কৰ’না, কৰাহে কৰুণা!

অঞ্জন শৰ্মা

‘প্ৰাণীশ্ৰেষ্ঠ’ নতশিৰ, কম্পিত
যেন পাহৰিছে আত্মম্ভৰিতা
নীৰৱে কৰিছে প্ৰাৰ্থনা
কৰ’না, কৰা‌হে কৰুণা!

চৌদিশে যেন শ্মশানৰ স্তব্ধতা, নিতাল
আতংকময় ভৌতিক নীৰৱতা
ৰোমৰ পিৎজা নাভোনাৰ পৰা
বাগদাদৰ তাহাৰিৰ স্কোৱেৰ
ৰিও-দ্যা- জেনেৰিওৰ সমুদ্ৰপাৰৰ পৰা
সমুদ্ৰপাৰৰ পুৰীৰ প্ৰভু জগন্নাথৰ মন্দিৰ
বাৰ্লিনৰ ব্ৰান্ডেনবাৰ্গ গেটৰ পৰা
মেগাচিটি লাগোচ ৰোম কিম্বা নতুন দিল্লী
স্থলপথ – ৰেলপথ- জলপথ- আকাশপথ
হলিউদ বলিউদ টলিউদ ভ্ৰাম্যমাণ
থিয়েটাৰ চিনেমাহল ৰেষ্টুৰেন্ট হোটেল
পঞ্চতাৰকা সপ্ততাৰকা হাইৱে-ধাবা
উবেৰ আমাজন চেলুন হাট-বজাৰ
নীৰৱ নিতাল
বিশ্বৰ আধাৰো অধিক মানুহ আজি গৃহবন্দী
আই-চি-ইউত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী
কৰ’নাৰ ভৰকেন্দ্ৰ হৈ ত্ৰস্ত আমেৰিকাবাসী

আমেৰিকা ইউৰোপৰ গীৰ্জাত ঘন্টাধ্বনি নাই
ভেটিকানত পোপে প্ৰাৰ্থনা কৰিছে অকলে
অকলে
ভাৰতবৰ্ষ উপমহাদেশতো
মন্দিৰবোৰত টিলিঙাৰ শব্দ নাই
লক-ডাউন মক্কা- মদিনা

দেশে দেশে উপমহাদেশে মহাদেশে
নীৰৱে নীৰৱে সকলোৱে হৃদয় মন্দিৰত
কৰিছে প্ৰাৰ্থনা

কৰ’না, কৰাহে কৰুণা!

সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব নোৱৰা
আমাজনৰ গভীৰতম জঙ্গলত বসবাস কৰা
বিচ্ছিন্ন ক’কোনা উপজাতিৰ তৰুণীৰ
শৰীৰত
বৰ্হিবিশ্বৰ পৰা ‘সামাজিক দূৰত্ব’ যুগে যুগে
বৰ্তাই ৰখা
আমাজনৰ বিচ্ছিন্ন জনজাতিৰ পোন্ধৰ বছৰীয়া
কিশোৰৰ শৰীৰত
কিদৰে প্ৰৱেশ কৰিলে কৰ’না!

আমি দেখা নাছিলো
অষ্টাদশ শতাব্দীৰ প্লেগ
দেখা নাছিলো
উনবিংশ শতাব্দীৰ কলেৰা
দেখা নাছিলো
কিম্বা বিংশ শতাব্দীৰ স্পেনিছ ফ্লু
সেয়েহে হয়তো সৃষ্টিকৰ্তাই আমাক দেখুৱালে
অতিমাৰী কৰ’না
আৰু কৰ’নাৰে সমগ্ৰ বিশ্বত প্ৰকৃতিৰ স্বাৰ্থত
জাৰী কৰিলে ‘কোভিড-১৯’ ধাৰা
কৰিলে ঘোষণা – সোমাই থাকা
ঘৰত সোমাই থাকা
তোমালোক ওলাই নাহিলেও প্ৰকৃতিৰ
পৃথিৱীৰ
কোনো ক্ষতি নাই
‘আত্মৰতি’ত মগন তোমালোকে ঘৰতে থাকি
আত্মৰতি কৰি থাকা!

আমি দেখা নাছিলো
আকাশখন ইমান নিৰ্মল
আমি শুনা নাছিলো
চৰাইৰ কন্ঠ ইমান সুললিত
আমি নাজানিছিলো
ৰঙালী বিহুৰ বাবেই কপৌফুল নুফুলে
আমি বিশ্বাস কৰিব পৰা নাছিলো
বাতৰিকাকতত, দৃশ্য-শ্ৰব্য মাধ্যমত
ফেচবুকত, হোৱাটচ্-এপত
কেতিয়াবা একেৰাহে ইমানদিন ধৰি হত্যা-ধৰ্ষণ-চুৰি-ডকাইতি আদিৰ বাৰ্তাবোৰ
অদৃশ্য হৈ যাব পাৰে!

কি আচৰিত!!
নিতৌ প্ৰায় চাৰিশ মৃতদেহ সৎকাৰ হোৱা
বাৰাণসীৰ মণিকৰ্ণিকা ঘাটতো
আজি ব্যস্ততা নাই
মাথোঁ আহি আছে ত্ৰিশ- চল্লিশটা মৃতদেহ !!

বাতৰি প্ৰকাশ হৈছে
বিভিন্ন শ্মশানৰ পৰা পোৱা হিচাবমতে
আশ্বৰ্যজনকভাবে হ্ৰাস পাইছে মৃতদেহৰ সংখ্যা!

মৃত্যুও কৰ’নাক্ৰান্ত হ’ল নেকি বাৰু?

হাইস্কুলত ৰচনা পঢ়িছিলো -‘বানপানী’।

পৰীক্ষাত এইষাৰ বাক্যও লিখিছিলো
‘বানে যিদৰে প্ৰলয় নমায়, পলসো পেলায়’।

হাইস্কুলত ভৱিষ্যতৰ  ৰচনা হ’ব- কৰ’না।

নতুন প্ৰজন্মই বা ৰচনাখন কিদৰে লিখে
পঢ়িবলৈ ইচ্ছা আছে…

যদিহে কৰ’নাই কৰে কৰুণা!

কৰ’না, কৰাহে কৰুণা!

•••••••••

১৬/০৪/২০২০

*মহাবাহু*

Show More

Related Articles

Back to top button
error: Content is copy right protected !!