গদাধৰ সিংহৰ আমোল

সম্পাদক: হেমচন্দ্ৰ গোস্বামী

 (অসম বুৰঞ্জীৰ জিলিকণি)

           গদাধৰ সিংহৰ আমোল
   পূৰ্বে বুঢ়া ফুকনৰ ভয়ত দুজন গোহাঞিক নগা চাঙ্গত থৈছিলে। গৰ্ভে সহিতে আই কুঞৰীদেও শাস্তিতে মৰিল। এনে দুঃখেৰে ফুৰি দক্ষিণপাটৰ বনমালী বাপুৰ সত্ৰত থাকিল। পাচে বনমালী বাপুএ অনুমতি দিলে, লানমাখ্ৰ চেটিয়াৰ নাতি চেটিয়া বড়ফুকন বুজাবৰ কাৰণে। পাচে ই কথাতে ভৰ নিদি আপোনাৰ সেৱক চামগুৰিয়া লৰাটি ৺দেউ গুচে হেন দেখি সামান্যৰূপে ৰোজ বাজ দি উদাসীনৰ হাটিৰ বাজে ৰাখিলে। ততে থাকি সমস্তে দেখিলে ভকতৰ ঐশ্বৰ্য্য। ফুকন ৰাজখোৱা হাজৰিকা বড়া শইকিয়া পৰ্যন্তে ভকতৰ পৰা হৈ যায়। সেইক্ৰমে আদি সকলো সত্ৰতে বুজিলে। এদিন ডেকা বাপুএ তামুল খাই পিক পেলালে, তাৰে ছিটা কাপোৰত পড়িল। সেই কাপোৰ পিকৰ ছিটা সহিতে সেই দিন ধৰি চুঙ্গিৰ ঘৰত বান্ধি থৈছিলে। এনেৰূপে অসন্তোষ দিলে। পাচে ছোট বনমালী বাপুত ভৰ নাপাই আপুনি আগ বাঢ়ি কলিয়াবৰলৈ গৈ গড়গঞা সন্দিকৈ ফুকন, চাৰিঙ্গিয়া ফুকন এই দুই জনাত আশ্ৰয় কৰি বৰ বড়ফুকনক উপাই মন্ত্ৰণা কৰি বশ্য কৰি দিহিঙ্গীয়া বড়ফুকনক বঙ্গাল মাৰো বুলি গড়গাঞৰ পৰা অনাই একে যুগুতি হৈ তুংখুঙ্গিয়া কোঞৰক টিপাম ৰজা পাতি ২০ দিন থাকি চেটিয়া ফুকনে বনমালী বাপুৰ কথাকে লৈ ফুকন ৰাজখোৱা লৈ সোণৰ খাৰু, টেমি, কেৰু কুন্মীন কুয়াকাপোৰ দিলে। সকলেও ৰাখিলে, সন্দিকৈ নেওগ ফুকনে খামৰাক চাৰিঙ্গিয়া ফুকনে নাৰাখিবৰ দেখি চেটিয়া ফুকনে ভয় হৈ সকলোলৈকে কথাদি ২ দিন চকি দি সাবধানে থাকি আন দিন চেটিয়া ফুকনে টিপাম ৰজা গুচাই ৺দেউ পাতি প্ৰথমে সেৱা কৰিলে। পাচে সকলোৱে সেৱা কৰিলে। শক ১৬০৩ আষাঢ়ত।
 সেই দুই জনাই ৺দেউ পতাৰ মূল, অন্য ডাল পত্ৰহে। পাচে সকলো উজাবলৈ ধৰিলে। পাচে ছোট বনমালী বাপুএ আগ বাঢ়ি আহি বড় ফুকনক বুজাই ওলোটাই ৰাখিবলৈ ধৰিলে। ৺দেউ শুনি খং কৰি উজাই গৈ চামগুৰিয়া ৰজাক ভাঙ্গি গড়গাঞ নগৰত শ্ৰীশ্ৰীগদাধৰ সিংহ ৺দেউ স্থিত শক ১৬০৩ শ্ৰাবণৰ ২৪ দিন যাওঁতে চন্দ্ৰবাৰ। পাচে লৰাটি ৺দেৱক নামৰূপিয়া পাতো বুলি নামৰূপলৈনি নিৰস্ত্ৰ কৰিলে। পাচে ১৬০৩ শকত মাস ফাগুন চন্দ্ৰবাৰ ২৩ দিন গতে পাত্ৰ মন্ত্ৰী সকলোৰে সমালোচন কৰি বোলে, ১৫৯৩ শকত মেটেকিয়াল লালুক বড় ফুকনে গুৱাহাটীৰ থানা বঙ্গাললৈ এড়ি দিলে। ১৬০০ শকৰ ফাগুনৰ ১৪ দিন গতে বুধবাৰ লোকজন সহিতে নবাব মঞ্জুৰ খাঁয়ে গুৱাহাটীৰ গড় ললেহি। ৩ বৎসৰ পাচ মাই অধিকাৰ কৰিলে। তদনন্তৰে ডাঙ্গৰিয়া সকলোৱে ৺দেৱেৰে সমালোচন কৰি চাৰি অধিক ষড় দশ শতং শাকে আষাঢ়ত গুৱাহাটীৰ থানা লবলৈ আজ্ঞা কৰিলে। লানমাখ্ৰ চেটিয়া বড় ফুকনে, দিলিহিয়াল বুঢ়া গোহাঞিৰ বংশ চেঙ্গলাই ফুকন, ফুল বৰুৱাৰ পুতেক পানি ফুকন, শলাল বড় গোহাঞি, গড়গাঞৰ পৰা গল। লাপেটি ফুকনৰ পুতেক পানি দিহিঙ্গিয়া বড়বৰুৱা, পিকচাই চেটিয়াৰ নাতি শালৌ ফুকন এহি সকলক কতিপয় দিন আছোঁতে ৺দেৱে সিংহাসনত বহি পুছিলে বোলে গুৱাহাটীৰ মঞ্জুৰ খাঁক খেদিবাৰ কি বোলে। ৰাজা ৰাজ্য হলে যুদ্ধ কৰিবাক লাগে ইধৰ্ম্ম। শত্ৰুৰ অধীন হৈ থাকিতে ভাল নুই। পাচে মন্ত্ৰীসবেও প্ৰশংসা কৰিলে বোলে আমাৰো যুক্তি এয়েহে। ৺দেৱৰ আদেশে প্ৰাণটাঙ্কি যুজিম। ৺দৱৰ ধাৰ লোণ চাউলৰ সুজিব পাৰিম। পাচে ৺দেৱে দৈৱজ্ঞদেৱৰ ঠাইত সুধিলে। সিহঁতে বোলে ভাদ্ৰত যুদ্ধ যাত্ৰা হৈ আছে, বঙ্গালক জিনি কামৰূপ ভোগ কৰিব লাগে, এহি যোগত পূৰ্ব্বে ৰামচন্দ্ৰে সমুদ্ৰ তৰি ৰাৱণক বধ কৰিছে। পাচে ৺দেৱে সকলোকে বটা প্ৰসাদে আজ্ঞা কৰিলে সকলো আহিল। উত্তৰে বাঁহবাড়ী ধৰিবলৈ পিকচাই চেটিয়াৰ নাতি ডেকা ফুকন, বড়গোহাঞি ফৈদিয়া নামডঙ্গিয়া ফুকন, বুঢ়াগোহাঞি ফৈদিয়া চেঙ্গধৰা ফুকন, বড়গোহাঁঞি ফৈদিয়া গজপুৰিয়া ৰাজখোৱা, নাম- ডঙ্গিয়া ফংপুং নামডঙ্গিয়া ৰাজখোৱা, চৈয়নিয়া সন্দিকৈ ফৈদিয়া তৰুৱা, দিহিঙ্গিয়া নেওগ ফৈদিয়া বড় অভয়পুৰীয়া, তৰ শলগুৰিয়া লাহন ৰাজখোৱা, নেওগ আৰু দখিনে সোণাপুৰ ধৰিবলৈ লান্মাখ্ৰফৈদিয়া উপৰ দৈয়ঙ্গিয়া ৰাজখোৱা, আঠগঞা নগঞা ৰজা লগুৱাত হাজাৰ গড়গঞা সন্দিকৈ ফৈঃ নাম দৈঃ ৰাজখোৱা, ডিমৰুৱা ৰজা, পাণবড়িয়া ৰজা, দিহিঙ্গিয়া বড়বৰুৱা, গড়গঞা সন্দিকৈ, নেওগ ফুঃ, চাৰিঙ্গিয়া ফুকন, লানমাখৰু ফৈঃ পুথাউ ফুঃ, দিখৌমুখিয়া ৰাজখোৱা নেওগ, লুইতে ভটিয়াই লানমাখৰু চেটিয়া বড় ফুকন ফুল বৰুৱাৰ ভতিজাক পানি ফুকন, বৰ বৰুৱাৰ পানি দিহিঙ্গিয়া ৰাজখোৱা, ৰাইডঙ্গিয়া হাজৰিকা, নড়া নেওগ, মিৰি সন্দিকৈ ফৈঃ পানি শল গুৰিয়া ৰাজখোৱা। আৰু সেহি সময়তে মঞ্জুৰ খাঁৰ উকিল শ্যাম সিংহক পঠালে। পাচে বৰবৰুৱা শুনি বোলে শ্যামসিংহক পঠোৱা বড় ভাল নহে। এই বুলি কণ্ঠভূষণ কটকীক পঠালে। সৰিয়হ তলিত ভাত খাওঁতে কণ্ঠভূষণে পাই ফিৰাই নিলে। পাচে দুইক নি শিলাত বড়ফুকনে লগ পাই সুধিলে বোলে ভাই নবাবক যি বুলিলে তাক নকৰিলে। দেৱৰ আজ্ঞা নকৰিলে পাৰো নেকি? পাচে শ্যামসিংহে বোলে দেও ভালা নবাবো তৈয়াৰ হৈ আছে। এহিৰূপে কথা বাৰ্ত্তা হৈ ভটিয়াই আহিল। শ্যামসিংহকো নিলে। এহিৰূপে উত্তৰে দক্ষিণে নাৱে কাজলি পালেহি। পাচে আসামৰ লোক সৰহ দেখি কাজলি, পানিখাতি, কুৰুৱা তিন ঠাইৰ থানা এড়ি বঙ্গাল গুৱাহাটী সোমালগৈ। বাহবাড়ী থানাকো তৰুৱা মানুহে মাৰিলে। ঘোড়া বলধি কিছু পালে। সোণাপুৰৰ থানাকো মাৰিলে। বঙ্গালো কিছু পৰিল, ঘোড়াঁ আহিল। কিছু পালে। জয়দুৱাৰৰ লোকো ভাগি গৈ ইটাখুলি সোমাল গৈ। এহিৰূপে থানা সকল মাবি নাৱে তৰে ইটাখুলি চাহবুৰুজত ধৰি গৈ উমানন্দতো বড় হিলৈ পাতিছিলে। দক্ষিণে দিহিঙ্গিয়া বড়বৰুৱা নেওগ ফুকন, চাৰিঙ্গিয়া ফুকন, নাম ডঙ্গিয়া ফুঃ, পুখও ফুঃ, কালৌ ফুকন এই সকল শৰণিয়া পৰ্ব্বতৰ আগত গড় বান্ধি বহিল। পাচে ইটাখুলিৰ পৰা বঙ্গাল ওলাই আহি শৰণিয়াৰ কোঠত ধৰিলে, নোৱাৰি পুনৰ ইটাখুলি সোমালগৈ। জয়ন্তিসিংহে নাৱেও অনেক প্ৰকাৰে যুজিলে, নোৱাৰি নাৱৰ ভিতৰ সোমাল। পাচে চৌভিতি বেঢ়ি ধৰিলে। একো প্ৰকাৰে নাৱৰ পৰা নোলাই, যদি মাধচৰণে গা কৰে তেবে ওলায়। পাচে মাধ- চৰণে কৌপতিয়াই গা কৰিলত, জয়ন্তিসিংহে হাতত ধৰি ওলাই ঢাল তৰোৱাল পেলাই বোলে, দেৱৰ শৰণাগত হলো, ভাই মাধচৰণ আমাক ঈশ্বৰে যেখন বন্দী কৰালে তেখন জানিবি নবাবো বন্দী হৈল। পাচে আমাৰ মানুহে আৱৰি ধৰি আনিলে। উত্তৰ কোলে শলাল বড়গোহাঞি, চেঙ্গলাই ফুঃ, সদিয়াল মৰঙ্গিয়া আনো লোক জন চাহবুৰুজৰ সম্মুখে আছিলে। লোহিত্যৰ উত্তৰকোলে নাৱে চেটিয়া বড়ফুকন দক্ষিণে পানিফুকন। পাচে বঙ্গালে নোৱাৰি যুদ্ধ হাৰি ভাদ্ৰ ১ দিন গতে প্ৰভাতে ইটাখুলিৰ পৰা আনি আকবৰ লোক জন কিছু লগত লৈ নাৱে পাৰ হৈ মঞ্জুৰখাঁৰ ঠাইলৈ গল। তাক যাবৰ দেখি দেৰপৰ বেলা হলত আপোনাৰ গা ৰাখি মঞ্জুৰখাঁ নাৱে পলাই ৰঙ্গামাটি সোমালগৈ। সতমল আলিআকবৰ লগত গল। তাৰ বজা ইন্দ্ৰমণি, দলসিংহ, কবিৰ খাঁ প্ৰমুখ্যে ভাগি গৈল। পাচে চেটিয়া বড়ফুকন গুৱাহাটীতে ৰহিল। বড়বড়ুৱা প্ৰমুখ্যে সকলো নৌৱালোক মানাহ পৰ্য্যন্তে খেদি গৈল। মঞ্জুৰাখাঁক ধৰিব নাপাৰিলে। ঘোড়া মহ গৰু বন্দুক তৰোৱাল জামদাৰ নাও ইত্যাদি বহুত পালে, ধন মাল বিস্তৰ পোৱা গল। শক ১৬০৫। ১৬০৬ শকত গড়গঞা সন্দিকৈ বড় ফুকন হলত, চাৰিঙ্গিয়া ফুকন মহাৰজাক সেৱা কৰিবলৈ গল। সেই সময়ত গোহাঞিৰ নাতিয়েকে লোভণ্ডাৰিৰ পুতেক জন্মিয়ে মেতিৰিয়ে তাজাং চেটিয়ায়ে ঠামহ হাজৰিকায়ে উমাই ঠিয়াৰ ভায়েক আসুল কোঞৰৰ নাতিয়েক বেবেজিয়া হাজৰিকা কমলা পতিয়ে, এই বোৰে নাহৰ কোঞৰৰ পুতেকক আনি গদাধৰ সিংহ ৺দেৱক দ্ৰোহ চিন্তিবলৈ আলোচন কৰিলে। এই কথা চাৰিঙ্গিয়া ফুকনতো সিহঁতে জনালে। ফুকনে বোলে ইঠাইৰ আমি একো নহয়, গুৱাহাটীত হে মানুহ। এতেকে মই থাকোতে তহঁতে একো নকৰিবি। বিদাই কৈ চাৰিঙ্গলৈ গলে যিখান হয় কৰিবি। এই কথা ঢেকিয়াল বেতমেলা শয়কিয়ায়ে নাৰদ বড়ায়ে বুঢ়া চেটিয়াত কৈ মহাৰজাত জনালে। ৺দেও এই বোৰক গোটাই সোধপোচ কৰি কথা হয় হেন দেখি সিহঁতক দণ্ড কৰিলে। ফুকনকো ঢাৰিৰ পৰা সানি নিৰ্ভয় বচন বুলি বটা প্ৰসাদ দি গুৱাহাটীলৈ পঠাই দিলে। এই এক কথা, আৰু চাৰিঙ্গিয়া ফুকনৰ লড়ি মাক তিনটি ভায়েক মাজিঞোজনা ৰজাৰ টুকৰিয়াৰ জীয়েক কুঞৰীৰ পুতেকটিক গুৱাহাটীলৈ পলুৱাই আনিছে হেন দেৱে শুনি তেওঁকো তেওঁৰ বায়েকক লচু খোৱাৰ ঘৰৰ বড়গাভৰুকো কুঞৰীকো মাৰিলে। বড়ফুকনলৈকো ৺দেৱে বুলি পঠালে, চাৰিঙ্গিয়া ফুকনৰ কোটি নিছে হেন যে শুনিছো, ফুকনে ৰহস্যে ভালৰূপে বিচাৰ কৰিব। এইৰূপ কথা গাত লাগিবৰ হেন দেখি চাৰিঙ্গিয়া ফুকন মহাভয় হৈ সন্দিকৈ বড়ফুকনত কলে, বোলে মোক কিৰূপে ৰক্ষা কৰা। ৰক্ষা পৰো যেন নেদেখোঁ। পাচে বড়ফুকনে বোলে মহাৰাজা সোধপোচ কৰি শুদ্ধহে কৰে, ভয় নকৰিবা, একো নাই। মোক যিৰূপে দেৱতায়ে মোৰ বুলিছে তাক তুমি জানা। মোৰ ডিঙ্গি ওপৰ তোমাৰ ডিঙ্গি তল। ৰক্ষা পৰিম হেন জানিবা, এনেৰূপে অনেক বুজালে। পাচে দীঘল বুড়া গোহাঞিৰ জকাইচুকিয়াক গুচাই বড়গোহাঞিক দিলে। কথাৰ বিধাৰণ দেখি মূৰ হাঁচটি এখান চেঙ্গই ফুকনক দিলে বোলে এই হাঁচটি বড়ফুকনক দেখাই মোৰ অৰ্থে মাতিব। মানুহ যে গুচালে দেহ ৰক্ষা নপৰে হেন জানে। পাচে চেঙ্গই ফুকনে পানিফুকনত নামডঙ্গিয়া ফুকনত বুঢ়া গোহাঞি যিৰূপে বুলিছিল সকলোখানি কলে। পাচে তিনিও বোলে বড়ফুকনত আমাৰ চাৰিৰো মানুহ গৈ এই খান জনাওক গৈ। সেই চাৰি মানুহে আহি বুড়া গোহাঞি যিৰূপে বুলিছিল হাঁচটি দেখাই সেইৰূপে জনালত বড়ফুকনে বোলে আমাৰ ৰাজ্যত তিনি জনা গোহাঞি ডাঙ্গৰ মানুহ, ই অযুগুত বচন কিয় বুলিছে। অকথা অসুয়াৰ পৰা যি হৈ গৈছে তাক সকলোৱে দেখিছে শুনিছে। আমাৰ পৰা এই ১৪৫৬ অসমীয়া সাহিত্যৰ চানেকি। খান হে হবলৈ আছে। মহাৰাজাক যেতিয়া সেৱা কৰিবলৈ যাও গোহাঞিব অৰ্থে চাৰি আখৰ মাতিব পাৰে। পাচে চাবিঙ্গিৰা ফুকনে গড়গাৰ ভাল বতৰা শুনি ফুকনৰ কথাত ভৰসা নকৰি পচে যুগুতি কৰি বোলে ঢেটিয়া ফুকনক ফুন ভাঙ্গি সন্দিকৈক ফুকন লৈ দেৱলৈ জনাই গলত তামাৰ কথাকে বাখিলে, এতিয়৷ যে তামাৰ কথাৰে একে নাহে এতিয়াও আমি যুগুতি হৈ পানিফুকনকে ফুকন লৈ জনাই পঠালে, বড়বৰুৱাত সংশয়েবে সুবুলিব নোৱাৰিব, অবশে বুলিব। এই যুগুতি কৰি সিপাৰৰ দপদবত এঠাই হৈ হিলৈ কাও ধনু তৈয়াৰ কৰি বড়ফুকনৰ ঠাইলৈ মানুহ পঠাই বুলিলে, বোলে আগে যে নিদান হলে ৰাখিম বুলিছিল, এতিয়া চৰিঙ্গিয়া ফুকনৰ নিদান হৈছে কিৰূপে বাখে ৰাখকহি। আমি যে তোমাক নেড়িছে। আমাক যদি তেয়ে। এড়ে আমিও এড়িম। এই কথা শুনি ফুকনে বোলে সিবোৰ যি যুগুতি কবি এঠাই হৈছে এই কথাও মই জনা নাই, এইৰূপে ৰক্ষা কৰিম হেনো বোলা নাই। এতিয়াও মোৰ কথা যদি শুনে সিবোৰ ঘৰঘৰি গুচি আহক। চাৰিঙ্গিয়া ফুকনক যে অবশে দেৱে ক্ষমা কৰিব সিবোৰৰ পো নাতি লৈকো ভাত নামাৰিব। এই কথা বুলি গলত পানি গঞাদি সিহতক পঠাই দিলে। সিহতে গৈ ফুকনে যি বুলিলে সকলোবোৰ কলে। ফুকন বোৰে বোলে ইকথাই কথা নহয়, ফুকনে আপুনি আহি যি বুলিব লগা বোলক হি। নাহে যদি তাকে। পচে সি স্থলত আহিলাত সিহঁতক চৰাতে থৈ পানি গঞা গৈ ফুকনত জনালত, বোলে কথাৰ ধাৰণ লৰ৷ ৰতনপুৰিয়া সিঙ্গৰ দৈয়াল বৰুকৰ পুতেক তাক শুনি নাওৰৈচাৰ হাজৰিকা বলিমৰা এই হতক দেখো সিবোৰৰ লগত দেখে কাণ্ড ধনুৰে তৈয়াৰ হৈ আছে। ফুকনো বোলে মোৰ লগৰ মানুহ কোন আছে কোন নাই চাবাদ মানুহ দি ঢালে, দুলীয়া লগুৱা মাতৰ হে আছে, আন সকলো গল। ফুকন বোৰৰো যি মানুহ আহিছিল সিহঁতত সুধিছিল বলে কি বুলিছেক, সিহঁতে বোলে আহে নাহে নিশ্চয় কৈ সুধি অহি গৈ। ফুকনে বোলে মোৰ লগৰ মানুহ আগে সিবোৰে নিলে, এনে বিধাৰণ কথাত মই কেনেকৈ পাচে এইহতে গৈ জনাল, ফুকন বোৰে ফুকনৰ মানুহ বাটিলৈ, চাৰিঙ্গিয়া ফুকন পানিফুকনৰ ঘবতে থাকিল, আন বোৰ ঘৰঘৰি গল। বকতিয়াল হৰিধন পাঞ্চনি দেৱৰ ঠাইৰ পৰা পালেহি। সিপাৰৰ দপদৰত মেল হল। পাচনিয়ে বোলে আন দিন দক্ষিণ পাৰৰ দপদৰত হে মেল হয়। বড় ফুকনৰ নামে লিখা আহিছে। বড় ফুকনো নাই মহাৰাজা দেৱৰ বটা সোণৰ কেৰু কুনমিল কুনুখায়েৰে কাপৰ আহিছে দেৱৰ আজ্ঞ বা কেনেকৈ কম বটা প্ৰসাদ বা নিশ্চয় কৈ বুলি পঠাব। যাম। কেনেকৈ দিম৷ পাচে ঢাৰি ফুকনে বোলে সিপাৰৰো ইপাৰৰো ৺দেৱৰহে দপদৰ, আত একো দোষ নাই। আমি বড় ফুকনক মাতি পঠিয়াইছিলোঁ নাহে। আমাৰো মানুহ দিওঁ তোমাৰো মানুহ দিয়াঁ মাতি আনকগৈ। পাচে কুকুৰাচোৱা গাঞমুৰাক দিলে, নিলেহি। পাচে মহাৰাজাৰ যি লিখা দিছিল তাক মাতিলে, বোলে চাৰিঙ্গিয়া ফুকনক যি বাদ দিছিল তাক মই সোধ পোচ কৰি যি দুই এক কথা লৰচৰ হল তাকে দণ্ডকৰা গল। আগেয়ো সিহঁতক বুলিছোঁ, দুই এক অপৰাধকো ক্ষমা কৰিম হেন। সন্দিকৈ ফুকনক মই যিৰূপে মোৰ বুলিছো তাক সকলোৱে জানে। ফুকনে মাতিলত চাৰিঙ্গিয়া ফুকনৰ যি কিছু অপৰাধ হৈছিল তাকো মই ক্ষেমিলোঁ। বড়ফুকনৰ বাক্য বচনে নৰলে অসুয়া অপ্ৰীতি কৰিলে এনেৰূপৰ যি হৈ গৈছে তাক সবেৱো দেখিছে। পাচে বটা পিন্ধি ৺দেৱক সাত সেৱা কৰি বড়ফুকনৰ লগৰ যি মানুহ নিছিল তাক এড়ি দিলে। আন সকলো ঘৰঘৰি গল। চাৰিঙ্গিয়া ফুকন বড় ফুকনৰ ঘৰলৈ আহিল। দুয়ো একে লগে বহি কান্দিলে বোলে কোন বিধাতা নো দুইকো ভেদ লগালে। এই বুলি কপিৰ এসাজ দি পঠাই দিলে। আগ দিনা হৰিধন পাচনি উজাই গৈ এখেৰ সকলো কথা ৺দেৱত জনালত, বুঢ়া পাঞ্চনি কো কলিয়া কটকীকে ৩ গোহাঞিৰ তিনিটা ভাল মানুহকে বড়বৰুৱাৰ ফুকন বোৰৰো একোটা ভাল মানুহ, এই সকলক পঠাই দিলে। মোৰ কাকো মাৰিব কাটিবলৈ এনে খান চিত্তত নাই। তেওঁ যে সিহঁতকো দোখান কৰিম হেন চিত্তত সংশয় হৈছে অশ্বক্ৰান্তত হাত জোবাৰাই বুঢ়া পাচনিয়ে কলিয়া কটকীয়ে শপত কৰাৰ, এই খান বুলি মহাৰাজা যদি তোমালোকক কোনো খান কৰে তপ ধৰ্ম্ম যি কৰিছো সি ভ্ৰষ্ট হব। ৩ জনা গোহাঞিৰ মানুহে ও বড়ুৱা ফুকনৰ মানুহেও এইৰূপ শপত কৰিব, মহাৰাজাক যদি অহিত চিন্তা খাব পিন্ধিব নাপাম, অল্পায়ু হম, ৰাজাৰ খাণ্ডাত কটা যাম, বড় ফুকনকো যদি অসূয়া অপ্ৰীতি কৰোঁ। এই বুলি শপত কৰে যদি তেহে কাৰো চিত্তত একো নাই হেন জনা যাব। পাচে সকলোৱে হাত জোবোৰাই শপত কৰা হেন জনালত, পিকচাইৰ নাতিয়েক ডেকা ফুকনৰ লগত তামুলীক পঠালে। সি বুঢ়া গোহাঞি ফুকনৰ আগত দুই চাৰিয়ে শুনে হেন কৰি এইখান বুলিলে, বড় বৰুৱা নাওবৈচা ফুকন ডেকা ফুকন তিনিয়ো বুলি আহিছে চাৰিঙ্গিয়া ফুকনক আমি নেৰোঁ। এই কথা বুঢ়া গোহাঞি ফুকনে বড়ফুকনত জনালে। বড়ফুকনেও বুঢ়া পাচনিত কলে। বুঢ়া পাঁচনি সহিতে যি আহিছিল উজাই গৈ মহাৰাজাত জনালে। পাচে মহাৰাজাও জানিলে সিহঁতৰ চিত্ত শুদ্ধ নহয়। এতেকে মহাৰাজা আপুনি শকত ৰবলৈ যত্ন কৰি ৰহিল। পাচে এই কথা ফুকন বোৰে শুনি চিত্তত থাৰি দিব নোৱাৰি যুগুতি কৰি চাৰিঙ্গিয়া ফুকনৰ লগলৈ হাজৰিকাবোৰক পঠালে। সিহঁতেও আহি ইটাখুলি সোমাই চাৰিঙ্গিয়া ফুকনে গড় দি তৈয়াৰ হৈ ৰল। সিপাবৰ দপদবতো সবে একে ঠাই হৈ সাৱধান হল। এই কথা শুনি বড়ফুকন বুঢ়া গোহাঞি ফুকন ওপৰ দৈয়ঙ্গিয়া নাম দৈয়ঙ্গিয়া এই বোৰ বড়ফুকনৰ ঘৰত তৈয়াৰ হৈ ৰল৷ পাচে বড় ফুকনক তৈয়াৰ হৈ ৰবব দেখি সিবোৰেও মিছা এখান কাকত কৰি সবাকে শুনালে দপদৰত। এই লেখিছিল, গড়গাঞত সৰাই ঘটিয়াৰো একে কথা হল। আমি গড়গাঞত ধৰিম। সবাইঘাটতো বড় ফুকনক ধৰিব। সৰাইঘটিয়ায়ে চাৰিঙ্গিয়া ফুকনে বোলে আমাৰ কথায়ে ৰয় নেকি? এইখান কৰিছোঁ তাৰে মোৰে একে কথাৰে পৰা কৰা গৈছে। পাচে বড় ফুকনে শুনি বোলে মহাৰজাক ৰাখিবৰ নিমিতেহে যত্ন পুৰুষাৰ্থ। ৰাজাকো যে ৰাখিব নোৱাৰিলো মোৰ অৰ্থে কি যত্ন লাগে। এই বুলি চাবি ফুকনে মানুহ পাঠালত, সকলো মানুহ এড়ি দি ঘৰ সোমাই থাকিল। পাচে বড় ফুকনৰ মানুহসবো বাটি ললে। বড় ফুকনক বলিমৰাক ৰখীয়া দি থলে। পাচে ৺দেৱে ভটিয়াই আহি চামধৰা গড় ললেহি। গড় আওতাই বালিগড় বান্ধি হিলৈ পাতি তৈয়াৰ হৈ ৰহিল। পাচে ৺দেৱে কলিয়া কটকীক পঠাই বুলিলে চাৰিঙ্গিয়া ফুকনক ভাঙ্গি খনিকৰ বড় বৰুৱাক ফুকন পাতি বুঢ়াগোহাঞি ফুকনৰ সলনি ডেকা ফুকনক পাতিব আৰু মহাৰাজা বুলিছে সিহঁত মাত্ৰ আহক মই একো নকৰো৷ আৰু বড় ফুকন আনো ফা ফুকন কোন কোনেকৈ আছে শীঘ্ৰে জানি আহগৈ। আৰু বুলিছে তোমালোকৰ সবাৰে ভাই পোৱে বোলে এশ ছকুৰি লোকৰ পৰিয়াল আমি এখেত আছোঁ, একোটা মানুহহে তত আছে। সিহঁতে যদি আমাক এড়িলে আমিও সিহঁতক এড়িলোঁ। একোটাৰ লগত আমিসবো মৰিব পাৰো নেকি। এইৰূপে কটকীয়ে বুলিলত, চাৰি ফুকনে বোলে উজনিৰ কথা কটকীৰ মুখত শুনিলোঁ। ভাটি দিকৰ কথা, কাজল পদ্মপাণিক পাচে দুয়ে কলে বোলে ডাঙ্গধৰাৰ পুতেকে দোৰোগাৱে কৈছে বোলে সকলো লোক তৈয়াৰ আছে। যেখন ফুকনবোৰে জনাই তেখন আমি যাম। পাচে কলিয়া কটকীয়ে পানি ফুকনক বুলিলে বোলে কি মিছা কথা কব দিয়া। ককায়েৰ বড় বৰুৱা জীয়েব বড়কুঞৰী আৰু নো কি হব খোজাঁ৷ পাচে চাৰি ফুকনে বোলে আমি নগা লৰাৰ বন্দী নহও ৺দেৱৰ হে বন্দী। আমি দেখোঁ একো অপৰাধ কৰা নাই, বড় ফুকনেৰে বোলাবুলি কৰিছোঁ৷ দেৱতা দেখো আমাক কাটিব মাৰিবলৈ কলিয়াবৰলৈ খেদি আহিছে। একোৰূপে দেহ ৰক্ষা নপৰে হেন দেখি এই খান কৰিছোঁ‌। দিল্লীৰ পাৎসাও শুনিব আপোনাৰ বন্দীক মাৰিবলৈ আনো ৰাজা খেদি আহিছে। এতেকে আমাক মৰা কটাৰ পৰা তেওৰ একো যশস্যা নাই। আমাৰ পৰা যদি কোনো কথা হয় কাললৈ কথাহে থাকিব! এতিয়াও দেৱতা উজাই যাওক আমাৰো ভয় গুছিলে, ৺দেৱৰ চৰণত পৰিম গৈ, আৰু দুই চাৰি আখৰ প্ৰাৰ্থনা কৰি কলিয়া কটকীক পঠাই দিলে। সিঠাই পালত গৈ পুনৰ্ব্বাৰ বুঢ়া পাচনিকে কলিয়া কটকীকে ৩ গোহাঞিৰ তিনটা বৰ বড়ুৱা ফুকন বোৰৰ একোটা মানুই পঠাই দিলে। সিহঁতে আহি বোলে মহাৰাজা এই খান বুলিছে। তোমালেকে যে সংশয় কৰা, গলে কোনো খান হয় হেন বুলি, আমাক হাত জোবোৰাই আশ্বক্ৰান্তত শপত কৰিব দিছে। আতে ৰাজে বোলে আমাৰ সমলিয়া নাওমানে যি, কলিয়াবৰত ৰাখিলে কি খাই জীম। পাচে চাৰি ফুকনো ঢাকৰিব যাই শিৰি ধন এৰি বুলি চাউল লৈ ৰাজক দিলে। পাচে পানিফুকনে উভয় শঙ্কটত পড়ি হাত জোবোৰাই শপত কৰাই নিৰ্ম্মল ৰাজখোৱা সহিতে উজাই গল। পাচে বড় ফুকন বড়গোহাঞি ফুকন ২ দৈয়ঙ্গিয়া বাজখোৱা আসুল চঙ্গ নেওগ বাইলুং নেওগ পানিফুকনৰ পুতেক আৰু দুই চাৰি হাজৰিকা সহিতে মঙ্গলবাৰে দপদৰত একে ঠাই হৈ ৩ ফুকনক ধৰিবলৈ যুগুতি কৰিলে। এই কথা তিনি ফুকনে শুনি বড় ফুকনকে গধূলা ধৰি চাৰিঙ্গিয়া ফুকনৰ ঘৰতে বন্দী কৰিবলৈ যুগুতি কৰিলে। এই কথা বড় ফুকনে ভুপাই মঙ্গলবাৰলৈ বাট নাচাই দেওবাৰেই সকলোলৈকে জান দি দপদৰত বহি তিনি ফুকনলৈ তিনটা কটকী পঠালে। বলে কলিয়াবৰৰ পৰা চাৰিঙ্গ ৰজায়ে দিহিঙ্গিয়া ফুকনে আহিছে। সন্দিকৈ বড়ফুকনক বড়ফকন পাতিলেহি, তোমালোকক মেললৈ মাতিছে। সিবোৰে বোলে কি মিছা কথা ক। এইবুলি নাম ডঙ্গিয়া ফুকন আহি অশ্বক্ৰান্তত হিলৈ পাতিলেহি। চেঙ্গৰাই ফুকনো লুইতৰ কোখে কোখে হিলৈ পাতিলেহি। চাৰিঙ্গিয়া ফুকন ইটাখুলিত তৈয়াৰ হৈ ৰল। দিখৌমুখিয়া ৰাজখোৱা নড়ায়ে নাৱত উঠি উজাই ভটিয়াই আছিল। পানি ফুকনৰ মানুহে সহিতে পানি দিহিঙ্গিয়া ৰাজখোৱা ঘৰতে তৈয়াৰ হৈ ৰল। পানিশলগুৰিয়া ৰাজখোৱা বড় পুতেক আছিল, বড়ফুকনে মাতি পঠালে নাহিল, ঘৰতে দুৱাৰ বান্ধি আছিল। পাচে বড় ফুকনে বুঢ়া গোহাঞি ফুকনে দপদৰতে থাকিল। ৰাজখোৱা হাজৰিকা গৈ ইটাখুলিত চাৰিঙ্গিয়া ফুকনক বেঢ়ি ধৰিলে গৈ। অলপ খাৰ গুলি মাৰিলত চৰিঙ্গিয়া ফুকনৰ লগৰ মানুহ ভাগিল। চাৰিঙ্গিয়া ফুকনক ধৰি আনিলে। ফুকনক ধৰিবৰ দেখি নামডঙ্গিয়া ফুকনে চেঙ্গৰাই ফুকনে যি অশ্বক্ৰান্তত, লুইতৰ কোখত হিলৈ পাতি মাৰিছিল এড়ি ঘৰ সোমালগৈ। চাৰিঙ্গিয়া ফুকনক দপদৰত বন্দী কৈ থৈ গবাং ঘোড়াচোৱাত কৈ তৰে ঘোড়াৰে জনাই পঠালে। সাবধানে বড় ফুকনো দোপদৰত ৰাতি থাকিল। সেই ৰাতিয়েই নামডঙ্গিয়া ফুকন তামুলী সহিতে সেন্দুৰীঘোপাৰ বাটে পলাল। পাচে পুৱা হলত বড়ফুকনে শুনি মানুহ দি বিচৰাই চেঙ্গৰাই ফুকনকে নামডঙ্গিয়া ফুকনৰ পুতেককে আৰু যাক যেনেকৈ পালে ধৰি আনি দপদৰত বন্দীকৈ থলে নি। ৺দেৱৰ ঠাইত ঘোৰাচোৱায়ে জনালত, বড় ফুকনকে যাব দিলে, পদকীয়া বোৰকো নিব দিলে। পাচে বড় ফুকন কলিয়াবৰ পালিত গৈ ডাৰি চুলি দেখি ৰাজা প্ৰজা সকলে মৰম কৰিলে। পাচে পদকীয়া চাৰিঙ্গিয়া ফুকনকে চেঙ্গৰাই ফুকনকে নাম ডঙ্গিয়া ফুকনৰ পুতেককে ডুমুনী শিলাত তিনিওকো টঙ্গনিয়াই মাৰি ভুৰ বান্ধি শূলত বহাই উটাই পঠালে। নাওবৈচা হাজৰিকাক বলিমৰাক কাটি মূৰ শূলত দিলে। পাচে দীঘল বুঢ়াগোহাঞিক ভাঙ্গি মো গোহাঞিক বুঢ়া গোহাঞি পাতিলে। চাৰিঙ্গিয়া ফুকনৰ সলনি খনিকৰ ফুকন, পানিফুকনৰ সলনি বেলেগতিয়া ককায়েক, নিৰ্ম্মল ৰাজখোৱাৰ সলনি দুৱৰাৰ পুতেক এই বোৰক সলাই সৰাই ঘাটলৈ বিদাই দি মহাৰাজা গড়গাঞলৈ গল। নামডঙ্গিয়া ফুকন যি পলাইছিল ভড়লি চকিত পাই ধৰি নিলে। পাচে ৰজাহাটত টঙ্গনিয়াই মাৰি শূলত বহুৱাই থলে। হাজৰিকা বোকো কাটি মূৰ শূলত দি থলে। পানি ফুকনক নিৰ্ম্মল ৰাজখোৱাক ঘৰলৈ খেদিলে। পাচে ৰঙ্গা বৰাহীয়ে বঙ্গাল অনা গোচৰ দিলত পানিফুকনক আনি পুৰণিহাটত চেপি মাৰিলে। শক ১৬০৬। পাচে গড় গঞা সন্দিকৈ নেওগ ফুকনে ১৪ বৎসৰ থাকি স্বয়ং মৃত্যু হল। পাচত দুৱৰা ফুকনক বড়ফুকন পাতিলে। ৫ বৎসৰ থাকি স্বয়ং মৃত্যু হল। পচে দিহিঙ্গিয়া বড়বৰুৱাক বড়ফুকন পাতিলে। এক বৎসৰ থাকি গুৱাহাটীতে মৃত্যু হল।১৬২৫ শকত পাত্ৰ বড়বড়ুৱাক বড় ফুকন পাতিলে।
* [ অসমীয়া সাহিত্যৰ চানেকি , দ্বিতীয় খণ্ড, চতুৰ্থ ভাগ, ১৯২৪ খ্ৰীষ্টাব্দ), সম্পাদক: হেমচন্দ্ৰ গোস্বামী, PUBLISHED BY THE
UNIVERSITY OF CALCUTTA
1924, PRINTED BY BHUPENDRALAL BANERJEE AT THE CALCUTTA UNIVERSITY PRESS, SENATE HOUSE, CALCUTTA.]
Show More

Related Articles

Back to top button
error: Content is copy right protected !!