কোনে কয় ধৰ্ষণকাৰিৰ ধৰ্ম নাই- (অধ্যায়- ২)

প্লাৱিতা বৰুৱা

[‘মহাবাহু’ত পূৰ্বৰ একে শিৰোনামৰ প্ৰকাশিত লেখাৰ পিছৰ খন্ড]
(১১)
আগৰ লেখাটোত কিদৰে আমাৰ খিলঞ্জীয়া মুছলমানসকল আমাৰ দৰেই অসমীয়া কিন্তু অসমত বাস কৰা আন এচামৰ অসমীয়া ভাষা-স্ংস্কৃতিৰ লগত একো মিল নাই লিখিছিলোঁ। তেওঁলোকৰ মাজত অপৰাধ প্ৰবণতা যে বেছি দৈনিক বাতৰিবোৰ পঢ়িলেই যে গম পোৱা যায়, এচামে কেনেকৈ সেইবোৰ গাপ দি থাকে আৰু তেওঁলোকৰ এনে মানসিকতাৰ গুৰি অধ্যয়ন কৰি শুধৰোৱাৰ চেষ্টা কৰাতকৈ কেনেকৈ ৰক্ষণাবেক্ষন দি থাকে লিখিছিলো। হাস্যকৰ যে একাংশই লগে লগে প্ৰমাণো কৰি দিছিল।
(১২)
ছয়গাৱঁৰ ঘটনা উদ্দেশ্যি এইটো লিখিব লৈছিলো। লিখা শেষেই ন’হল- আমিনগাৱঁত বলেৰ’ত হোৱা ধৰ্ষণকে আদি কৰি আৰু বহুকেইটা ঘটনাও হৈ গ’ল। প্ৰায়বোৰ ঘটনাতে অপৰাধীৰ নামবোৰ একেই।
(১৩)
আগৰ লেখাটোত ধৰ্ষণকাৰীক মাৰিব কাটিব লাগে বুলিও আনকি কোৱা নাছিলোঁ। সমাজখন ঠিক কৰিবলৈ হ’লে কিহৰ বাবে এচামৰ মাজত এইবোৰ অপৰাধৰ প্ৰবণতা ইমান বেছি অধ্যয়ন কৰি গুৰিলৈ যোৱাৰ দৰকাৰ বুলিহে কৈছিলো। এটাই মোকেই ধৰ্ষণকাৰি বুলি কৈ দিলে!((হেৰৌ ধৰ্ষণ মানে কি মগজুৱে ঢুকি পায় নে? সেইটো গালি নহয়টো যে যাকে-তাকে মত নিমিলিলেই ধৰ্ষণকাৰি বুলি গালি দি দিব!)); দুজনমানে আশা কৰাৰ দৰেই হিন্দুৱে কৰাৰ ধৰ্ষণৰ তালিকাখন দি গ’ল (( হেৰৌ, পষ্টটোত মই নিজেইছোন দিছিলো হিন্দুৱে কৰা ধৰ্ষণৰ উদাহৰণ)), আৰু কিছুমানে কিনো যুক্তি দিলে একোৱেই আগ-গুৰি বুজি নাপালো- বুজাৰ প্ৰয়োজনবোধো নকৰিলো; মুঠতে সিহঁতৰ কথা এটাই-ধৰ্ষণ কৰাৰ লগে লগেই আমি সকলোৱে বাকি যি কৰো নকৰো, তাৰ ধৰ্ম নাই বুলি আগতে মানি ল’ব লাগে। বচ! আৰে ভাই, ইমান দৰদ যেতিয়া ফেচবুকত সিহঁতৰ বিষয়ে একো নিলিখিব বুলি আমাক ধমকি দি থকাতকৈ এইবোৰ কাম নকৰিবি বুলি ভায়েৰহতঁকে যদি ধমকি দিলেহেঁতেন! আমি লিখা কথাবোৰৰ বিৰোধিতা কৰাতকৈ যদি সিহঁতৰ কামবোৰৰ বিৰোধিতা কৰিলেহেতেঁন!!!
(১৩)
কেইদিনমান আগতে সাংবাদিক পৰাগমনি আদিত্য দাৰ এটা লেখা পঢ়ি গাৰ নোম শিয়ৰি গৈছিল। তেওঁ লিখিছিল কেনেকৈ সিহঁতৰ মবাইলত অশ্লীল ভিদিঅ’ৰ সমাহাৰ, ৰাতিপুৱা গাড়ীত গানৰ সলনি অশ্লীল কথোপকথন বাজে, কিদৰে অশ্লীল নৃত্যৰ অনুস্থান আয়োজন কৰে ইত্যাদি। আশানুৰূপেই কেইজনমানে বিৰোধিতা কৰিছিল, কোনোৱে যদি ইমান গম্ভীৰ সমস্যা এটা তৰল কৰিবলৈ বলিউদটোচোন এইবোৰ হয় বুলি উৰুৱাই দিছিল, কোনোৱে আকৌ চিধা মিছা বুলিয়েই কৈ দিছিল। অথচ তথাপিও ঈদৰ দিনা দেখোন ছয়গাৱঁত পাশৱিকতাৰ নগ্ন প্ৰদৰ্শন!
(১৪)
ঘটনাবোৰ দেখি শুনি এইটো ঘটনা হওঁতে ইমানো আচৰিত হোৱা নাছিলো। পৰিস্থিতি যে ইয়াতকৈয়ো ভয়াবহ হ’বলৈ গৈ আছে আমি বহুতেই বুজি পাইছো। ঘটনাটোৰ ভয়াবহতা বুজিবলৈ বৰ বেছি উচ্চ শিক্ষিত হোৱাৰো প্ৰয়োজন নাই তথাপিও নিজকে বৰ হাই-ফাই পঢ়া-শুনা কৰি থকা বুলি জহাই থকালোকেও সেই বৰ্বৰ পশুকেইটাৰ কথা একো নোকোৱাকৈ দোষ আচলতে শিল্পীদলটোৰহে বুলি কৈ আকৌ ভায়েকহতঁৰ পাশৱিক মানসিকতাক সাৰ-পানী দিয়া দেখিলো। ধুই! শিল্পীৰ দলটোৱে মিছাকে কৈছে হেনো, তাৰ স্থানীয় কোনোবাই ক’লে হেনো তাত তেনেকুৱা একো হোৱা নাছিল। নাম, পৰিচয়বিহীন স্থানীয় কোনোবা!! অহ ফেচবুকৰ যতে ততে দিয়া মহৎলোকৰ কমেণ্টবোৰ আছেই যেনে- ধৰ্ষণটো নহল ন, ইমান হুলস্থুলৰ কি প্ৰয়োজন; চিনেমাত চানী লিয়নী উলাওতেটো প্ৰতিবাদ নকৰে, আমৰ ল’ৰাকেইটাই অলপ এঞ্জয় কৰিব খোজোতে অকল কিয় প্ৰতিবাদ। হায় মোৰ অসম দেশ!!
(১৫)
বহুত কিবা লিখিম ভাবিছিলো। লিখিলেনো কি হ’ব, এইচামক কোনেনো সলনি কৰিব, সিহঁতৰ শিক্ষিত এচামেচোন অকল ফেচবুকত তেওঁলোকৰ দোষ দেখাবোৰৰ লগত কাজিয়া কৰে আৰু সিহঁতৰ ভুলবোৰ গাপ দিবলৈ মৰি-পৰি লাগে, তেতিয়াহ’লে কোনে শিকাব সিহঁতক মানুহ হৈ জীয়াই থাকিবলৈ? চৰকাৰে জানো কিবা পদক্ষেপ ল’ব? এন।আৰ।চি অফিচৰ অদ্ভুত অদ্ভুত জনস্ংখ্যা বিষ্ফোৰণৰ প্ৰমাণ ফটোসহ দেখিছো তথাপিও সিহঁতৰ জনসংখ্যা বৃদ্ধি হোৱাই নাই বুলিও তালফাল লগোৱা কেইটামান উলাব আৰু ধৰ্ষণকাৰীৰ সমৰ্থককেইটাই মিছাতে টাইমলাইনত, ইনবক্সত আহি জাবৰ পেলাই থাকিবহি।
#বিঃদ্ৰঃ—মতামতৰ নামত জাবৰ জোথৰ নেপেলাব।

Related Articles

Check Also

Close
Close