এন্ধাৰ

হেমেন নাথ

(ক)
: তুমি সঁচাই মোৰ বাবেই অফিচ নগ’লা? – সৌম্যদীপৰ বুকুৰ মাজত সোমাই থকা জীমণিৰ চকুত অবিশ্বাস।
: তেন্তে কি মই টমিৰ বাবে অফিচ নগ’লো? – সৌম্যদীপৰ মাতত ব্যঙ্গ।
: নহয় জান, অফিচত ইমান কাম। মই ধেমালিতেহে কৈছিলো আজি নাযাবলৈ।
: মই কিন্তু ধেমালি কৰা নাই। সঁচাই কৈছিলো যে আজি প্ৰিয়তমাৰ লগত ছিকেন পকৰী খাই কবিতা গোৱাৰ বতৰ। – এন্ধাৰসৌম্যদীপৰ চকুত কৌতুক।
: ইহ, এন্ধাৰকবিএন্ধাৰতা গাব! তুমি কবিতা লিখি পপুলাৰ হৈছা, আজিলৈ জানো এটা কবিতা মাতি শুনাইছা মোক? তোমাৰ কবিতা তোমাৰ পাঠকৰ বাবেহে!- জীমণিৰ মাতত আব্দাৰ।
জীমণিক এইবাৰ জোৰকৈ সাৱটি সৌম্যদীপে তাইৰ চকুত চকু থৈ মাতি যায়:
নক্ষত্ৰৰ পোহৰত উজ্বল তোমাৰ দুচকুত গধূলি নামিছে
প্ৰাৰ্থনাৰ দুহাতত মোৰ প্ৰেমৰ মৰহা ফুল
চাৰিওদিশে এন্ধাৰ
তাৰ মাজতে ফুলিছে ভালপোৱাৰ বকুল…
: ৰ’বাচোন। – সৌম্যদীপৰ ওঁঠত আঙুলি থয় জীমণিয়ে।
: কি হ’ল আক’?
: তোমাৰ মোবাইল বাজি আছে, ইয়াৰ আগতেও বাজিছে দুই তিনিবাৰ।
: বাদ দিয়ানা। মোৰ বুকুত আজি বাজিবলৈ দিয়া কেৱল তোমাৰ প্ৰেমৰ ৰিংটন।- নিজৰ কবিতাত নিজেই হাঁহি উঠে সৌম্যদীপে।
: নাই জান প্লিজ, অফিচৰেই হ’ব। ৰিছিভ কৰি অন্তত: কৈ দিয়া আজি নোযোৱা বুলি।
: আস তুমি নুবুজা। ৰিচিভ কৰিলেই নানান উত্তৰ দিব লাগিব। অ’ শুনা, মই কিন্তু ছিকেন পকোৰা অলৰেডি অৰ্ডাৰ দিছোঁ হা…উইথ ইয়ৰ ফেভৰিট চাটনি।
: কি? তাৰমানে তুমি আজি মোৰ হাতে ৰন্ধা নোখোৱা?
: না, আজি তোমাক মোৰ বুকুৰ মাজেৰ পৰা ওলাই যাব নিদিওঁ।
জীমণিয়ে একো নকৈ কুচিমুচি হৈ সৌম্যদীপৰ বুকুলৈ সোমাই আহে।
: কি হ’ল? – জীমণিৰ ব্যৱহাৰত আচৰিত হয় সৌম্যদীপ।
: মই জানো তোমাৰ প্ৰেমৰ প্ৰতিদান দিব পাৰিছো? মই জানো তোমাক সিমানেই‌ ভালপোৱা দিব পাৰিছো?- মাত থোকাথুকি হয় জীমণিৰ।
: ভালপোৱাৰ কোনো প্ৰতিদান নাথাকে। ই স্বয়ংসম্পূৰ্ণ। – গভীৰ যেন বিষাদ সৌম্যদীপৰ মাতত।
: আচ্ছা, মই দুইমিনিটত বাথৰুমৰ পৰা আহি আছোঁ। – সৌম্যদীপৰ গালত টপকৈ চুমা খাই জীমণি বিচনাৰ পৰা নামি বাথৰুমত সোমাল।
বিচনাৰ কাষতে থকা টেবুলখনৰ পৰা ভাইব্ৰেচন ম’ডত থকা মোবাইলটো হাতত লৈ চালে সৌম্যদীপে। চাৰিটা মিছ্ড কল- এটা নিৰ্দিষ্ট নম্বৰৰ পৰা। সি মোবাইলটো ফ্লাইট ম’ড কৰিবলৈ লওতেই একেটা নম্বৰৰ পৰা আকৌ ফোন আহিল। কাট কৰি দিলে।
নম্বৰটোৰ পৰা মেচেজ আহিল- ‘?’
সৌম্যদীপে ৰিপ্লাই দিলে- ‘এওঁ আছে অ’ জান!!’
(খ)
‘এওঁ আছে অ’ জান!!’
সৌম্যদীপৰ মেছেজটো চাই জুবেদাই মোবাইলটো থেকেচা মাৰি থলে।
বুকুখনত কিহবাই সোপা মাৰি ধৰিলে তাইৰ।
বতৰ বেয়া বাবেই তাই আজি ক’চিঙলৈ নগ’ল। ফোন কৰি কৈয়ো দিলে কাৰোবাৰ হতুৱাই তাইৰ ক্লাছ দুটা মিলাবলৈ। তাতেই আজি বুধবাৰ। সৌম্যদীপে বুধবাৰে অফিচত চহী কৰিয়েই চাইটলৈ যায়। সেয়ে বুধবাৰে ফোনত কথা পাতিবলৈ সুবিধা। কিন্তু এতিয়া সি মেছেজ দিছে, এই বতৰত সি ঘৈণীয়েকৰ লগতহে আছে!
তীব্ৰ খং আৰু আক্ৰোশত তাইৰ ভিতৰখন জ্বলি উঠিল।
কিয় এনে হয় কথাবোৰ?
পাহৰিব খুজিও তাইৰ মনলৈ আহি থাকিল সৌম্যদীপৰ কথাই। ইমান বতৰ বেয়া। সি বাৰু কি কৰিছে এতিয়া ঘৈণীয়েকৰ সৈতে? লেকচাৰ মাৰিছে? চিনেমা চাইছে? নে… তাইৰ কষ্ট হয় ভাবিবলৈ। খুব কষ্ট হয়।
আজি বুধবাৰৰ দিনটোত এনেকুৱা কৰিব নালাগিছিল সি।
আজিয়েইতো কথা পতাৰ দিন।
আজিকালি সি ঘৈণীয়েকক বেছি মৰম কৰিব লৈছেনেকি বাৰু? তেন্তে সি যে লিখিছিল-
সাতো জনমলে’ বান্ধিলো নিজকে
এওঁৰ স’তে
তথাপি
তেওঁবিহীনতাত উশাহ গধূৰ হয় কিয়…
তেন্তে?
তাই নাথাকিলে যদি উশাহ গধূৰেই হয়, আজিতো দিনটো ঘৈণীয়েকৰ লগতেই থাকিব!
উফ্ আল্লাহ!
কান্দোন এটা উজাই আহে জুবেদাৰ বুকুলৈ।
তাই দোজখ কবুল কৰিবলৈ ৰাজী, বিনিময়ত কেৱল সৌম্যদীপক লাগে। তাই কেতিয়াও গোটেইকেইটা ৰোজা নাৰাখে। কিন্তু এইবাৰ ইমান বেমাৰ সৌম্যদীপৰ, তাই ৰোজা নাৰাখিবনে? গোটেইকেইটা ৰোজা ৰাখিছে, তাৰ বাবে দোৱা কৰিছে।
তাইৰ ইবাদত কবুল হৈছে।
সৌম্যদীপক আকৌ পাইছে। দুয়ো ফুৰিছে, ৰেষ্টুৰেণ্টত খাইছে, একেলগে সময় কটাইছে।
কিন্তু দিনবোৰ যেন কঠিন হৈ পৰিছে।
হে’ আল্লাহ, দীপে ঘৈণীয়েকক বেছি ভাল পাবলৈ লৈছেনেকি বাৰু?- এই শংকাতে তাই বহুতো উজাগৰী ৰাতি পাৰ কৰিছে।
মৰম কিয় বাৰু ভগাই ল’ব নোৱাৰি?
কিয় বাৰু ভালপোৱাজনক অইনৰ সতে সহ্য কৰিব নোৱাৰি?
…সৰা পাতে পাতে ফাগুণ নামে… গায়ত্ৰী হাজৰিকাৰ কণ্ঠ বাজিল ৰিংটনত।
উফ্, দীপে ফোন কৰিছে।
: কোৱা।- কঠিন মাতেৰে ৰিছিভ কৰিলে জুবেদাই।
: চ’ৰি জান, বতৰৰ বাবে ৰৈ গ’লো আজি, সেয়ে ফোন কৰিব পৰা নাই।
: হ’ব। – তাইৰ মাত এতিয়াও টান।
: জান খং নকৰিবা প্লিজ। শুনা, কাইলৈ সেইফালেই নতুন চাইটত মোৰ কাম আছে, লগ কৰিম হা। অ’কে?
: কাইলৈ নহ’ব। নাই কাইলৈ নহ’ব।
: কিয়, কি অসুবিধা আছে?
: কাইলৈ এওঁ কানাডাৰ পৰা আহি পাব!
——-০—০—০——
**মহাবাহু**
Show More

Related Articles

Back to top button
error: Content is copy right protected !!