গাখীৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তা বিক্ষিপ্ত চিন্তাৰে – ডাঃ নয়নজিৎ ডেকা

আমাৰ ৰাজ্যত গাখীৰৰ উৎপাদনৰ বৃহৎ ঘাটি এটা সদায়ে আলোচনাৰ বিষয় হৈ আছে। ষাঠিৰ দশকৰ পৰা গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে পশুপালন বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহি আছে যদিও ঘাটিৰ পৰিমাণ বাঢ়ি গৈ আছে। সাধাৰণতে এই ঘাটি নিৰূপণৰ মূল উৎস হৈছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জনমূৰি গাখীৰ খাব লগা গৃহৰ ওপৰত।

কিন্তু আমাৰ ৰাজ্যত গাখীৰ খোৱাৰ প্ৰৱণতা কেনেকুৱা? সঁচা অৰ্থত ক’বলৈ আমাৰ ৰাজ্যত গাখীৰ খোৱাৰ প্ৰৱণতাৰ হাৰ একেবাৰে কম। যদিহে কোনো স্বেচ্ছাসেৱী সংস্থাই এই সম্পৰ্কত সমীক্ষা কৰে, তেতিয়া নিশ্চিতভাৱে ওলাই পৰিব যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সূত্ৰ অনুসৰি আমাৰ ৰাজ্যত কিমান পৰিমাণৰ গাখীৰ উৎপাদনৰ প্ৰয়োজন হ’ব।

আমাৰ ৰাজ্যত উৎপাদিত গাখীৰৰ ৮০% গাখীৰ থলুৱা গাই-গৰুৰ পৰা পোৱা হয়। ২০০ মিঃ লিটাৰ পৰা ১৫০০ মিঃ লিটাৰ গাখীৰ উৎপাদন হোৱা এই অনুৎপাদনশীল গাইগৰুৰপৰা অধিক গাখীৰ অৰ্থাৎ ন্যূনতম একলিটাৰ গাখীৰ পাবলৈ হ’লে প্ৰয়োজন হ’ব ব্যাপক হাৰত কৃত্ৰিম প্ৰজনন সেৱাৰ প্ৰসাৰ। কিন্তু বতৰ্মানে প্ৰজননক্ষম গাইগৰুক কৃত্ৰিম প্ৰজননৰ আওতালৈ অনাৰ পৰিমাণ ৭ৰ পৰা ৮ শতাংশৰ ভিতৰত। তেনেস্থলত গাখীৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে এই হাৰ অন্ততঃ ২০ শতাংশৰ ওচৰলৈ আনিব লাগিব।

ব্যৱসয়িক ভিত্তিত গাখীৰ উৎপাদন কৰিবলৈ আমাৰ পশুপালক আগ্ৰহ নহয় কিয়? দেখা যায় আমাৰ ৰাজ্যত গাখীৰৰ উৎপাদন ব্যয় যথেষ্ট বেছি, কিন্তু গো-পালকে প্ৰাপ্য মূল্য নাপায়। ৰাজ্যৰ বাহিৰৰ পৰা অহা গো-আহাৰৰ ক্ৰমবর্দ্ধমান মূল্যবৃদ্ধি ঔষধ আৰু চিকিৎসা ব্যয় বৃদ্ধিয়ে গো-পালকক বৰ্ণসংকৰ গাই গৰু পালন ব্যৱস্থাত যথেষ্ট সংকট কঢ়িয়াইছে। ফলত একাংশ গো-পালকে দুগ্ধ পামত গোধনৰ সংখ্যা কমাই আনিবলৈ বাধ্য হৈছে। তেনেদৰে অনিয়মীয়া ঘাঁহৰ প্ৰমাণিত বীজ যোগানৰ ফলত গো-পালকসকলে ধান কটাৰ পিছত পথাৰত ঘাঁহৰ খেতি কৰিব পৰা নাই, পৰ্যাপ্ত সেউজীয়া ঘাঁহৰ যোগানে গাখীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে উৎপাদন ব্যয় বৃদ্ধিয়ো কিছু পৰিমাণে হ্ৰাস পায়। সেয়ে বিভাগে নিয়মীয়া ঘাঁহৰ বীজ যোগান নিশ্চিত কৰিব লাগে।

আনহাতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে দুগ্ধ সমবায় সমিতিৰ সদস্যক চৰকাৰী মূল্যত ‍‘চাপৰ’ যোগান ধৰিলেও গো-পালকৰ দানাত হোৱা ব্যয় হ্ৰাস পাব। তেনেদৰে দুগ্ধ সমবায় সমিতিৰ বছৰি বিক্ৰী হোৱা গাখীৰৰ ওপৰত অন্ততঃ ৪ শতাংশ Incentive বা অৰ্থ সাহায্য দিলে দুগ্ধ সমবায় আন্দোলন অধিক গতিশীল হৈ উঠিব। কিয়নো দুগ্ধ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত দুগ্ধ সমবায় আন্দোলন অবিহনে সম্ভৱপৰ নহয়। কিয়নো গো-পালকে এই বৃদ্ধিত আন্তৰিকতাৰে মনোনিৱেশ কৰিবলৈ হ’লে প্ৰয়োজন হ’ব এখন নিশ্চিত গাখীৰৰ বজাৰ। দুগ্ধ সমবায় সমিতিয়ে নিশ্চিত বজাৰৰ পথ মুকলি কৰাৰ লগতে গো-পালকক প্ৰয়োজনীয় সমৰ্থন, যেনে—বছৰি লাভাংশ প্ৰদান, বিনামূলীয়া টিকাকৰণ, নিয়মীয়া ঘাঁহৰ বীজ যোগান, চৰকাৰী মূল্যত গো-আহাৰ যোগান আৰু বিভাগসমূহৰ লগত সমন্বয় স্থাপন। এনে বিভিন্ন দিশৰ সমন্বয়েহে গো-পালকক গাখীৰ উৎপাদন বৃদ্ধিত কৰিব লগা কাম কাজত আগ্ৰহ বৃদ্ধি কৰাব পাৰে।

প্ৰতিখন জিলাতে দুগ্ধ উৎপাদনৰ সম্ভাৱণাপূৰ্ণ গাঁও বা অঞ্চলক পশুপালন বিভাগে চিহ্নিত কৰিব লাগে আৰু কৃত্ৰিম প্ৰজনন সেৱাৰ ব্যাপক প্ৰসাৰ, বজাৰ সৃষ্টি, দুগ্ধ সমবায় গঠন, বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ, প্ৰশিক্ষণৰ ব্যৱস্থাৰে আগ্ৰহী কৰি তুলিব লাগে, বিশেষকৈ নগৰ অঞ্চলৰ আশে পাশে থকা গাওঁ সমূহক অগ্ৰাধিকাৰ দিব লাগে যাতে তাৎক্ষণিক ভাৱে গাখীৰ বিক্ৰীৰ নিশ্চিত বজাৰ এখন পায়। তেনেদৰে নগৰ-মহানগৰৰ দাতিকাষৰীয়া অঞ্চলত Animal Hostel বা গো-ধন আবাস আঁচনি ৰূপায়ণৰ ব্যৱস্থা ব্যাপক হাৰত ল’ব লাগে যাতে মাটি নথকা অথচ গো-পালন কৰিব বিচৰা পশুপালকক বৰ্ণসংকৰ গো-পালনৰ সুবিধা এই গো-ধন আবাসৰ যোগেদি দিব পৰা যায়।

কেৱল গাখীৰ উৎপাদন কৰিলেই নহ’ব, গাখীৰ খাওঁতাও থাকিব লাগিব, পূৰ্বতে কোৱা হৈছে যে আমাৰ ৰাজ্যত গাখীৰ খোৱাৰ প্ৰৱণতাৰ হাৰ একেবাৰে কম। চাহ, দৈৰ বাবেহে গাখীৰ ক্ৰয় কৰা দেখা যায়। আনহাতে বহিঃৰাজ্যৰ কিছুমান লোকৰ পৰিয়ালৰ প্ৰতিজন সদস্য এগিলাছ গাখীৰ দৈনিক খোৱাটো এটা ধৰাবন্ধা নিয়ম। সেয়ে গাখীৰ যে পূৰ্ণ আহাৰ, গাখীৰত যে সকলোধৰণৰ খনিজ লৱণ, প্ৰটিন, ভিটামিন থাকে—তাক বুজাই জনমানসত ধাৰণা সুমুৱাই দিয়াৰ প্ৰয়োজন আহি পৰিছে। অন্ততঃ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এনে সজাগতা অনাৰ বাৰুকৈয়ে প্ৰয়োজন।

দেখা গ’ল, আমি নিয়মীয়াকৈ গাখীৰ খাবলৈ ল’লেহে গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে আমাৰ গো-পালক আগবাঢ়ি আহিব। অন্যথা গাখীৰৰ ঘাটি উৎপাদনক লৈ বছৰি বছৰি আলোচনা কৰি থাকিব পৰা যাব।

Related Articles

error: Content is copy right protected !!
Close