গহেনী লাগা আপি – সঙ্গীতা দাস

চহৰখনৰ চুক এটা লেতেৰা কৰি
তাই বহি থাকে ..
ধূলিৰে পোতখোৱা শিৱহীন জঁটাৰ চুলিত
তাই পুহি ৰাখে
মুক্তিকামী এগাল পোক ।
শতছিন্ন শাৰী , চেফটি পিন নমৰা ব্লাউজৰ ফাঁকেদি
ওলমি থাকে তাইৰ শুকান স্তন …
লাজ ??
লাজ তাইৰ বাবে বিলাস মাথো ।

তাই ফুচফুচাই কথা পাতে
ভগৱানৰ দালালবোৰৰ লগত
কানপাতি , ৰ’ লাগি শুনে
সভ্যতাৰ প্ৰলাপ অথবা ভোকৰ পৃথিৱীৰ বিলাপ ।

তাইলৈ দলিওৱা প্ৰতিটো শিলগুটি
তাই ভৰি পথানত গোটাই থয় ,
মাজে মাজে খেদি যায় দাঁত নিকটাই
একে পাততে খোৱা ভতুৱাটোতকৈ  ভয়ানক হৈ পৰে তাই ….
আৰু অসংযমীও…..!
সংযমৰ সংবিধান যে লিখা থাকে তাইৰ দৰে বোৰৰ বাবেহে  !
ক্ৰমশঃ এনেকৈ তাইৰ গঢ়ি উঠে এটা আশংকাময় চিনাকি
“পাগলী আহিছে পলা ….”

তাই লেপেট খাই বহে য’তে ত’তে
ফ্লাইঅ’ভাৰৰ চুকটোত ,
অথবা বাছষ্টপৰ বেঞ্চখনত ।
আজুৰি অনা চুলিৰে সৈতে  প্লাষ্টিকৰ ঠোঙা বা মিনাৰেল ৱাটাৰৰ চেপেটা বটলটোত
তাই সুমুৱাব চেষ্টা কৰে উদভ্ৰান্ত সময় ।

ক’ৰ তাই …?
কোন সি , যাৰ বাবে তাই নিজক হেৰুৱায় ??
কোন তাইৰ প্ৰতাৰক প্ৰেমিক , ধৰ্ষণকাৰী দুৰ্বৃত্ত , প্ৰতাৰক স্বামী , অশলাগী পুত্ৰ…….. ?
বেমাৰৰ বংশগত জিন ? অপদেৱতা ?
নাই……
কোনো প্ৰত্যুত্তৰ নাই !

হিমচেচাঁ জাৰত কঁপি পাৰ্কৰ বেঞ্চখনত শুই পৰা
অথবা সুতীক্ষ্ণ  ৰ’দত পকা ৰাস্তাত লুটি খাই থকাজনে জানে
মোৰ এই অৰ্থহীন সহানুভূতি কিমান হাস্যকৰ ।

নিদ্ৰাহীন ৰাতিবোৰত তাই ভেঙুচায় সময়ক
তাই ভেঙুচায় মুখাৰ আঁৰৰ মুখাবোৰক ,
মুহূৰ্ততে তাই সুখী হয়, দুখী হয়
টিকাফটা জহকালিও এখন কম্বল
সাৰথি কৰি তাই ব্যস্ত হয় ,
আৰু পাৰাটোত নিজে গম নোপোৱাকৈ
জনাজাত হয় …..
“পাগলী”………
গম পালেও তাই নিৰ্বিকাৰ , আক্ষেপহীন ….
মোৰ অভিজাত ভগৱানৰ অচিনাকি

তাই  এজনী ” গহেনী লাগা আপি ” ।

Show More

Related Articles

Check Also

Close
Back to top button
error: Content is copy right protected !!
Close
Close