খোজ কাঢ়িব যিমান, ‍‘ম’বাইল চাৰ্জ’ হ’ব সিমান

মহাবাহু

নতুন দিল্লীঃ ব্যস্ত মানুহ, সময়ৰ অসম্ভৱ নাটনি। হাতত থকা ফোনটো মানুহৰ অপৰিহাৰ্য সংগী। এক মুহূৰ্তৰ বাবেও ‍‘ছ’চিয়েল আপডেট’ৰ পৰা বঞ্চিতহ’ব নোৱাৰি। কেতিয়া কি ধৰণৰ বাৰ্তা অথবা জৰুৰী ই-মেইল আহে, কোনেও ক’ব নোৱাৰে। গতিকে স্মাৰ্টফোনটোক দূৰৈত থৈ দিব নোৱাৰি। কিন্তু স্মাৰ্টফোনৰ ‍‘বেটেৰী চাৰ্জ’ কৰাটো বৰ্তমান সময়ত এক প্ৰধান সমস্যা। ‍‘চাৰ্জ’ অবিহনে সকলো মিছা! কিন্তু সময় ক’ত? নিশা নিদ্ৰামগ্ন হোৱাৰ আগতে স্মাৰ্টফোনত ‍‘চাৰ্জ’ কৰিবলৈ পাহৰি গ’লে সমস্যাৰ মাত্ৰা প্ৰবল হৈ উঠে। তদুপৰি সমগ্ৰ দিনটোত ম’বাইল ক’ত কিদৰে ‍‘চাৰ্জ’ কৰা হ’ব—তাকো লৈ উদ্বেগৰ নাই অন্ত। অৱশ্যে বৰ্তমান সময়ত ৰে’লগাড়ী, কিছুমান বিশেষ বাছত ‍‘চাৰ্জ’ৰ বাবে ‍‘পইণ্ট’ৰ ব্যৱস্থা কৰা হৈছে; কিন্তু তেনে ক্ষেত্ৰতো ‍সময়ৰ অপব্যয়ৰ শংকা থাকে।

এনেবোৰ সমস্যাৰ কথা চিন্তা কৰিয়েই নতুন দিল্লীৰ ১৯ বছৰ বয়সীয়া দুজন ছাত্ৰ যথাক্ৰমে মোহক ভাল্লা আৰু আনন্দ গংগাধৰে ‍‘স্মাৰ্টফোন চাৰ্জ’ কৰিবলৈ এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছে। পদ্ধতিটো হ’ল—পদচালনা কৰি থাকোতে ‍‘ম’বাইল চাৰ্জ’! আপুনি যিমানেই বেছি খোজ কাঢ়িব, ম’বাইল সিমানেই বেছি ‍‘চাৰ্জ’ হ’ব। ম’বাইলে যিমানেই শক্তিসঞ্চয় কৰিব, সিমানেই আপোনাৰো উদ্বেগ কমিব। কিন্তু খোজ কাঢ়ি থাকোতে কিয়? এই প্ৰশ্নৰ উত্তৰত আনন্দই কয় যে মানুহক স্মাৰ্টফোনে এলেহুৱা কৰি তুলিছে আৰু ঘৰৰ চোফা-বিছনাত পৰি মানুহে স্বাভাৱিক ছন্দ হেৰুৱাই পেলাইছে। সেয়েহে ‍‘ম’বাইল চাৰ্জ’ৰ তাড়নাতেই মানুহে যদি খোজ কাঢ়িবলৈ আৰম্ভ কৰে, তেনেহ’লে মানুহ সুস্থ হ’বলৈ, স্বাস্থ্যৱান হ’বলৈ আৰম্ভ কৰিব আৰু ‍‘ম’বাইল চাৰ্জ’ কৰাও সম্ভৱপৰ হ’ব।

কিন্তু প্ৰযুক্তিটোনো কি? মোহক ভাল্লাই কয় যে ভৰি দুখনক আবৃত কৰা জোতাৰ গোৰোহাৰ কাষত ‍‘ইলেকট্ৰো মেগনেটিক ইণ্ডাকছন’ পদ্ধতি সংলগ্ন কৰাৰদ্বাৰা এই কার্য সম্ভৱপৰ হ’ব। সহজভাৱে ক’বলৈ হ’লে ই এক বিশেষ পদ্ধতি, আৰু এই ইণ্ডাকছনৰ এক অংশত থাকিব ‍‘ডায়নামো’ তথা অইন এটি অংশত থাকিব ‍‘বাফাৰ’। ভৰিৰ গোৰোহাৰ তলত থকা ‍‘ডায়নামো’ৰ ওপৰত হেঁচা পৰিলে ‍‘ডায়নামো’টো ঘূৰিবলৈ আৰম্ভ কৰিব। বিদ্যালয়ত অধ্যয়ন কৰা পদাৰ্থবিজ্ঞানৰ ‍‘ফ্লেমিং’-অৰ সূত্ৰৰ বাস্তৱ ৰূপ প্ৰদান কৰিলে মোহক আৰু আনন্দই। ফ্লেমিং-এ কৈছিল—‍‍‘‘ডায়নামোৰ ঘূৰ্ণনৰ ফলতেই উৎপন্ন হয় তড়িৎ শক্তি।’’

প্ৰযুক্তিবিজ্ঞান বিভাগৰ স্নাতক বৰ্ষৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰা মোহক আৰু আনন্দই ফ্লেমিং-অৰ সূত্ৰক বাস্তৱ ৰূপ দিয়াৰ ফলত ভৰিৰ গোৰোহাৰ হেঁচাত ‍‘ডায়নামো’ যিমানেই ঘূৰিব, ‍‘ইলেকট্ৰো মেগনেটিক ইণ্ডাকছন’ পদ্ধতিৰে বিদ্যুৎ সিমানেই উৎপন্ন হৈ ‍‘বাফাৰ’ৰদ্বাৰা সঞ্চয় হৈ থাকিব। এই পদ্ধতিটো দৰাচলতে গতিশক্তিৰপৰা বিদ্যুৎশক্তি উৎপন্ন কৰা কৌশল। কিন্তু প্ৰশ্ন হ’ল, ‍‘বাফাৰ’ৰ মাধ্যমেৰে কিমান বিদ্যুৎ সঞ্চয় হ’ব? ইমানদিনে তড়িৎ বিজ্ঞানক লৈ যি যি গৱেষণা-পত্ৰ প্ৰকাশিত হৈছে, প্ৰত্যক্ষ হৈছে যে ‍‘বাফাৰ’ৰ মাধ্যমেৰে সৰ্বোচ্চ ২.৫ এম্পায়াৰ বিদ্যুৎ সঞ্চয় হ’ব পাৰে। কিন্তু আনন্দই কৈছে যে তেওঁলোকে তৈয়াৰ কৰা পদ্ধতিত ‍‘ইণ্ডাকছন’ বিদ্যুতক স্থায়ীভাৱে মজুত কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ ‍‘ডায়নামো’ৰ ঘূৰ্ণনৰদ্বাৰা যি পৰিমাণৰ বিদ্যুৎ উৎপন্ন হ’ব—সেই বিদ্যুৎ পোনে পোনে ‍‘বাফাৰ’লৈ গুচি যাব আৰু ‍‘বাফাৰ’ৰপৰা তাঁৰৰদ্বাৰা ম’বাইলৰ বেটেৰীক ‍‘চাৰ্জ’ৰ যোগান দি থাকিব। মোহকৰ মতে সচৰাচৰ ‍‘ম’বাইল চাৰ্জ’ৰ পদ্ধতিতকৈ তেওঁলোকৰ পদ্ধতিৰে ‍‘চাৰ্জ’ কৰিলে ২০% কম সময় লাগিব। ইতিমধ্যে প্ৰযুক্তিবিজ্ঞান বিভাগৰ দুয়োগৰাকী ছাত্ৰৰ আৱিষ্কাৰক লৈ গৱেষণা আৰম্ভ কৰিছে মানৱ সম্পদ উন্নয়ন বিভাগৰ নিয়ন্ত্ৰণাধীন কেইটামান কেন্দ্ৰীয় প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠানে আৰু যদি এটা প্ৰমাণিত হয় যে ‍‘চলন্ত চাৰ্জাৰ’ পদ্ধতিত কোনো প্ৰকাৰৰ প্ৰযুক্তিগত ত্ৰুটি নাই তথা পদ্ধতিটো মানৱবান্ধৱ(Human Friendly), তেতিয়া এই পদ্ধতিটোক বাণিজ্যিকৰণৰ বাবে অনুমতিপত্ৰ দিয়া হ’ব।

#        #         #

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close