কোনে কৈছে ধৰ্ষণকাৰীৰ ধৰ্ম নাই!

প্লাৱিতা বৰুৱা

(১)
মই জন্ম হোৱাৰে পৰা আমি যিঘৰ মানুহৰ ভাড়াঘৰত আছিলো তেওঁলোক মুছলমান আছিল। বৰমা, চাৰিজন দাদা আৰু বা এগৰাকীৰে সেইখন ঘৰ মোৰ দ্বিতীয় ঘৰ আছিল। বৰমাৰ অপাৰ মৰম আৰু দাদাকেইটাৰ লগত হাঁহি-ধেমালি কৰিয়েই ডাঙৰ হোৱা মই। ‘বা’গৰাকীৰ বিয়াত মই একেবাৰে সৰু, মই ‘বা’ক যাবলৈ নিদো বুলি যিমান কান্দিছিলো তেওঁলোকৰ ঘৰৰ মানুহেই সিমান কন্দা নাছিল। এতিয়াও ঘৰলৈ গ’লে বৰমাক এবাৰ লগ নকৰাকৈ নাহো, এতিয়াও কিবা সমস্যাত পৰিলে তেওঁলোকৰ দাদাকেইটাকে আগতে কওঁ। বৰমাক যেতিয়া গুনা-পাৰিৰ শুদ্ধ বগা চাদৰ-মেখেলাযোৰত দেখো, ভাৱ হয় তেওঁতকৈ বেছি অসমীয়া কোন হ’ব পাৰে। ঈদত তেওঁলোকৰ ঘৰলৈ যোৱাটো নিয়ম। তেওঁলোক মুছ্লমান। তেওঁলোক অতিকৈ আপোন। তেওঁলোক নিজৰ। তেওঁলোক অসমীয়া।
(২)
ডবকাৰ ঘটনাটো শুনাৰ লগে লগে ভগৱান যে নাই আকৌ এবাৰ উপলব্ধি কৰিছিলোঁ। পশুকেইটাৰ নামকেইটা চালোঁ। সেই একেধৰণৰ। বটদ্ৰবাৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা কণমানিজনী, কামপুৰত স্বামীৰ লগত ট্ৰেইনত গৈ থকা মহিলাগৰাকী, সমাজ গঢ়ি পঞ্চাছ বছৰ গৰকা শিক্ষয়িত্ৰীগৰাকী, মৰিগাওঁ, বৰপেটা, হাইলাকান্দিৰ ঘটনাবোৰ পাহৰা নাই, নামবোৰো পাহৰা নাই। বাতৰি কাকতত নিতৌ পোৱা সৰহসংখ্যক অপৰাধীৰ নামবোৰ (হয়তো মোৰ চকুৰ গণ্ডগোল হ’ব পাৰে) সদায় একেধৰণৰেই দেখোঁ।
(৩)
অসমত ‘বাংলাদেশৰ পৰা অহা মুছলমান’ৰ (বাংলাদেশী মুছলমান বুলি ক’ব নোৱাৰি হেনো) মাজত অপৰাধ প্ৰবণতা বেছি। মই কোৱা কথা নহয়, ক্ৰাইম ৰিপোৰ্টচ্ (crime reports) বোৰৰ ওপৰত অলপ ধ্যান দিলে, সদায় বাতৰি কাকতবোৰ পঢ়িলে আৰু চকু মুদা কুলিৰ ভাও নুজুৰিলে যিকোনো মানুহেই গম পাব।
(৪)
কেইদিনমান আগতে নগাৱঁৰ টেটৰ শিক্ষক এজনে বাতৰি কাকতত মোৰ অসমৰ শিক্ষাব্যৱস্থাৰ ওপৰত লেখা এটা পঢ়ি ফন কৰিছিল। তেওঁৰ কিদৰে এজন ভাল শিক্ষক হোৱাৰ সপোন আছিল আৰু কিদৰে তেওঁ কাম কৰা সংখ্যালঘূ অঞ্চলখনৰ ল’ৰা-ছোৱালীবোৰক স্কুললৈ নপঠাই ৰাতিপুৱা মাদ্ৰাছাত ধৰ্মীয় শিক্ষা ল’বলৈ পঠাইছিল আৰু কিদৰে দুপৰীয়া মাদ্ৰাছাৰ পৰা ভাগৰি স্কুল অহা ল’ৰা-ছোৱালীবোৰৰ পঢ়াত মন নবহিছিল, সকলো বিৱৰি কৈছিল। এদিন তেওঁ ক্লাচত বিহু এফাঁকি গাওঁতে এজনী কনমানি আহি তেওঁক কিদৰে “ছাৰ বিহু নাগাব, আল্লাই পাপ ধৰিব” বুলি কৈছিল, কিদৰে সেইঠাইত তেওঁ ভয়ে ভয়ে দিন কটাইছিল, কিদৰে অসমৰে ঠাই হোৱাৰ স্বত্তেও তাত অসমীয়া ভাষা-সংস্কৃতিৰ একো নাম-গোন্ধেই নাছিল সকলো কৈ গৈছিল। নিৰ্বিকাৰ হৈ শুনি গৈছিলো, মোৰ ক’বলৈ একো নাছিল। মনত পৰিছিল কেইদিনমান আগত ধুবুৰীৰ সংখ্যালঘূ এলেকাত কৰ্মৰত টেটৰ শিক্ষকজনে আত্মহত্যা কৰাৰ আগত লিখি যোৱা চিঠিখনৰ কথাবোৰ।
(৫)
কোনে কয় ধৰ্ষণকাৰীৰ ধৰ্ম নাথাকে।
যদি সিহঁতৰ এটা নাম আছে, ঠিকনা আছে, ঘৰ আছে, ধৰ্ষণ কৰিব পৰাকৈ মগজুকণ আছে, ধৰ্ম কিয় নাথাকিব সিহঁতৰ–ধৰ্ষণকাৰীৰ ধৰ্ম, জাতি সকলো আছে।
ধৰ্ষণৰ দৰে এটা জঘন্য অপৰাধৰ বহুতু কাৰণ আছে, তাৰ মাজত মানসিকতা এটা ডাঙৰ কাৰণ। ধৰ্ষণকাৰী কেনেকুৱা পৰিৱেশত, কেনেকুৱা শিক্ষা-দিক্ষাৰ মাজত ডাঙৰ হৈছে, সেইতো এটা ডাঙৰ বিষয়। আৰু এনেকুৱা এটা অপৰাধ ৰোধিবলৈ হ’লে তাৰ গুৰিলৈ যোৱাটো বৰ দৰকাৰী। যিবোৰ সমাজত মহিলাসকলক পুৰুষৰ অধীন, ভোগ্য আৰু প্ৰজনন সামগ্ৰী বুলিয়েই ধৰা হয়, নিশ্চিতৰুপে সেই সমাজত ডাঙৰ হোৱা পুৰুষৰ মহিলাৰ প্ৰতি কি মনোভাৱ থাকিব বুজিব পাৰি। অপৰাধীৰ অপৰাধ প্ৰবণতা আৰু মানসিকতা অধ্যয়ন কৰোতে কোনোবাই সিহঁতক ধৰ্মৰ নামত বেলেগ ধৰ্মৰ ছোৱালীক ধৰ্ষণ কৰিবলৈ কৈছে নেকি অথবা যিকোনো ধৰ্মৰেই মহিলাক তেওঁলোকৰ ভোগ্য সামগ্ৰীৰ বাদে আন একো নহয় বুলি শিকাইছে নেকি এই গুৰুত্বপূৰ্ণ কথাটো বাদ দিলে কেনেকৈ হ’ব?
(৬)
উ.পি., বিহাৰ আদি ৰাজ্যৰ কিছুমান ঘটনাত দেখা যায় যে বহুতু উচ্চ বৰ্ণৰ পুৰুষে তলৰ বৰ্ণৰ মহিলাসকলক নিজৰ অধীন, যি মন যায় তাকে কৰিব পাৰি বুলি ভাবে যাৰ বাবে বহুতু নিম্ন বৰ্ণৰ নাৰীসকল তথাকথিত উচ্চ বৰ্ণৰ পুৰুষৰ ধৰ্ষণৰ বলি হয়। নিম্ন বৰ্ণৰ কাৰণেই ধৰ্ষণ কৰিব পাৰি বুলি যদি এইচাম পিশাচে ভাৱে তেতিয়াহ’লে ইয়াত ধৰ্ম জাত-পাত বাদ দি কেনেকৈ বিষয়বোৰৰ গুৰিলৈ যাব? সকলো বিষয় চালি-জাৰি চাবই লাগিব। ঠিক সেইদৰে অসমতো মুছলমান বুলি কথা কলেই ‘চেকুলাৰ’ টেগটো হেৰুওৱাৰ ভয়ত অপৰাধীৰ ধৰ্ম নাই বুলি কৈ হাত সাৰিলেই হ’ব নে?
ইংৰাজীত এষাৰ কথা আছে, “Character begins at home”। মানুহ এজনৰ চিন্তাধাৰা কেনেকুৱা হ’ব বহুতখিনি নিৰ্ভৰ কৰে তেওঁ কেনেকুৱা পৰিৱেশ-পৰিস্থিতিত ডাঙৰ হৈছে, কেনেকুৱা ধৰণৰ সামাজিক অথবা ধাৰ্মিক শিক্ষা লাভ কৰিছে। অসমৰ সংখ্যালঘূ এলেকাবোৰৰো পৰিৱেশ-পৰিস্থিতি, শিক্ষা-দিক্ষা, নিয়ম-কানুন, মানসিকতা আদিও ভালকৈ চকু দিয়াটো দৰকাৰ।(অসমীয়া সমাজে কিন্তু মহিলাসকলক পৰ্দাৰ আঁৰত নাৰাখে।)
(৭)
ফেচবুক সকলোৰে হাতে হাতে হোৱাৰ পৰা দুইধৰণৰ মুছলমান লোক দেখিছো। এচামে মানি লয় যে বাংলাদেশৰ পৰা অহা মুছলমানৰ মাজত অপৰাধ প্ৰবণতা বেছি। তেওঁলোকে বুজি পায় যে শিক্ষা-দিক্ষাৰ অভাৱ, ধৰ্মীয় গোড়ামি আৰু বহু এনে বিষয় আছে যিবোৰৰ শুধৰণিৰ দৰকাৰ, যিবোৰৰ কাৰণে সিহঁতৰ মাজত অনিয়ন্ত্ৰিত ভাৱে জনস্ংখ্যা বৃদ্ধি আৰু অপৰাধ প্ৰবণতা বৃদ্ধি পাইছে। তেওঁলোকে চেষ্টা কৰে যে এইবোৰ কুসংস্কাৰ দুৰ হওঁক, তেওঁলোকেও সঠিক শিক্ষা-দিক্ষা লাভ কৰি ভাল মানুহ হওঁক। কিছুমান তথাকথিত ধৰ্ম প্ৰচাৰক , ধৰ্মৰ বেপাৰীয়ে ধৰ্মৰ আহিলা লৈ মানুহবোৰৰ মনত বিষাক্ত বিজাণু ৰুপন কৰে, তেওঁলোকে জানে আৰু মানিও লয় ।
আৰু এটা চাম আছে। সেইচামে মানি নলয়। তেওঁলোকে লগে লগে হিন্দুসকলে কৰা অপৰাধৰ তালিকাখন দিয়ে, যেন বেলেগেও কৰে বুলি ক’লেই সিহঁতৰ অপৰাধবোৰ মাফ হৈ যাব। তাৰে ভিতৰত কেইজনমান শিক্ষিত লোক আছে যি সিহঁতৰ মাজত কাফিৰৰ প্ৰতি ঘৃণা বিয়পায়। তেওঁলোকৰ ফেচবুকৰ কথোপকথনবোৰ কিদৰে অসমক মিঞা প্ৰধান দেশ কৰিব লাগে, অসমীয়া বাদ দি মিঞা ভাষাৰ প্ৰচাৰ কৰিব লাগে এইবোৰতে সীমাবদ্ধ। তেওঁলোকৰ ধৰ্মৰ নামতে যে গোটেই বিশ্বতে কিমানবোৰ সন্ত্ৰাসবাদী সংগঠন খোলা হৈছে, কিমানলোকক ‘ব্ৰেইনৱাছ’ কৰি ‘চুইচাইদ ব’ম্বাৰ’ বনোৱা হৈছে, সেইবোৰ আলোচনা কৰিবলগীয়া গুৰুত্বৰ বিষয় বুলি নাভাবে।
(৮)
কালি মোৰ টাইমলাইনত কোনোবাই ‘ছেয়াৰ’ কৰা কবিতা এটা দেখিলোঁ। কোনোবা এগৰাকীয়ে লিখিছে, কোন চিনি নাপাওঁ, হয়টো বাংলাদেশী মূলৰ হ’ব পাৰে। তেওঁ কৈছে যে মিঞাই পঢ়া-শুনা কৰি অসমীয়াৰ গোলামি নকৰাৰ বাবে অসমীয়া মানুহৰ চিন্তা হৈছে। তেওঁ ভুল ভাবিছে। মিঞাই পঢ়া-শুনা নকৰি, অনিয়ন্ত্ৰিত ভাৱে জনসংখ্যা বৃদ্ধি কৰি, ধৰ্ষণৰ, চুৰি-ডকাইতিৰ দৰে জঘন্য কাণ্ডবোৰ কৰাৰ বাবে হে অসমীয়াৰ চিন্তা হৈছে।
(৯)
পৰিক্ষাত সদায়ে ভাল নম্বৰ পাই, ইমান পঢ়া-শুনা কৰিলো যদিও আমাৰ ‘চেকুলাৰ’সকলৰ ‘লজিক’বোৰ একেবাৰে মূৰৰ ওপৰেদি যায়। বিশ্বনাথৰ মুছলমানলোকজনৰ লগত বহুত অন্যায় কৰা হৈছিল। ভাল লাগিছিল যেতিয়া আমাৰ সকলোৱে সজোৰে প্ৰতিবাদ কৰিছিল। কিন্তু ডবকা কাণ্ডটো ছাগে সৰু কথা আছিল, কেইজনমানচোন একেবাৰে বোবা হৈ গ’ল।
হিন্দু বাংলাদেশী অনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰধান নায়কজনে কাজিৰঙাত অবৈধ মুছলিম বাংলাদেশী উচ্ছেদ কৰিব নিদো বুলি কৰা ঘোৰ প্ৰতিবাদো টি. ভি. দেখিছিলোঁ।
(১০)
মই অসমীয়া। অসমীয়া মানুহ কেনেকুৱা জানো।
কিন্তু আমি দেখিলেই অসমীয়া যেন নলগা, চাদৰ-মেখেলাৰ পৰিৱৰ্তে কলা আচহুৱা যেন লগা সাজেৰে নিজকে সম্পূৰ্ণকৈ ঢাকি ৰখা, অসমীয়াৰ পৰিৱৰ্তে আমি বুজি নোপোৱা ভাষা কোৱাসকলো হেনো অসমীয়া? আগৰ চৰকাৰে ভোট-বেংকৰ বাবে ব্যৱহাৰ কৰোতে দিয়া হাজাৰ নঠি-পত্ৰবোৰ দেখালেও, আমাৰ ক্ষুদ্ৰ মগজুৱে নুবুজা যুক্তি দৰ্শালেও, ভগৱানে দিয়া চকু-কাণ অলপ ব্যৱহাৰ কৰিয়েই কব পাৰো যে তেওঁলোক বেলেগ। তেওঁলোকৰ মিল ভাৰতীয়সকলৰ লগত নাই, বাংলাদেশীসকলৰ লগতহে বেছি। তেওঁলোকে অসমীয়া মুছলমানৰ আদৰ্শ নামানে, middle east ৰ আদৰ্শহে মানে।
#বিঃদ্ৰঃ- ডবকা কাণ্ডৰ ভূক্তভোগীয়েও কিন্তু বোৰ্খা পৰিধান কৰি আছিল।
নৰপিশাচ কেইটাৰ ফটো ছচিয়েল মিডিয়াত দেখিছো। দেখিয়েই ঘৃণা ওপজিছে।
মোৰ বৰমাহঁতো মুছলমান। তেওঁলোক অসমীয়া। ইহঁতবোৰ নহয়।
আৰু এটা কথা, সেইদিনা কোনোবাই ফেচবুকত হুংকাৰ দিয়া কমেণ্ট এটা দেখিলো যে ১৯৭১ ৰ আগত অহাসকলৰ লগত বাংলাদেশী শব্দটো যেন নলগাই কোনেও। অসম আন্দোলনত ৮৫৫ জন শ্বহীদে প্ৰাণ দিছিল, তেওঁলোকৰ বলিদানৰ শপত, কেতিয়াও মানি নলওঁ যে ‘৭১ আগত আহিল বুলিয়েই যে তেওঁলোক বাংলাদেশী নহয়।

Related Articles

error: Content is copy right protected !!
Close