‘গুৰু’ বৃহস্পতিৰ গ্ৰহণৰ ছবি প্ৰেৰণ

মহাবাহু

কেলিফ’ৰ্ণিয়া, ২৫ ছেপ্টম্বৰ: ‍‘গুৰু’ বৃহস্পতিৰ একেবাৰে পেটৰ খবৰ প্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰিলে নাছাই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ জুনো-ৱে। ভাৰতৰ সময় অনুসাৰে যোৱা শুক্ৰবাৰ (২০ ছেপ্টেম্বৰ)ৰ মাজৰাতিৰপৰা জুনোৱে নাছাৰ মুখ্য কাৰ্যালয়লৈ বৃহস্পতিৰ ১২৬ খন ছবি প্ৰেৰণ কৰিছে। বিভিন্ন কৌণিক অৱস্থানৰপৰা তোলা ছবিবোৰত দেখা গৈছে যে প্ৰকাণ্ড গ্ৰহটোৰ ওপৰত এটা সৰু ক’লা ফোটে অৱস্থান গ্ৰহণ কৰিছে। এই পৰ্যন্ত জুনোৰ বাহিৰে অইন কোনোৱেই বৃহস্পতিৰ পেটৰ খবৰ আনিবলৈ সক্ষম হোৱা নাই। ইয়াৰ আগতে বৃহস্পতিৰ দুটা উপগ্ৰহ ইউৰোপা আৰু গ্যানিমিৰ অন্দৰমহলৰ খা-খবৰ ল’বলৈ যত্ন কৰা হৈছিল। কিন্তু জুনোই প্ৰথমবাৰৰ বাবে জনাই দিছিল যে বৃহস্পতিৰ ৭৯টা উপগ্ৰহৰ ভিতৰত সবাতোকৈ ভয়ংকৰ হ’ল ‍‘আইও’। এই উপগ্ৰহটো সম্পৰ্কে জুনোৱে জনাইছে যে এইটো উপগ্ৰহত প্ৰায় ৫০০ তকৈও অধিক সক্ৰিয় আগ্নেয়গিৰি আছে। যি যি আগ্নেয়গিৰিৰ পৰা যেতিয়া অগ্ন্যুৎপাত হয়—তাৰ ব্যাপ্তি থাকে প্ৰায় ৫৪০ দিন। জুনোই প্ৰেৰণ কৰা ছবিবোৰ বিশ্লেষণ কৰি প্লেনেটৰি ছায়েন্স ইন্সটিটিউটৰ বিজ্ঞানীসকলে জনাইছিল যে অগ্ন্যুৎপাতৰ অগ্নি নুমাই যোৱাৰ পিছতো ২৩০ দিন ধৰি আইওৰপৰা মাথোঁ গেছৰ কুণ্ডলী বাহিৰ হৈ আছিল। এতিয়া সেই আইওৰ ছাঁ পৰিছে বৃহস্পতিৰ বক্ষত। ২০১১ চনৰ ৫ জুন তাৰিখে পৃথিৱীৰ ভূমি ত্যাগ কৰি বৃহস্পতিৰ উদ্দেশ্যে ৰাওনা হৈছিল জুনো। মহাকাশত ২৭০ কোটি কিলোমিটাৰ পথ পাৰ হৈ যেতিয়া বৃহস্পতিৰ কক্ষপথত প্ৰৱেশ কৰিছিল জুনোৱে—তেতিয়া তাৰিখ আছিল ৫ জুলাই, ২০১৬ চন। ৫ বছৰ দীৰ্ঘ যাত্ৰাপথৰ ক্লান্তি ৫ ছেকেণ্ডত আঁতৰ কৰি প্ৰথমবাৰৰ বাবে বৃহস্পতিৰ ছবি জুনোই প্ৰেৰণ কৰিছিল। জুনোক প্ৰেৰণ কৰাৰ সময়ত আশংকা আছিল যে বৃহস্পতিৰ দৰে বিৰাটাকাৰ গ্ৰহৰ অভিকৰ্ষণৰ টানত হয় জুনো বৃহস্পতিৰ বক্ষত আছাৰ খাই পৰিব বা কক্ষপথত প্ৰৱেশৰ পূৰ্বেই ছিটিকি পৰিব। কিন্তু মহাকাশ বিজ্ঞানীসকলক আশ্চৰ্যান্বিত কৰি জুনোই বৃহস্পতিৰ কক্ষপথৰ সৈতে সমান্তৰাল অইন এক কক্ষপথ ৰচনা কৰি ক্ৰমান্বয়ে বৃহস্পতিক পাক মাৰিবলৈ আৰম্ভ কৰে। যি আইওই এতিয়া বৃহস্পতিৰ বক্ষত গ্ৰহণ সৃষ্টি কৰিছে, সেই আইওৰ সবাতোকৈ সক্ৰিয় আগ্নেয়গিৰিৰ যিবোৰ ছবি জুনোই প্ৰেৰণ কৰিছিল—দেখি হতবাক হৈছিল মহাকাশ বিজ্ঞানীসকল। জুনোই দেখুৱাইছিল যে ‍‘লাকি’ নামৰ এক আগ্নেয়গিৰিৰপৰা হুৰমূৰকৈ ওলাই অহা গলি থকা লাভা প্ৰায় ১২৪ মাইল পৰ্যন্ত ধাৱমান হৈছিল। এতিয়া গ্ৰহণ কিমানদিনলৈ হৈ থাকে জুনোইহে ক’ব পাৰিব।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close