খিৰিকীৰ কাষত থিয় হৈ স্বীকাৰোক্তি – সুনীল গংগোপাধ্যায় (অনুবাদ – অঞ্জন শৰ্মা)

এতিয়া বহুতৰ সৈতে সাক্ষাৎ হোৱা মাত্ৰকেই প্ৰথমে সোধে,
কেনে, শৰীৰ কেনে আছে?
কিয় এনেদৰে ইমান শৰীৰ সম্পৰ্কীয় প্ৰশ্ন?
যিমান শুভাকাংক্ষীয়েই হওক, তথাপিতো তেওঁলোকৰ ব্যগ্ৰতাত ফুটি উঠে
এক সৰল সত্যৰ আভাস
মোৰ আয়ুস কমি আহিছে, এতিয়া কেতিয়া কোনসময়ত
ফটকৰে গুচি যাব লাগে ঠিক নাই।
প্ৰকাশ্যে বিভিন্ন প্ৰকাৰৰ পোছাকেৰে যদিও আৱৰি ৰাখো শৰীৰ
তথাপি শৰীৰ সম্পৰ্কে বিভিন্ন সময়ত, বিভিন্ন কাৰণত
মানুহৰ কিমান যে কৌতূহল
কিন্তু শৰীৰৰ কথা অইনক ক’ব নোৱাৰি
সেয়া প্ৰকৃততে ৰুচিসন্মত নহয়
কেনে আছে? ইয়াৰ উত্তৰত মাথোঁ, ভালেই আছো
সেয়া শৰীৰৰ নে অস্তিত্বৰ সংবাদ, কোৱাটো কঠিন!

যিমানেই আয়ুস বাঢ়ে, সিমানেই মানুহে বহুতো হেৰুৱায়
মাজে মাজে অকলে খিৰিকীৰ কাষত থিয় হৈ তাকেই ভাবো
জীৱনৰ যাত্ৰাৰম্ভ যিসকলৰ সৈতে, তেওঁলোকৰ বহুতেই আজি ক’ত?
দেউতা, মা, সৰু মাহী, কৈশোৰৰ সংগিনীসকল
উত্তৰ জীৱনৰ ঘনিষ্ঠ বন্ধু-বান্ধৱসকল, যাৰ স’তে সাক্ষাৎ নহ’লে
দিনটোৱেই ব্যর্থ বুলি ভাব হৈছিল
তেওঁলোক দূৰলৈ আঁতৰি গৈ গৈ মিলি গৈছে দিগন্তৰ সিপাৰে
কোনোবাই পেলাই থৈ গৈছে এযোৰ ছেণ্ডেল, মানুহজন অদৃশ্য
যিজনৰ চিঠিখন গুৱাহাটীৰপৰা আহি সোমবাৰে পালেহি
সেইজনে যোৱা শুক্ৰবাৰেই সকলো নিশ্বাস খৰচ কৰি পেলাইছে
অথচ চিঠিখনত আগন্তুক দিনবোৰৰ কিমান যে সপোন আছিল!

কেৱল বন্ধু-বান্ধৱেই নহয়, এদিন এই দেশখনকোতো এৰি যাব লাগিব
দেশ? দেশ বুলি সঁচাই কিবা আছেনে?
দেশখনেইতো অলীক
কাঁইটীয়া তাঁৰৰ বেৰা আৰু বন্দুক দাঙি পহৰা দিয়া
ভূমিখণ্ডৰ নাম দেশ।
মই যদি দৈৱাৎ জন্মগ্ৰহণ কৰিলোহেঁতেন বেলুচিস্তানত
তেতিয়া মই খেল-ধেমালি কৰিলোহেঁতেন পাহাৰৰ গুহাত?
তেন্তে জন্মটোৱেই কি আচল কথা
মানুহৰ জন্মওতো ক্ৰ’মোজোমৰ খামখেয়ালি
মাতৃগৰ্ভত মোৰ কোনো দেশেই নাছিল
মোৰ জনক-জননীয়েও দেশৰ কথা চিন্তা কৰা নাছিল
শিশুবোৰ হেনো সৰগৰপৰা আহে
কিন্তু সৰগ কাৰোৰেই স্বদেশ নহয়
কৈশোৰ অতিক্ৰম কৰোতে-নৌকৰোতেই স্বৰ্গ-টৰ্গ মচ খাই যায়
প্ৰচণ্ড ৰ’দে দহি নিয়ে, চৰচৰকৈ পুৰিবলৈ ধৰে ছাল-চামৰা
সহজ পথবোৰ ক্ৰমশঃ জটিল হৈ পৰে,
ঈশ্বৰো মতলীয়া হৈ পৰে চাৰ্বাকৰ দৰ্শনেৰে
অথবা মার্ক্সবাদেৰে
নাৰীসকলে আকৰ্ষণ কৰে, যেতিয়াই তেতিয়াই বুকুত কাঁড়ে বিন্ধে
এইবোৰৰ মাজত দেশ ক’ত?
জীৱ-জন্তুবোৰে অনুভূতিৰে যিদৰে সীমা নির্ধাৰণ কৰে
তাৰেই নাম কি মানুহৰ দেশ?

ইহজীৱনত চকুযুৰি সদাব্যস্ত হৈ থাকে
আঁচলৰ বতাহ আৰু অন্যান্য খেল-ধেমালি নেওচি
দৃষ্টিয়ে গতি কৰে ক্ষণে ক্ষণে বহু দূৰলৈ
গোঁফ-ডাঢ়ি নগজিলে নিসৰ্গক সঠিকভাৱে চিনিব নোৱাৰি
সোণোৱালী আবেলি আৰু নীলা ৰঙৰ পুৱা, গছ-লতাৰ
ৰহস্যময় নীৰৱতা
ভোমোৰা আৰু মৌ-মাখিৰ দৰে ক’লা ৰঙৰ কুৰূপ পতংগবোৰ
অপৰূপ সকলো বিউটি কনটেষ্টৰ ফুলবোৰত ছটিয়াই যায় প্ৰেম
আৰু মাছৰোকাৰ ডেউকাত কিয় ইমান অপ্ৰয়োজনীয় ৰং
এই সকলোবোৰ দেখো, আৰু দেখো প্ৰকৃতিৰ অইন সন্তানবোৰক
শস্য চপোৱা হৈ গৈছে, এতিয়া নগ্ন হৈ পৰিছে পথাৰ
শীতকালত বান্ধৰ ওপৰত আঁঠু ভাঙি বহি থকা শাৰী শাৰী মানুহ
দীর্ঘশ্বাস নহয়, তেওঁলোকে মাজে মাজে থুই পেলায়
হৃদয়-ফ্ৰিদয়েৰে নহয়, চকুৰেই চিনিব পাৰি তেওঁলোকৰ পৰিচয়
ৰাতিপুৱা মই যেতিয়া বেঙেনাভজাৰে ৰুটি ছিঙি ছিঙি খাওঁ
চকুৰ সন্মুখত ভাহি উঠে বান্ধৰ সেই মানুহবোৰৰ মুখবোৰ
তেওঁলোকৰ ৰুটি নাই, বেঙেনাভজাও নাই
ইমানদিনেতো গম পামেই যে যিসকলে ভোক দমন কৰি থয়
তেওঁলোকেই বেছি থুৱাই থাকে
যিদৰে ৰমজানৰ মাহত ৰোজা পালন কৰা উপবাসীসকলে
কিন্তু সেইবোৰক লৈ মোৰ কি দায়িত্ব, মোৰ কি আহে যায়
মানুহ হ’ল স্বার্থপৰ প্ৰাণী, সমগ্ৰ জীৱন ধৰি চলে আত্মৰক্ষা
তথাপিতো এনেদৰে উত্ৰাৱল হোৱা, তাৰেই নাম নেকি দেশৰ টান?
ভালকৈ বিশ্বাস নহয়, এয়া হ’ল ক্ষণিক সময়ৰ ঝলক
সামান্য অন্যমনস্কতা, সেয়াও চকুৰেই ষড়যন্ত্ৰ
কোনোদিনেইতো নিজৰ ভাগৰ ৰুটি বান্ধৰ মানুহবোৰক
দিবলৈ যোৱা নাছিলো
তত্ত্ব সৃষ্টি কৰিছো, ‍‘চ্যাৰিটি’ৰে সমস্যাৰ সমাধান নহয়,
বৰং বাঢ়ি যায়
সেয়ে মাজে মাজে মিছিলত অংশগ্ৰহণ কৰা বহু সহজ
তেনে কৰিলে একেলগে দেশপ্ৰেমিক আৰু বিশ্বপ্ৰেমিক হ’ব পাৰি
মই সমস্ত মিছিলৰ মাজপথৰ পলাতক
তথাপিতো অন্যান্য দৃঢ়প্ৰতিজ্ঞসকলক দেখি সামান্য কৌতূহলী আৰু
ভালেখিনি মুগ্ধ হৈছো
কোনো মিছিল এসময়ত সোমাই গৈছে অৰণ্যলৈ, কোনোটো মিছিল
সংসদৰ শীত-তাপ নিয়ন্ত্ৰণলৈ
তেওঁলোকে দেশখনক চিনিবলৈ সক্ষম হৈছে, মই হোৱা নাই।

হয়, যাব তো লাগিবই, ভালদৰেই পাৰ কৰিলো ইমানবোৰ বছৰ
পৰলোকক চূৰমাৰ কৰিছো বহু আগতেই
আত্মাৰ অবিনশ্বৰতা শিশুৰ মন ভুলোৱা এক সাধুকথা
আত্মা-ফাত্মা একো নাই, যিদৰে মানুহৰ বুকুত নাথাকে হৃদয়
এটা টুলু পাম্পকেই হৃদয় বুলি ধৰি লৈ কিমান যে বাগাড়ম্বৰ
কৰা হ’ল বহু কালৰপৰাই

মূৰসর্বস্ব এই প্ৰাণী
সেই মূৰৰ এপিনে কঠোৰ যুক্তিবোধ
অইনপিনে চমৎকাৰ উপভোগ্য অন্ধবিশ্বাস

এপিনে মহাবিশ্ব, অইনপিনে মন্দিৰ-মছজিদ-গীৰ্জা
মই বেদ-উপনিষদৰ সলনি মানি লৈছো জৈমিনিৰ মীমাংসা
এপিকিউৰান দর্শনৰ সৈতে সাদৃশ্য বিচাৰি পাইছো জীৱনযাত্ৰাৰ
দৃশ্যমান জগতখনক দেখা পাইছো স্পিনোৎজাৰ চকুৰে
ভালপোৱাক স্থাপন কৰিছো সবাতোকৈ ওখ অদৃশ্য সিংহাসনত
সেই ভালপোৱা শৰীৰসর্বস্ব আৰু শৰীৰ বিৰহিত
তেন্তে, ভালপোৱাৰ মাজতো সৰু-সুৰা ফাঁকি সোমাই নাথাকেনে
সেই ফাঁকিবোৰ বাদ দিলে সমস্ত কাব্য সাহিত্যওতো তুচ্ছ
মিছা আৰু সঁচাই কিমানবাৰ যে স্থান সাল-সলনি কৰিছে
যিদৰে বহু উপভোগৰ মাজত নিহিত হৈ থাকে দুঃখ, বহু কান্দোনৰ মাজত আনন্দ

কোনো পৰিতাপ নাই
বহু ভুলেই কৰিছো জীৱনটোত, সেইবোৰ মানুহৰেই ভুল
অলপ-অচৰপ অহংকাৰ, তদুপৰি উপলব্ধিৰ থাপৰ
খটখটিৰে উঠাৰ একাগ্ৰতাত পাহৰি গৈছো উভতি চাবলৈ
ৰূপ দেখিছো, বুজিব পৰা নাই ৰূপৰ অন্তৰাল
কিন্তু এটাও পাশৱিক অন্যায় কাহানিও কৰা নাই, নিজে ক্ষত-বিক্ষত
হৈছো বহু বহুবাৰ
কিন্তু অইনৰ ৰক্তদর্শন কৰা নাই কাহানিও।
পাশৱিক? ছিঃ, তেনেদৰে কোৱাটো সঠিক নহ’ল।

কোনোবাই যেতিয়া প্ৰশ্ন কৰে, শৰীৰ কেনে আছে?
তেতিয়া উত্তৰ নিদি মনে মনে কওঁ –
যাম, যাম, ইমান ব্যস্ততাৰ কাৰণ কি আছে?

পৃথিৱীত মানুহৰ ভৰি দিয়াৰ স্থান সংকুচিত হৈছে
স্থান এৰি দিবই লাগিব
যাম, যাম, কিন্তু আনন্দময় মন-মেজাজেৰে, প্ৰিয় মানুহবোৰক
একো নজনোৱাকৈ গুচি যাম বুলি ভাবিছিলো
পিছে বুকুৰ ওপৰত কিয়ইবা হেঁচা মাৰি আছে এটা বিষণ্ণ শিলাই
মায়া? পিছলৈ টনা আকৰ্ষণ?
খিৰিকীৰ কাষত থিয় হ’লেই চকুৰ সন্মুখত জিলিকি উঠে
এখন ছবি, মই কম্পিত হৈ পৰো
দেশ-স্বদেশ নামানো, পৃথিৱীক কেন্দ্ৰ কৰিও সামান্য ভাবুক হোৱা
এইবোৰত মই অধিক সময় ব্যয় কৰা নাই
তথাপি ইমানকাল পিছত কিদৰে উভতি আহিল দেশ, দেশান্তৰ
চাৰিওপিনে ইমান তেজ, পশুবোৰে হাঁহিছে মানুহৰ হিংস্ৰতা দেখি
আকাশৰপৰা, সমুদ্ৰৰপৰা, জংগলৰপৰাই চলিছে মানুহৰ হাতেৰে
মানুহৰেই হত্যালীলা
ক’ব পাৰিলোহেঁতেন, সেইবোৰেৰে মোৰ কি আহে-যায়, মইতো প্ৰস্থানেই কৰিম
কিন্তু কিয় জানো মনটোৱে মানিব বিচৰা নাই।
ৰক্তৰ ফোৱাৰা, ৰক্তৰ নদী, তাতে ডুবি গৈছে মানুহৰ ইতিহাস
এই দৃশ্য দুচকুত লৈ গুচি যাব লাগিব
ইমান কষ্ট, আৰু ইমান কষ্ট, সঁচাকৈয়ে বুকুখনত খুব কষ্ট হৈছে মোৰ!

 

 

Related Articles

Close