গুৱাহাটীৰ হৃদপিণ্ড আমচাং অভয়াৰণ্য

গৌতম শৰ্মা

ওখ-ওখ চেগুণৰ লানি-লানি শাৰীয়ে সজোৱা ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ বুকুতেই সংপৃক্ত হৈ থকা অসমৰ এখন প্ৰধান বন্যপ্ৰাণী অভয়াৰণ্য হৈছে আমচাং অভয়াৰণ্য। সৰ্বমুঠ ৭৮.৬৪ বৰ্গকিলোমিটাৰ মাটিকালিৰে আগুৰা আমচাং অভয়াৰণ্যখনৰ ভৌগোলিক তথা অৱস্থিতিগত দিশলৈ চাই আমি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই অৰণ্যখনক ৰাজ্যখনৰ ৰাজধানী চহৰখনৰ ৰক্ষাৰ কৱচ তথা হৃদপিণ্ড হিচাপে অভিহিত কৰিব খুজিছোঁ।

আমচাং অভয়াৰণ্যৰ সৃষ্টিৰ ইতিহাস খুঁচৰি চালে পাওঁ যে, মূলতঃ তিনিখন বিশেষ অৰণ্যক একত্ৰিত্ব কৰি এই অভয়াৰণ্যখনক গঠন কৰা হৈছিল। সেইকেইখন বিশেষ অৰণ্য হৈছে দক্ষিণ আমচাং সংৰক্ষিত বনাঞ্চল, আমচাং সংৰক্ষিত বনাঞ্চল আৰু খানাপাৰা সংৰক্ষিত বনাঞ্চল। এই অৰণ্যকেইখনক ক্ৰমে ১৯৫৩, ১৯৭২ আৰু ১৯৯১ চনত চৰকাৰী অধিসূচনাসমূহৰ যোগেদি সংৰক্ষিত বনাঞ্চলৰ শাৰীলৈ উন্নীত কৰা হৈছিল। ইয়াৰ দক্ষিণ আমচাঙৰ মাটিকালি হৈছে ১৫.৫০ বৰ্গকিলোমিটাৰ, আমচাঙৰ ৫৩.১৮ বৰ্গকিলোমিটাৰ আৰু খানাপাৰাৰ ০৯.৯৬ বৰ্গকিলোমিটাৰ। উল্লেখযোগ্য যে, বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ দাবী আৰু বন বিভাগ তথা চৰকাৰৰ সু-সদিচ্ছাত এই অৰণ্য কেইখনক একেলগ কৰাই ২০০৪ চনৰ ১৯ জুন তাৰিখে অসমৰ ভৌগোলিক মানচিত্ৰত ‘আমচাং বন্যপ্ৰাণী অভয়াৰণ্য’ নামেৰে এখন নতুন অভয়াৰণ্য গঠন কৰা হৈছিল। এইখিনিতে এটা কথা বিশেষভাৱে প্ৰণিধানযোগ্য যে, আমচাঙৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ মূলতে ‘আৰ্লি ব্ৰাৰ্ডছ’ নামৰ অৰাজনৈতিক প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ ভূমিকা যথেষ্ট আছিল। যিখিনি কথাক এই প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সভাপতি মলয় বৰুৱাৰ ‘অৰণ্যৰ সুৱদী মাত’ শীৰ্ষক গ্ৰন্থখনত সবিস্তাৰে বৰ্ণনা কৰা হৈছে। সি যি কি নহওক, আমচাঙক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ পাছত ইয়াৰ গঠনত থকা তিনিটা বিশেষ এলেকাক চোৱাচিতাৰ বাবে দুটা বিশেষ আঞ্চলিক বন বিষয়াৰ খণ্ডত বিভক্ত কৰা হয়। ইয়াৰে এটা হ’ল আমচাং বন্যপ্ৰাণী বনাঞ্চল, বোন্দা আৰু আনটো হ’ল খানাপাৰা বন্যপ্ৰাণী বনাঞ্চল, দহমাইল।

এই আমচাং অভয়াৰণ্যৰ পাহাৰীয়া সীমাই মেঘালয়ৰৰ পাহাৰৰ বনাঞ্চলসমূহ স্পৰ্শ কৰি আছেগৈ। আমচাং আৰু দক্ষিণ আমচাঙৰ মাজৰ সাতগাঁও হৈ সোণাপুৰলৈ যোৱা পথচোৱাৰ নাম হৈছে আমচিং যোৰাবাট। এই পথৰ দুয়োফালে থকা বনভূমিয়েই অৰণ্যখনক দুটা কাৰ্যালয়ত বিভক্ত কৰিছে। বৰ্তমানৰ নাৰেংগী সেনা চাউনি থকা অঞ্চল এসময়ত পাহাৰৰ নামনিৰ সমতল অঞ্চল আছিল। আৰু ই ঘাঁহ, তৰাণি আদিৰে ভৰপুৰ আছিল। অন্যহাতেদি, পাঞ্জাৱাৰী অঞ্চল সৌ সিদিনালৈ পিটনি, বিল আদিৰে ভৰা আছিল। কিন্তু তেনে দ’ ঠাইবোৰ আজি দেখা পোৱা নাযায়। এই অঞ্চল বিলাকত হাতী, বনৰীয়া গৌৰ, শৰপহু আদি জন্তুবোৰ জাকে-জাকে চৰি ঘাঁহ খায় পাহাৰত উঠিছিল। এই ঠাইখন বনৰীয়া হাতী বিচৰণৰো ক’ৰিডৰ আছিল, যিবোৰে পূৱৰ সোণাপুৰ মাৰাক দলা ফৰেষ্ট ৰিজাৰ্ভ হৈ মেঘালয় পাহাৰলৈকে মুক্তমনে বিচৰণ কৰিছিল। পশ্চিমলৈ ৰাণী বনাঞ্চল হৈ বিচৰণ কৰি দিপৰ বিলত নামি হাতীয়ে জলখেল কৰিছিল। এটা সময়ত বন্যজন্তুবোৰে নিজৰ বাসস্থানৰ পৰা ওলাই মুকুলিয়ে-মুকলিয়ে চৰি ঘূৰি ফুৰি আছিল। য’ত নাছিল মানুহৰ কোলাহল তথা বসতি। কিন্তু বৰ্তমান পাহৰৰ চাৰিওফালে মানুহৰ বসতি হ’ল। সংৰক্ষিত বনাঞ্চলৰ নামনি অঞ্চলৰ ৰাজহ ভূমিৰ উপৰিও বনভূমিত লাহে লাহে বন্যজন্তুৰ বিচৰণ ভূমিত আৰু বনবিভাগে ৰোপন কৰা পাহাৰৰ গছ-গছনি কাটি, মাটি মুকলি কৰি বনভূমিৰ ঠাইতো মানুহে বসতিৰ বাবে দখল কৰিব ল’লে। যিসমূহ কাৰ্যই আজি আমচাঙৰ বুকুলৈ বহু বিপন্নতা নমাই অনাটো পৰিলক্ষিত হৈছে।

সম্প্ৰতি আমচাং অভয়াৰণ্যখন বহু গুৰুত্বপূৰ্ণ আৰু দুষ্পাপ্য বন্যপ্ৰাণীৰ আবাসস্থল। অৰণ্যখনত পোৱা কেতবোৰ বন্যপ্ৰাণী হৈছে হাতী, নাহৰফুটুকী বাঘ, মাছুৱৈ মেকুৰী, জহাম’লা, বনমেকুৰী, টুপিমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, খৰানেজীয়া বান্দৰ, মলুৱা বান্দৰ, বনগৌৰ, শৰপহু, সুগৰি পহু, বন গাহৰি, কেটেলাপহু, শহা, বনৰৌ, উৰণীয়া কেৰ্কেটুৱা, উদ আদি। আকৌ সৰিসৃপৰ ভিতৰত গুঁই, অজগৰ, বিভিন্ন প্ৰজাতিৰ সাপ আৰু বিভিন্ন প্ৰজাতিৰ পখিলা পোক-পৰুৱাৰেও অভয়াৰণ্যখন সমৃদ্ধ কৰি ৰাখিছে। নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ এক অপূৰ্ব বিচৰণভূমিও হৈছে আমচাং অভয়াৰণ্য। প্ৰাপ্ত তথ্য অনুসৰি আমচাঙত বন কুকুৰা, দৰিক, বগলী, শৰালি হাঁহ, পৰঘুমা, শিলকপৌ, হাৰুৱাকপৌ, মাছৰোকা, হেঁতেলুকা, বুলবুলি, ফেঁচা, ফেঁচু আদি পক্ষীসমূহ দেখা পোৱা যায়। ইয়াৰ লগতে আমচাংখন চেগুণ, সিধা, অক্সি, ভেলৌ, বনজামু, উডাল, গমাৰী, তিতাচপা, ধূনা, ডিমৰু, অৰ্জুন, আদিকে ধৰি অসংখ্য উদ্ভিদেৰে সমৃদ্ধ। ঔষধি গুণবিশিষ্ট উদ্ভিদসমূহৰ বাবেও আমচাঙৰ এক বিশেষ নাম আছে। মুঠৰওপৰত গুৱাহাটী মহানগৰীৰ নান্দনিকতা আমচাঙৰ নৈসৰ্গিকতা তথা সেউজীয়া আৱৰণে প্ৰতিপল জীপাল কৰি ৰাখিছে।

মহানগৰীৰ ৰাইজৰ এটাই পৰম সৌভাগ্য যে আমচাঙৰ দৰে পাহাৰীয়া অৰণ্যভূমিয়ে তেওঁলোকক সদায় আৱৰি ৰাখি একপ্ৰকাৰ নিৰাপত্তা প্ৰদান কৰি আহিছে। কিন্তু সেই সৌভাগ্য কিমান দিনলৈ অটুট থাকিব সেয়া আজি বহু সন্দেহৰ আৱৰ্তত থকা এক লাখটকীয়া প্ৰশ্ন। ক্ৰমশঃ বৃদ্ধি পোৱা জনবিস্ফোৰণ, নিৰ্বনিকৰণ, উদ্যোগ, কল-কাৰখানা আদি প্ৰতিষ্ঠাৰ হাবিয়াসে আজি এই পাহাৰীয়া অৰণ্যভূমিক দিনকদিনে সংকুচিত কৰি আনিছে। যি সংকোচনৰ ভয়ংকৰ পৰিণতি সকলোৱে এদিন ভোগ কৰিব লাগিব। উল্লেখযোগ্য যে, গুৱাহাটীবাসী সুকলমে জীয়াই থাকিবলৈ হ’লে আমচাং অভয়াৰণ্যৰ সেউজীয়া ভূমিক আমি জীয়াই ৰাখিবই লাগিব। এতেকে গুৱাহাটীৰ হৃদপিণ্ডস্বৰূপ আমচাং অভয়াৰণ্যৰ সুৰক্ষা, সংৰক্ষণ তথা দীৰ্ঘ স্থায়িত্বৰ স্বাৰ্থত সকলোকে একেলগে হাতউজান দিবলৈ আজি আমি এই বিশেষ লেখাৰ যোগেদি আহ্বান জনাইছোঁ।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close