৰে। ভাৰতবৰ্ষই ২১ শতিকাৰ এটা দশক পাৰ কৰাৰ পিছতো এই পৰ্যায়লৈ যাব পৰা নাই। আমাৰ অসমত মুঠ জনসংখ্যাৰ ৭০.২ শতাংশ লোকৰ বয়স—১৫ বছৰৰপৰা ৫৯ বছৰলৈ। অৰ্থাৎ এই সকল কৰ্মযোগ্য লোক। তথ্য অনুযায়ী ৰাজ্যৰ ১২ শতাংশ লোকে নিয়মিতভাৱে, অৰ্থাৎ স্থায়ী চাকৰিত নিয়োজিত হোৱাৰ বিপৰীতে ৮.৭ শতাংশ অস্থায়ীভাৱে কৰ্মৰত। অনাগত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্যৰ মানৱ সম্পদক সঠিকভাৱে আগুৱাই নিয়াৰ বাবে প্ৰয়োজন হ’ব সু-পৰিকল্পনাৰ। অৱশ্যেই শাসকসকলে ইয়াৰ নেতৃত্ব দিব লাগিব। মনত ৰাখিব লাগিব যে পৰীক্ষাত ফেল কৰিও দেশত এজন নহয়, বহু গোপীচান্দ জন্ম হ’ব পাৰে। চিকিৎসক হ’ব বিচাৰি সন্ত্ৰাসবাদী হোৱা নিউটনৰ কথাও পাহৰি যোৱা উচিত নহ’ব।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close