কৰ’নাৰ বিৰুদ্ধে এঘড়ি যুঁজিছে কেনিয়াইও!

মহাবাহুৰ মেজৰ পৰাঃ

 ‘৫৮০৩৬৭‘ বৰ্গকিলোমিটাৰৰ দেশ কেনিয়াৰ জনসংখ্যা হ’ল ৫৩.৭৭ নিযুত বা ৫ কোটি ৩৭ লাখ। এইসময়ত সমগ্ৰ বিশ্বৰ দেশবোৰে যিদৰে কৰ’নাক লৈ ত্ৰস্তমান হৈ পৰিছে, কেনিয়াও ব্যতিক্ৰম নহয়। কিন্তু প্ৰযুক্তিগত ভাবে পিছপৰা তথা আনুমানিক ১৭০০ আমেৰিকান ডলাৰ জনমুৰি আয়ৰ দেশখনত ৫৮ বছৰীয়া ৰাষ্ট্ৰপতি উহুৰু কেনয়াট্টাৰ নেতৃত্বত কৰ’নাৰ বিৰুদ্ধে কেনিয়াইও সীমিত সামৰ্থৰে এঘড়ি ফলপ্ৰসূ যুঁজ দি আছে বাবেই এতিয়ালৈ কেনিয়াত কৰ’নাক্ৰান্তৰ সংখ্যা হৈছে ২৪৬ জন আৰু মৃত্যুৰ সংখ্যা ১২ জন!

কেনিয়াৰ সাধাৰণ জনতাও যথেষ্ট সজাগ। কেনিয়াৰ ৰাজধানী নাইৰোবিৰ ব্যস্ততম এলেকা দান্দোৰা। দান্দোৰাতেই তৰুণ মালিক নিচানোৰ ওচিইয়েং-অৰ চালু জোতাৰ দোকানত এতিয়া চামৰাৰ উগ্ৰ গোন্ধ নাই, কেৱল চেনিটাইজাৰৰ গোন্ধ। কেৱল তেওঁৰ দোকানতেই নহয়, কেনিয়াৰ জনসাধাৰণ অতি সচেতন হৈ পৰিছে আৰু কৰ’নাৰ বিৰুদ্ধে যুদ্ধত নামি পৰিছে। কেনিয়াত এনেদৰে চেনিটাইজাৰ প্ৰয়োগ হৈছে যে ‘ ছেফ হেন্ডছ্ কেনিয়া’ নামেৰে কৰ’না বিৰোধী অভিযানত সাধাৰণ মানুহ চামিল হৈ পৰিছে।

পৃথিৱীৰ দৰিদ্ৰ মহাদেশৰ অন্যতম হ’ল আফ্ৰিকা। তাতেই আকৌ জনসংখ্যাৰ হেঁচা। কিছুবছৰ আগৰ ইবোলা মহামাৰীৰ আতংক এতিয়াও সজীৱ আফ্ৰিকাত। গতিকে সাধাৰণ মানুহে সৰু সৰু পদক্ষেপ গ্ৰহণ আন্তৰিকতাৰে কৰিছে। তাৰেই ঐক নমুনা জোতাৰ দোকানত চেনিটাইজাৰৰ প্ৰয়োগ। বহুতেই সাধাৰণ মানুহক বিনামূলীয়াকৈ চেনিটাইজাৰ, গ্লোভচ, মাস্ক, চাবোন আদিও যোগান ধৰিছে। ‘ছেফ হেন্ডছ্ কেনিয়া’ই গ্ৰহণ কৰিছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ। আফ্ৰিকাৰ অইন দেশবোৰে যদি কেনিয়াৰ দৰে পদক্ষেপ লয়, বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকাক লৈ কৰি থকা শংকা অমূলক হৈ পৰিবও পাৰে!!

•মহাবাহু•

Show More

Related Articles

Back to top button
error: Content is copy right protected !!