গান্ধাৰীৰ অভিশাপ!

অঞ্জন শৰ্মা

মহাভাৰত!
মহাভাৰতৰ স্ত্ৰীপৰ্ব!
বীৰপত্নী বিধৱাসকলৰ দ্বাৰা আকীৰ্ণ
ৰক্তাক্ত কুৰুক্ষেত্ৰ
বুকুভগা কান্দোনৰ মাজে মাজে শিয়ালৰ
হোৱা
কৰ্ণহাৰা পিতৃ সূৰ্যও নিস্তেজ
ভাৰ বৈ বৈ ৰণভূমিৰো হুমুনিয়াহ
শত সহস্ৰ বীৰৰ শৱদেহৰ মাজে মাজে
ভূত-প্ৰেতৰ
নৃত্য অবিৰাম
হাতত বীৰৰ শিৰ লৈ কান্দে বীৰপত্নী
যোৰা দিবলৈ স্কন্দ্ধ বিচাৰি হায়ৰাণ
বিলাপ
আভৰণ দলিয়াই মূৰ্চ্ছা যায় অভাগিনী
মৃতদেহৰ ওপৰত মৃতদেহ, অগণন
কুকুৰে কৰে মাংস-শোণিত ভক্ষণ
বস্ত্ৰ অস্ত্ৰ মনোহৰ নানা অলংকাৰ শিৰৰ
মুকুট
ধ্বজছত্ৰ মকৰকুন্ডল পৰি আছে সৰ্বত্ৰে
যেন আবৰ্জনা
ধূলিত লুন্ঠিত হৈ পৰি আছে মহাপৰাক্ৰমী অহংকাৰী দুৰ্যোধন
ক’ত কৰ্ণ, ক’ত ভীষ্ম, ক’তেইবা দ্ৰোণ
উচ্চৈ:স্বৰে কান্দে বীৰযোদ্ধাৰ সুন্দৰী পত্নী
ধূলিত বাগৰি
যিসকলক হয়তো দেখা নাছিল সূৰ্য-চন্দ্ৰই
কাহানিও
নিতৌ
অগৰু-চন্দন-কুঙ্কুম-কস্তুৰী সৰ্বাঙ্গত লেপা
সেই সমস্ত সুন্দৰী নাৰী
ৰক্তাক্ত কুৰুক্ষেত্ৰত উপস্থিত হৈ
ছিন্নকেশ মত্তৱেশ
উন্মাদিনী উলঙ্গিনী
পুত্ৰহাৰা পতিহাৰা
কি হৃদয় বিদাৰক দৃশ্য
কুৰুক্ষেত্ৰ
ক্ৰন্দনৰ কোলাহল ক্ষেত্ৰ কুৰুক্ষেত্ৰৰ ৰক্ত
অশ্ৰুৰ প্লাৱনেৰে পুনৰ প্লাৱিত ৰণস্থল
বাঢ়ে কোলাহল
শোকৰ নপৰে অন্ত পুন:পুন: বাঢ়ে
হে নাথ হে পুত্ৰ বুলি গগন বিদাৰে
শোকত আকুল হৈ বাগৰি পৰে শতপুত্ৰৰ জননী
গান্ধাৰী, গান্ধাৰীয়ে চীৎকাৰ কৰে
‘ক’ত, ক’ত তুমি অনৰ্থৰ মূল মুকুন্দ-মুৰাৰি
তোমাৰ বাবেই শূণ্য আজি হস্তিনানগৰী..’?

#             #

বিলাপ কৰি কৰি ক্ৰমে ক্ৰোধান্বিত হৈ পৰে
গান্ধাৰী
‘শুনা কৃষ্ণ, তুমিয়েই সকলো অনৰ্থৰ মূল
প্ৰতাৰণা কৰি বিনাশিলা কুৰুকূল
ক্ষত্ৰিয়ধৰ্ম পালনেৰে যদি মৃত্যু বৰিলহেতেন
মোৰ পুত্ৰসৱে, নকৰিলোহেতেন অনুযোগ মই……
শুনা কৃষ্ণ, আজি মই শাপ দিম তোমাক
অলঙ্ঘ‍্য মোৰ বাক্য নহব লঙ্ঘন
তোমাৰ সমস্ত জ্ঞাতিও হ’ব নিধন, মোৰ বোৱাৰীসৱে যিদৰে কৰিছে ক্ৰন্দন
সেইদৰেই কান্দিব তোমাৰো বোৱাৰীগণ
যদুবংশ ধ্বংস হ’ব মই দিলো অভিশাপ…’

#       #

হস্তিনানগৰী উছন হ’ল
গান্ধাৰীৰ অভিশাপেৰে যদুকুল ধ্বংস হ’ল
পান্ডৱৰো আজি নাই চিন-চাব
কোন জয়ী হ’ল কুৰুক্ষেত্ৰত, কুৰুক্ষেত্ৰৰ ৰণাঙ্গণত !
সকলো গোলাম, সকলো ইতিহাসৰ গোলাম
কোনোবা যদি আজি বন্দিত কোনোবা নিন্দিত
গান্ধাৰীৰ অভিশাপ, বীৰপত্নীৰ বিলাপ আজি
হ’ব পাৰে অতীত, স্ত্ৰীপৰ্বৰ অধ‍্যায় হ’ব পাৰে ইতিহাসৰ উৱলি যোৱা পৃষ্ঠা
কিন্তু উৱলিলেও শেষ হোৱা নাই সেই বিলাপৰ
অণুৰণন
অভিশাপ দিয়া শব্দৰ শক্তি
শক্তিৰ বিনাশ নাই বাবে বিনাশ নাই বিবৃতি-বক্তৃতা-বাক্য-শব্দৰ
বিলাপ-ক্ৰন্দন
অভিশাপৰো বিনাশ নাই
সেয়া দ্বাপৰৰেই হওক
কিম্বা কলিকালৰ বুঢ়ালুইতৰ ৰক্তাক্ত উপত্যকাৰ
অসম আন্দোলনৰ সময়ৰ পুত্ৰহাৰা ক্ৰুদ্ধ জননী
স্বামীহাৰা ক্ষুব্ধ বীৰপত্নীৰেই হওক !

(১২/০২/২০১৯)

Related Articles

Check Also

Close
Close