গুটখাৰ গ্ৰাসত আমাৰ নৱপ্ৰজন্ম

নীহাৰিকা গোস্বামী

গুটখা বা ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰতি মানুহৰ বাঢ়ি যোৱা আসক্তিয়ে এটা গুৰুতৰ সমস্যা হিচাপে থিয় দিছে বৰ্তমান আমাৰ সমাজখনত। বিভিন্ন সময়ত চৰকাৰ অথবা বেচৰকাৰী সংস্থা আদিৰদ্বাৰা বহুতো সজাগতামূলক আঁচনি লোৱাৰ কথা শুনা যায় যদিও বাস্তৱ ক্ষেত্ৰত তাৰ একো ফল দেখা পোৱা এই পৰ্যন্ত হোৱা নাই। ক্ৰমাৎ আসক্তিৰ হাৰ বাঢ়িহে গৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থা (Global Adult tobacco Survey (Gats)-এ প্ৰতি পাঁচ বছৰৰ মূৰত চলোৱা এক সমীক্ষা মতে আমাৰ ৰাজ্যখনত ২০০৯-২০১০চনত ধোঁৱাজাতীয় সামগ্ৰীৰ উপভোক্তাৰ হাৰ ৩৩%আছিল যদিও ২০১৬-২০১৭ চনত সেই হাৰ বাঢ়ি ৪৮% হয়। গুৰুত্বপূৰ্ণভাৱে আমাৰ ৰাজ্যৰ কামৰূপ মহানগৰ জিলাই ধঁপাত সেৱনকাৰী সংখ্যাৰদ্বাৰা সমগ্ৰ বিশ্বৰ ভিতৰতে ২য় স্থানত আছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে চলোৱা সমীক্ষাত নাৰী-পুৰুষ, কিশোৰ-কিশোৰীৰ লগতে নাবালক শিশুসকলো গুৰুতৰভাৱে গুটখাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হৈছে বুলি মন্তব্য কৰে।

বিভিন্ন বিশেষজ্ঞ সূত্ৰৰপৰা গম পোৱা যায় যে ধঁপাতৰ ফলত কেৱলমাত্ৰ কেন্সাৰ ৰোগতে আক্ৰান্ত নহয়। ষ্ট্ৰোক, ডায়েবেটিছ, বন্ধ্যাত্ব, বয়সৰ চাপ পৰা, শ্বাসযন্ত্ৰৰ বিকল আদি দীৰ্ঘদিনীয়া বোমাৰবোৰেও দেহত আশ্ৰয় লয়। ক্ৰমাৎ যুৱপ্ৰজন্মৰ মাজত বাঢ়ি অহা এই আসক্তি আমাৰ বাবে এক যথেষ্ট উদ্বেগজনক বিষয়। এক তথ্য অনুসৰি দেশৰ সাধাৰণ কৰ্কট ৰোগীৰ আৰু মুখৰ কৰ্কট ৰোগীৰ ক্ৰমান্বয়ে ৪০ আৰু ৯০ শতাংশৰে মূল হৈছে চিগাৰেট, ক’লা চাধা, খৈনী, জৰ্দা, গুটখাজাতীয় সামগ্ৰীসমূহ।

বৰ্তমান এচাম লোকৰ চহৰমুখী সংস্থাপনৰ চিন্তায়ো কিছু পৰিমাণে এই ধঁপাতৰ ব্যৱসায়ক আগুৱাই নিয়াত সহায় কৰিছে। বহু সময়ত দেখিছো, সমাজৰ অশিক্ষিত বা পিছ পৰা শ্ৰেণীৰ লোকসকলৰ প্ৰায়ভাগেই গাঁৱৰপৰা মহানগৰীলৈ সংস্থাপনৰ আশাত আহি ক’তো একো বাট নেদেখি একেবাৰে নিম্নমানৰ গুমটি এখনেৰে জীৱিকাৰ সন্ধান কৰে আৰু দোকানখনৰ মূল উপজীব্য হৈ পৰে গুটখাজাতীয় মাৰাত্মক এই বৰবিহসমূহ। এই প্ৰতিৱেদনখন প্ৰস্তুত কৰোতে আমি গুৱাহাটীৰ তিনিটা অঞ্চলৰ ক্ষুদ্ৰ-মধ্যমীয়া কেইজনমান দোকানীৰ লগত গুটখাৰ মাহত চাহিদা কিমান জানিব বিচৰাত আটাইকেইজনে একেমুখেই এটাই উত্তৰ দিছিল, দোকানখনৰ এইকেইটা সামগ্ৰীৰে আটাইতকৈ বেছি চাহিদা। ধঁপাত প্ৰতিৰোধক আঁচনি/আইন চৰকাৰখনে বিভিন্ন সময়ত প্ৰণয়ন কৰি আহিছে যদিও আটাইবোৰ ধোবাং-বাং। শিক্ষানুষ্ঠানৰপৰা ১০০ গজ দূৰত্বত গুটখাজাতীয় দোকানৰ প্ৰতি নিষেধাজ্ঞাৰপৰা ৰাজহুৱা স্থানত ধূম্ৰপান নকৰিবলগীয়া আইনলৈকে আটাইবোৰ আইন বাস্তৱ জীৱনত আমাৰ মহানগৰীখনত কিমানদূৰ ফলপ্ৰসূ হৈছে সেয়া আপুনি/আমি প্ৰাত্যহিক জীৱন-যাত্ৰাত দেখিয়েই আছো। সঁচা অৰ্থত ক’বলৈ গ’লে কি চৰকাৰ কি প্ৰশাসন সকলোৰে ইয়াক প্ৰতিৰোধ বা নিবাৰণৰ বাবে যি ধৰণৰ গুৰুত্ব দিব লাগে সেই ধৰণৰ প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই। গতিকে উঠি অহা প্ৰজন্মখিনিক এই আসক্তিৰপৰা মুক্ত কৰাবলৈ চৰকাৰখনে বাস্তৱসন্মত কিছু ব্যৱস্থা লোৱা দৰকাৰ। লগতে গুটখাজাতীয় সামগ্ৰীৰ বিজ্ঞাপন হিৰো-হিৰোইনৰদ্বাৰা প্ৰস্তুত কৰা অবিবেচক কাৰবাৰটোও বন্ধ কৰিব লাগে। কাৰণ উঠি অহাচামৰ ওপৰত হিৰো- হিৰোইনৰ প্ৰভাৱ কিমান গভীৰভাৱে পৰে সেই বিষয়ে আমি আটায়ে জ্ঞাত। এনেবোৰ কথাত চৰকাৰ-প্ৰশাসনে বাস্তৱসন্মত দৃষ্টিভংগীৰে গুৰুত্ব দিয়া উচিত। স্বেচ্ছাসেৱী সন্থা-অনুষ্ঠানবোৰৰো দায়িত্ব কম নহয়। সৰ্বোপৰি গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাইজৰ, সমাজৰ সচেতনতা তথা আত্মসচেতনতা।

Related Articles

Check Also

Close
Close