খিলঞ্জীয়াৰ অস্তিত্ব

অনুপ চেতিয়া

বিশ্বত সিঁচৰতি হৈ থকা খিলঞ্জীয়া জনগণৰ অস্তিত্ব ক্ৰমান্বয়ে বিলীনতাৰ দিশত গতি কৰাটো খিলঞ্জীয়াবাসীৰ কাৰণে চিন্তনীয় বিষয় হৈ পৰিছে। খিলঞ্জীয়াৰ অস্তিত্ব, সংস্কৃতি, ভাষা, ঐতিহ্য অনুপ্ৰৱেশকাৰীসকলৰ লগতে আধুনিকতাৰ হেঁচাত পৰি ক্ৰমান্বয়ে নিশ্চিহ্নতাৰ গৰাহলৈ ঢাপলি মেলিছে। সময়ৰ গতিধাৰাত পৰি অৰ্থনৈতিক উন্নয়নৰ নামত খিলঞ্জীয়াসকলে তেওঁলোকৰ ভেটি-মাটিও ত্যাগ কৰিবলগীয়া হৈছে। বিশ্বত খিলঞ্জীয়াৰ অস্তিত্ব, ঐতিহ্য লৈ তেওঁলোকৰ সচেতনমহল আজি চিন্তিত। অৰ্থনৈতিকভাৱে অতি শক্তিশালী হৈ বিশ্বত দপদপাই থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ খিলঞ্জীয়া জনগোষ্ঠী ৰেড ইণ্ডিয়ানসকল আজি যাদুঘৰত স্থান পোৱাৰ উপক্ৰম হৈছে। হাৱাই দ্বীপপুঞ্জৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অৱস্থাও তথৈৱচ। কুৰি বছৰমানৰ পূৰ্বে হাৱাই দ্বীপপুঞ্জৰ এহাল খিলঞ্জীয়া যুৱক-যুৱতীক ছুইজাৰলেণ্ডৰ জেনেভাস্থিত জাতিসংঘত অনুষ্ঠিত খিলঞ্জীয়াৰ অধিৱেশনত লগ পাইছিলো। তেওঁলোকে তাত উদযাপন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই অৰ্থনৈতিক উন্নতিৰ বাবে পদক্ষেপ আমেৰিকাৰ স্বাৰ্থতে কৰিছে যদিও হাৱাইৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব, সংস্কৃতি, ঐতিহ্য ক্ৰমান্বয়ে নিঃশেষ হোৱাৰ দিশত ধাৱিত হৈছে। আমাক এনে অৰ্থনৈতিক উন্নতি নালাগে, যাৰ ফলত আমাৰ সংস্কৃতি, ঐতিহ্য, অস্তিত্ব ধ্বংস হয়। তেওঁলোকে খিলঞ্জীয়াৰ মনৰ বেদনাখিনি জাতিসংঘৰ মজিয়াত দাঙি ধৰিছিল। কিন্তু তেওঁলোকৰ কথানো কোনে আমেৰিকাৰ বিৰুদ্ধে গৈ কাৰ্যকৰী কৰিবলৈ যাব?

ঠিক তেনেদৰে বিশ্বৰ আন এক উন্নত দেশ অষ্ট্ৰেলিয়াৰ Ab-Original খিলঞ্জীয়া জনগোষ্ঠীয়ে অষ্ট্ৰেলিয়াৰ অৰ্থনৈতিক অগ্ৰগতিৰ সৈতে তাল মিলাই চলিব নোৱৰাৰ ফলতে প্ৰায়সকলেই নিজৰ ভেটি-মাটি হেৰুৱাই ৰাজপথত আহি পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নিউজিলেণ্ডৰ মৌৰী খিলঞ্জীয়া জনগোষ্ঠীৰ অৱস্থাও নিজৰ ভূমিতে অৰ্থনৈতিক আগ্ৰাসনৰ বলি হ’বলগীয়া হৈছে। স্পেইনৰ কাটালমীয়া খিলঞ্জীয়া জনগোষ্ঠীয়ে অৰ্থনৈতিক আগ্ৰাসনৰদ্বাৰা ধ্বংসৰ গৰাহলৈ গতি কৰা নিজৰ ঐতিহ্য-সংস্কৃতি ৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি ল’বলগীয়া হৈছে। শেহতীয়াকৈ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে তেওঁলোকে গণভোট আয়োজন কৰি সুকীয়া ৰাষ্ট্ৰ গঠনৰ প্ৰয়াস চলাইছে। ঠিক তেনেদৰে বেলজিয়ামৰ ফ্লেমিছসকলেও নিজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা চলাই আহিছে। আমাৰ কাষৰে ত্ৰিপুৰাসকলে এসময়ত বলিষ্ঠতাৰে নিজ সাম্ৰাজ্য ত্ৰিপুৰাত দপদপাই থকা স্থানত অনুপ্ৰৱেশকাৰীসকলৰ সংখ্যাগৰিষ্ঠতাৰ ফলত নিজ অস্তিত্ব বিপন্ন। ত্ৰিপুৰাৰ সমতলখণ্ডত ইতিমধ্যে তেওঁলোকৰ অস্তিত্ব শেষ হৈছে। জনজাতি বেষ্টনীৰ ভূমি সংৰক্ষণৰ ৬ষ্ঠ অনুসূচী অনুযায়ী ব্যৱস্থা থকাত পাহাৰীয়া জিলাকেইখনত নিজৰ অস্তিত্ব কিছু পৰিমাণে বৰ্তি আছে যদিও সেইকণো হুমকিৰ মুখত। পূৰ্বতে নিজ ৰাজতন্ত্ৰৰ সময়ত য’ত এশ শতাংশই ত্ৰিপুৰা জনবসতি আছিল— ক্ৰমান্বয়ে অনুপ্ৰৱেশকাৰীসকলৰ ফলত ১৯ শতাংশলৈ অধঃনমিত হৈছে। আজি ত্ৰিপুৰাৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সামাজিক ব্যৱস্থা আদি সকলো অনুপ্ৰৱেশকাৰীসকলৰদ্বাৰা নিয়ন্ত্ৰিত। আগৰতলা চহৰৰ য’ত ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আছিল, তাত ৰাজমহলটি ইতিহাসৰ সাক্ষী হৈ আছে যদিও ৰাজধানীৰ ঐতিহ্য, ইতিহাস মচি অনুপ্ৰৱেশকাৰীসকলৰ ঐতিহ্য, ইতিহাসৰ আগ্ৰাসনে সকলো গ্ৰাস কৰি পেলাইছে। আগৰতলা চহৰখনেই ত্ৰিপুৰা জাতিৰ বৰ্তমানৰ কৰুণ পৰিণতিৰ ছবিখন স্পষ্টকৈ প্ৰমাণিত কৰি ৰাখিছে। ত্ৰিপুৰাবাসী ৰাইজৰ ভাষা, সংস্কৃতি নিঃশেষ হৈছে আগ্ৰাসনৰ ফলতেই। নিজ জন্মভূমিতে অস্তিত্ব হেৰুৱাই আজি ত্ৰিপুৰাসকল ভগনীয়াত পৰিণত হৈছে।

অতীজৰেপৰাই বিশ্বৰ বিভিন্ন প্ৰান্তত য’ত উৰ্বৰাভূমি পৰ্যাপ্ত অব্যৱহৃত হৈ আছিল, য’ত অৰ্থনীতি শক্তিশালী অৱস্থাত থকাত জীৱন ধাৰণৰ মান উন্নত আৰু সহজ আছিল তেনে স্থানলৈ জীৱন আৰু জীৱিকাৰ তাড়নাত বিভিন্ন স্থানৰপৰা অনুপ্ৰৱেশ ঘটিছে বা ঘটিছিল সি বাস্তৱ সত্য। অতীতত আমাৰ অসম ভূখণ্ডলৈও উদ্ভাৱন বা নতুন এখন ৰাজ্য প্ৰতিষ্ঠা বা উৰ্বৰা ভূখণ্ডত সহজ বসবাসৰ বাবে বিভিন্ন সময়ত পূব, পশ্চিম বা উত্তৰ দিশৰপৰা বিভিন্ন জনগোষ্ঠীৰ আগমন ঘটিছিল। এনে আগমন বা অনুপ্ৰৱেশক কোনো অৱস্থাতেই সকলো সময়তে আদৰণি জনোৱা নাযায়। অসমলৈ পূৰ্ববংগ, পূৰ্বপাকিস্তান বা বৰ্তমানৰ বংগদেশৰপৰা বিভিন্ন সময়ত বৃহৎসংখ্যক জনগণৰ অনুপ্ৰৱেশ ঘটিছে সি বাস্তৱ সত্য। বাংলাদেশত জনসংখ্যা বৃদ্ধিৰ ফলত, এই ক্ষুদ্ৰ দেশত সীমিত ভূমিত জনবিস্ফোৰণ ঘটাত ৰাইজে বসবাসৰ বাবে তীব্ৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। ক্ৰমান্বয়ে বসবাসৰ তীব্ৰ কঠিনতাৰ ফলত বাংলাদেশৰ মানুহ জীৱন আৰু জীৱিকাৰ তাড়নাত যিফালেই সুৰুঙা পাইছে বসবাসৰ বাবে ওলাই গৈছে। অসমৰ উৰ্বৰা ভূখণ্ডত তেওঁলোকৰ অনুপ্ৰৱেশৰ কাষতে থকাৰ ফলত অসমত জনগাঁথনিত হুমকিৰূপে পৰিৱৰ্তন ঘটিছে। আজি শেহতীয়াকৈ অনুপ্ৰৱেশকাৰীসকলৰ জনসংখ্যাই সংখ্যাগৰিষ্ঠতাত পৰিণত হোৱাৰ দিশত ধাৱিত হৈছে। এনে পৰিস্থিতিৰ বাবে অতীতৰেপৰা বসবাস কৰি অহা ভূমিপুত্ৰসকল শংকিত— নিজ জন্মভূমিত তেওঁলোকৰ অস্তিত্ব ত্ৰিপুৰা জনগণৰ দৰেই হ’ব নেকি? অসমত অবৈধ বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত ১৯৭৯ চনত যি আন্দোলন সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলিছিল, তাত দল-মত নিৰ্বিশেষে খিলঞ্জীয়া জনগণে সমৰ্থন জনাই অংশগ্ৰহণ কৰিছিল। আন্দোলনকাৰীৰ দাবী আছিল ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ সেই চনৰ পৰৱৰ্তীত অসমলৈ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগিব। প্ৰকৃততে অবৈধ বিদেশী নাগৰিক বহিষ্কাৰৰ ভিত্তিবছৰ ১৯৫১ চন হোৱা হ’লে প্ৰায় চল্লিছ লাখৰো অধিক লোক চিনাক্তকৰণ হ’লহেঁতেন। সেইসকলক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন সি সত্য। কিন্তু সেই চিনাক্তকৃতসকলক ভোটৰ অধিকাৰ খৰ্ব কৰি, ৰাষ্ট্ৰীয় সুযোগ-সুবিধা প্ৰাপ্তিৰপৰা বঞ্চিত আৰু সাংবিধানিক, ৰাজনৈতিক অধিকাৰৰপৰা বঞ্চিত কৰা হ’লে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভৱিষ্যৎ অস্তিত্বলৈ আমি হাহাকাৰ কৰিবলগীয়া নহ’লহেঁতেন।

১৯৮৫ চনৰ ১৫ আগষ্টৰ ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে অসমে ইতিমধ্যে সত্তৰ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰি আদৰি লৈ অসমৰ জনগাঁথনিক আমূল পৰিৱৰ্তন অনাত বাধ্য কৰিছে। আমি আজিও অনুভৱ কৰো অসম আন্দোলনৰ সময়ত অসমৰ সমূহ খিলঞ্জীয়া জাতি-জনগোষ্ঠী দল-মত, নীতি-আদৰ্শ নিৰ্বিশেষে ঐক্যবদ্ধ হৈ আন্দোলনৰ পক্ষত থিয় হোৱা হ’লে, ১৯৮৩ চনৰ বহুচৰ্চিত আৰু কলংকিত অসম বিধান সভাৰ নিৰ্বাচনত কিছু সুবিধাবাদী ৰাজনৈতিক দলে অংশগ্ৰহণ নকৰি জাতীয় বৃহত্তৰ স্বাৰ্থৰ পক্ষত বলিষ্ঠভাৱে থিয় হোৱা আজি অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তন হ’লহেঁতেন। অসমে পুনৰ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ বাবেও হাবাথুৰি খাবলগীয়া নহ’লহেঁতেন। ১৯৫১ চন ভিত্তিবছৰ হোৱা হ’লে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে অস্তিত্বৰ সংকটৰ বাবে বিশেষ চিন্তিত হোৱাৰপৰা অন্ততঃ কিছুদিনলৈ ৰক্ষা পৰিলহেঁতেন। কিন্তু আমাৰে দুৰ্ভাগ্য অসমীয়া জাতিৰ জাতীয় সংকট কালত আমি ঐক্যবদ্ধ হ’ব নোৱাৰো।

বৰ্তমানৰ সময়ত অসমত খিলঞ্জীয়াৰ অস্তিত্ব লৈ চিন্তিত হোৱাৰ সময় হৈছে। অনুযায়ী ১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তি বছৰ গ্ৰহণ কৰা হয়। কিন্তু পৰিতাপৰ বিষয় ১৯৭১ চনৰ পৰৱৰ্তীত অসমলৈ প্ৰব্ৰজিত হোৱা লোকেও নিজকে অসমৰ খিলঞ্জীয়া লোক হিচাপে দাবী কৰিছে। আনহাতে অতদিনে অসমত অসমীয়া কোন? ইয়াৰ কোনো গ্ৰহণযোগ্য সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱৰাকৈ আমাৰ জাতীয় সংগঠনবিলাকৰ দুৰ্বলতাই প্ৰকাশিত হৈছে। খিলঞ্জীয়া কোন তাৰ গ্ৰহণযোগ্য এক সংজ্ঞা নথকাৰ ফলত অসমৰ খিলঞ্জীয়া জনগণে বাৰে বাৰে উজুটি খাবলগীয়া হৈছে। খিলঞ্জীয়া জনগণৰ মাজত ঐক্যবদ্ধতা নথকাৰ ফলত অসম বিৰোধী প্ৰতিক্ৰিয়াশীল চক্ৰই খিলঞ্জীয়াসকলৰ আত্মসন্মানত আঘাত হানি তেওঁলোকক নিঃশেষ কৰাৰ চক্ৰান্তত ব্যস্ত হৈ পৰিছে। এই চক্ৰই খিলঞ্জীয়াৰ জাতীয় সত্তা, ঐতিহ্য, ভাষা-সংস্কৃতিক উচ্ছেদত লাগি আছে। আক্ৰমণ কৰিছে বিজনী, চিলাপথাৰ আৰু নগাঁৱত, অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাক আঘাত হনাৰ লক্ষ্য কৰি গৌৰীপুৰত তেওঁলোকৰ কাৰ্যালয় ১ ফেব্ৰুৱাৰি, ১৮ তাৰিখে নিশাৰ অন্ধকাৰত জ্বলাই দিছে। অসমত অনুপ্ৰৱেশকাৰীসকলৰ প্ৰতিপত্তি বঢ়োৱাৰ বাবে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছে। ভয়-ভীতি দেখুৱাই খিলঞ্জীয়া জনগোষ্ঠীক দমন কৰি ৰাখিব বিচাৰিছে। ইয়াক কেতিয়াও হ’বলৈ দিব নোৱাৰি। আমাৰ শৰীৰত এটোপাল তেজ থকালৈকে এই আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দি যাবলৈ মানসিকভাৱে প্ৰস্তুত। খিলঞ্জীয়াৰ প্ৰতি সন্মান, মৰ্যাদা প্ৰদৰ্শন কৰাৰ প্ৰয়োজনবোধ নকৰা হৈছে। এনে পৰিস্থিতিৰ তাগিদাতে খিলঞ্জীয়াৰ ঐক্যবদ্ধতাৰ অতীৱ প্ৰয়োজনীয়তা বাস্তৱত অনুধাৱন কৰিয়েই ২০১৭ চনৰ ২৮ আগষ্টত গুৱাহাটীস্থিত অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত জন্ম হয় ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ। খিলঞ্জীয়া মঞ্চ, অসমে সমূহ জাতীয় স্বাৰ্থতে খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰি মাত মাতি যাব। খিলঞ্জীয়াৰ অস্তিত্ব ধ্বংসৰ বাবে প্ৰতিক্ৰিয়াশীল চক্ৰই চলোৱা প্ৰচেষ্টাক যিকোনো বিনিময়ত প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলাই যোৱাৰ বাবেও অংগীকাৰবদ্ধ হয়।

Related Articles

error: Content is copy right protected !!
Close