গেৰুৱা সন্ত্ৰাসবাস – দুলাল মিশ্ৰ

ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও এই দেশখনত ধৰ্মীয় সহিষ্ণুতাৰ অভাৱ দেখা যায়। সেইবাবেই দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত বহু সময়ত সংঘৰ্ষৰ সূত্ৰপাতো ঘটি আহিছে। ভাৰতবৰ্ষত যিদৰে ইছলামিক সন্ত্ৰাসবাদীৰ দৌৰাত্ম্য অব্যাহত আছে, ঠিক তেনেদৰে উগ্ৰ হিন্দুত্ববাদী সংগঠনেও বহু সময়ত নানান কূটাঘাত সংঘটিত কৰিছে। উগ্ৰ হিন্দুত্ববাদী সংগঠনসমূহে সংঘটিত কৰা এনে কূটাঘাতক গেৰুৱা সন্ত্ৰাসবাদ আখ্যা দিব পাৰি। গেৰুৱা সন্ত্ৰাসবাদ শব্দ দুটা প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল ‍‘ফ্ৰণ্টলাইন’ আলোচনীত। ২০০২ চনত আলোচনীখনত প্ৰথমবাৰৰ বাবে গেৰুৱা সন্ত্ৰাসবাদ শব্দ দুটা ব্যৱহাৰ কৰাৰ পিছত এই শব্দ দুটা লাহে লাহে মানুহৰ মাজত প্ৰচলন হ’বলৈ ধৰে। এতিয়া গেৰুৱা সন্ত্ৰাসবাদে দেশৰ বিভিন্ন প্ৰান্তত বিষময় পৰিস্থিতৰ সৃষ্টি কৰি আহিছে। গেৰুৱা দল বুলি ক’লে সাধাৰণতে বিজেপিৰ কথাই মানুহে বুজি পায়। বিজেপিৰ লগতে সংঘ পৰিবাৰৰ বহুকেইটা ভগ্নী সংগঠনে দেশত প্ৰায়ে ধৰ্মীয় অসহিষ্ণুতাৰ সৃষ্টি কৰি আহিছে। আন ধৰ্মৰ মানুহৰ অধিকাৰত আঘাত হানি বিজেপিৰ চৰকাৰে সময়ে সময়ে কেতবোৰ অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। গো-মাংস নিষিদ্ধকৰণকে ধৰি আন বহু সিদ্ধান্তই দেশৰ ইছলামধৰ্মী লোকসকলক ক্ষুণ্ণ কৰি তোলা পৰিলক্ষিত হৈছে। দেশত উগ্ৰ হিন্দুত্ববাদ বিয়পাই দিয়াৰ নামতেই এতিয়া সংঘপৰিবাৰৰ উদ্যোগত বহু আক্ৰমণৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে। তেনে কেইটামান আক্ৰমণৰ ঘটনাক লৈয়েই আগবঢ়োৱা হৈছে এই প্ৰতিবেদন—

গেৰুৱা সন্ত্ৰাসবাদৰ অন্যতম উদাহৰণ পোৱা গৈছিল ২০০২ চনৰ গুজৰাট সংঘর্ষৰ সময়ত। উগ্ৰ হিন্দুত্ববাদী একাংশ লোকে ২০০২ চনত গুজৰাটত ব্যাপক হিংসাত্মক ঘটনাত লিপ্ত হৈ পৰিছিল। সেই সময়ত গুজৰাটত শ শ ইছলামধৰ্মী লোকক উগ্ৰ হিন্দুত্ববাদী লোকে হত্যা কৰিছিল। একেদৰে ২০০৭ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা ছমঝোটা এক্সপ্ৰেছত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ফলত ৬৮ জন লোকৰ মৃত্যু ঘটিছিল। উক্ত বোমা বিস্ফোৰণ হিন্দুত্ববাদী সংগঠন অভিনৱ ভাৰতে সংঘটিত কৰা বুলি পিছত প্ৰমাণ হৈছিল। ২০০৮ চনৰ নৱেম্বৰ মাহত মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাদে উক্ত বোমাবিস্ফোৰণৰ আঁৰত অভিনৱ ভাৰতৰ নেতা তথা ভাৰতীয় সেনাৰ এগৰাকী বিষয়া প্ৰসাদ শ্ৰীকান্ত পুৰোহিত জড়িত থকা বুলি প্ৰকাশ কৰিছিল। পুৰোহিতৰ বিৰুদ্ধে সামৰিক আদালততো বিচাৰ চলিছিল। ২০১১ চনৰ ৮ জানুৱাৰীৰ দিনা আৰ এছ এছৰ নেতা স্বামী অসীমানন্দই আৰক্ষীৰ আগত এইবুলি প্ৰকাশ কৰিছিল যে ছমঝোটা এক্সপ্ৰেছ বিস্ফোৰণ কাণ্ডত তেওঁ জড়িত আছিল। পৰৱৰ্তী সময়ত অৱশ্যে স্বামী অসীমানন্দই তেওঁৰ ভাষ্য সলনি কৰি আৰক্ষীৰ হেঁচাতহে তেনেদৰে ভাষ্য দিছিল বুলি প্ৰকাশ কৰিছিল। ২০০৭ চনৰ ১১ অক্টোবৰৰ দিনা ৰাজস্থানৰ আজমীৰত থকা ময়নুদ্দিন চিষ্টি দৰগাহত সংঘটিত বোমা বিস্ফোৰণৰ আঁৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ আৰ এছ এছৰ হাত আছিল। সৌ সিদিনা উক্ত বিস্ফোৰণ কাণ্ডৰ ৰায়দান কৰি আদালতে দুজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে। ২০১০ চনৰ ২২ অক্টোবৰৰ দিনা দৰগাহ বিস্ফোৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচজন লোকৰ চাৰিজনেই আৰ এছ এছৰ সদস্য বুলি প্ৰমাণ হৈছিল। স্বামী অসীমানন্দই আৰক্ষীৰ আগত এইবুলি ভাষ্য দিছিল যে আৰ এছ এছৰ মুৰব্বী মোহন ভগৱতৰ নিৰ্দেশ অনুসৰিয়েই আজমীৰ দৰগাহত বোমা বিস্ফোৰণ সংঘটিত কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত স্বামী অসীমানন্দই তেওঁৰ ভাষ্য সলনি কৰি তদানীন্তন গৃহ মন্ত্ৰী সুশীল কুমাৰ সিন্ধেৰ হেঁচাৰ বাবেহে তেওঁ বিস্ফোৰণ কাণ্ড মোহন ভগৱতৰ নিৰ্দেশত সংঘটিত কৰা বুলি কৈছিল। ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত গুজৰাটত একেৰাহে তিনিটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল। উক্ত বিস্ফোৰণত আঠজন লোকৰ মৃত্যু ঘটাৰ লগতে আশীজন লোক গুৰুতৰভাৱে আহত হৈছিল। মহাৰাষ্ট্ৰত সংঘটিত তিনিটাকৈ বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে সাধৱী প্ৰজ্ঞা সিং ঠাকুৰ, শিৱনাৰায়ণ গোপাল সিং আৰু শ্যাম হাৱাৰলাল চাহুক গ্ৰেপ্তাৰ কৰিছিল। সেই চনৰে ২৮ অক্টোবৰৰ দিনা শিৱসেনাই অভিযুক্ত তিনিওজন ব্যক্তিৰ সমর্থনত ৰাজপথলৈ ওলাই আহিছিল। শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে উক্ত লোককেইগৰাকী মহাৰাষ্ট্ৰৰ ধাৰাবাহিক বিস্ফোৰণত জড়িত নহয়। এন চি পি দলৰ সৈতে থকা সংঘাতৰ বাবেহে তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱর্তী সময়ত প্ৰমাণৰ অভাৱত সাধৱী প্ৰজ্ঞা সিঙৰ বিৰুদ্ধে থকা গোচৰ আৰক্ষীয়ে প্ৰত্যাহাৰ কৰিছিল। আৰ এছ এছৰ নেতা শ্ৰীকান্ত পুৰোহিতে দেশত সংঘটিত কেইবাটাও এএ ধৰণৰ কূটাঘাতৰ ঘটনাত জড়িত আছিল। ২০০৭ চনৰ ১৮ মে’ৰ দিনা হায়দৰাবাদৰ মক্কা মছজিদত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। উক্ত বিস্ফোৰণত ১৪জন লোকৰ মৃত্যু ঘটিছিল। পৰৱৰ্তী সময়ত তদন্তকাৰী সংস্থা নিয়া আৰু চি বি আই এ আৰ এছ এছৰ নেতা স্বামী অসীমানন্দক ঘটনা সন্দর্ভত গ্ৰেপ্তাৰ কৰিছিল। স্বামী অসীমানন্দই উক্ত বিস্ফোৰণ সংঘটিত কৰা বুলি আৰক্ষীৰ আগত প্ৰথমে স্বীকাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ ভাষ্য সলনি কৰিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভগৱতকেই পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল অভিনৱ ভাৰত নামৰ হিন্দুত্ববাদী সগঠনটোৱে। তেহেলকাই এই ষড়যন্ত্ৰ ফাদিল কৰি দিয়াৰ পিছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এনেদৰেই আৰ এছ এছ, অভিনৱ ভাৰত আদিৰ দৰে হিন্দুত্ববাদী দল-সংগঠনসমূহে দেশত গেৰুৱা সন্ত্ৰাসবাদ বিয়পাই দি আহিছে। হিন্দুত্ববাদী সংগঠন আৰ এছ এছে শেহতীয়াকৈ ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ ৰাজহুৱাভাৱে সকলোকে আহ্বান জনাইছে। ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ প্ৰথম পদক্ষেপ হিচাপে আৰ এছ এছে সংগঠনটোৰ মুৰব্বী মোহন ভগৱতক দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰিব বিচাৰিছিল। আৰ এছ এছৰ নেতৃবৃন্দই এইবুলি কৈছে যে মোহন ভগৱতৰ দৰে কঠোৰ হিন্দুত্ববাদী লোক এজন ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠত হ’লে দেশক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াটো সহজ হৈ পৰিব। মোহন ভগৱতৰ দৰে কঠোৰ হিন্দুত্ববাদী নেতাৰ হাতলৈ ৰাষ্ট্ৰপতিৰ দৰে অতি গুৰুত্বপূৰ্ণ আসনখন গ’লে দেশৰ অৱস্থা কি হ’ব সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছে। অৱশ্যে সৌভাগ্যৰ কথাটো হ’ল আৰ এছ এছৰ নেতৃবৃন্দই দিয়া সেই প্ৰস্তাৱ মোহন ভগৱতে অগ্ৰাহ্য কৰিছিল। আৰ এছ এছৰ দাবী অনুসৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ সপোন দেখিছে। ভাৰতৰ ধৰ্ম নিৰপেক্ষতাত আঘাত হানি আৰ এছ এছৰ দৰে সংগঠনে দেশক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ বিচৰা কথাই সকলোকে স্তম্ভিত কৰি তুলিছে। ভাৰতৰ দৰে এখন দেশক ধৰ্মৰ ভিত্তিত গঢ় দিব বিচাৰিলে দেশৰ অৱস্থা কেনে হৈ পৰিব সেয়া কল্পনা কৰিব নোৱাৰা ধৰণৰ কথা। কিয়নো ভাৰতবৰ্ষত হিন্দু লোকৰ উপৰি মুছলমান, খ্ৰীষ্টান আৰু আন ধৰ্মাৱলম্বী লোক আছে। যদি দেশক আৰ এছ এছে কল্পনা কৰাৰ দৰে হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিয়া হয় তেন্তে সকলো ধৰ্মৰ লোকৰ মাজত ধৰ্মীয় অসহিষ্ণুতাই দেখা দিব। মোদীৰ চৰকাৰে কেন্দ্ৰত শাসনাধিষ্ঠিত হোৱাৰ পিছৰে পৰাই দেশত ধৰ্মীয় অসহিষ্ণুতা যথেষ্ট বৃদ্ধি পাইছে। গো-মাংস ভক্ষণৰ অভিযোগত উত্তৰপ্ৰদেশত ইকলাক নামৰ লোকজনক মৰিয়াই হত্যা কৰা হ’ল। এই ঘটনাই সমগ্ৰ দেশতে ধৰ্মীয় অসহিষ্ণুতা অধিক বৃদ্ধি কৰিলে। সম্প্ৰতি বিজেপি শাসিত কেইবাখনো ৰাজ্যই সংশ্লিষ্ট ৰাজ্যকেইখনত গো-মাংস নিষিদ্ধ কৰিছে। গো হত্যাকাৰীক আনকি গুজৰাটৰ দৰে ৰাজ্যই যাৱজ্জীৱন কাৰাদণ্ড বিহিব বুলিও ঘোষণা কৰিছে। একেদৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ৰমণ সিঙে গুজৰাটকো চেৰ পেলাই এইবুলি ঘোষণা কৰিছে যে গো হত্যাকাৰীক তেওঁ ফাঁচিকাঠত ওলোমাব। জীৱ হত্যাৰ বিৰুদ্ধে বিজেপি চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপে সকলো লোককে পিছে সন্তুষ্ট কৰিব পৰা নাই। কিয়নো বিজেপিয়ে কেৱল গো হত্যাৰ বিৰুদ্ধেহে মাত মাতিছে। ছাগলী, হাঁহ, পাৰ, ম’হ আদি হত্যাৰ বিৰুদ্ধে বিজেপিয়ে এষাৰো মাত মতা নাই। এই কথাতেই ওলাই পৰে বিজেপিৰ কঠোৰ হিন্দুত্ববাদী চৰিত্ৰ। বিজেপিৰ চৰকাৰখনে দেশত হিন্দুত্ববাদী ধাৰণাৰ বিস্তাৰ ঘটাবলৈ ৰাজকোষৰ ধন ঘৰচ কৰি বিভিন্ন পূজা-পাতলত নামি পৰিছে। ভাৰতবৰ্ষৰ দৰে ধৰ্মনিৰপেক্ষ দেশ এখনত এতিয়া চৰকাৰী উদ্যোগতেই বিভিন্ন পূজা অনুষ্ঠিত হৈ আহিছে। চৰকাৰৰ এনে কাৰ্যই দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। দেশৰ লাখ লাখ মুছলমান লোকৰ স্বার্থলৈ পিঠি দি বিজেপিয়ে দেশবাসীৰ মাজত উগ্ৰ হিন্দুত্ববাদী মনোভাব বিয়পায় দিবলৈ কৰা চেষ্টাই দেশৰ শান্তি শৃংখলা বিনষ্ট কৰাৰ আশংকাই দেখা দিছে। এনে পৰিস্থিতিত দেশবাসীয়ে আৰ এছ এছৰ দৰে কঠোৰ হিন্দুত্ববাদী সংগঠনসমূহৰ হিন্দু ৰাষ্ট্ৰৰ সপোনক কলিতেই ধ্বংস নকৰিলে এদিন সেই সপোনে সকলোকে ধ্বংস কৰিব। সেয়ে অসমৰ দৰে ৰাজ্য এখনৰ বাসিন্দাসকলে কঠোৰ হিন্দুত্ববাদী দল-সংগঠনসমূহৰ চৰিত্ৰ ভালদৰে অনুধাৱন কৰি তেনে সংগঠনসমূহ প্ৰতিহত কৰাৰ সময় সমাগত। অন্যথা তাহানিৰ দিনৰে পৰাই অসমত বৰ্তি থকা ধৰ্মীয় ঐক্যৰ ৰচীডাল হঠাতে ছিগি থাকিব পাৰে। একাংশ ৰাজনৈতিক দল তথা কঠোৰ হিন্দুত্ববাদী সংগঠনসমূহে কেতিয়াও দেশ অথবা দেশবাসীৰ স্বার্থত ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিব বিচৰা নাই। ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিলে দেশবাসীৰ একো উপকাৰ নহ’লেও কেতবোৰ ৰাজনৈতিক দল আৰু হিন্দুত্ববাদী সংগঠনৰ নেতাৰ স্বার্থ যে সিদ্ধি হ’ব সেয়া নিশ্চিত। সেইবাবে একমাত্ৰ ব্যক্তি স্বার্থ পূৰণৰ উদ্দেশেই একাংশ ৰাজনৈতিক দল আৰু কঠোৰ হিন্দুত্ববাদী সংগঠনে ভাৰতৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই দেশক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ আহ্বান জনাই আহিছে। এনে দল-সংগঠনসমূহক সময় থাকোতেই নাকী লগোৱাৰ প্ৰয়োজন আহি পৰিছে।

Related Articles

Check Also

Close
Close