খিলঞ্জীয়াৰ ৰক্ষাকৱচ’ৰ নামত উত্তেজনা-অবিশ্বাস বন্ধ হওক

লাচিত বৰদলৈ

অসমৰ ভূমিপুত্ৰ আৰু অসমীয়া ৰাইজে অস্তিত্ব ৰক্ষাৰ বাবে ছবছৰীয়া এক আন্দোলন কৰিছিল। ফলত আজিৰপৰা পোন্ধৰ বছৰৰ আগতে এখন চুক্তি হয় আন্দোলনকাৰী নেতা আৰু চৰকাৰৰ মাজত। আন্দোলনকাৰীসকলে তাৰ পিছত দিছপুৰৰ মচনদ দখল কৰিলে। এতিয়া দ্বিতীয়বাৰো কাৰ্যকাল শেষ কৰাৰ পথত। আন্দোলনকাৰীসকলে দিল্লীৰ দৰবাৰলৈও নিজৰ প্ৰতিনিধি পঠালে। তেওঁলোক মন্ত্ৰীও হ’ল। আজি পোন্ধৰ বছৰৰ পিছত এতিয়া অসমীয়া মানুহৰ ‘ৰক্ষাকৱচ’ প্ৰদান কৰাৰ বাবে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। ই নিজেই এক পৰিহাসৰ বিষয়।
যি কি নহওক, শেহতীয়াকৈ বাতৰি-কাকতত এই সম্পৰ্কে হোৱা বিতৰ্কই এক অদ্ভুত ৰূপ ধাৰণ কৰিছে। দুই-এক সংগঠনে বাস্তৱক অস্বীকাৰ কৰি কেৱল জনজাতীয় আৰু অনুসূচিত জাতিৰ লোকসকলক খিলঞ্জীয়া বুলি চিহ্নিত কৰিব বিচাৰিছে।এনে গোড়া মনোভাবৰ বিপৰীতে তথাকথিত ‘উদাৰপন্থী’মহলে অসম চুক্তিৰ বিদেশী বহিষ্কাৰৰ সীমা অৰ্থাৎ ১৯৭১ চনলৈকে অসমলৈ অহা অন্য ৰাষ্ট্ৰৰ লোকসকলক তথা বৰ্তমানলৈকে আহি থকা ভাৰতীয় প্ৰব্ৰজনকাৰীকো খিলঞ্জীয়াৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। উল্লেখ নিষ্প্ৰয়োজন যে দুয়োটা যুক্তিয়েই গ্ৰহণযোগ্য হ’ব নোৱাৰে। এই কথা এক বিশ্বয়াতনিক সত্য যে মানৱ সভ্যতাৰ ইতিহাস গঢ়ি উঠিছে প্ৰব্ৰজন আৰু সংমিশ্ৰণৰ জৰিয়তে। ইতিহাসৰ প্ৰাচীন অধ্যায় খুঁচৰি চালে এই কথা বুজা যাব। সেই ফালৰপৰা চাবলৈ গ’লে কোনো গোষ্ঠী- জাতিয়েই কোনো এক নিৰ্দিষ্ট ভূখণ্ডৰ ভূমিপুত্ৰ বুলি ডাঠি ক’ব পৰাৰ সম্ভাৱনা ক্ষীণ। তথাপিও মানৱ সভ্যতা গঢ় লৈ উঠাৰ প্ৰক্ৰিয়াত কোনো কোনো ভূখণ্ড কোনো এক গোষ্ঠী-জনগোষ্ঠীৰ মাতৃভূমিৰূপে চিহ্নিত হৈছে। আজিৰ তাৰিখতো বিভিন্ন দেশ-অঞ্চলৰ মাজত বৈধ-অবৈধ প্ৰব্ৰজনৰ সোঁত বৈ আছে। নতুন নতুন লোক নতুন ঠাইত আহি হয় প্ৰতিষ্ঠিত সংস্কৃতিত লীন হৈছে অথবা আদান-প্ৰদানৰ জৰিয়তে সংস্কৃতিৰ বিৱৰ্তন ঘটাইছে। তৎসত্ত্বেও অসম কিম্বা ইংলেণ্ড, ৰাছিয়া কিম্বা আমেৰিকা সকলো ঠাইতে আদিবাসী আৰু এক সংস্কৃতিৰ অন্তৰ্গত লোকক খিলঞ্জীয়াৰূপে চিহ্নিত কৰা হৈছে। এই খিলঞ্জীয়া লোকৰ মাজত ভাষাগত বা কৰ্মগত ন্যূনতম পাৰ্থক্য থাকিলেও এক নিৰ্দিষ্ট সংস্কৃতিৰ অন্তৰ্গতৰূপে স্বীকৃত। এইটো অতি স্বাভাৱিক কথা যে বিশ্বৰ যিকোনো খিলঞ্জীয়া লোকেই নিজৰ বাসভূমিত নিজৰ স্বকীয় সংস্কৃতিৰ পূৰ্ণ ৰক্ষণাৱেক্ষণ বিচাৰিব। নিজৰ ৰাষ্ট্ৰৰ আন ভাষা-ভাষী বা আন সংস্কৃতিৰ লোকৰ অবাধ প্ৰব্ৰজনত অথবা বিদেশী ৰাষ্ট্ৰৰপৰা হোৱা অবাধ প্ৰব্ৰজনে কোনো ঠাইৰ লোকৰ ভাষা-সংস্কৃতি আৰু স্ব-নিয়ন্ত্ৰণৰ ব্যৱস্থা ভূ-লুণ্ঠিত কৰিব, সি কোনো যুক্তিতেই গ্ৰহণযোগ্য নহয়। অনুপ্ৰৱেশকাৰীৰ মানৱীয় সমস্যা আৰু মানৱতাবাদৰ নামতো এনে প্ৰক্ৰিয়া গ্ৰহণযোগ্য হ’ব নোৱাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত আইন-বহিৰ্ভূত ব্যৱস্থা লোৱা যাব, অথবা খিলঞ্জীয়াৰূপে চিহ্নিত নোহোৱা ৰাজ্যখনৰ আন স্থায়ী বাসিন্দা আৰু থলুৱাসকলৰ অধিকাৰ খৰ্ব কৰা হ’ব, তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰা হ’ব, তেওঁলোকক উপাৰ্জনৰ বা জীৱিকা নিৰ্বাহৰ সুবিধাৰপৰা বঞ্চিত কৰা হ’ব, ধৰ্মীয় সাংস্কৃতিক আচৰণ কৰাত বাধা দিয়া হ’ব কিম্বা ৰাজনৈতিক প্ৰক্ৰিয়াটোৰপৰা আঁতৰত ৰখা হ’ব।
প্ৰণিধানযোগ্য যে বিশ্বৰ বিভিন্ন দেশত আন্তৰাজ্যিক বা আন্তজাৰ্তিক প্ৰব্ৰজন আৰু সাধাৰণ লোকৰ স্বাৰ্থৰ পৰিপন্থী তথাকথিত বিকাশৰ বাবে খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। সেইবাবেই বিশ্বৰ বিভিন্ন অংশৰ খিলঞ্জীয়া লোকসকলে নিজৰ স্বকীয় সভ্যতা-সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ বিশেষ অধিকাৰ দাবী কৰি চলোৱা প্ৰায় কুৰি বছৰীয়া প্ৰচেষ্টাৰ পিছত ৰাষ্ট্ৰসংঘয়ো ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। ৰাষ্ট্ৰসংঘৰ উদ্যোগত চলা বিশেষ অভিযানে খিলঞ্জীয়া লোকসকলৰ বাবে বিশেষ অধিকাৰ সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি এক খচৰা ঘোষণাপত্ৰ তৈয়াৰ কৰিছে। অহা এক-দুই বছৰৰ ভিতৰতেই আন্তৰ্জাতিক ঘোষণাপত্ৰ (Declaration on Rights of Indigenous People) ৰূপে গ্ৰহণ কৰিব। এই ঘোষণাপত্ৰই খিলঞ্জীয়া লোকৰ বিভিন্ন ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সামৰি ল’ব, যিটো অসমৰ ক্ষেত্ৰত এক বিশেষ সাংবিধানিক ৰক্ষাকৱচ’ৰ জৰিয়তে কৰিব খোজা হৈছে। এনে পৰিস্থিতিত আমি ভাবো খিলঞ্জীয়াৰ সংজ্ঞা লৈ বিতৰ্ক হোৱাৰ পৰিৱৰ্তে কেনে ধৰণৰে আৰু কি কি অধিকাৰ সংৰক্ষণ কৰিব খোজা হৈছে, তাকহে বিস্তৰ ৰূপত আলোচনা কৰাৰ প্ৰয়োজন। এনে আলোচনাৰ একমাত্ৰ উদ্দেশ্য হ’ব যে ৰাজ্যখনৰ খিলঞ্জীয়াৰূপে গণ্য নোহোৱা বাসিন্দাসকলৰ অধিকাৰৰ প্ৰতি কিবা ভাবুকি অহাৰ সম্ভাৱনা আছে নেকি, তাক পৰ্যালোচনা কৰা।
অধিক স্পষ্টভাৱে ক’বলৈ গ’লে অন্যান্য ভূমিপুত্ৰ অসমীয়াভাষী লোককে ধৰি অসমীয়া মুছলমানসকল স্বাভাৱিকতে ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ অন্তৰ্ভুক্ত যদিও বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পৰিস্থিতিৰ তাগিদাত পৰি অসমলৈ অহা মুছলমান লোকসকল বা বংগভাষী লোকসকল নিশ্চিতভাৱেই খিলঞ্জীয়া লোকৰূপে চিনাক্ত নহ’ব। কিন্তু সেইবাবেই তেওঁলোকৰ বিভিন্ন মানৱ অধিকাৰ খৰ্ব কৰা কোনো ব্যৱস্থাও গ্ৰহণযোগ্য নহ’ব। খিলঞ্জীয়াৰূপে চিহ্নিত হোৱাসকলৰ বাদে বাকীসকল অসমত থাকিব নোৱাৰিব বা তেওঁলোকৰ ভোট দিয়াৰ অধিকাৰকে ধৰি অন্যান্য অধিকাৰ নাথাকিব, তেনে ধাৰণা বা প্ৰচাৰ ভ্ৰান্তিমূলক আৰু উদ্দেশ্যপ্ৰণোদিত। কোনো এখন ঠাই এশ শতাংশ খিলঞ্জীয়াৰ বাসভূমি হ’ব নোৱাৰে। আজি অসমত অসমীয়া জাতিৰ সংজ্ঞাই নিশ্চিতভাৱেই ভূমিপুত্ৰ, আন অসমীয়াভাষী, পুৰণি নেপালী, বঙালী, মুছলমান, চাহ জনগোষ্ঠীৰ লোকক সামৰি ল’ব। অসমত কেৱল বাংলাদেশ, নেপালৰ বৈধ আৰু অবৈধ লোক আছে তেনে নহয়, ভাৰতৰ অন্যান্য ৰাজ্যৰো এক বুজনসংখ্যক লোক অসমত আছে। তেওঁলোকৰ বিভিন্ন অধিকাৰৰ প্ৰতি শ্ৰদ্ধা জনায়ো এটা কথা ক’বই লাগিব যে অসমখন এখন দ্বিতীয় ত্ৰিপুৰা হ’বলৈ এৰি দিয়াটো কোনো যুক্তিতেই সমৰ্থনযোগ্য নহয়। এনে ঘটনা ৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱাটো উগ্ৰ জাতীয়তাবাদী বা মানৱতাবিৰোধী হ’ব নোৱাৰে। বিষয়টো উগ্ৰ জাতীয়তাবাদী বা মানৱতাবিৰোধী হ’ব তেতিয়াহে যদি খিলঞ্জীয়া লোকৰ ‘ৰক্ষাকৱচ’ প্ৰদান কৰাৰ নামত খিলঞ্জীয়াৰূপে গণ্য নোহোৱা ৰাজ্যখনৰ আন বৈধ বাসিন্দাসকলৰ অধিকাৰ হৰণ কৰাৰ ব্যৱস্থা লোৱা হয়। অসমীয়া ভাষা তথা আন ভূমিপুত্ৰসকলৰ ভাষা-সংস্কৃতি ৰক্ষণাৱেক্ষণৰ ব্যৱস্থা কৰা আৰু অবাধ প্ৰব্ৰজনে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰা ৰাজ্য এখনত খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰাৰ প্ৰচেষ্টাই কোনো শুভবুদ্ধিসম্পন্ন লোককে উদ্বিগ্ন কিম্বা শংকিত কৰাৰ কাৰণ থাকিব নোৱাৰে। কিন্তু অসমত এচাম ক্ষুদ্ৰ স্বাৰ্থজড়িত দুষ্ট বুদ্ধিৰ লোকৰ উদ্যোগত দীৰ্ঘদিন ধৰি সেয়ে হৈ আহিছে। কাক বিদেশীৰূপে চিনাক্ত কৰা হ’ব সেই কথাৰ এক গ্ৰহণযোগ্য সূত্ৰ সৃষ্টি হোৱাৰ পিছতো বিদেশী শব্দটো উত্থাপিত হোৱাৰ লগে লগে নিৰ্দিষ্ট কিছু সংগঠনে অযথা হৈ-চৈৰ সৃষ্টি কৰে। একে সময়তে এচাম ভণ্ড জাতীয়তাবাদীয়ে (উগ্ৰ?) নিৰ্দিষ্ট এক সম্প্ৰদায় বা ধৰ্মীয় লোকক সমূলঞ্চে খেদি ৰাজ্যখন বিদেশীমুক্ত কৰাৰ ইচ্ছা কৰে। কোনোৱে আকৌ ধৰ্মীয় সংখ্যালঘুক খেদি ভাষিক সংখ্যালঘুক ৰেহাই দি এখন হিন্দুপ্ৰধান ৰাজ্য গঠনৰ প্ৰচাৰ চলাই নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব খোজে। নিজকে অসমীয়া জাতিৰ অংশ বুলি ভবা আৰু এক স্বকীয় থলুৱা সংস্কৃতি সৃষ্টি কৰা চাহ জনগোষ্ঠীৰ লোকসকলক লৈও আৰম্ভ কৰিব খোজে এক নতুন বিতৰ্ক। কিন্তু এওঁলোকক পুঁজিপতিৰ শোষণ-লুণ্ঠনৰ কৰাল গ্ৰাসৰপৰা ৰক্ষা কৰাৰ বিষয়টোত সিমান গুৰুত্ব দিয়া নহয়। যোৱা ২০ বছৰ ধৰি এনে কছৰতকেই কৰি অহা হৈছে অসমত। তদ্ৰূপ আই এম ডি টি আইন প্ৰত্যাহাৰ আৰু বাহাল ৰাখিবলৈ দাবী জনোৱা দুয়োটা পক্ষই প্ৰায়ে বিষয়টো অধিক জটিল কৰাৰ প্ৰয়াস কৰা যেনহে অনুমান হয়। (এনে অনুমান অসত্য প্ৰমাণিত হ’লেই আমি সুখী হ’ম) আমাৰ বোধেৰে ৰাজ্যখনৰ বৈধ বাসিন্দা সংখ্যালঘুসকলৰ সহযোগিতা অবিহনে যিয়েই ব্যৱস্থা লোৱা নহওক কিয়, অসমত প্ৰৱেশ কৰা বিদেশীসকলক চিনাক্ত কৰা সম্ভৱ নহয়, এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। যদি সংখ্যালঘু লোকসকলৰ লগত বুজাবুজিৰ মাজেৰে বিদেশী বহিষ্কাৰৰ কাম হাতত লোৱা হয়, তেন্তে আই এম ডি টি আইনখন থকা বা নথকাটোৱে বিশেষ পাৰ্থক্যৰ সৃষ্টি কৰিব নোৱাৰে।
ইতিমধ্যে বিদেশীৰ নামত, আই এম ডি টিৰ নামত অসমত যথেষ্ট অশান্তিৰ সৃষ্টি হৈছে, লাভ কোনো অংশৰ জনগণৰে হোৱা নাই। লাভ হৈছে বিষয়টোক লৈ ৰাজনীতি কৰি থকা এচাম ধূৰ্ত লোকৰহে। সেয়ে এতিয়া পুনৰ ‘খিলঞ্জীয়াৰ ৰক্ষাকৱচ’ৰ নামত অযথা উত্তেজনা-অবিশ্বাসৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ৰোধ কৰিবলৈ অসমৰ সকলো জাতি-জনগোষ্ঠীয়ে মুকলি মনেৰে বিষয়টো পৰ্যালোচনা কৰিব লাগিব।খিলঞ্জীয়াৰ ৰক্ষাকৱচৰ নামত ছাত্ৰ সন্থাই কেনে ব্যৱস্থা বিচাৰিছে, মুকলিকৈ প্ৰকাশ কৰক, যাতে ন্যস্ত স্বাৰ্থজড়িত মহলে ইয়াক লৈ ভাষিক-ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত শংকা-সংশয়ৰ সৃষ্টিৰ সুবিধা নাপায়। তৎসত্ত্বেও যদি ভাষিক, ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত কিবা সংশয়ৰ সৃষ্টি হয়, তাকো মুকলিকৈ প্ৰকাশ কৰা হওক। আস্থা-বিশ্বাসৰ এক পৰিৱেশৰ মাজত আলোচনাৰ যোগেদি যিকোনো সমস্যাৰ মীমাংসা নিশ্চয় কৰিব পৰা যাব।
অসমৰ সংখ্যালঘু ৰাইজ, চাহ জনগোষ্ঠীৰ লোকসকল তথা ৰাজ্যখনৰ আন বাসিন্দাসকলেও অসমৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মনত সৃষ্টি হোৱা ‘অস্তিত্বৰ সংকট’ৰ আশংকা কৰিবলৈ সক্ষম হ’ব লাগিব। কি তাড়না আৰু ভাবাৱেগে অসম আন্দোলনত আবাল-বৃদ্ধ-বনিতাক ৰাজপথলৈ উলিয়াই আনিছিল, সেই কথা অসমত বসবাস কৰা আন লোকসকলেও বুজি পাব লাগিব। আন্দোলনটোৰ মাজত থকা বিভিন্ন ত্ৰুটি-বিচ্যুতিৰ বাবেই হওক বা নেতৃত্বৰ মধ্যবিত্তীয় সুবিধাবাদী চৰিত্ৰৰ বাবেই হওক বা আন কাৰণতেই হওক, ইয়াক বিৰোধিতা কৰা বা সমৰ্থন নকৰা বিভিন্ন কমিউনিষ্ট দল আৰু আন শক্তিবোৰেও কিন্তু আন্দোলনটোৰ আঁৰত থকা সংখ্যাগৰিষ্ঠ জনগণৰ আৱেগ-অনুভূতিক নাকচ কৰিব নোৱাৰে। কৰাটো উচিত বা যুক্তিসংগত নহয়। যদি সেইকথা অনুভৱ কৰা যায়, তেন্তে খিলঞ্জীয়া লোকৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ বিৰোধিতা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে।
বিগত সময়ছোৱাত ভোটৰ ৰাজনীতি কৰা, ধৰ্ম-সম্প্ৰদায়ৰ বেজালি কৰা এচাম দুষ্ট লোকৰ কাৰচাজিৰ বাবেই ৰাজ্যখনৰ জাতীয় জীৱনলৈ অহা বিভিন্ন দুৰ্যোগ আৰু সামূহিক সংকটৰ বিৰুদ্ধে অসমবাসী কেতিয়াও ঐক্যবদ্ধ হ’ব পৰা নাই। কেতিয়াবা সংগ্ৰামৰ নেতৃত্বৰ সীমাবদ্ধতা কিম্বা দ্বন্দ্বৰ বাবে যদি এই ঐক্য সম্ভৱ হোৱা নাই, আন কেতিয়াবা সাম্প্ৰদায়িক বিদ্বেষ বা অবিশ্বাস-সংশয়ৰ বাবে হোৱা নাই। কিন্তু আন এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে যে ভিত্তি বছৰ যিয়েই নহওক কিয়, অসমলৈ বাংলাদেশ, নেপালৰপৰা প্ৰব্ৰজিত হোৱা বা ভাৰতৰ আন ঠাইৰপৰা অসমলৈ অহা লোকসকলৰ গৰিষ্ঠ অংশটোৱেই অসমৰ জাতীয় জীৱনৰ সমস্যা-বেদনাৰ প্ৰতি সহানুভূতিশীল নহয়। ইয়াৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি যথাৰ্থভাৱে শ্ৰদ্ধাশীল নহয়। যোৱা এটা দশক বড়োভাষী, অসমীয়াভাষী আৰু আন সংগ্ৰামৰত খিলঞ্জীয়া ৰাইজে ভাৰতীয় সেনা আৰু আৰক্ষীৰ বৰ্বৰ নিৰ্যাতন ভোগ কৰিছে, ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ন-অসমীয়াসকল চামিল হ’বলৈ আগ্ৰহী নহয়। আজিৰ তাৰিখত অসমত থকা সকলো সংগঠনৰ ভিতৰত সম্ভৱতঃ একমাত্ৰ ‘আলফা’ই ক্ষতি প্ৰগতিশীল চিন্তাৰে অসমৰ জাতিগঠন প্ৰক্ৰিয়াক বিশ্লেষণ কৰিছে, এক যথাৰ্থ উদাৰ মনোভাব গ্ৰহণ কৰিছে আৰু অসমৰ সমস্যাকো নিৰ্মোহভাৱে পৰ্যালোচনা কৰিছে। এই সংগ্ৰামৰ প্ৰতিও ন-অসমীয়াসকলৰ মনোভাব শংকামুক্ত নহয়। অৱশ্যে আলফাৰ সংগ্ৰাম বাদ দিলে বহু সময়ত ন-অসমীয়াসকলৰ সমস্যাৱলীকো বিভিন্ন সংগ্ৰামসমূহে সন্নিৱিষ্ট কৰিবলৈ বা পৰিষ্কাৰ ৰূপত দাঙি ধৰিবলৈ সক্ষম হোৱা নাই।
কিন্তু যিকোনো মূল্যৰ বিনিময়ত এই অৱস্থাৰ অৱসান ঘটিব লাগিব। নহ’লে অসমবাসীয়ে সদায় নিজৰ ভিতৰতে যুঁজ-বাগৰ কৰিয়েই সময় অতিবাহিত কৰিব লাগিব। ৰাজ্যখনে ভোগ কৰি থকা সমস্যাৱলী সমাধান কৰাতো দূৰৰে কথা, ইয়াক সজোৰে দাঙি ধৰিবলৈও সক্ষম নহ’ব।

Related Articles

error: Content is copy right protected !!
Close