গানে কি আনে

নীহাৰিকা গোস্বামী

গান নামটোতেই যেন এক সজীৱতা নিহিত হৈ আছে। গানৰ বৈশিষ্ট্য বা গুণৰ বিষয়ে ক’বলগীয়া একোৱেই নাই, কাৰণ ই এক অনুভৱৰ বিষয়। ৬৪ কলাৰ ভিতৰত ‍‘গান’ৰ এক বিশিষ্ট স্থান আছে। গান এনে এক কলা, যাক অনুভৱ কৰিবলৈ শিক্ষিত হোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াক শুনিলেই ইয়াত অন্তৰ্নিহিত ভাব-ভাষা-বাৰ্তাই আমাৰ মন-মগজুত প্ৰভাৱ পেলাব পাৰে। সেয়ে বহু সময়ত জনতাক বিভিন্ন দিশত জাগ্ৰত কৰিবলৈ গানৰ সহায় লোৱা দেখা যায়। ‍‍‘গান’ৰ সহজ-সৰল, সন্মোহিনী ভাষিক শক্তিয়ে হালোৱা-হজুৱা সকলোৰে অন্তৰ সহজতে চুব পাৰে। সেয়ে গানক এক সৰল গণমাধ্যম বুলিও আমি ক’ব পাৰো। কিন্তু গান এতিয়া মাথোঁ এক কলা বা গণমাধ্যম হৈ থকা নাই, এখন সস্তীয়া চিন্তাৰ বজাৰ হৈ পৰিছে। সুস্থ-বৌদ্ধিক চিন্তাৰ বাদে কেৱল পণ্যৰ পয়োভৰ দেখা পোৱা যায় আজিকালিৰ অধিকাংশ গীতত।

জ্যোতি-বিষ্ণু-ভূপেনৰ দৰে দেশৰ মাটিৰ গীতত আজিকালি সামাজিক-জাতীয়তাবোধৰ বাদে সবেই স্থান পায়। যিকেইগৰাকী শিল্পীৰ গীতৰ কথাত আজিও দেশপ্ৰেম উথলি উঠে, ইতিহাসৰ জীয়া দলিল হৈ চকুৰ আগত ধৰা দিয়ে, সেই দেশৰ মাটিৰ এচাম গীতিকাৰৰ গীতত আজিকালি স্থান পায় কেৱল বেপৰোৱা আৱৰ্জনাসদৃশ চিন্তাবোৰেহে। প্ৰেমচিৰন্তন সত্য। গীতৰ কথাত প্ৰেম থাকিবই। আগতেও প্ৰেম আছিল, কিন্তু সেই প্ৰেমত যেন ক’ৰবাত নহয় ক’ৰবাত সাম্প্ৰতিক সমাজখনলৈ এক গভীৰ বাৰ্তা আছিল। যেনে ড ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দ্বৈত কণ্ঠত – ‍‘অটোৰিক্সা চলাওঁ আমি দুয়ো ভাই… প্ৰিয়া আজি হ’ব পেছেঞ্জাৰ’ গীতটিত প্ৰেম আছে, হয়। কিন্তু প্ৰেমৰ আঁৰত যেন এক গভীৰ জীৱন-দৰ্শন আছে। সেই গীতটি শুনাৰ পিছতেই অভিধানত ‍‘Dignity of labour’ৰ অৰ্থ বিচাৰি ফুৰিছিলো। ‍‘‍‘শ্ৰমৰ মৰ্যাদা’’ শব্দটোৱে নতুনকৈ মনত ভুমুকি মাৰিছিল। উল্লেখযোগ্য যে ৮০ দশকৰ সেই বিশেষ গীতটোৱে অসমৰ শিক্ষিত নিবনুৱাসকলৰ মাজত এক আলোড়ন তথা জাগৰণ আনি দিছিল। তদুপৰি ড হাজৰিকা আৰু অঞ্জু দেৱীৰ কণ্ঠৰ ‍‍‘বনজুই বনত জ্বলে…’ শীর্ষক গীতটিৰ কথাখিনি মূলতঃ যদিও প্ৰেমাস্পদৰ তথাপি গানটোত লোক-সংগীতৰ সুৰ শুনিবলৈ পোৱা যায়। আগৰ দিনৰ তেনে বহু গীত আমি শুনিবলৈ পাওঁ যিবোৰক বহুলকথিত শব্দত চিৰসেউজ (Evergreen) বুলি ক’ব পাৰি। উপৰিউক্ত কেৱল তিনিগৰাকীয়ে নহয়, এনে ক্ষেত্ৰত আমি জ্যোতি-বিষ্ণু, সম দাস, অম্বিকাগিৰী ৰায়চৌধুৰী, কমলাকান্ত ভট্টাচার্য, বীৰেন্দ্ৰ নাথ দত্ত, তফজ্জুল আলী, হীৰেন ভট্টাচার্য আদিকে ধৰি বহুতৰে নাম ল’ব পাৰো। কিন্তু বৰ্তমান বা সাম্প্ৰতিক যুগত এনে দেশৰ-মাটিৰ-জাতিৰ কথা কোৱা, দেহত দেশপ্ৰেম জাগ্ৰত কৰিব পৰা গীতিকাৰৰ নাম আমি আঙুলিৰ মূৰত লিখিবলৈ নাপাওঁ। বেছিসংখ্যকৰে গানত কেৱল—‍‘‍‘তুমি মোৰ জীৱন, তুমি নহ’লে জীৱন মোৰ অসাৰ’’—আদিৰ বাহিৰে আন একোৱে ভাবাৰ্থ বিচাৰি পোৱা নাযায়। এয়া অসমীয়া সংস্কৃতিৰ প্ৰতি বিশ্বায়নৰ প্ৰত্যাহ্বান নে পাশ্চাত্য সংস্কৃতিৰ আগ্ৰাসন?

ই এক অৱশ্যে গানৰ নামত চলা এই অসভ্যালি, অভদ্ৰামিৰ বাবে ক্ৰমাৎ কাঠফুলাৰ লেখীয়া বাঢ়ি অহা বিহু অনুষ্ঠানসমূহকো জগৰীয়া কৰিব পাৰি। আজিকালি বেছিভাগ লোকৰে সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোক্তা হ’বলৈ বৰ মন, যি সাংস্কৃতিক অনুষ্ঠানত প্ৰজন্মৰ বৌদ্ধিক, মানসিক বিকাশ নহয়। কেৱল উদাত্ত সংগীতৰ তালে তালে বান্দৰামি কৰা হয় আৰু এই সংস্কৃতিৰ বিষয়ে একো নজনাকৈ বিহুৰ অনুষ্ঠান কৰিব যোৱাটোকে জ্যোতিপ্ৰসাদে ‍‍‘দুষ্কৃতি’ বুলি কৈছিল।

গান কেৱল এক মনোৰঞ্জনৰ মাধ্যমেই নহয়, ই এক সহজেয় সংৰক্ষণ ব্যৱস্থা, য’ত এটা বিশেষ সময়ৰ বিশেষ ঘটনা বা পটভূমিও সংৰক্ষিত হয়। জ্যোতি-বিষ্ণু অথবা ভূপেন হাজৰিকাদেৱৰ বহু গীতত আমি অসমৰ অতীত বুৰঞ্জী পঢ়িব পাৰো। জয়মতীৰ দৰে পতিব্ৰতা নাৰীৰপৰা মহাজন-জমিদাৰৰ শোষণ-নিপীড়নলৈকে, ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপৰপৰা যুগে যুগে ই বোৱাই থকা কৃষ্টি-সংস্কৃতিলৈকে আদি জনমানসৰ প্ৰভাৱ পেলোৱা প্ৰতিটো কথাই গানৰ ৰূপ পাইছিল। কিন্তু আজিকালি ক’তা সেইবোৰ? বিশ্বায়ন তথা ভোগসৰ্বস্ব মানসিকতাই কোঙা কৰি পেলাইছে অসমীয়া সংস্কৃতি। দৈনন্দিন জীৱন-যাত্ৰাত প্ৰভাৱ পেলোৱাৰ দৰে গীতৰ কথাতো স্থান পায় গাড়ী, ম’বাইল ফোন, মাটি-ঘৰ আদিয়ে। ‍‘জান’, ‍‘কলিজা’, ‍‘সোণজনী’ আদি বিশেষ্যই যেন গীতিকাৰক গীত সৃষ্টিৰ সময়ত পাহৰাই পেলায় যে এইখন শংকৰ-আজান, জ্যোতি-বিষ্ণু-ভূপেনদাৰ দেশ। য’ত একো-একোটা বিশেষ বিশেষ গানে একোটা গণ-আন্দোলনৰ নেতৃত্ব দিব পাৰিছিল। গানৰ একো একোটা শাৰী আন্দোলনৰ ‍‘শ্লোগান’ হৈ পৰিছিল। এইখিনিতে এটি উদাহৰণ দিব বিচাৰো, ৬০ৰ ভাষা আন্দোলনৰ সময়ত অসমত সাম্প্ৰদায়িক সংঘৰ্ষই এক উত্তপ্ত অৱস্থালৈ গতি কৰিব ধৰিছিল। তেনে সময়ৰে ড ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ দ্বৈত কণ্ঠৰ ‍‘‍‘হাৰাধন-ৰংমন’ৰ গীতে শান্তিৰ বাণী ছটিয়াবলৈ সক্ষম হৈছিল। সেই গীতটিত অসমীয়া জাতি-মাটি আৰু সংস্কৃতিৰ প্ৰাণ আছিল। আজিৰ বহু গীতত ইতিহাস, জাতি-মাটি আৰু সংস্কৃতিৰ গভীৰতা বহু লাঘৱ হোৱা দেখা গৈছে। গতিকে সাময়িক উত্তেজনা আৰু আৱেগ সৃষ্টি কৰাৰ বাহিৰে স্থায়ী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা দেখা নাযায়। সংগীতে মানুহৰ অন্তৰক স্পর্শ কৰিব পাৰিব লাগিব, আলোড়িত কৰিব পাৰিব লাগিব। সংগীতৰ ভাষাৰ সাহিত্যিক মৰ্যাদা থাকিব লাগিব। তেতিয়াহে সংগীতে কালজয়ী সৃষ্টি হিচাপে স্বীকৃতি পাব যেনেদৰে ‍‘হৰাধন-ৰাংমন’ আজিও আমাৰ বাবে প্ৰাসংগিক, এই কথাটো মনত ৰাখিব লাগিব। কাৰণ সংগীত কেৱল বিনোদনৰ মাধ্যমেই নহয়, ই মানুহৰ চিন্তা আৰু বৌদ্ধিক জগতো সমৃদ্ধ কৰে।

শ্ৰদ্ধাৰ কবি প্ৰয়াত হীৰুদাৰ এটি কবিতাৰ গানৰ ৰূপ দিয়া হৈছিল—‍‘গানে কি আনে।’ গানটোত গানৰ বৈশিষ্ট্যতাৰ তথা গান আৰু প্ৰকৃতিৰ সম্বন্ধৰ উমান পোৱা যায়। গানটো বুজিবলৈ আমাৰ দৰে অধমৰ ধৃষ্টতা নাই যদিও গানটো শুনিলেই মনলৈ প্ৰশান্তিৰ নিজৰা বয়। ভাব হয় সঁচাকৈ গানে বহু কিবাকিবি দিব পাৰে। কিন্তু আজিকালিৰ অধিকাংশ গান শুনিলেই এনে ভাব হয়—‍‘‍‘গানে যি আনে আনে আৰু মই গায়ক হ’ব পাৰিলেই হ’ল।’’ আচলতে এয়া জাতিটোৰ বাবেই এক অশনি সংকেট। অসমীয়া ভাষা-সংস্কৃতিৰ এই সংকট-বিপৰ্যয়ৰ দিনত গান প্ৰকৃতাৰ্থত এক সুস্থ মাধ্যম হোৱাৰ যথেষ্ট প্ৰয়োজন আছিল জাতিটোক নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ কৰাৰ ক্ষেত্ৰত। সংস্কৃতিক কলুষিত কৰা এই বিজতৰীয়া গানবোৰে অসমীয়া সংস্কৃতিত সঁচাকৈ বহু নেতিবাচক প্ৰভাৱ পেলাই আছে। ছবি উদ্যোগৰ ক্ষেত্ৰত থকাৰ দৰে সংগীতৰ ক্ষেত্ৰতো এখন চেঞ্চৰ বোৰ্ডৰ যথেষ্ট প্ৰয়োজন আছে। যিয়ে নেকি ক্ৰমান্বয়ে গানৰ বজাৰখনক সস্তীয়া কৰি পেলাব বিচৰা মানসিকতাক নাকী লগাব পাৰিব। আৰু যাৰদ্বাৰা অসমীয়া সাহিত্য-সংস্কৃতিয়েও উত্তৰণৰ দিশত বাট পোনাব পাৰিব।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close