কোভিড-১৯ ভাইৰাছ

মহাবাহুৰ মেজৰ পৰাঃ

বিশ্বৰ প্ৰতি প্ৰান্তৰ গৱেষকসকলে এই মুহুৰ্তত কোভিড-১৯ ভাইৰাছক পৰাস্ত কৰাৰ চেষ্টাত কৰ্মৰত হৈ আছে। প্ৰতিদিনে প্ৰায় অচিনাকী ভয়ংকৰ মাৰক ভাইৰাছৰ নতুন নতুন চৰিত্ৰৰ বিষয়ে জানিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে। আমেৰিকাৰ লছ এলাম্যচ্ নেশ্যনেল লেবৰেটৰীৰ এদল বিশেষজ্ঞই জনাইছে যে নভেল কৰ’না ভাইৰাছৰ যি বিৱৰ্তিত ধৰণ( মিউটেটেড স্ট্ৰেন)টো ইউৰোপত বিয়পি পৰিছিল, সেই ধৰণটোৰ সংক্ৰমণ ক্ষমতা তুলনামূলকভাৱে বহুত বেছি। লছ এলাম্যচ্ নেশ্যনেল লেবৰেটৰীৰ গৱেষক দলৰ মূৰব্বী, কম্পিউটেশ্যনেল বায়’লজিষ্ট বেট্ কৰ্বাৰ আৰু ডিউক ইউনিভাৰচিটিৰ গৱেষক দলৰ সৈতে ইংলেণ্ডৰ ইউনিভাৰচিটি অব শ্বেফিল্ডৰ গৱেষকসকলে একত্ৰিত হৈ ‘চাৰ্চ কোভ-২’ ভাইৰাছক লৈ গ্লোবেল ডাটাবেচ্ বিশ্লেষণ কৰি আমেৰিকাৰ দৈনিক কাকত বিখ্যাত ‘ৱাশ্বিংটন পোষ্ট’ৰ জৰিয়তে এই বিষয়ে সদৰি কৰিছে।
ন’ভেল কৰ’না ভাইৰাছ ইউৰোপত প্ৰৱেশ কৰাৰ পিছত ‘ডি-৬১৪ জি স্পাইক প্ৰ’টিন’ মিউটেট(বিৱৰ্তিত) কৰি অত্যাধিক মাৰাত্মক হৈ উঠিছে। আৰ-এন-এ ভাইৰাছৰ স্পাইক প্ৰ’টিনেই মানুহৰ কোষত সংক্ৰমণ ঘটায়। এই তিনিখন বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে কোভিড-১৯ ভাইৰাছৰ স্পাইক প্ৰ’টিন বিশ্লেষণ কৰি এনে সিদ্ধান্তলৈ আহিছে যে ‘মিউটেশ্যন’ৰ ফলত ভাইৰাছৰ সংক্ৰমণ আধিক প্ৰবল হৈ পৰিছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথমফালে ইউৰোপত কোভিড-১৯ ভাইৰাছৰ প্ৰকোপ আৰম্ভ হয়। তেতিয়াই চীনৰ উহানৰ পৰা অহা ভাইৰাছ বিধৰ মিউটেশ্যন হয় আৰু বিৱৰ্তিত হোৱা স্পাইক D614G-ক লৈ দ্ৰুতগতিৰে বিস্তাৰিত হ’বলৈ ধৰে। এই গৱেষণা অধিক নিখুট তথ্য আৰু যথাযথ সমীক্ষাৰ পিছত গ্ৰাহ্য হ’ব বুলি বিজ্ঞানীসকলে আশা কৰিছে।
আমেৰিকাৰ নেশ্যনেল ইন্সটিটিউট অব্ হেল্থ’ৰ মূৰব্বী ফ্ৰান্সিছ কলিন্স-এ ‘ৱাশ্বিংটন পোষ্ট’লৈ ই-মেইলৰ দ্বাৰা প্ৰেৰণ কৰা বক্তব্যৰ মাধ্যমেৰে সদৰি কৰিছে যে ‘লছ এলাম্যচ্ নেশ্যনেল লেবৰেটৰী’ৰ গৱেষক দলৰ প্ৰধান উদ্দেশ্য হ’ল ন’ভেল কৰ’না ভাইৰাছক মিউটেশ্যনৰ আগতেই জানি লোৱা। এই প্ৰসঙ্গত গৱেষকসকলে জনাইছে, কোনো জীৱাণুৱে মিউটেশ্যন প্ৰতিলিপি কৰাৰ সময়ত কিছু ভুল কৰিব পাৰে, কিন্তু সেইকাৰণে জীৱাণুটোৰ সংক্ৰমণ তথা ৰোগ সৃষ্টিত বিশেষ ধৰণৰ কোনো হেৰফেৰ নহয়। জেনেটিক্-ভাবে ভিন্ন হ’লেও কাৰ্যকাৰিতা, অৰ্থাৎ ৰোগ সৃষ্টিৰ দিশৰ পৰা খুব পৃথক নহয়। কিন্তু কোভিড-১৯ ভাইৰাছৰ আশ্বৰ্যজনক দিশ হ’ল অনবৰতে অদ্ভুতভাৱে মিউটেশ্যন হোৱা। কম বেছি সকলো ভাগৰাছেই নিজকে সলনি কৰে, কিন্তু সমগ্ৰ পৃথিৱীত বিস্তাৰিত হোৱা ন’ভেল কৰ’না ভাইৰাছ আশ্বৰ্যজনকভাবে অন্যান্য ভাইৰাছৰ তুলনাত বহুত স্থিতিশীল, আৰু সেইকখৰণেই কোভিড-১৯ ভাইৰাছৰ এনে মহাতংক দেখিবলৈ পোৱা গৈছে বুলি ‘ভাইৰ’লজিস্ট’সকলৰ বহুতৰে ধাৰণা হৈছে।
••••••••মহাবাহু••••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!